Sunday, August 7, 2011

বৰষুণৰ কবিতা

বৰষুণৰ বতৰ
তোলৈ বৰকৈ মনত কৰিছে অ’ তগৰ |
এহাতে মোৰ উকা কাগজ
আনহাতে উন্মুক্ত কলম

কিদৰে লিখিম

কিদৰে লিখিম হৃদয়ৰ খবৰ |


নিভাজ কাগজত আঁকিব খোজো
বৰ্ণিল হৃদয়ৰ খবৰ
কলমৰ কাপ নিগৰি বৈ আহক
ৰামধেনুৰ বৰণ |
ক’ত ৰং, ক’ত পোহৰ ?

বৰষুণৰ বতৰ
তোলৈ বৰকৈ মনত পৰিছে অ’ তগৰ |
নজনাও আজি তোক
বুটা বছা আকাশৰ খবৰ

আৰু দি জোনাকৰ খবৰ
নলগাও আজি জগৰ
তোৰ প্ৰেমেৰে সাজিম আজি
সপোনৰ ঘৰ
পাৰ কৰিম তোৰ স্মৃতিৰে
যুগ যুগ বহু বছৰ |

তই নাহিবি তগৰ
সুলকি পৰিব তোৰ ওৰণিৰ চাদৰ
আৰু বই বই নীলা আকাশৰ সোঁত
চকুৰ পলকতে সৰি পৰিব

জীৱন ৰঙৰ উকা কাগজ..... ||

( ৰচনাকাল : ২৮/০৭/২০০৯)

No comments:

Post a Comment