উপাসনাৰ নেত্ৰ.......কুঁহিপাট মেলা
থিয় হ’ব নোৱাৰো
আজন্ম এন্ধাৰত ঘূণীয়া মোৰ হিয়া
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |
মায়া,
তোমাৰ গৰ্ভত গঢ়িত মোৰ কায়া
মনে মনে দেহে মনে কি দি যোৱা ?
এপাহ ৰাঙলী কপৌ ফুলোৱা
দীঘল পাতত বহি তাৰ ৰং চাও
এজাক জীৱন ৰ’দ বুলোৱা
শীতৰ কোচত বহি তাৰ সোৱাদ লও |
মোৰ মন এতিয়া আঁউসীৰ জোনাকী পৰুৱা
জোনাকী হৃদয় মৰহা আশাৰে ভৰা,
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||
হৃদয়ৰ কলীয়া ডাৱৰমুঠি আঁতৰ কৰো
হাঁহিৰ নাঙলেৰে
মহাকাল মহাব্যাধিৰ সমাধি খানো
আকাশত দেখো শত তৰাৰ অযুত খেলা...
অদৃষ্ট আশাৰ স্বপ্নালী আভা
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |
বানত উটা মোৰ প্ৰেমৰ সেউজীয়া দলিচা
চকুপানীয়ে পূৰায় বিষাদ তৃষ্ণা
আৱেগৰ ধলত নামি আহে
এন্ধাৰ, ধূষৰতা....
তথাপি ৰাতি ফুলে ৰজনীগন্ধা
পুৱাতেই জিলিকে দূৱৰিৰ স্নিগ্ধ মুকুতা |
অকণ অধিকাৰ দিয়া
কলুষিত অতীতক পাহৰণিত দাহ কৰো
শান্তিৰ লহৰেৰে
জীৱন প্ৰেমৰ মেৰঘৰ সাজো |
মনৰ চোতাল দেখো উৰুলিৰে ভৰা...
অনিৰ্ব্বাণ সপোনৰ নিৰ্ম্মেঘ মেলা |
সভ্যতাৰ উপাসনাগৃহ মোৰ বাবে এতিয়া সুখৰ টিলা
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||
( বেদনাৰ সোঁৱৰণীত একাজলি জ্যোতিস্নেহ শ্ৰদ্ধাঞ্জলী !! )
ৰচনাকাল : ১১.০৯.২০০৬
No comments:
Post a Comment