Thursday, September 29, 2011

একাপ গৰম চাহ





    ৰাতিপুৱা হামিয়াই হামিয়াই ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি টেকেলী পিঠা !


গেটৰ কাষত পৰি থকা বাতৰিৰ শিৰোনাম
হত্যা, লুণ্ঠন.....এক নিৰস বাৰ্তা 
হৃদয়ঙ্গম হ’বলৈ লাগে তাক
 একাপ গৰম চাহ |         


    অ’ফিচৰ টেবিলত দেখিয়েই
    পৰিৰোৱা ফাইল...ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি গৰম চিঙ্‌ৰা !


ফাইলত আৱদ্ধ কাৰোবাৰ দস্তাবেজৰ পৃষ্ঠা
উটি ফুৰা কোনোবাৰ উন্নতিৰ কদৰ্য্য বাসনা
দেখিয়েই ওকালি আহিব খোজা মানসিকতা
সকলোবোৰ আগুৱাই নি 
কৰি যাবলৈ দায়িত্বৰ মিছা ভাওনা
লাগে একাপ গৰম চাহ |

    গধূলিৰ উখল-মাখল আমাৰ আড্ডা
    ’চিল্‌চিলা’ৰ বেঞ্চত মাৰি মাৰি গল্পৰ মহলা
    ভাৱো,
    পোৱা হ’লে একাপ গৰম চাহ
    লগত পূদিনাৰ চাট্‌নিৰে গৰম পোকোৰা !

চপচপীয়া বৰষুণত 
ভাৱি ভাৱি আকাশৰ কথা
বাৰান্দাৰ চকীত একাপ গৰম চাহ
লগত কলেৰে বনোৱা গৰম মালপোৱা
আৰু
পঢ়া টেবিলত পুৱতি নিশা
ভাঙিবলৈ টোপনিৰ জেলেঙা
মজাই বেলেগ সেই আদা দিয়া 
একাপ গৰম চাহ |

No comments:

Post a Comment