Wednesday, December 28, 2011

তোমাক বাৰু ভাল পাবলৈ কি কৰিব লাগিব

তোমাক বাৰু ভাল পাবলৈ
                    কি কৰিব লাগিব ?
যদি তুমি বিচাৰা তোমাৰ বাবে লিখি দিম বাৰু
                    এটি অখাদ্য কবিতা
যাৰ প্ৰতিটো চন্দতেই পাবা তোমাৰ
                     উদাসীনতাৰ ছাঁ |


তুমি বিচাৰিলেও দিব নোৱাৰিম
মোৰ হিয়াভৰা আশা
মোৰ এই আশাতেইযে বৈ আছে
প্ৰতাৰণাত মূৰ্চ্ছিত ভাষা |
তুমি বিচাৰিলেও দিব নোৱাৰিম
মোৰ হৃদয়ৰ বেশ-ভূষা
এই বেশতেইযে অঁকা আছে
উদাসীনতাৰ ৰেখা |


তোমাক বাৰু ভাল পাবলৈ
                     কি কৰিব লাগিব ?
যদি তুমি বিচাৰা তোমাৰ বাবে লিখিম বাৰু
                     প্ৰেমহীন প্ৰেমৰ কবিতা
যাৰ প্ৰতিষাৰ ভাষাই দিব তোমাক
                     জীৱন মহানুভৱতা |


মোৰ হৃদয় খুলি নিবিচাৰিবা
সপোনৰ বাজাজ পালচাৰ
অথবা প্ৰেমৰ ইণ্ডিগো মেৰিণাখন
দিব অৱশ্যে পাৰিম তোমাক
মোৰ পুৰণি হিৰোখনৰ ঠাইত
প্ৰেমৰ এখন নতুন ৰেলী-
মোৰ প্ৰাণভৰা ভালপোৱা |


আকৌ সুধিছো-
তোমাক ভাল পাবলৈ বাৰু
                    কি কৰিব লা্গিব ?




ৰচনাকাল : ১৬.১২.২০০৫ (ৰাণাৰ সান্নিধ্যত)

Monday, December 26, 2011

জননী

জননী
যিয়ে কোৱা নাছিল মোক
অসভ্য যুগৰ দলিত সভ্যতাৰ কথা
ঘৰপোৰা ভেঁটিত বিলাসী প্ৰাসাদৰ কথা
মোৰ জননী আছিল এক সভ্যতাৰ নাম
সততাৰ নিচাত আসক্ত
অশ্ৰুসিক্ত এজাক কোমল বতাহৰ নাম  | 

বতাহ বলিবলৈ লাগে এখন মুকলি আকাশ
নিজক দেখিবলৈ লাগে এখন নিকা সমাজ | 
জননী
যি কোৱা নাছিল মোক
নিৰ্মম মৰমেৰে লিখা বেদনাৰ সাঁচিপাটৰ কথা
গুলীত বীমাকৃত এটি জীৱনৰ কথা
মোৰ জননী
এক অনুভূতিৰ নাম
বেদনাৰে ভাৰাক্ৰান্ত
হাঁহিৰ সৌৰভেৰে সোনালী কপৌপাহিৰ নাম | 

সুখ পাবলৈ লাগে এখন দুখৰ আকাশ
বেদনা পাবলৈ লাগে বদনাহীন বতাহ | 

জননী
যি কোৱা নাছিল মোক
দুখৰ অশ্ৰুত প্ৰৱালমণি থকাৰ কথা
সমাজবিৰোধী বুলি হেয়ে থলুৱা সংস্কৃতিৰ কথা | 

আজি মোৰ জননী
এক বৰ্ণাঢ্য নিৰাশাৰ নাম
যাতনাৰ চোতালত অংকিত
কলিমাসনা "সাংস্কৃতিক সভ্যতা"ৰ নাম | 

জননী
এতিয়া মাথো এক প্ৰখৰ ৰ’দৰ নাম
দেই পুৰি যোৱা জোনাকত
সমাধিস্থ আশাৰ তজবজীয়া সাধুকথাৰ নাম | 



ধ্ৰুৱজ্যোতি শৰ্ম্মা
ৰচনাকাল : ১৭.০১.২০০৫

Friday, December 16, 2011

নিৰৱতাৰ ধুমুহাত লুটি খায় বেদনাৰ পৃষ্ঠা


তোমাৰ অবৰ্তমানত শূণ্য হৈ পৰিছে আকাশ
ৰক্তাভ হৈ পৰিছে আকাশ আৰু সাগৰৰ নীলা
তুমি নাই !
তুমি যে নাই !
লগতে নাই তোমাৰ আব্দাৰ-অভিমানবোৰো |
উজাগৰি নিশা সপোন ৰচিবলে’
নাই তোমাৰ অনুমতি | 
তুমিযে বন্দী আজি..!
লুণ্ঠিত আজি সভ্যতা-সংস্কৃতিৰ হাতত |

প্ৰতিটো আউসীৰ শেষত
নোলায় আজি কাঁচিজোন
যিদৰে প্ৰতিটো পূৰ্ণিমা হৈ পৰে আউসী |
প্ৰতিটো কোলাহল আজি ভৰি পৰে
তোমাৰ প্ৰেমত উত্‍সৰ্গিত শূণ্যতাবোৰেৰে |
তুমিয়েই দেখোন কৈছিলা...
"জোনাকতে উদ্ভৱ হয় প্ৰেমৰ বতৰা"
আৰু আজি..?
জোনাকতোও তুমি এৰি নগ’লা..!!
কিদৰে পূৰাম আজি জোনাকৰ পূৰ্ণতা...?
জোনাকৰ বুকুত যে আজি
তুমি এৰি যোৱা আউসীৰ শূণ্যতা
কি কৰিম কোৱা...?
তুমি দি যোৱা শূণ্যতাখিনিকেইতো আকোঁৱালি লৈছো....|
তাৰ বাহিৰে কৰিমনো কি..!!
আত্মহত্যা কৰিব নোৱাৰো,
জাহ যাব নোৱাৰো লুইতৰ বুকুত....
লিখিবও দেখোন নোৱাৰো আৱেগভৰা কবিতা...
পল শেনচোৱাৰ দৰে চিঞৰি চিঞৰি কবও নোৱাৰো
"তুমি দি যোৱা একাকাশ নীলাৰে কি কৰিম" বুলি
আৰু..
নোৱাৰো কান্দিবও |

মোৰ মৃত্যুত যদি শীতল হৈ ৰয়
আমাৰ মাজত অতীত হৈ যোৱা সময়বোৰ !
প্ৰতিটো কবিতাৰ ভাষাবোৰে যদি কাঢ়ি লয়
ম‍ই আলফুলে সাঁচি ৰখা সোঁৱৰণীবোৰ !
কলমৰ কাপেৰে যদি নিৰ্গত হয়
তোমাৰ সান্নিধ্যত সঞ্চয় হোৱা সুখ-দুখৰ শিহৰণবোৰ !!

উপলুঙা কৰিব নোৱাৰো,
আঘাতপ্ৰাপ্ত হৈ যদি ওফন্দি উঠে
আকাশনীলা প্ৰেৰণাৰ নৈখন 
আৰু যদি সেই প্ৰেৰণাবোৰ নামি আহে 
বেদনাৰ কলা এজাক বৰষুণ হৈ..!!

ম‍ই কান্দিলে যেনিবা
চকুলো হৈ বৈ আহে স্মৃতিৰ মণিকোঠাত 
সঞ্চিত গোপন মৰমবোৰ..!
মৰুভূমিত জাহ যায় যেনিবা 
আমাৰ প্ৰেমৰ ৰসাল সাধুবোৰ..!
আৰু..
নিথঁৰ বিদায়েৰে যদি চেঁচা হৈ যায়
মোৰ উমাল বেদনাবোৰ....!!!

নেজানো
কিমান বেছি হ’লে হাঁহিবোৰ বেদনা হয়
কিমান মৰম পালে সুখবোৰ চকুপানী হৈ বৈ আহে
কিমান শান্তিত
জোনাকলে’ চাই পাৰ কৰি দিব পাৰি উজাগৰি নিশা... |

তোমাক হেৰুৱাইতো ম‍ই মুঠেই সুখী নহয়
আৰু মোক হেৰুৱাই তুমি ?
মোক হেৰুওৱাৰ পিছত পাহৰিব পাৰিছানে তুমি
ধ্ৰুৱতৰাৰ লগত চিনাকি হোৱা নিশাটোৰ কথা !
ধ্ৰুৱ মানে স্থিৰ, আত্মকেন্দ্ৰিক, উজ্জ্বল
আৰু তৰা মানে অনুভূতি....
পাহৰিব পাৰিছানে এই সকলোবোৰ কথা...?


মোকতো এতিয়া সকলোৱে এৰিছে
হাঁহি, সপোন, শান্তি, আশা, পোহৰ-সকলোৱে
এৰিছে আনকি মোৰ ছাঁটোৱেও |
কিন্তু !
তোমাক জানো এৰিব পাৰিছে 
তোমাৰ স্মৃতিয়ে ?
ৰাতিপুৱাৰ সেই নিদ্ৰাশিক্ত কণ্ঠস্বৰ-
আৰু দিনটোৰ শুভকামনা....
এতিয়া কোনোৱা ৰাতিপুৱা
অপেক্ষা কৰিব লগা হয়নে তুমি
তোমাৰ হৃদয় ধুৱাবলৈ আহিবলগা
ফোন কলৰ বাবে ?


জানো, 
তথাপি বাট চাই ৰও
এষাৰ মাথো চিনাকি মাতৰ বাবে...
তুমি জোকোৱা মাতষাৰেৰে...
ম‍ইতো আৰু কেতিয়াও মাতিব নোৱাৰো তোমাক
তুমি বেয়া পোৱা নামটোৰে....|
জানো,
বৰ কষ্ট হৈছে তোমাৰ |
ঠিক মোৰ দৰেই..!
বাস্তৱৰ পটভূমিত সপোনবোৰক বিসৰ্জ্জন দিবলে’ বৰ কষ্ট হয়, নহয়নে ?
তথাপি ম‍ই অসহায়, দুৰ্বল
তোমাৰ স্মৃতিবোৰ ঘূৰাই লবলে’ |
যত্ন কৰিছো পাহৰিবলে’
মোৰ অতীত, বৰ্তমান, ভৱিষ্যত সকলো
নতুনকৈ হৈ পৰিছো ম‍ই অভ্যস্ত 
চকুলো আৰু বিৰাগেৰে..!
আজীৱন ভালপোৱাৰ প্ৰতিশ্ৰুতিযে কৰিছো ম‍ই |


আজি কৰযোৰে কৰিছো মিনতি
সকলো অতীত হৈ যাওক
অতীত হৈ যাওক সকলো
বৰ্তমান হৈ থাকা তুমি
কেৱল তুমি
আৰু তুমি বিচৰা সুখবোৰ !
ম‍ই পাৰ হৈ যাম সকলো
পাৰ হৈ যাম প্ৰেমৰ সেই নষ্টালজিয়া
পাৰ হৈ যাম নিশব্দতাৰ ক’লাজ
পাৰ হৈ যাম
পাৰ হৈ যাম-আকাশ, বতাহ....
আৰু শূন্যতাৰে ভৰা বাট-পথবোৰ
তুমিহীনতাত তোমাৰ স্মৃতিবোৰেই দিব মোক সংগ | 

সহ্য কৰি যাম সকলো

নিৰৱতাৰ ধুমুহাত লুটিয়াই লুটিয়াই
বেদনাৰ দস্তাবেজৰ মসৃণ পৃষ্ঠাবোৰ....





ধ্ৰুৱজ্যোতি শৰ্ম্মা
০৯/০৮/২০০৭

Sunday, December 11, 2011

আঘোণৰ পূৰ্ণিমাত প্ৰচলিত মহ খেদা প্ৰথা আৰু নামনি অসমত (বজালী অঞ্চলত) প্ৰচলিত কিছুমান মহখেদা গান


যোৱাকালি আছিল আঘোণৰ পূৰ্ণিমা তিথি | নামনি অসমত(!) এই দিনটোত পালন কৰা হয় মহ খেদা দিন (আচলতে ৰাতিহে) হিচাপে | লোকবিশ্বাস যে, এই দিনটোত মহ খেদা গানেৰে মহবোৰক গাত বা হাবি-জংঘলৰ ভিতৰলৈ খেদি পঠোৱা হয় | লগতে কীট-পতংগৰো পৰিমাণ কমে |


আঘোণ নাহ | খেতিয়কসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ মাহ | এই মাহতো অসমৰ পথাৰৰ সোণালী মাহ | পথাৰত জিলিকি থাকে সোণগুটিবোৰ আৰু খেতিয়কসকলে এই পূৰ্ণিমাৰ পিছৰেপৰাই খেতি চপাবলৈ আৰম্ভ কৰে | সেয়েহে গাওঁৰ মানুহে গধূলি সময়ত মহখেদা গান গাই গাই ঘৰৰপৰা মহ, কীট-পতংগ খেদিবলৈ যায় লগতে গৃহস্থসকলক আশীৰ্ব্বাদ কৰে যাতে এইবাৰ তেওঁওকৰ খেতি নদন-বদন হয় |
মহখেদা উত্‍সৱক বৰপেটা জিলাত এক বিশেষ প্ৰথা হিচাপে মান্য কৰা হয় | এই উত্‍সৱ সকলো মানুহৰ ঘৰে ঘৰে গৈ মহখেদা গানৰ মাজেৰে পালন কৰা হয় | 


তলত আমাৰ গাওঁ(বনগাওঁ)ত প্ৰচলিত কেইটামান মহখেদা গান উল্লেখ কৰা হ’ল, যদিও ইয়াৰ সকলো শব্দৰে অৰ্থ ময়ো বিচাৰি নাপাও......


১/
আঘোণৰ পূৰ্ণিমা
চাকি-বাতি জ্বলোৰে
চন্দিকতো খুলোৰে
আমাক বিদায় দিয়োৰে.....


২/
অ’ হৰিৰ চৰণে
মালতী(মা লক্ষ্মী)ৰ শৰণে
মালতী(মা লক্ষ্মী) দিচেম্বৰ(দিছে বৰ)
ভাখ্ৰি (ভঁৰাল) ভৰি মাটিত পৰ
বাঁহৰ পাত চিকিমিকি
আমাক লাগে বগা সিকি


৩/
ওহোহো মোহোহো
মহ খেদ্বা জাউ যো
মহে বুলে হাউং হাউং
তেপৰ মূৰা খাউং খাউং
তেপৰত নহল নুনু
চাউল লাগে একু ডুন
সেই চাউলেদি মভ্ৰিল ডুনি
আইথেৰ ঘৰ লৰি চৰি
আইথেৰ ঘৰৰ বগা ভালুক
জাপ দি আহে আমাৰ ভালুক

Monday, December 5, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি-৫


ঘৰলৈ অহাৰ পিছৰেপৰা সপ্তাহজোৰা নেৰানেপেৰা বৰষুণ | অনুমান কৰিলো এয়াই হব চাগেএই বাৰিষাৰ শেষ বৰষুণ | বৰষুণজাক বৰ টান নহয় যদিও গেলাই পেলাইছে কেঁচা ৰাস্তাবোৰ | বোকাৰে ভৰি পৰিছে মানুহৰ চোতালবোৰ | লগতে গজি উঠিছে শেলুৱৈ | বাহি চোতাল সৰাৰো কোনো সুৰুঙা নোহোৱা হৈছে | সাজ-গধূলি হবলৈ নৌ পাওতেই ৰাস্তাৰ কাষে-কাষে থকা নলাবোৰৰ পৰা বোপা-ককাৰ সজটো ৰাখিবলৈ বেং ককাইহঁতে টোৰটোৰোৱা আৰম্ভ কৰি দিছে | ওফন্দি আহিছে গভীৰ কালদিয়া নদী | ধাননি পথাৰতো পানী জমা হৈছে | পূৱৰ পানৰা পথাৰ ঠায়ে ঠায়ে টিহুনদীৰ পাৰ বাগৰি অহা পানীৰে ভৰি পৰিছে | গৰু-ছাগলী চৰাবলৈও জেগা নোহোৱা অৱস্থা হৈছে | তথাপি গৃহস্থসকলে গোহালিৰ ভিতৰতে সোমাই থকাৰ এলাহৰপৰা পৰিত্ৰাণ দিয়াবলৈ গৰু-ছাগলীবোৰ পদূলি মূৰতে এৰাল দিছেগৈ | খাবলৈ ৰাস্তাৰ দাঁতিত একো নাই | তথাপি মানুহৰ খোজ, গাড়ী-মটৰৰ চকাই মোহাৰি নিয়া বোকা মিশ্ৰিত ঘাঁহবোৰতে মুখ লগাইছে সিহঁতে | ঘাঁহ বুলিবলৈও পাত-চাট নথকা, ডং-ডংকৈ থিয় হৈ থকা ঘাঁহৰ পাতহীন ঠাৰিবোৰ | সিহঁতৰো এইকেইদিন খেৰ খাই খাই আমনি লাগি গৈছে

ঘৰত সোমাই সোমাই আমনি লাগি গৈছে | বাহিৰত ওলাব পৰা অৱস্থাই নাই | চৌদিশে বোকা আৰু শেলুৱৈ | ঘৰৰ বাহিৰ ওলালেই মাৰ চিঞঁৰ-বাখৰ -"বাবা, চাবি দে....চেলনি আছে | ভালকে খুপি খুপি যাবি | পৰবি নহলি |" তাৰ মাজতো নিতৌ এপাককৈ ওলাই গৈছো | ওচৰৰে ঘোনো খুৰাহঁতৰ ঘৰত কেৰম খেলিছোগৈ | যোৱা এসপ্তাহ ধৰি কাম বুলিবলৈ সেয়াই | আমনি লাগি গৈছে | একে খেলকে কিমান খেলিম আৰু !! তাতে সৰু চামৰ যিহে গছত গৰু উঠা কথা ! জিভাৰতো লেকামেই নাই | যেন কেৰমৰ নহয়, অশ্লীল কথা কোৱাৰহে প্ৰতিযোগিতা সেয়া ! মাত্ৰ এসপ্তাহৰ আগতে বাছত লগ পোৱা লৰাহঁতক দেখিতো ভাৱিছিলোৱেই, ডেকাচাম বহুত ভদ্ৰ হ| পাচে ওৰহীৰ ওৰ এতিয়াহে ওলাই পৰিছে | সিহঁতৰ বয়সত আমাৰ চামেও বেয়া কথা কৈছিল, অশ্লীল মাত মাতিছিল | কিন্তু আজিৰ ইহঁতৰ দৰে ৰাজহুৱা স্থানত ডাঙৰ-সৰুৰ বা-বিচাৰ নোহোৱাকৈ নহয় | বহুত শুনিলো | শুনি শুনি বেজাৰ লাগি গৈছে | মাত্ৰ কেইটামান বছৰ | আৰু কিমানযে পৰিৱৰ্তন ! সেইবোৰ ভাৱি ভাৱি ক্লান্ত হৈ পৰিছো | নোৱাৰি আৰু ! এই এসপ্তাহত বহুত চেষ্টা কৰিলো সিহঁতক বুজাবলৈ, শুধৰাবলৈ | পাচে কাৰো গায়েই নলৰিল | মাজে-মাজে দুই-এটাইতো ওলোটাইহে ধৰিব খোজে | পৰিয়ালকেন্দ্ৰিক সংস্কৃতি যেন আজিকালি নোহোৱা হৈ পৰিছে ! ডাঙৰক কেনেকৈ মানিব লাগে, সন্মান যাঁচিব লাগে, ৰাজহুৱা স্থানত কি কথা কব লাগে, কি কব নালাগে আজিকালিৰ চামে যেন একোৱেই নাজানে !
এসপ্তাহৰ বোকাৰ গেলা-গেলা গোন্ধ, শেলুৱৈ আৰু বোকাৰে আবৃত চৌদিশ, ঘৰৰ বাহিৰলৈ যোৱাৰ নামতো অসাংস্কৃতিক, অভদ্ৰ পৰিৱেশ এটাৰ মাজত কেৰম খেলি কৰা টাইম পাছ, ঘৰত থকা একমাত্ৰ গাইজনীক দিনটোৰ জোখাৰে হোৱাকৈ এবাৰতে সৰহকৈ খেৰ দিয়া...কামৰ ভিতৰত সেয়াই | পূৰামাত্ৰেই বৰ হৈ গৈছো | সেয়েহে আজি ছাটিতো হাতত লৈ ওলাই গলো নখৰাৰ জেঠীহঁতৰ ঘৰৰ ফালে | যোৱা এসপ্তাহত দুদিনকৈ আহিও জেঠীৰ লগত কথা হব পৰা নাই | নখৰাৰ জেঠী নৰীয়াত | মাত-বোলো ভালকৈ দিব পৰা নাই
-"নিৰেণ আতা, ঘৰত আছনা ? " - চোতালৰ পৰাই মাত লগালো | নিৰেণ আতা নহয়, গুডো খুৰাহে ওলাই আহিল
- " ভাইজ্জা, আহা | কুনদিনা আইহলা ? "
গুডো খুৰা মোতকৈ বয়সত সৰু যাদিও ককাৰ পুতেক হিচাপে সম্বন্ধত খুৰা হয় | সৰুৰেপৰা ধেমালিতে খুৰা বুলি মাতিছিলো যদিও অভ্যাসবশতঃ এতিয়াও খুৰায়েই হৈ ৰ| তেওঁৰ আচল নাম ফুলেন যদিও গাঁওৰ খুব কমেইহে তেওঁক এই নামেৰে জানে
- " খুৰা, জেঠী ভালে আছেনা ? দুইদিনো আইহলু....তুমাক পাচে দেখা নাই যি ?"
-"এ কি কৰবা..জোন শৰ্ম্মাৰ লগত জেনেৰেটৰৰ কামত গেইছলু | পূজাও আহিলতো ! অলপ কাম-চাম উইলোবা পাল্লিও..!"
-"’, তাৰমানে তুমি আজিকালি ইলেক্ট্ৰিকৰ কাম কৰাত লাগ্‌ছ ?"
-"হে, কিবা এটা কৰি খাবা লাগবোতো !"
-"আউবে পাচে কেনে পাইছি আজি ?"
-"আজি অলপ ভাল পাইছি দে | ব‍ইভাও পাচ্ছি আৰু দুই-এক আষাৰ কথাও কৈছি | "
কথা পাতি পাতি আমি ইতিমেধ্যে নখৰাৰ জেঠী থকা বিচনাৰ ওচৰ পাইছিলোগৈ | জেঠী তেতিয়া কাষৰ বেৰখনত গাৰু এটা লৈ আওজি বহি আছিল | সন্মুখৰ বিচনাখনত বহি আছিল ওচৰৰে দুগৰাকীমান তিৰোতা | তেওঁলোকেও চাগে; জেঠীৰ খবৰ লবলৈয়ে আহিছিল | মোক দেখা পাই সকলোকে মাত লগাই তেওঁলোক ওলাই গ
-"জেঠী, ভাল পাইছনা অলপ ? " থিয়ৈ থিয়ৈ ম‍ই মাত লগালো
-"কুন ?"-কেঁকাই কেঁকাই মাত দিলে জেঠীয়ে | যিজনী তিৰোতাৰ সুস্পষ্ট আৰু ৰহনসনা মাতত আমি লৰালিৰ আজৰি সময়বোৰ সাধু শুনি শুনি পাৰ কৰিছিলো, সেইজনী তিৰোতাৰেই দুখ-বাৰ্ধক্য আৰু দৰিদ্ৰতাই জুৰুলা কৰা দুৰ্বল শৰীৰটোৰপৰা চেপি চেপি ওলাই অহা মাতষাৰ শুনি গাটো জিকাৰ খাই উঠিল | বেয়া লাগি গল মনতো | বাৰে বাৰে মনতো উৰি গল সাধু শুনিবলৈ স্কুলৰপৰা আহিয়েই লৰা-ঢপৰা লগোৱা সেই দিনবোৰলৈ | কিবা এক বেদনাই বুকুখন হেঁচা মাৰি ধৰিলেহি | তথাপি বুকু ডাঠ কৰি মাত লগালো-"জেঠী, চিনি পাৱ নাই ? ম‍ই হিতু | "
-"’ .. হিতু.. !! ব..হ... | এ..হ... মা..ই...চাহ একাপ দিয়ে...হিতুক
একেই আছে মনটো | ঘৰৰ অৱস্থা পৰি গৈছে | তথাপি একেই আছে মনটো | সাধু শুনিব আহোতেও আমি সদায় গাখীৰপানী খাব লগা হৈছিল | নোখোৱালৈকে তেওঁ আৰম্ভ কৰা নাছিল সধুকথাৰ মজলিছ | আৰু আজিও....মোৰ শিৰ নত হৈ গ| মুখেৰে কথা কবলৈ কষ্ট হৈছে, তথাপি বেদনামিশ্ৰিত হৈ ওলাই আহিছে আফচোচ | দৰিদ্ৰতাই কাবু কৰিব নোৱাৰা অতিথিপৰায়ণতা দেখি তেওঁৰ প্ৰতি মনটো আগতকৈও অধিক শ্ৰদ্ধাৰে দো খাই পৰিল
-"কিত্তে আইছা বাপা ? "
-"এসপ্তাহে হ| পাচে ইবাৰ যিহে সাউতা লাগছি, তো ওলবা নৰা অৱস্থা | কি কৰবা আৰ ! ঘৰতে সুমে আছু | "
তেওঁ হয়তো আৰু কিবা কলেহেতেন | কিন্তু শৰীৰে নিদিলে | কিবা কব খোজোতেই গাঁঠি লাগিলত আমি তেওঁক জোৰকৈ শুৱাই থলো | নিৰেণ আতা ঘৰত নাছিল | আবাই লৈ অনা চাহকণ মুখত লৈ জেঠীৰ চিকিত্‍সা সম্বন্ধীয় দুই এটা কথা পাতি ম‍ই বাহিৰ ওলালো | মন তেতিয়া ভাৰাক্ৰান্ত | এটা ভাণ্ডাৰ যেন হেৰুৱাব গৈ আছো তেনে লাগিল | হঠাতে ফোনটো বাজি উঠিল | ঘৰত অহাৰ পাচত চাগেএইটোৱেই প্ৰথম কল | সেউজীয়া বুটামতো টিপি ফোনটো ততাতৈয়াকৈ কানত ললো
-"হেল্ল’.."
-"........."
-"কৈলাশ দা ? "
-"........."
-"এতেই আছু ৰ’ | গুডো আহাত্তাতে | যায়ে আছু ঘৰত | "
-"........."
-"| পাইছুৱে | "
-"........."
-"ঘৰত থাকপা লাগে দেখুন | পাচে আচৰা মাৰবা পাৰবান্নাই | খেতি নষ্ট হলি কাটপবাচ্চা ! অলপ ৰহ | ম‍ই ঘৰত যাই ল‍উ | কিবা এটা কৰৰা  লাগব |"

ফোনটো কাটি দি ঘৰলৈ চেং-চেঙাই বেগ দিলো | সম্বন্ধীয় দাদা এজন আহিছে | মাছ মৰাত বিৰাট চখ থকা দাদাজনে চোতালত ভৰি দেয়েই জালৰ খবৰ লৈছে | গতিকে তাৰ মতলব জলজল-পটপট হো পৰিছে |ময়ো অৱশ্যে বেয়া পোৱা নাই | বহুদিন মাছ মাৰিব যোৱা নাই | সেই চন্দ্ৰকাকা থাকোতেই তাৰ লগত যি গৈছিলো, তাৰ পাচত আৰু তেনেকৈ পথাৰলৈ মাছ মাৰিব যোৱা হোৱাই নাই | এইবাৰ ইমানদিন এনেয়ে ঘৰত সোমাই থাকিলো | আগতে মনত খেলোৱা হলে মাছ মাৰিব‍ই যাব পাৰিলোহেতেন | কমচে কম এসাজৰ হোৱাকৈতো আনিব পাৰিলোহেতেন ! কিয়যে পাহৰি আছিলো !

নখৰাৰ জেঠীৰ লগত কথা পাতি ওলাই আহিছো | মনত লৈ আহিছো এসোপা বিষাদ আৰু অনিশ্চয়তা | হেৰুওৱাৰ ভয় | এটা বিশাল ৰসৰ ভাণ্ডাৰ, জীৱন্ত এখন সাধুকথাৰ পুথি যেন আমি হেৰুৱাব ওলাইছো ! বোকাময় হৈ পৰিছে মোৰ সন্মুখৰ ভৱিষ্যতৰ পৃথিৱীখন | এটা এটা বেয়া ফলে কাঢ়ি লৈ গৈ আছে মোৰ মনৰ এটা এটা সপোন | ধূঁৱলি-কুঁৱলি দেখিছো চৌদিশ | কিন্তু হঠাতে কৰপৰা যে ফোনতো আহিল | আহিয়েই দি থৈ গল এক পুৰণি নিচা-যি নিচাই মোৰ মনৰপৰা নিমিষতে কাঢ়ি লৈ গল বিষাদত ডুব গৈ থকা সকলো ভাৱনা | পাহৰি গলো ম‍ই কি সপোন দেখিছিলো, কিহৰ মায়াই মোক বলীয়ান কৰি তুলিছিল ! এতিয়া মাথো এটাই নিচা..মাছ মাৰিব যোৱা, মোৰ পুৰণি নিচা এটাক আকৌ আকোঁৱালি লোৱা | ফোনটোক এবাৰ ধন্যবাদ জনালো |   

( ক্ৰমশঃ)