Friday, December 16, 2011

নিৰৱতাৰ ধুমুহাত লুটি খায় বেদনাৰ পৃষ্ঠা


তোমাৰ অবৰ্তমানত শূণ্য হৈ পৰিছে আকাশ
ৰক্তাভ হৈ পৰিছে আকাশ আৰু সাগৰৰ নীলা
তুমি নাই !
তুমি যে নাই !
লগতে নাই তোমাৰ আব্দাৰ-অভিমানবোৰো |
উজাগৰি নিশা সপোন ৰচিবলে’
নাই তোমাৰ অনুমতি | 
তুমিযে বন্দী আজি..!
লুণ্ঠিত আজি সভ্যতা-সংস্কৃতিৰ হাতত |

প্ৰতিটো আউসীৰ শেষত
নোলায় আজি কাঁচিজোন
যিদৰে প্ৰতিটো পূৰ্ণিমা হৈ পৰে আউসী |
প্ৰতিটো কোলাহল আজি ভৰি পৰে
তোমাৰ প্ৰেমত উত্‍সৰ্গিত শূণ্যতাবোৰেৰে |
তুমিয়েই দেখোন কৈছিলা...
"জোনাকতে উদ্ভৱ হয় প্ৰেমৰ বতৰা"
আৰু আজি..?
জোনাকতোও তুমি এৰি নগ’লা..!!
কিদৰে পূৰাম আজি জোনাকৰ পূৰ্ণতা...?
জোনাকৰ বুকুত যে আজি
তুমি এৰি যোৱা আউসীৰ শূণ্যতা
কি কৰিম কোৱা...?
তুমি দি যোৱা শূণ্যতাখিনিকেইতো আকোঁৱালি লৈছো....|
তাৰ বাহিৰে কৰিমনো কি..!!
আত্মহত্যা কৰিব নোৱাৰো,
জাহ যাব নোৱাৰো লুইতৰ বুকুত....
লিখিবও দেখোন নোৱাৰো আৱেগভৰা কবিতা...
পল শেনচোৱাৰ দৰে চিঞৰি চিঞৰি কবও নোৱাৰো
"তুমি দি যোৱা একাকাশ নীলাৰে কি কৰিম" বুলি
আৰু..
নোৱাৰো কান্দিবও |

মোৰ মৃত্যুত যদি শীতল হৈ ৰয়
আমাৰ মাজত অতীত হৈ যোৱা সময়বোৰ !
প্ৰতিটো কবিতাৰ ভাষাবোৰে যদি কাঢ়ি লয়
ম‍ই আলফুলে সাঁচি ৰখা সোঁৱৰণীবোৰ !
কলমৰ কাপেৰে যদি নিৰ্গত হয়
তোমাৰ সান্নিধ্যত সঞ্চয় হোৱা সুখ-দুখৰ শিহৰণবোৰ !!

উপলুঙা কৰিব নোৱাৰো,
আঘাতপ্ৰাপ্ত হৈ যদি ওফন্দি উঠে
আকাশনীলা প্ৰেৰণাৰ নৈখন 
আৰু যদি সেই প্ৰেৰণাবোৰ নামি আহে 
বেদনাৰ কলা এজাক বৰষুণ হৈ..!!

ম‍ই কান্দিলে যেনিবা
চকুলো হৈ বৈ আহে স্মৃতিৰ মণিকোঠাত 
সঞ্চিত গোপন মৰমবোৰ..!
মৰুভূমিত জাহ যায় যেনিবা 
আমাৰ প্ৰেমৰ ৰসাল সাধুবোৰ..!
আৰু..
নিথঁৰ বিদায়েৰে যদি চেঁচা হৈ যায়
মোৰ উমাল বেদনাবোৰ....!!!

নেজানো
কিমান বেছি হ’লে হাঁহিবোৰ বেদনা হয়
কিমান মৰম পালে সুখবোৰ চকুপানী হৈ বৈ আহে
কিমান শান্তিত
জোনাকলে’ চাই পাৰ কৰি দিব পাৰি উজাগৰি নিশা... |

তোমাক হেৰুৱাইতো ম‍ই মুঠেই সুখী নহয়
আৰু মোক হেৰুৱাই তুমি ?
মোক হেৰুওৱাৰ পিছত পাহৰিব পাৰিছানে তুমি
ধ্ৰুৱতৰাৰ লগত চিনাকি হোৱা নিশাটোৰ কথা !
ধ্ৰুৱ মানে স্থিৰ, আত্মকেন্দ্ৰিক, উজ্জ্বল
আৰু তৰা মানে অনুভূতি....
পাহৰিব পাৰিছানে এই সকলোবোৰ কথা...?


মোকতো এতিয়া সকলোৱে এৰিছে
হাঁহি, সপোন, শান্তি, আশা, পোহৰ-সকলোৱে
এৰিছে আনকি মোৰ ছাঁটোৱেও |
কিন্তু !
তোমাক জানো এৰিব পাৰিছে 
তোমাৰ স্মৃতিয়ে ?
ৰাতিপুৱাৰ সেই নিদ্ৰাশিক্ত কণ্ঠস্বৰ-
আৰু দিনটোৰ শুভকামনা....
এতিয়া কোনোৱা ৰাতিপুৱা
অপেক্ষা কৰিব লগা হয়নে তুমি
তোমাৰ হৃদয় ধুৱাবলৈ আহিবলগা
ফোন কলৰ বাবে ?


জানো, 
তথাপি বাট চাই ৰও
এষাৰ মাথো চিনাকি মাতৰ বাবে...
তুমি জোকোৱা মাতষাৰেৰে...
ম‍ইতো আৰু কেতিয়াও মাতিব নোৱাৰো তোমাক
তুমি বেয়া পোৱা নামটোৰে....|
জানো,
বৰ কষ্ট হৈছে তোমাৰ |
ঠিক মোৰ দৰেই..!
বাস্তৱৰ পটভূমিত সপোনবোৰক বিসৰ্জ্জন দিবলে’ বৰ কষ্ট হয়, নহয়নে ?
তথাপি ম‍ই অসহায়, দুৰ্বল
তোমাৰ স্মৃতিবোৰ ঘূৰাই লবলে’ |
যত্ন কৰিছো পাহৰিবলে’
মোৰ অতীত, বৰ্তমান, ভৱিষ্যত সকলো
নতুনকৈ হৈ পৰিছো ম‍ই অভ্যস্ত 
চকুলো আৰু বিৰাগেৰে..!
আজীৱন ভালপোৱাৰ প্ৰতিশ্ৰুতিযে কৰিছো ম‍ই |


আজি কৰযোৰে কৰিছো মিনতি
সকলো অতীত হৈ যাওক
অতীত হৈ যাওক সকলো
বৰ্তমান হৈ থাকা তুমি
কেৱল তুমি
আৰু তুমি বিচৰা সুখবোৰ !
ম‍ই পাৰ হৈ যাম সকলো
পাৰ হৈ যাম প্ৰেমৰ সেই নষ্টালজিয়া
পাৰ হৈ যাম নিশব্দতাৰ ক’লাজ
পাৰ হৈ যাম
পাৰ হৈ যাম-আকাশ, বতাহ....
আৰু শূন্যতাৰে ভৰা বাট-পথবোৰ
তুমিহীনতাত তোমাৰ স্মৃতিবোৰেই দিব মোক সংগ | 

সহ্য কৰি যাম সকলো

নিৰৱতাৰ ধুমুহাত লুটিয়াই লুটিয়াই
বেদনাৰ দস্তাবেজৰ মসৃণ পৃষ্ঠাবোৰ....





ধ্ৰুৱজ্যোতি শৰ্ম্মা
০৯/০৮/২০০৭

2 comments: