Monday, December 26, 2011

জননী

জননী
যিয়ে কোৱা নাছিল মোক
অসভ্য যুগৰ দলিত সভ্যতাৰ কথা
ঘৰপোৰা ভেঁটিত বিলাসী প্ৰাসাদৰ কথা
মোৰ জননী আছিল এক সভ্যতাৰ নাম
সততাৰ নিচাত আসক্ত
অশ্ৰুসিক্ত এজাক কোমল বতাহৰ নাম  | 

বতাহ বলিবলৈ লাগে এখন মুকলি আকাশ
নিজক দেখিবলৈ লাগে এখন নিকা সমাজ | 
জননী
যি কোৱা নাছিল মোক
নিৰ্মম মৰমেৰে লিখা বেদনাৰ সাঁচিপাটৰ কথা
গুলীত বীমাকৃত এটি জীৱনৰ কথা
মোৰ জননী
এক অনুভূতিৰ নাম
বেদনাৰে ভাৰাক্ৰান্ত
হাঁহিৰ সৌৰভেৰে সোনালী কপৌপাহিৰ নাম | 

সুখ পাবলৈ লাগে এখন দুখৰ আকাশ
বেদনা পাবলৈ লাগে বদনাহীন বতাহ | 

জননী
যি কোৱা নাছিল মোক
দুখৰ অশ্ৰুত প্ৰৱালমণি থকাৰ কথা
সমাজবিৰোধী বুলি হেয়ে থলুৱা সংস্কৃতিৰ কথা | 

আজি মোৰ জননী
এক বৰ্ণাঢ্য নিৰাশাৰ নাম
যাতনাৰ চোতালত অংকিত
কলিমাসনা "সাংস্কৃতিক সভ্যতা"ৰ নাম | 

জননী
এতিয়া মাথো এক প্ৰখৰ ৰ’দৰ নাম
দেই পুৰি যোৱা জোনাকত
সমাধিস্থ আশাৰ তজবজীয়া সাধুকথাৰ নাম | 



ধ্ৰুৱজ্যোতি শৰ্ম্মা
ৰচনাকাল : ১৭.০১.২০০৫

1 comment:

  1. খুব সুন্দৰ হৈছে ধ্ৰুৱ দা | মোৰ অন্তৰ চুই গ’ল এই কবিতাটোৱে.....

    ReplyDelete