Saturday, December 15, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-৩(২য় অধ্যায়)

ছেপ্তেম্বৰ মাহ। লাহে লাহে বতৰ ঠাণ্ডা হৈ আহিব ধৰিছে। ক্লাছবোৰো ভালকৈয়ে হৈ আছে। পূজাৰ আগে আগে প্ৰায়খিনি ক'ৰ্চ শেষ কৰাৰ টাৰ্গেট লৈছে চাৰসকলে। ইপিনে আমি !! পাছক'ৰ্চৰ ক্লাছত থমথম মদন গোপাল হৈ বহি থাকো। অৱশ্যে মেজৰ ক্লাছকেইটা থিকেই গৈ আছে। প্ৰেক্টিকেলো আৰম্ভ হৈ গৈছে। ফিজিকেল লেবৰেটৰীত দোলক দুলি দুলি আমি আমাৰ সময়খিনি আড্ডা দিয়াত লাগি যাওঁ। তাৰে মাজতে যি দুই এজনে দুই-এদিন ভালকৈ কৰে, তেওঁলোকৰ ভাৰ পৰে বাকীকেইজনক বুজোৱাত। অক্টোবৰত কিবা "নাক" আহিব হেনো। কলেজৰ চৌদিশে উখল-মাখল লাগি আছে। সকলোফালে চিজিল লগাব চেষ্টা কৰিছে নতুন অধ্যক্ষ মহোদয়ে। পাছে, কুকুৰৰ নেজ সাতদিন পুতি থ'লেও জানো চিধা হয়! আমিও অলৰ অচৰ। লাহে লাহে আমাৰ আড্ডাৰ পৰিসৰ বাঢ়ি গৈ প্ৰথম মহলাৰ ১০ নং ৰূমৰপৰা আহি প্ৰেক্টিকেল ক্লাছলৈ, কলা ভৱনৰ হলঘৰৰ পৰা কলেজৰ সন্মুখতে থকা পুখুৰীৰ পাৰলৈ, বিজ্ঞান ভৱনৰ বাৰান্দাৰ পৰা পিছফালৰ ৰসায়ন বিভাগৰ বাৰান্দা পাইছিলগৈ। 

হঠাতে এদিন পূৱালীয়ে আহি হাতত ধৰি টানিব ধৰিলে-'অ'ই বুলচুন আহু এটা জাগাৰ পৰা'
-ক'ত যা?
-বুলনা
-ক'ত যা ক'চুন
-গেলি গম পাবি বুল
-নাযং, তই যা। আপিকেটাক লৈ নায কিয়?
-তাহাক নিবা ন'ৰি কাৰণেতো তোক কৈছু

অগত্যা মই যাব লগাত পৰিলো। কলৈ গৈ আছোঁ একো নজনাকৈ বিজ্ঞান ভৱনৰ সন্মুখেৰে মূল গেটলৈ বুলি আগবাঢ়িলো। হঠাতে তাই বাঁওফালে ঘূৰি শ্বহীদ বেদীটোৰ কাষেৰে গৈ শ্বহীদ ভৱনৰ ফালে মুখ পোনালে। মই আচৰিত হ'লো। কি কৰে এই। কলৈ যায় ! এইটোতো 'আছু'ৰ কাৰ্য্যালয়, কি কাম থাকিব পাৰে তাইৰ-ভাবি ভাবি তাইৰ লগে লগে আগবাঢ়িলো।
-তোক ডাঙাৰ কথা এটা কবা লাগা আছে
-কি কথা?
-ভালকে কবা লাগবো, ইটা কবা নৰি

সঁচাকৈয়ে নাৰীক যে চলনাময়ী বুলি কয়, এই বাবেই চাগে'। কথা নাই বতৰা নাই অ'ই আহচুন বুলি মাতি আনিব, আহি কোনো ছোৱালীয়ে কেতিয়াও মুখ নুঘূৰোৱা শ্বহীদ ভৱনৰ ফালে মুখ পোনাব আৰু আদ-ৰাস্তাতে কব, তোৰ লগত এটা ডাঙাৰ কথা আছে। কিযে পালাত পৰিলো। 

শ্বহীদ ভৱনত তেতিয়া কোনোবা ল'ৰাৰ আড্ডা চলিছিল। এপাল ল'ৰাৰ কেইজনমান আমাক দেখিয়েই পলাইছিল। আমাক বুলি ক'লে আচলতে পূৱালীক দেখিহে। তেওঁলোকেও চাগে' নাজানে, কিমান বছৰৰ মূৰত বা এই কোঠাটোত ছোৱালীৰ পদধূলি পৰিছেহি। কোঠাটোৰ মলমলীয়া গোন্ধ শুঙিলেই গম পোৱা যায় যে ইয়াত এটা চিগেৰেটৰ মৃত্যু হোৱাৰ বৰ বেছি সময় হোৱা নাই। তাৰে মাজতে দুখন চকীত দুজন চিনিয়ৰ যেন ল'ৰা বহি আছিল।
-অ'ই, এয়া কুমাৰ দা, এয়া প্ৰাণজিৎ দা। আৰ' ই হিতেন। 
-তেওঁলোকক নমস্কাৰ দি মই তাইৰ মুখলৈ চাই ৰ'লো। কি কৰি যে আছে তাই !
 তাই পুনৰ ক'লে- মইযে কৈইছলু, কামটু ইয়ে কৰবা পাৰব'। 
-তিত্তেহ'লে তুমিয়ে তাক ভালকে বুজে দিবা। কিবা অসুবিধা হ'লি আমি সহায় কৰিম বাৰু
-হব। ইটা আহু দিয়ক।
মই কিবা এটা গম লোৱাৰ আগতেই তাই কোঠাটোৰ পৰা ওলাই আহিল। মই তেওঁলোকৰ ফালে ভেবা হৈ চাই ৰ'লো।
-আমি কিবা এটা কামত লাগিম বুলি ভাবিছোঁ। তাই তুমাক বুজে দিবো। কেৱল কিবা অসুবিধা পালি আমাক কবা। 

ইতিমধ্যে পূৱালী সেই কোঠাটোৰ পৰা ওলাই সোঁফালে থকা আনটো কোঠালৈ সোমাই গ'ল। সাহিত্য সভাৰ কাৰ্য্যালয় ধৰণৰ কিবা এটা লিখা থকা আধা পঢ়িব পৰা আধা নোৱাৰা চাইনব'ৰ্ডখন চাই চাই ময়ো তাইৰ পিছ ল'লো। আৰু কোঠাটোত সোমায়ে মই থৰ হৈ ৰ'লো। এজনী ছোৱালী। মোক ৰেগিং কৰোতে লিখিতত কথা কোৱা ছোৱালীজনী। মই মাথোঁ তাইলৈ চাই ৰ'লো। সিদিনাতকৈ যেন বহুত পৰিৱৰ্তিত দেখিছোঁ তাইক। নে সিদিনা ভালকৈ নাচালোৱেই ! কেইপলমান চাই থকাৰ পিছত তাইৰ চকুৰ পৰা চকু নিজে নিজে নামি আহিল। তেনেহ'লে এইজনীয়েই সেইজনী ছোৱালী, যাৰ কথা পূৱালীয়ে প্ৰায়ে কৈ মোক জোকায়! কিন্তু এইতো মোতকৈ চিনিয়ৰ। মই একো ধৰিব নোৱাৰিলো। আচলতে কিবা ধৰিবলৈ মই একো ভাবিবই নোৱাৰিলো। মোৰ ভাৱৰ ইঞ্জিন যেন কিছুসময়ৰ বাবে বন্ধ হৈ গ'ল। মোৰ চকুৰ আগত ভাঁহি থাকিল, চকু চাট মাৰি ধৰা সূৰ্য্যৰ দৰে উজ্জল, শীতৰ ৰ'দজাকৰ দৰে কোমল এখনি মুখ। মাত্ৰ কেই মূহুৰ্তমানৰ বাবেহে। হয়তো তায়ো অপ্ৰস্তুতবোধ কৰিছিল। কিন্তু পূৱালীৰ দৃষ্টিত একোৱেই সাৰি নগ'ল। মিচিকিয়াই হাঁহি তাই ক'লে -অ'ই কি হ'ল তুহাৰ? দুয়ো ৰাঙা পৰি গেইছা যি? কি কেচ...হুহ? প্ৰথম চাৱনিতে কিবা কিবি নহেতো? উত্তৰ নিদিলে ফাঁচি যাম বুলি মাত লগালো -প্ৰথম নহে দে। সিদনা বাইদেউক লগ পাইছিলুতো। মই যি কইছলু, ৰেগিঙত এটা ছুৱালীৰ কথা...এখেতেই আছিল।
এটা ৰখাব নোৱাৰা হাঁহিত দুয়ো থৰ পৰিল। 
-অ'ই বুৰ্বক, তই যি এইক বাইদেউ বুলি কৈ আছা, এই আমাৰ বেটচৰে।
একো ধৰিব নোৱাৰি মই তাইলৈ চাই ৰ'লো। 
-তোক সিদনা আমাৰ বেটচৰ ছ'লিয়েই ৰেগিং কচ্চি, বুৰ্বকটু। আৰু ত'ই চক্ৰেটিচে নাচি-গাই আকাণ্ডাৰি?
মূৰত যেন টিঙিচকৈ কিবা এটাই কোব সোধালে। প্ৰচণ্ড অপমানবোধে মোক ৰঙা কৰি পেলালে। মই থিৰে থাকিব নোৱাৰা হ'লো। খঙত মই উচপিচাবলৈ ধৰিলো। হাতখন আগুৱাই ছোৱালীজনীয়ে কৈ উঠিল-
-বাই দ্যা ৱে, মই আলোছায়া। তোমাক সিদিনা সকলোৱে তেনেকুৱা কৰাৰ বাবে মই চ'ৰী কৈছোঁ। সিদিনা আচলতে অলপ বেছি হৈ গ'ল বুলিয়েই ভাবো। অন্ততঃ ইমানখিনিলৈকে কৰিব নালাগিছিল। 
-তাই সিদনাএ গইধলা কৈছিল, তোক লগ কৰি কথাখিনি কোবো বুলি, মইহে হাক দিলু। -এইবাৰ পূৱালীয়ে তাইক যোগ দিলে।

হয়তো এক অপৰাধবোধে খেদি ফুৰিছিল তাইক, যাৰ বাবে এনেহেন ঠাই এটুকুৰাত আহি মোক ক্ষমা খুজিবলৈকে মোক মাতি আনিছিল তাই। হয়তো আন কোনো উদ্দেশ্য আছিল এনেকৈ মাতি অনাৰ। আৰু তাৰ বাবে সহায় লৈছিল পূৱালীৰ। আজি দেখিয়েই ভাল লাগি গৈছিল তাইক। কিবা এটা অনুভূতিত শিহঁৰিত হৈ পৰিছিলো। নাজানো, কি নাম আছিল সেই অনুভূতিৰ। কিন্তু তাৰ পাছতেই যিখিনি হ'ল, সেইখিনিয়েই যেন সকলোখিনি যেন মচি লৈ গ'ল। মই একো মাতিব নোৱাৰিলো। তাৰ পিছত কি কৈছিল, একো মূৰত নোসোমাল। কেৱল কেনেকৈ তাৰপৰা ওলাব পাৰি তাকেই ভাবি থাকিলো। আৰু সুবিধা এটা বুজি ওলাই আহিলো, অকলে। পূৱালীৰ ওপৰতো ভীষন খং উঠিল। কি দৰকাৰ আছিল তাইৰ, এইবোৰ নাটক কৰিবলৈ ! সৰল হোৱাৰ বাবে এই সৰলতা খিনিৰ সুবিধা লৈছে ! প্ৰচণ্ড গতিত মই ক্লাছৰূমৰ ফালে আগবাঢ়িলো। তলমূৰকৈ, কিমান খৰ খোজেৰে নাজানো। পাছে পাছে হয়তো পূৱালী আৰু আলোছায়াও ওলাই আহিছিল... ৰাস্তাত মোৰ কাষেৰে পাৰ হৈ যোৱা সকলোৱে এপলক হ'লেও মোলৈ চাইছিল...চাইছিল নহয়, যেন হাঁহিছিল আৰু কৈছিল "শ্যাল্লা, ই চক্ৰেটিচ না চক্ৰেটিচেই"। ইপিনে পোহৰাই তোলা মুখমণ্ডলেৰে মোক ঘোৰ অন্ধকাৰত পেলাই দিছিল আলোছায়াই..থিক তাইৰ নাটোৰ দৰেই..'আলো-ছায়া'ত ডুবি গৈছিলো মই। 

(ক্ৰমশঃ)

Friday, December 7, 2012

মিছা ক’লে কিডাল হব, That is also an important matter

তেতিয়া অসমৰ দুৰ্বিষহ দুৰ্যোগৰ সময়। কেউদিশে বানপানী। ৭-৮ খন জিলা তেতিয়ালৈকে পানীৰ তলত। ধেমাজি, লক্ষীমপুৰ আৰু কেইখনমান জিলাৰ দুটামান মৌজাৰ খবৰ পৰ্যন্ত পোৱা নাই। বানপানীয়ে চাৰিওপিনে ৰাস্তা ভাঙি যাতায়ত ব্যৱস্থা থানবান কৰি দিছে। বিদ্যুৎ , দূৰভাষ সংযোগৰ কথাটো কবই ভাল। আনকি পানী সোমাই টাৱাৰৰ জেনেৰেটৰ জ্বলাই পেলোৱাৰ ফলত মোবাইলো নচলা অৱস্থা। খাবলৈ, পিন্ধিবলৈ মানুহৰ হাতত একোৱেই নাই। যিখিনি আছিল, সেয়াও পানীৰ তলত। বহুতেই ওখ স্কুলঘৰ বা মথাউৰিৰ ওপৰত প্ৰাণে বাচি আহি আশ্ৰয় লৈছেহি। মুঠতে চৌদিশে হাহাকাৰ, আতংক। পানী বাঢ়িহে আছে, কমাৰ নাম গোন্ধই নাই। ইপিনে চৰকাৰো ভৰ নিদ্ৰাত। বানপীড়িতক সাহায্য দিবলৈও তেওঁলোকৰ সময় নাই।


শেষত যেনিবা কথাবোৰৰ গম নোপোৱাকৈয়ে তেওঁ উৰা মাৰিব লগা হ’ল। মুখ্যমন্ত্ৰী হিচাপে তেওঁ ভাল পোৱা নাই যদিও চৰকাৰী পইচাৰ অপব্যৱহাৰ নহওক বুলিয়েই শেষত যোৱাৰেই সিদ্ধান্ত ল’লে। অপব্যৱহাৰ মানে কাৰ্যসূচী বাতিল কৰিলে ফ্লাইটৰ টিকটৰ নামত, নিৰাপত্তাৰ নামত আবণ্টিত টকাবোৰৰ কথা আকৌ! "জিন্দেগী মে কুছ পানে কে লিয়ে কুছ খোনা ভি পৰতা হ্যায়"-শ্বাহৰুখ খানৰ ডাইলগটো মনত পেলায়েই তেওঁ শেষ সিদ্ধান্ত ল’লে। মিছা ক’লে কিডাল হব-নিৰ্দিষ্ট বিভাগবোৰৰ গা নলৰিলে তেওঁনো অকলে কিডাল কৰিব !



ইপিনে আমাৰ চিয়েমৰ গা উখল-মাখল। বহুদিনৰ মূৰত সুবিধাটো পাইছে, জাপানলৈ যোৱাৰ। কাগজে পত্ৰই, টিভি-ৰেডিঅ’ই শুনি আছে চৌদিশে হেনো বানপানী উঠিছে। বা-বাতৰিবোৰ অৱশ্যে কিমান সত্য, জানিবলৈ এতিয়াও বহু দূৰ। এইফালে জাপানৰ পৰাও হেনো পি.এলৈ ফোন আহিছিল, কনফৰ্মেশ্বনৰ বাবে। তেতিয়াও খবৰটো পোৱাহ’লে ! এতিয়া যাওঁ-নাযাওঁকৈ ওলালে আৰু তেওঁ। যিমান হ’লেও ‘আন্তৰাষ্ট্ৰীয় ষ্টেটাচ’ৰ কথা আহেতো ! পাছে ভয়ো এটা নোহোৱা নহয়। এই ভয়টো পাছে বানপানী বা জাপানিজক লৈ নহয়। পিপৰাৰ দৰে পিয়াপি দি ফুৰা এই সাংবাদিকমখাক লৈহে। বানপানীৰ সময়ত বাহিৰলৈ ফুৰিব যোৱা বুলি কিখন বা মহাভাৰত আৰম্ভ কৰে আৰু। যা, যি হয় হব বুলি তেওঁ টোপোলা বান্ধিলে। যোৱাৰ আগে আগে বানপানীৰ ভালকৈ খবৰ পোৱা হ’লেও। পাছে আমাৰ ‘বানপানী বিভাগে’হে কি কৰি আছে !! 
****


এখন সৰু কাজিয়াৰ পৰাই ইমান ডাঙৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। কিনো ইমান মছলা আছিল সেই কাজিয়াখনত? কিছুমানে কয় ইদগাহক খেলপথাৰ সজোৱাৰ বাবে কিছুমানৰ তৎপৰতাক আন কিছুমানে বাধা দিয়াৰ বাবেহে হেনো কাজিয়াখন লাগিল। ইপিনে কাজিয়া লগা কেইজনো কম জানো ! তৰ্কা-তৰ্কিতেই ক্ষান্ত থাক। নাই, আহিল একেবাৰে দা-কুঠাৰ, বন্দুক-পিস্তল লৈ। ফলস্বৰূপে বাতৰিৰ শিৰোনামত মৃত্যুঘণ্টা। পিছে আচল কাহিনী আৰম্ভ হ’ল তাৰ পিছতহে। প্ৰতিশোধমূলক ভাৱেই এইবাৰ আন কেইজনমানত হত্যা কৰিলে ইটো দলে। এনেদৰে হত্যা, হিংসা বাঢ়ি গৈ থাকিল। পুলিছে খবৰ পালে। এই অঞ্চলত এইবোৰনো কি ডাঙৰ কথা!-বুলি পুলিছেও ফৰ্মেলিটিখিনি কৰি বহি থাকিল। পাছে বেচেৰাহঁতে গম পোৱা নাছিল, এচি ৰূমত যে চলি আছিল আচল যুদ্ধখন। সেয়া আছিল ক্ষমতাৰ যুদ্ধ, আধিপত্যৰ যুদ্ধ, ৰাজনৈতিক মিঠা যুদ্ধ। ফলস্বৰূপেই এই সৰু-সুৰা ঘটনাবোৰে ৰূপ ল’লে সংঘৰ্ষলৈ। য’তে-ত’তে অচিনাক্ত আততায়ীয়ে ঘৰ জ্বলাই, মানুহ মাৰি ৰোপন কৰি গ’ল গোষ্ঠী সংঘৰ্ষৰ বীজ, আৰু বিভিন্ন নেতা-পালিনেতাই নিজৰ উন্মুক্ত ভাষনত সাৰ-পানী দি সেই বীজক এক দেশৰ সংবাদ মাধ্যম, চৰকাৰক কঁপাই তোলা বৃক্ষত পৰিণত কৰিলে।
পাছে তেতিয়ালৈকে গৃহ বিভাগে গমেই পোৱা নাছিল কেনাতো কৰ পৰা লাগিল। অৱশেষত সেনাৰ সহায় লৈ যেনিবা পৰিস্থিতি অকণমান শান্ত কৰা হ’ল। পাছে তুহঁৰ জুই ইমান সোনকালে নুমাবনো কেলেই। দুমাহমান পাছত আকৌ এবাৰ উক দিলে। আকৌ সেনা নামিল, ৰাইজ ভয়ত ঘৰতেই সোমাই থাকিল। ৰাজনৈতিক বক্তব্য-মন্তব্যৰ যুঁজখনতো চলিয়েই থাকিল। কোনোবাজনে ক’লে বিপিএফ জড়িত, কোনোবাই আকৌ ক’লে অবৈধ বাংলাদেশীহে জড়িত। চিয়েমেতো কৈয়ে আছে অসমত বাংলাদেশী এজনো নাই। তদন্ত আৰম্ভ হ’ল। মুল অভিযুক্ত পাঁচজনক গ্ৰেপ্তাৰ কৰা হ’ল। গ্ৰেপ্তাৰ হ’ল অবৈধভাৱে অষ্ট্ৰ ৰখাৰ দোষত অভিযুক্ত নেতা-পালিনেতাও। চৰকাৰেও বোলো ইহঁতৰ নিৰাপত্তাৰক্ষী গুচা। মুঠতে এখন হাই-প্ৰফাইল যুঁজৰ বলি হ’ল সৰ্বসাধাৰণ। ইমানদিনে যি চলি থাকিল, সেই সকলোবোৰ সৰ্বসাধাৰণৰ মূৰৰ ওপৰেৰে গ’ল।

আনফালে শান্ত অঞ্চলসমূহৰ আগ্ৰহী লোকসকলৰ মাজত পৰিসংখ্যা বিচাৰি আলোচনা চলিয়েই থাকিল- “কাজিৰঙাৰ অৱস্থা দেখিছাই, ব্ৰহ্মপুত্ৰৰ সমীপৱৰ্তী অঞ্চলৰ কথাও সকলো জানেই, কেৱল উত্তৰ অঞ্চলতহে তুলনামূলকভাৱে বাংলাদেশী কম। মিছা ক’লে কিডাল হব, বড়োসকল থকা বাবে বাংলাদেশীয়ে সেই অঞ্চলসমুহ লব পৰা নাই।“



****

মন্ত্ৰী ডাঙৰীয়াই কাৰ্যালয়ৰ পৰা আহি অলপ জিৰণি লৈছেহি। সন্মুখত টিভিটো অন কৰি বোলো মোৰ প্ৰিয় চিৰিয়েল ‘চুপতি’কে চাও। পাছে সময় হোৱা নাই বাবে বাতৰিকেই চাব লগা হ’ল। টিভি স্ক্ৰীণত দেখিলে এটা ভয়ংকৰ দৃশ্য। খড়্গহীন গড় এটিহে ইপিনৰ পৰা সিপিনলৈ যন্ত্ৰণাত চটফটাই দৌৰি ফুৰিছে। তেওঁৰ মনটো বেয়া লাগি গ’ল। দেশখনত কিযে হ’ল। লগে লগে তেওঁ বনমন্ত্ৰীলৈ ফোন লগালে। তেওঁৰ ফনটো বিজি। কি কৰা যায় ! ভাবি থাকোতেই আহিল বনমন্ত্ৰীৰ ফোন। তেৱোঁ এইমাত্ৰহে গম পাইছে হেনো। তদন্তৰ নিৰ্দেশ দিছে, নিজেও এবাৰ কাজিৰঙালৈ যাব খুজিছে। চিয়েমে কিনো কব, যোৱা আৰু ভালকৈ চাই চিটি কিবা এটা কৰি আহিবাগৈ বুলি নিৰ্দেশ দি ফোনটো থলে। পাছে মনতো তেতিয়াও ভাৰাক্ৰান্ত হৈয়েই থাকিল। সৰুতে কম ফুৰিবলৈ গৈছিলনে এইখন কাজিৰঙালৈ। পাচে এতিয়াহে পৰিস্থিতি অধিক বেয়া হ’ল।


একেলগে চাৰিটা গড় হত্যা কৰা হ’ল। কটকটীয়া নিৰাপত্তা আৰু সুৰক্ষাকৰ্মীৰ মোতায়েমৰ পিছতো এই হত্যাকাণ্ড চলিল। ৰাজ্যজুৰি আন্দোনলৰ বাবে গঠিত সংগঠনসমূহৰ বাহিৰেও সাধাৰণ জনতাও প্ৰতিবাদ কৰিলে। ৰাজ্যজুৰি হাহাকাৰ লাগিল। সংবাদ মাধ্যম, বিৰোধী, দল-সংগঠন, জনতা সকলো জাঙুৰ খাই উঠিল। ইপিনে তেওঁৰ মনতো বেয়া। বাহিৰত যিয়েই নেদেখুৱাওক কিয়, হেজাৰ হ’লেও তেওঁৰোতো এখন হৃদয় নথকা নহয় ! অৱশেষত অলপ কাঢ়ায়েই হব লগা হ’ল। নিকটৱৰ্তী থানা, চকীসমূহলৈ কাঢ়া নিৰ্দেশ দিয়া হ’ল, চিকাৰী কেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। নোৱাৰো-ধৰণৰ কোনো কথাই এইবাৰ শুনা নহব। শেষত যেনিবা গড় হত্যাকাৰী জালত পৰিল। লগতে পৰিল বনকৰ্মীও। 
বনকৰ্মী জড়িত বুলি শুনাৰ পিছত চিয়েমে মূৰে-কপালে হাত দি ভাবিলে, মিছা ক’লে কিডাল হব, ৰক্ষকেই ভক্ষক হ’লে কোনেনো কিডাল কৰিব। এতিয়া এইসকলক ঠিক কৰাতোহে এটা important matter.



****

(বিভিন্ন কাকত, নিউজ চেনেল, কেবাটাও আড্ডাত হোৱা আলোচনাৰ বিষয়বস্তুক সমল হিচাপে লৈ এই লেখা প্ৰস্তুত কৰা হৈছে। কাকো অৱজ্ঞা কৰা অথবা ঠাট্টা কৰা এই লেখাৰ উদ্দেশ্য নহয়। )

Thursday, November 15, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি- ২ (২য় অধ্যায়)

এক অস্বাভাৱিক উত্তেজনাৰে বজালী কলেজত এসপ্তাহ পাৰ কৰিছিলো। ঘৰৰ পৰা ১২ কিঃমিঃ দূৰৈত অৱস্থিত বজালী কলেজলৈ সদায় চাইকেল মাৰি আহি ক্লাছ কৰিব লগা কথাটোও এই উত্তেজনাই তল পেলাই ৰাখিছিল। লাহে লাহে চাৰসকলক চিনি পাবলৈ আৰম্ভ কৰিছিলো। এইসকলৰ ভিতৰৰ কেইজনমানক যদি গালি পাৰে বাবে ভয় কৰিব লৈছিলো, কেইজনমানক আকৌ শিকোৱা পদ্ধতিত আপ্লুত হৈ মানি চলিছিলো। ভৰালী চাৰে শিকোৱা কৃষ্ণগহ্বৰ অধ্যায়টিত যেনেকৈ গভীৰৰ পৰা গভীৰলৈ গৈ নিজেই কৃষ্ণগহ্বৰত প্ৰৱেশ কৰাৰ নিচিনা অনুভৱ কৰিছিলো, জি.জি চাৰৰ কোৱাণ্টাম আৰু নিউক্লিয়েৰ ফিজিক্সত আকৌ বৈজ্ঞানিক হোৱাৰ সপোন দেখিবলৈ লৈছিলো। শৰ্ম্মা চাৰৰ ইলেক্ট্ৰ'নিকচত আকৌ ওলোটা বুদ্ধিৰে এখন নতুন পৃথিৱীৰ লগত পৰিচয় হৈ গৈ আছিলো। তালুকদাৰ চাৰৰ অ'প্তিক্সত যিদৰে পোহৰৰ সন্ধান কৰিবলৈ শিকিছিলো, এম.টিৰ ক্লাছত আকৌ হিৰ'শ্বিমা আৰু নাগাশ্বাকিৰ পাৰমানৱিক ঘটনাৱলীৰে অলপ হ'লেও পৰিচিত হৈছিলো। বাকী ৰৈছিল মাথো পি.কে। চাৰে আমাক বুজাবলৈ যিমানেই কষ্ট কৰিছিল, যিমানেই আমাৰ বোধগম্য হোৱাকৈ অন্য পাঠৰ আলমত শিকাই গৈছিল, সিমানেই যেন চাৰে শিকোৱা পাঠবোৰ আমাৰ পৰা আঁতৰিহে গৈ আছিল। ফলস্বৰূপে এসপ্তাহমানৰ পিছৰপৰাই হেঁচা মাৰি ধৰিছিলহি ১২ কিঃমিঃ চাইকেল মাৰি অহাৰ ভাগৰ-অৱসাদে। হামি-হিকটিয়ে আগুৰি ধৰিছিলহি বিভিন্ন প্ৰান্তৰ পৰা আহি ক্লাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক।

সময় পাৰ হৈ গৈছিল। আজৰি সময়বোৰ কাঢ়ি লৈছিল হায়াৰ ছেকেণ্ডাৰীত চিনাকি বন্ধুবোৰে। প্ৰতিটো অফ ক্লাছতেই আমি নামি পৰিছিলো একো একোটা 'মিশ্বন'ত। কোনোবাদিনা যদি কাৰোবাৰ জন্মদিনৰ পাৰ্টীৰ অজুহাতত "কোষষ্ঠি"ত আড্ডা মাৰিছিলো, কোনোবাদিনা আকৌ কাকতিৰ লগত বজালী হায়াৰ ছেকেণ্ডাৰীৰ ছোৱালীজনীক নাম সুধিবলৈ পাছে পাছে চাইকেল মাৰিছিলো। তাৰে মাজতে চিনাকি হৈ গৈছিলো এজন এজনকৈ নতুন নতুন বন্ধুৰ। 

আৰু ক্লাছত ! ভালদৰেই আৰম্ভ হৈ গৈছিল আমাৰ আড্ডা। ময়ো যোগদান কৰিছিলো ক্লাছৰূমৰ বাহিৰৰ বাৰান্দাত বহা আড্ডাত। নানান ৰগৰ, আনন্দত মুখৰিত হৈ পৰিছিল বজালী কলেজৰ কেইটামান নিৰ্দিষ্ট কোঠা। তাৰ মাজতে হাত দীঘল চাৰ্ট পিন্ধা, কেতিয়াও চোলা ইনচাৰ্ট কৰি নোপোৱা মই কেতিয়া যে 'চক্ৰেটিছ' চদ্মনাম পাইছিলো গমেই পোৱা নাছিলো। আৰু প্ৰথম ক্লাছত মোৰ কাষত বহা ছোৱালীজনী আৰু তাইক জোকোৱা ল'ৰাজন !!

পূৱালী স্বভাৱত খোলা আছিল। ভাল-বেয়া সকলোবোৰ তপককৈ মুখৰ আগতেই কৈ দিছিল।
-ওই চক্ৰেটিছ.. তই গেট-আপটু অলপ চেঞ্জ কৰবিচুন। গালে-মুখে অলপ ডেকৰেচন কৰি আইভা নৰা? 
-কি চেঞ্জ কৰবা লাগে? 
-দেউতেৰ এই চোলাটুকে যে সদায় আনি থাকা?
-ওই, কথা ভালকে কবি। দেউতাই এটু পিন্ধা কুনদিনা দেখচা?
-নহে কি তিত্তেহ'লি ! 
-মই ইংকে ভাল পাউং, গতিকে ইংকেয়ে আহিম
-যা... যি কৰা কৰবি। পাচে পাছত নকবি আপি চাই দিবা লাগে বুলি
তাইৰ লগত চিনাকি হৈছিলো, কিন্তু ইমানো খোলা হোৱা নাছিলো যে এদিনতে ছোৱালী চাই দিয়াৰ কথা কম। তাই কিন্তু সেই দূৰত্বখিনি কমাই আনিছিল। বেয়া লগা নাছিল তাইক। মই নাথাকোতে শিকোৱা ক'ৰ্চৰ নোটখিনি যিদিনা তাই দিছিল, সিদিনাই তাইৰ প্ৰতি কিবা এটা বিশ্বাসে ঠাই লৈছিল। তাইক কিবা কাৰণত ঘনিষ্ঠ যেন লাগি গৈছিল। 

সিদিনা কিবা কাৰণত ক্লাছ হোৱা নাছিল। পূৱালী, অংকিতা, নয়ন, জয়ন্ত, তপন আৰু  মই কলা ভৱনৰ ১ নং ৰুমত বহি আড্ডা দি আছিলো। হঠাৎ এজনী ছোৱালী সোমাই আহিল। 
-হিতেন শৰ্ম্মা কুন?
মই হতবাক হৈ মাত লগালো-মই। 
-ইফালে আহ !
-মই? কিয়?
-আইহলিহে গম পাবি। দেৰি নকৰবি, আহ
একো ধৰিব নোৱাৰি ছোৱালীজনীৰ পিছে পিছে আগবাঢ়িলো।
ছোৱালীজনীয়ে বাহিৰত ৰৈ থকা আন এজনী ছোৱালীৰ লগত আগে আগে মূল গৃহকেইটাৰ পৰা আঁতৰত থকা ৰাজনীতি বিজ্ঞান বিভাগৰ চুকৰ বাৰান্দালৈ লৈ গ'ল। তাত দেখিলো ১৫ জনীমান ছোৱালী আৰু তিনিজনমান ল'ৰা। 
-অই চক্ৰেটিছ.... কি খবৰ?-ল'ৰা এজনে মাত লগালে
-আছু আৰু... কওকচুন কিয়বা মাতিলে !
-তুমাৰ নাম হিতেন শৰ্ম্মা?-ছোৱালী এজনীয়ে মাত লগালে
-হয়
-বঢ়িয়া নাম দ্যা। কুনি থৈছি হা তুমাৰ নামতু? মস্ত থৌগা লাগছি।- এইবাৰ আন এজনী ছোৱালীয়ে মাত লগালে। মোৰ বুজিবলৈ বাকী নাথাকিল যে মই ৰেগিঙৰ কৱলত ইতিমধ্যে আৱদ্ধ হৈ পৰিছো। ছোৱালীজনীৰ উত্তৰ দিয়াতকৈ কেনেকৈ ইহঁতক মেনেজ কৰা যায়, মই সেইটোহে ভাবিব ধৰিলো। 
-কিহে বাপু? মাত-বুল নাইযি?
-লাজ কচ্চি আক'। ইমান ৰাধাৰ মাজত কৃষ্ণ হৈছি.. ইটা আমি যদি নাচপা দিউ... আটাইকেইজনে গিৰ্জনি মাৰি হাঁহি উঠিল।
-মোক কিয়বা মাতছি?-মই সাহ কৰি সুধিলো।
-হো চাউৱে তাক, ইটাকলেগি গমে পানাই। অ' আদো, তুমি গমে পানাই? আমি তুমাক কিদনেপ ক'চ্চুহে... হেহেহেহে
-চিঞৰ, মুঝে বচাও, মুঝে বচাও..... আন এজনে ক'লে
-কি নাম তোৰ? এজনে পোনে পোনে সুধিলে
-হিতেন শৰ্ম্মা
-ডাল-শিপা নহ নাম নেকি?
-মানে ?
-মানে শ্ৰী, স্বৰ্গীয় এলাখেন নাই নেকি?
-মই নিজে মোৰ নাম কওতে শ্ৰী ব্যৱহাৰ নকৰো। 
-ও...ও...ও... সাহিত্যৰ বৈজ্ঞানিক !! আকৌ আটাইকেইজনে হাঁহি উঠিল। খঙটো লাহে লাহে উঠি আহিব ধৰিছিল। তথাপি তাক বশ কৰি ৰাখিলো।
-বাইপে আছেনা? কি নাম বাইপেৰাৰ?
-চ'ৰি।
-কি চ'ৰি?
-আপনাৰ বাইপেৰেক সুধব'। মোৰ তাঁৰ চিঙি গ'ল। ইমান সময় বশ কৰি ৰখা খঙটোৱে পাৰ ভাঙি ওলাই আহিল।
-আবে, চিনিয়ৰক কিংকে কথা কবা লাগে তই নাজনা নিকি?
-ভালকৈ নাজনু। আপনালোকৰ নিচনা চিনিয়'ৰ আগতে লাগ পানাই যি- কিমান খঙত কথাখিনি কৈছিলো, গমেই নাপালো। কলেজ এখনত চিনিয়'ৰ বুলি ক'লে কিমান কি নিয়ম-নীতি আহি পৰে একো নজনাৰ পিছতো হয়তো সকলো কথায়েই মানি ল'লোহেতেন, যদিহে দেউতাক লৈ ইতিকিং নকৰিলেহেঁতেন। আৰু দেউতাক লৈ ইমান অপমানজনকভাৱে প্ৰশ্ন সোধাৰ পিছত মোৰ মনে ঠিৰাং কৰি লৈছিল তেওঁলোকক কিমান সন্মান জনাব লাগে। কাজিয়া লাগিলে লাগক, মাৰিলে মাৰক তথাপি সিহঁতক সন্মান নকৰাৰ সিদ্ধান্ত মই লৈ পেলাইছিলো। তাতে মোৰ হাতত থকা ৰেগিঙ বিৰোধী ব্যৱস্থাবোৰেও মোৰ এই সিদ্ধান্তত সাৰ-পানী যোগাইছিল। সিহঁতে মোৰ ধৃষ্টতাক লৈ এসোপামান গালি গালাজ পাৰিছিল।
-ইতাৰ পৰাএ এনেহেন। উল্টোবি যা পাচত। মাএ-বাইপেৰ নামৰ আগত ১০০ৰ বাল্ব জ্বলোবি। 
মই একো নামাতিলো আৰু মোৰ সেই মৌনতাই কামত দিলে। ইমান সময় একো নমতা ছোৱালী এজনীয়ে এইবাৰ মাত লগালে-হিতেন, বেয়া নাপাবা দেই। আমি আচলতে চিনাকি হবলৈহে তোমাক মাতিছিলো। তাতে তোমাৰ কথা বহুত শুনিছো, সেই বাবে তোমাকেই মাতিলো। চিনাকি পৰ্বত সেয়েহে অলপ ধেমালি কৰিলো। তোমাৰ ঘৰ ক'ত বাৰু? - বজালী উপভাষা, নলবৰীয়া উপভাষা অথবা বৰপেটীয়া উপভাষা একোৱে ব্যৱহাৰ নকৰি সম্পূৰ্ণ লিখিত থাঁচত তেওঁ সুধিলে।
-বনগাঁওত।
-ইয়াতে ক'ত থাকা?
-ইয়াত নাথাকু। অহা-যোৱা কৰু।
-আহ-যোৱা কৰা? কিহেৰে?
-চাইকেলত।
-অ'ই, তই ইটা তাৰ বায়'ডাটা নসুধবি আৰ'-আন এজনে মাত লগালে
-ৰহচুন। মোৰ কথাকেটা সুধিব দে।
-হবদে, একেদিনাই সুধানা। পাচত একোৱে নাথকিব' দেখুন !
-তহঁতৰ লগত নোৱাৰিদে আৰু। সুধ, তহঁতেই সোধ। পাচে চাবি, লিমিট ক্ৰছ নকৰিবি হ'লি।
-শৰ্ম্মাজি, আপুনি গান গাবা জানেনা?
-জানু।
-আই ওই... কিমান মিঠাকৈ কৈছে ঐ... ভাল লাগি গ'ল ঐ মনটু-পিছপিনৰ পৰা কোনোৱাই কিৰিলি পাৰি উঠিল
-গোৱাচোন তেন্তে
-আপনালোকে শুনবা পাৰবো জানু?
-পাৰিম দে, গাৱ।
ময়ো সুবিধা পাই "আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম"ৰ পেৰেডি কৰি লগাই দিলো -
"আজি এটা গেল আৰু
কালি এটা গেল
কিমান ৰাখিম মাজুটু
পৰহি ৰাতিপুৱা
মাজুটুও গেল।"
-সকলোৱে গিৰ্জনি মাৰি হাঁহি উঠিল। কোনোৱাই আকৌ বঢ়িয়া, বঢ়িয়া বুলি চিঞৰিও উঠিল।
-তুমি ইমান থৌগা গান গালা, ইতা ডেঞ্চ এটাও মাৰা
-মই নাচপা নাজনু।
-জানদে, তুমি এনে কৈছ
মোৰ মূৰত আৰু কিবা এটা সোমাল। সেয়েহে কৈ উঠিলো-
-এটা ডেঞ্চ জানু অৱিশ্যে।
-নাচা তিত্তেহ'লি
-আপনালোকে পোলৈ নিকি আৰো !
-নপলং দে
-কি নামনু ডেঞ্চটুৰ?
-জিলাপী ডেঞ্চ। এইবুলি ককালত দুহাতেৰে ধৰি ধৰি মই ককাল ঘূৰোৱাত লাগি গেলু। আৰু মোৰ এই কাণ্ড দেখি সকলোৱে হাঁহি হাঁহি থৰ পৰি গ'ল।

তেনেকৈ বহুসময় আগবাঢ়িছিল। মই প্ৰথমতে কৰা ব্যৱহাৰৰ বাবে চিনিয়'ৰকেইজনৰ আগত ক্ষমা খুজিছিলো আৰু  মোক হতবাক কৰি ধেমালিতে হ'লেও দেউতাৰ ওপৰত বেয়াকৈ মন্তব্য কৰা বাবে তেওঁলোকেহে ওলোটাই মোক ক্ষমা খুজিছিল। আৰু এই পৰিৱৰ্তন হৈছিল লিখিতত কথা কোৱা ছোৱালীজনীৰ মধ্যস্থতাত। ভিতৰি ভিৰতি মই তেওঁলৈ কৃতজ্ঞ হৈ পৰিলো। প্ৰথমে গান, নাচ, কৌতুক কোৱা আদিৰ মাজতো তেওঁলোকে মোৰ পৰা জানিব বিচাৰিছিল মোৰ ব্যক্তিগত কথা, ঘৰুৱা কথা আৰু এই সকলোবোৰৰ উত্তৰ মই খোলোচা নোহোৱা ধৰণেই দি গৈছিলো। মোৰ ব্যক্তিগত কথা কৈ নিজকে হাঁহিয়াতৰ পাত্ৰ সজাবলৈ মই কাকো সুবিধা দিব বিচৰা নাছিলো। আৰু এসময়ত মোক ৰেগিঙৰ জালখনৰ পৰা মুকলি কৰি দিয়া হৈছিল। জীৱনৰ প্ৰথম ৰেগিঙৰ অভিজ্ঞতা লৈ যেতিয়া মই ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰান্দাৰ সেই চুকটোৰ পৰা ওলাই আহি অ'ডিট'ৰিয়ামৰ ওচৰ পাইছিলোহি, মোক আগুৰি ধৰিছিল মোৰ আটাইকেইজন ক্লাছমেটে। সকলোৰে চকুত আছিল একেই ঔৎসুকতা-কি হ'লনু ! কি কৰিলে সিহঁতে!! 


Wednesday, November 7, 2012

ভ্ৰাম্যমানৰ পূৰ্ব্বকথা আৰু ইয়াৰ জয়যাত্ৰাঃএটি আলোকপাত

ভ্ৰাম্যমানৰ পূৰ্ব্বকথা আৰু ইয়াৰ জয়যাত্ৰাঃ এটি আলোকপাত
বিজু শৰ্ম্মা

ভ্ৰাম্যমান থিয়েটাৰ-অসমৰ এক ব্যতিক্ৰমী নাট্যকলা। নানান উত্থান-পতনেৰে বহুতো ভ্ৰাম্যমান নাট্যদলে মনোনিৱেশ কৰিছে আৰু অসমত ভ্ৰাম্যমানৰ জয়যাত্ৰা যোৱা পঞ্চাশ বছৰ ধৰি অব্যাহত ৰাখিছে যদিও ভ্ৰাম্যমানৰ আবিৰ্ভাৱৰ আগতে অসমৰ নাট্যকলাইনো কিমান প্ৰসাৰতা লাভ কৰিছিল, কেনেকৈনো ভ্ৰাম্যমানৰ আবিৰ্ভাৱ হ'ল, আৰু ভ্ৰাম্যমানৰ সৃষ্টিৰ পিছত কি গতিৰে ভ্ৰাম্যমান থিয়েটাৰে পঞ্চাশ বছৰ সম্পূৰ্ণ কৰিলে, সেই বিষয়ে এই লেখাটিত এক আলোকপাত আগবঢ়াবলৈ চেষ্টা কৰা হৈছে।

প্ৰাক-শংকৰী যুগৰ অসমৰ নাট্যকলাঃ
ভ্ৰাম্যমান থিয়েটাৰৰ জন্মকথা আৰম্ভ কৰাৰ আগে আগে আমি আগুৱাই যাব লাগিব ইয়াৰ পটভূমিলৈ আৰু অসমৰ সামাজিক জীৱনত নাট্যকলাৰ ভূমিকালৈ। প্ৰাক-শংকৰী দিনৰে পৰা অসমত ওজাপালি, ঢুলীয়া, পুতলা নাচ, পচতি, নাম ভাওনা, চড়ক পূজা আদি লোকনাট্য পৰম্পৰাই গুৰুত্ব লাভ কৰি আহিছিল। এই লোকনাট্যসমূহে সমাজত সমাদৰ লাভ কৰিছিল। এই লোকনাট্যসমূহে বিভিন্ন ধৰ্মীয় উপাদানক সমাজ আৰু জনগণৰ মাজলৈ লৈ গৈছিল। প্ৰাক শংকৰী যুগৰ লোকনাট্যসমূহ যদিও ধৰ্মীয় উপাদানেৰে পৰিপুষ্ট আছিল, তথাপি দৰ্শকৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ উপাদান ইয়াত সন্নিবিষ্ট কৰা হৈছিল। এইদৰে লোকনাট্যকলাই অসমৰ জাতি-জনগোষ্ঠীৰ মনৰ মাজত একপ্ৰকাৰ স্থায়ী আসনেই দখল কৰি লৈছিল। শকৰদেৱৰ নাটকসমূহৰ বিভিন্ন উপাদানো এই লোকনাট্যসমূহৰ পৰাই লোৱা বুলি অনুধাৱন কৰিব পাৰি।

শংকৰী যুগৰ নাটকঃ
মহাপুৰুষ শংকৰদেৱে অসমৰ বিভিন্ন ঠাই ভ্ৰমি অনুধাৱন কৰিছিল যে লোকনাট্যকলাই ৰাইজৰ মাজত এক শক্তিশালী আসন গ্ৰহণ কৰি আছে। মহাপুৰুষজনাই সেয়েহে পৰিবেশ্য এই শিল্পৰ জৰিয়তেই মানুহক আকৰ্ষণ কৰি তেওঁলোকৰ মাজত ধৰ্মপ্ৰচাৰ কৰাৰ এক নতুন ব্যৱস্থা হিচাপে নাটক ৰচনা কৰিবলৈ মন মেলিছিল। তাৰ ফলস্বৰূপেই মহাপুৰুষজনাৰদ্বাৰা 'চিহ্নযাত্ৰা' নাটক ৰচিত হৈছিল। মনোৰঞ্জনৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজৰ আগত ধৰ্মৰ তত্ব আৰু ঈশ্বৰৰ স্বৰূপ তুলি ধৰাৰ বাবে মহাপুৰুষজনাৰ এই প্ৰচেষ্টা সফল বুলি বিবেচিত হৈছিল, 'চিহ্নযাত্ৰা' একেৰাহে সাতদিন সাতৰাতি অভিনীত হৈছিল। তেনে ক্ষেত্ৰত কব পাৰি যে 'চিহ্নযাত্ৰা'য়েই প্ৰথম অসমীয়া নাটক আৰু ইয়াৰ অভিনয়ে আছিল প্ৰথম অসমীয়া নাট্যাভিনয়। মহাপুৰুষজনে এই নাটকত অভিনয় কৰাৰ লগতে তুলাপাতত সাত বৈকুণ্ঠৰ চিত্ৰৰে পট অঁকা, কপিলীমুখৰ কুমাৰৰ দ্বাৰা খোল তৈয়াৰ কৰা, মুখা ব্যৱহাৰ কৰা, অভিনয়থলী পোহৰাবলৈ মহতা তৈয়াৰ কৰি জ্বলোৱা আদি পদ্ধতি ব্যৱহাৰ কৰি প্ৰাক শংকৰী যুগৰ লোকনাট্য পৰম্পৰাসমূৰ পৰা এক পৃথক আৰু পূৰ্ণাঙ্গ নাটকৰ সৃষ্টি কৰিছিল। মন কৰিলে দেখা যায় যে শংকৰদেৱে নাটকসমূহ ৰচনা কৰোতে পৰম্পৰাগত লোকনাট্য তথা শিল্পবোৰৰ পৰা উপাদান সন্নিবিষ্ট কৰাৰ লগতে সংস্কৃত নাটকৰ পৰা সমল গ্ৰহণ কৰিছিল। 'চিহ্নযাত্ৰা' নাটকৰ সফল ৰূপায়ণৰ পিছৰে পৰা শংকৰদেৱে কেবাখনো নাট ৰচনা কৰে আৰু এটা অংকৰ হোৱা বাবে এই নাটকসমূহে 'অংকীয়া নাট' আখ্যা পায়। শংকৰদেৱেৰ পিছতো তেওঁৰ ভক্তসকলে অংকীয়া নাট ৰচনাৰ কাম অক্ষুন্ন ৰাখে আৰু ব্যাপক প্ৰসাৰ লাভ কৰে। কিন্তু নামনি অসমত ওজাপালি আৰু ঢুলীয়াই ইমানেই প্ৰসাৰতা লাভ কৰিছিল যে অংকীয়া নাটে এক বিকল্প হিচাপে এই অঞ্চলত খোপনি পুতিব পৰা নাছিল। তদুপৰি উনৈশ শতিকাত ঘটা বিভিন্ন ৰাজনৈতিক পৰিঘটনাই ৰাইজক বঙ্গদেশীয় যাত্ৰা অভিনয়ৰ প্ৰতিহে আকৃষ্ট কৰিবলৈ আৰম্ভ কৰিছিল।

বঙ্গদেশীয় যাত্ৰা অভিনয়ৰ প্ৰভাৱঃ
ইয়াণ্ডাবু সন্ধিৰ পিছৰে পৰা ইংৰাজসকলে ঔপনিৱেশিক উদ্যোগ আৰু সাম্ৰাজ্যবাদ সম্প্ৰসাৰণৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা বহুতো শিক্ষিত আৰু সস্তীয়া বঙ্গভাষী লোক আনি অসমত সুমুৱায়। পৰৱৰ্তী সময়ত বিভিন্ন উৎসৱ-পাৰ্বণত অথবা ইংৰাজসকলৰ মনোৰঞ্জনৰ বাবে এই লোকসকলে বঙ্গভাষীয় যাত্ৰাভিনয় তথা অস্থায়ী ৰঙ্গমঞ্চ সাজি নাট্যাভিনৰ ব্যৱস্থা কৰিছিল।পাছলৈ লাহে লাহে পশ্চিমীয়া 'থিয়েটাৰ'ৰ আৰ্হিৰ এই ৰঙ্গমঞ্চসমূহে ব্যাপক প্ৰসাৰতা লাভ কৰে আৰু ইয়াৰেই ফলস্বৰূপে পেছাদাৰী নাট্যদলসমূহে অসমত অভিনয়ৰ বাবে আহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে অসমত বহুকেইখন ৰঙ্গমঞ্চ নিৰ্মাণ কৰা হয়।

সেই সময়ত অসমীয়া নাট্যসাহিত্যই ইতিমধ্যে আত্মপ্ৰকাশ কৰিছিলেই। বঙ্গদেশীয় ৰঙ্গমঞ্চৰ জনপ্ৰিয়তাৰ ফলতেই ১৯৬০ চনত তিথিৰাম বায়নে অসমীয়া কলা-কুশলীৰে গঠিত প্ৰথমটো ব্যৱসায়িক যাত্ৰাদল গঠন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্যাভিনয় কৰি ফুৰে। বাঙালী নাট্যদলসমূহক প্ৰত্যাহ্বান জনাই গঠন কৰা এই নাট্যদলটিয়ে কিন্তু আঠ বছৰতে প্ৰত্যাহ্বান সামৰিব লগা হয়। ইয়াৰ সমসাময়িকভাৱে অথবা কেইবছৰমানৰ ইফাল-সিফালকৈ কেবাটাও নাট্যদল গঠন হয়।

১৯২১ চনত ব্ৰজ শৰ্মাই বৰপেটাত 'শিলা কালিকা অপেৰা পাৰ্টী' গঠন কৰি নিজে অনুবাদ কৰা নাটকৰ অভিনয় কৰায়। এই নাট্যদলটিকেই অনূদিত অসমীয়া নাট অভিনয়ৰ পথ প্ৰদৰ্শক আখ্যা দিব পাৰি। এনেদৰে অংকীয়া নাটকৰ পৰা বঙ্গদেশীয় নাটকৰ মাধ্যমেৰে অসমীয়া সমাজত পৰিচিত হয় যাত্ৰা অভিনয়।

যাত্ৰাদলৰ পৰা থিয়েটাৰ পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাকমূহুৰ্তঃ
ভাৰতৰ স্বাধীনতাৰ পাছত যিকেইটা নাট্যদলে অসমীয়া নাট্যকলালৈ অমূল পৰিৱৰ্তন আনিছিল, তাৰে ভিতৰত অন্যতম আছিল পাঠশালাৰ সদানন্দ লহকৰৰ প্ৰযোজনাত গঠন হোৱা 'নটৰাজ অপেৰা'। এই নাট্যদলটিয়ে অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি ফুৰিছিল আৰু দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনত গঠন হোৱা এই নাট্যদলটিয়ে ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ পূৰ্ণ পৰ্যায়ৰ ভ্ৰাম্যমানলৈ ৰূপান্তৰিত হয়। পৰিৱৰ্তিত সামাজিক প্ৰেক্ষাপটত যাত্ৰাৰ লগত সম্পৰ্ক চিন্ন হৈ পৰা নতুন নগৰীয়া সমাজখনত এক মনোৰঞ্জনৰ সুকীয়া ক্ষেত্ৰৰ প্ৰয়োজন হৈছিল আৰু এই অভাৱ পূৰাইছিল 'নটৰাজ অপেৰা'ই। এই 'নটৰাজ অপেৰা'কেই মূল হিচাপে লৈ ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হৈছিল।

ভ্ৰাম্যমান থিয়েটাৰৰ আদিপৰ্বঃ
১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা এক আধুনিক আৰু ব্যতিক্ৰমী যাত্ৰাপাৰ্টী নটৰাজ অপেৰাৰ ভ্ৰাম্যমান যাত্ৰাক ৰাইজে আকোঁৱালি লোৱা দেখি দেখি সদানন্দ লহকৰৰ ভ্ৰাতৃ অচ্যুত লহকৰে যাত্ৰাপাৰ্টীৰ এই ভ্ৰাম্যমান ৰূপটো আৰু কলিকতা, বোম্বে আদি চহৰৰ থিয়েটাৰৰ ৰূপটো মিহলাই ভ্ৰাম্যমান থিয়েটাৰৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিলে। সেয়েহে চুইচ টিপিয়েই ষ্টেজত মাইক, ৰঙা-নীলা লাইট আদি জ্বলাই তেওঁ চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্য শিল্পক আধুলিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে ১৯৬৩ চনত 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি অচ্যুত লহকৰ আৰু সদা লহকৰৰ প্ৰযোজনাত 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে। সেয়েহে নটৰাজ অপেৰাক ভ্ৰাম্যমান থিয়েটাৰৰ আদিপৰ্ব আখ্যা দিব পাৰি। সেই সময়ত পশ্চিমীয়া প্ৰচেনিয়াম মঞ্চ (ৰঙ্গমঞ্চ) আৰু দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ সমাহাৰত ভ্ৰাম্যমান থিয়েটাৰৰ কল্পনা কৰা হৈছিল, যিয়ে বিভিন্ন অঞ্চললৈ গৈ অস্থায়ী প্ৰেক্ষাগৃহ আৰু মঞ্চ সাজি নাট মঞ্চস্থ কৰি ফুৰিব। কল্পনা কৰা হৈছিল ইয়াৰ নাটক যাত্ৰাদলৰ অভিনয়তকৈ উন্নীত হব আৰু থাকিব নিজা পোহৰ উৎপাদন যন্ত্ৰ, মঞ্চ, প্ৰেক্ষাগৃহ, শব্দ যন্ত্ৰ, মাইক-ছেট, বাদ্যযন্ত্ৰ, অভিনয় সা-সামগ্ৰী ইত্যাদি। সেইমতেই ১৯৬৩ চনত নটৰাজ থিয়েটাৰ গঠন হয়।

নটৰাজ থিয়েটাৰৰ কাৰ্য ক্ৰমণিকাঃ
নটৰাজ থিয়েটাৰে ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত নাট মঞ্চস্থ কৰাৰ লগে লগেই অসমৰ ইতিহাসত এক সোণালী আখৰেৰে লিপিৱদ্ধ হ'ল ভ্ৰাম্যমান থিয়েটাৰৰ নাম। সিদিনা তাত নাট নিবেদন কৰা হৈছিল ফণী শৰ্মাৰ 'ভোগজৰা'। কিন্তু প্ৰথম দুটামান দৃশ্য নিবেদনৰ পিছতেই মঞ্চৰ কাৰুকাৰ্যত হোৱা বিজুতিৰ ফলত নাট বন্ধ কৰি দিব লগা পৰ্যন্ত হৈছিল।

প্ৰথম বৰ্ষত ভ্ৰাম্যমানৰ ৰঙ্গমঞ্চখন চলন্ত (ট্ৰলী) আছিল। ঠেলি দিয়া ষ্টেজ বা ৰিভলভিং ষ্টেজৰ বিশেষত্ব আছিল এয়ে যে এখন মঞ্চত নাট চলি থকা সময়ত আনখন ষ্টেজত ছেটটো সজোৱা থাকে। ড্ৰপ পৰিলেই পূৰ্বৰ ষ্টেজখনক ঠেলা মাৰি আঁতৰাই আনখন ষ্টেজক আগৰখনৰ ঠাইত ৰখা হয়। আনহাতে প্ৰক্ষাগৃহৰ ক্ষেত্ৰতো নটৰাজৰ আয়োজন আছিল অনবদ্য। প্ৰথম বৰ্ষৰ ভ্ৰাম্যমান থিয়েটাৰৰ হলটো আজিৰ তুলনাত V আকৃতিৰ আছিল। যিহেতু প্ৰথম বৰ্ষত ষ্টেজ এখনহে আছিল, সেয়েহে হলটোৰ সমুখ ভাগটো ৪০ ফুটমান বহল আছিল আৰু পিছলৈ ই V আকৃতিত সম্প্ৰসাৰিত হৈছিল। সেই হিচাপত একেবাৰে পিছমূৰটো দীঘলে ৯০ ৰপৰা ১০০ ফুটমান হৈছিলগৈ। একেদৰে চকীৰ ক্ষেত্ৰতো টিনৰ বা প্লাষ্টিকৰ চকী নাছিল। তাৰ পৰিৱৰ্তে কাঠৰ ফ'ল্ডিং চকীৰ ব্যৱস্থা কৰা হৈছিল।

নটৰাজ থিয়েটাৰে প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল সঁচা, কিন্তু ৰাইজে ইয়াক সেই দৃষ্টিৰে চাব বিচৰা নাছিল। ১৯৬৩-৬৪ বৰ্ষত গুৱাহাটীৰ জজ খেলপথাৰত গুৱাহাটী টাউন ক্লাৱৰ সাহায্যাৰ্থে নাট মঞ্চস্থ কৰিবলৈ অহা নটৰাজে পৰিৱেশন কৰা নাট উপভোগ কৰি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে নটৰাজক 'নটৰাজ ভ্ৰাম্যমান থিয়েটাৰ' হিচাপে আখ্যা দিছিল।

বজালীৰ সন্তান হৰেণ দাসৰ "ডায়মণ্ড চাৰ্কাচ'ৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে ভ্ৰাম্যমান থিয়েটাৰতো গেলাৰীৰ পৰিকল্পনা কৰে আৰু তৃতীয় নাট্যবৰ্ষৰ পৰা নটৰাজ থিয়েটাৰত গেলাৰীৰ প্ৰৱৰ্তন কৰে। ১৯৬৩ চনৰ পৰা ২০০৩ চনলৈ সুদীৰ্ঘ চল্লিশ বছৰ কাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰে বহুকেইখন নাট নিবেদন কৰিছিল। এই নাটসমূহৰ কিছুমান ধৰ্মমূলক আৰু কিছুমান সামাজিক আছিল। ১৯৬৮-৬৯ বৰ্ষত নটৰাজ থিয়েটাৰে নটৰাজ চিনে থিয়েটাৰ পদ্ধতি আৰম্ভ কৰিছিল আৰু কিছুমান দৃশ্য পৰ্দাত দেখুওৱাৰ ব্যৱস্থা কৰিছিল। ১৯৭৭-৭৮ বৰ্ষত নটৰাজ থিয়েটাৰে বিহাৰ, মধ্যপ্ৰেদেশ আদিলৈও নাট মঞ্চস্থ কৰিবলৈ ওলাই গৈছিল। কিন্তু ২০১২ চনত সোমোৱা পঞ্চাশ বছৰীয়া পৰিক্ৰমাত ভ্ৰাম্যমানে বহুত ৰঙ সলালে।

পঞ্চাশ বছৰীয়া ভ্ৰাম্যমান এতিয়া কোন দিশে
১৯৬৩ চনত অচ্যুত লহকৰে জন্ম দিয়া নটৰাজ থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰে পঞ্চাশ বছৰত ভৰি দিলেহি। এই সুদীৰ্ঘ সময়ছোৱাত ভ্ৰাম্যমান বহুত সলনি হ'ল। শতাধিক নাট্যদল গঠন হ'ল। তাৰে কিছুমান সগৌৰৱে নাট নিবেদন কৰি আগুৱাই গৈ থাকিল, কিছুমান আকৌ দুই তিনিবছৰ পিছতেই সমাপ্ত কৰিব লগা হ'ল। প্ৰথম অৱস্থাৰপৰা প্ৰায় আশীৰ দশকলৈকে সংবাদ মাধ্যমেও ভ্ৰাম্যমান থিয়েটাৰক বিশেষ গুৰুত্ব নিদিলে। ভ্ৰাম্যমান থিয়েটাৰৰ বিজ্ঞাপনৰ বাহিৰে সংবাদ মাধ্যমত ভ্ৰাম্যমানৰ বিষয়ে এটা আলোচনায়ো গুৰুত্ব নাপালে। ইয়াৰ মাজতো কিন্তু ভ্ৰাম্যমানে অসমীয়া সমাজলৈ বহু কিবা-কিবিয়েই দি থৈ গ'ল। কালজয়ী ধ্ৰুপদী নাটকৰ মাজেৰে সমাজলৈ যোগাত্মক বাৰ্তা পঠোৱাত ভ্ৰাম্যমানে বিশেষ ভূমিকা গ্ৰহণ কৰি গ'ল। একো একোটা নাট্যদলে শতাধিক নিবনুৱাক সংস্থাপন দিলে। বহুতো নাট্যপ্ৰেমী শিল্পী ইয়াৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰে সংস্থাপিত হ'ল। তাৰ পিছতো কিন্তু চৰকাৰ বা সংবাদ মাধ্যমৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ গুৰুত্ব দিবলগীয়া বিষয় হৈ নপৰিল। ভ্ৰাম্যমানেও ৰঙ সলালে। ধৰ্মমূলক নাটকৰ পৰা সামাজিক নাট আহিল। ৰূপালী পৰ্দাৰপৰা অভিনেতা-অভিনেত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰ দুৱাৰমুখত ভিৰ লগালেহি। লাহে লাহে সংবাদ মাধ্যম সচকিত হ'ল। কৰবাত দুই-এটাকৈ সৰু আলোচনা আহিবলৈ আৰম্ভ কৰিল। ভ্ৰাম্যমানৰ এখন মঞ্চৰপৰা দুখন, পৰীক্ষামূলকভাৱে দুখনৰপৰা তিনিখন আহিল। বাদ্যত, পোহৰত, গীত-মাতত আধুনিকতাৰ পৰশ লাগিল। প'ষ্টাৰসমূহো হাতেৰে অঁকাৰ পৰা প্ৰিণ্টিং হবলৈ ধৰিলে। মঞ্চত জীৱিত কুকুৰে অভিনয় কৰিলে, হেলিকপ্তাৰ উৰিল, সুবৃহৎ টাইটানিকৰ ধ্বংসযজ্ঞ খুব পৰিকল্পিতভাৱে সুদক্ষ কাৰিকৰী যাদুৰে দেখুওৱা হ'ল। নাটকৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিল। পৰ্দাৰ ষ্টাইলত নাটকৰ মাজতো গান আহিল, নৃত্য আহিল। আধুনিক সা-সামগ্ৰীৰ পয়োভৰ ঘটিল নাটকত। কৰবাত যদি দুই-তিনি মহলীয়া ঘৰৰ পৰা সংলাপ মাতি মাতি নায়ক-নায়িকা নামি আহিছে, কৰবাত আকৌ গছৰ ওপৰৰ পৰা ৰচীৰে নামি আহিছে গভাইত চোৰ। কৰবাত যদি পানীৰ তলত পৰি অভিনেতাজন ককবকাই আছে, কৰবাত আকৌ চিপজৰী লৈ ওলমি আছে নায়িকা। বচনবোৰেও আধুনিকতাৰ কৱলত পৰি হিন্দী-ইংৰাজী মিহলাই নগৰীয়া সমাজ জীৱনক ফুটাই তুলিছে, গুণ্ডাৰ মুখত গুণ্ডাগিৰিৰ সংলাপ, মদাপীৰ মুখত অবাইচ মাত-কথা ইত্যাদি ভ্ৰাম্যমানৰ পৃথিৱীখনক সমাজ জীৱনৰ লগত মিলাই গভীৰৰ পৰা গভীৰতালৈ লৈ গৈ থাকিল। কিন্তু ব্যৱসায়িক মনোবৃত্তিৰ বাবেই হওক বা অমনযোগিতাৰ বাবেই হওক, ভ্ৰাম্যমানৰ এই আধুনিকতাক আকোৱাঁলি লোৱা কাৰ্য-কৰ্মক বহুতেই যেন সহজভাৱে লব নোৱাৰিলে।

লাহে লাহে এনে ভাৱ মনলৈ আহিব ধৰিল, ভ্ৰাম্যমান যেন কাৰোৱাৰ ক'লা ধনক বগা কৰাৰ মাধ্যম হৈ পৰিল। অন্য কাৰোৱাৰ বাবে আকৌ ব্যৱসায়ৰ নতুন মাধ্যম। এই সকলৰ বাবে ভ্ৰাম্যমান হৈ পৰিল বিতৰ্কিত পদ্ধতিৰেই হওক বা চমক দিয়াৰ প্ৰচেষ্টাৰেই হওক, প্ৰেক্ষাগৃহলৈ দৰ্শকৰ সোঁত বোৱাই টকা ঘটাৰ এক নতুন দিহা। আৰু ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ল ৰাইজ। সামাজিক অৱক্ষয়ৰ বলি হৈ পৰিল ভ্ৰাম্যমান থিয়েটাৰ। ভ্ৰাম্যমান থিয়েটাৰ পৰিয়ালৰ আটাইয়ে একেলগে উপভোগ কৰিব পৰা হৈ নাথাকিল। অসংযত পৰিচ্ছদে, অমাৰ্জিত সংলাপে, অপ্ৰয়োজনীয়ভাৱে যোগ কৰা অনৈতিক কিছুমান দৃশ্যাৱলীয়ে পুতেকক মাক-বাপেকৰ পৰা, ভনীয়েকক ভায়েকৰ পৰা আঁতৰি গৈ নাট উপভোগ কৰিবলৈ বাধ্য কৰালে। অথচ ইমানৰ পিছতো চৰকাৰ একেই থাকিল। ভ্ৰাম্যমানৰ ওপৰত চৰকাৰৰ আগৰ সেই মনোভাৱ সলনি নহ'ল। চৰকাৰৰ ঘৰত ভ্ৰাম্যমান একেই অৱহেলিত হৈয়ে থাকিল। আৰু সেই অৱহেলাৰ ফলতেই লেকামহীন ভাৱে কিছুমান প্ৰযোজকে চলাই গৈ থাকিল 'নাটকৰ বেহা' আৰু ৰাইজ ইয়াৰ কৱলত পৰি উকমুকায়েই থাকিল।

পৰিৱৰ্তন উন্নতিৰ মাপকাঠী। কিন্তু কিছুমান ভ্ৰাম্যমান নাট্যদলৰ এই অনৈতিক আৰু পৰিচৰ্চিত আপত্তিজনক কাণ্ড-কাৰখানাই ভ্ৰাম্যমানক প্ৰকৃতাৰ্থত উন্নতিৰ দিশলৈয়ে লৈ গৈ আছেনে? আজিৰ তাৰিখত সেয়া এক ডাঙৰ প্ৰশ্ন। সেয়েহে চৰকাৰে বিশেষ পদক্ষেপ লৈ পৰিকল্পিতভাৱে কিছুমান নীতি-নিয়মৰ মাজেৰে ভ্ৰাম্যমানক পৰিচালন প্ৰক্ৰিয়াটোত দিশ নিৰ্ধাৰণ কৰি নিদিলে বিশ বছৰমান পাছৰ ভ্ৰাম্যমান আৰু পঞ্চাশ বছৰ আগৰ সেই ভ্ৰাম্যমানৰ কোনো সামঞ্জস্য নোহোৱা হৈ পৰিব আৰু ই নষ্ট কৰি গৈ থাকিব আমাৰ সাতামপুৰুষীয়া সাংস্কৃতিক ঐতিহ্যক।

সমলপুঠিঃ
১। ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাস, প্ৰথম খণ্ড, কিশোৰ কুমাৰ কলিতা
২। পাঠশালা, কিশোৰ কুমাৰ কলিতা
৩। অসমীয়া ৱিকিপিডিয়া (http://as.wikipedia.org)
৪। আমি অসমীয়া ই-আলোচনী (www.amiasomiya.org)

প্ৰকাশঃ
১/ www.7sisters.in

২/ প্ৰতিবিম্ব, ২৮/০৮/২০১৩, সম্পাদকীয় পৃষ্ঠা





Friday, October 5, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-১ (২য় অধ্যায়)

দ্বিতীয় অধ্যায়
(১)

...ক্লিং...ক্লিং.....ক্লিংক্লিং...-ঠিক পিছপিনেই চাইকেলৰ বেল শুনি মই উচপ খাই উঠিলো। ঘূৰি চাই দেখো এজন পাহোৱাল ল'ৰা।
-কি বছ, চাইকেল থ'বি?....উ..হু...এতে নহে....হেই তাতে যা-সি প্ৰায় গৰম সুৰতেই মাত লগালে।
-কিয়?
-আব্বে নতুনকে আইছা নেকি এ? এতে তোৰ কাৰণে জাগা নাই, ..যা-এইবাৰ সি এনে সুৰত কথাখিনি ক'লে যেন চাইকেল ষ্টেণ্ডৰ সেই ঠাইখিনি তাৰ বাবেহে পঞ্জীভুক্ত কৰা আছে। 

আজি কলেজত মোৰ প্ৰথম দিন। কাজিয়া-পেচাল, তৰ্ক-বিতৰ্কত সোমাবলৈ মন নগ'ল। লাহে লাহে মই চাইকেল খন ঠেলি ঠেলি তাৰপৰা আঁতৰি আহিলো। 

বজালী কলেজ। মোৰ সপোনৰ কলেজ। সৰুতে ভাৱিছিলো, মোৰ যেন বুদ্ধি-বৃত্তি বেছিকৈ নাথাকে, যিয়ে মোক বজালী কলেজত পঢ়াৰপৰা বিৰত কৰিব পাৰে। সৰুৰেপৰাই শুনি আহিছিলো এই কলেজৰ নাম। সৰুতে শুনিছিলো পঢ়া-শুনাত থকা খ্যাতিৰ কথা। হায়াৰ-ছেকেণ্ডাৰীত বয়সানুযায়ী পঢ়া-শুনাত থকা খ্যাতিৰ ঠাইত লৈছিল, ইয়াত পঢ়া ছোৱালীবোৰৰ সৌন্দৰ্য্যৰ খ্যাতিয়ে। আৰু আজি যেন আহিয়েই ইয়াৰ চাইকেল ষ্টেণ্ডত আন এক খ্যাতিৰ মুখামুখি হবলৈ সাজু হৈছিলো। মনতো দুৰু-দুৰুকৈ কঁপিছিল। লাহে লাহে চাইকেলখন ঠেলি কলেজৰ সন্মুখত থকা ইউকেলিপ্তাছ এডালৰ গাত আওজাই থৈ কেৰিয়াৰৰ পৰা বহীখন উলিয়াই হাতত ল'লো। 

ক্লাছ আৰম্ভ হোৱাৰ কথা যদিও দুসপ্তাহ আগৰেপৰাই আছিল, বানপানীয়ে গাঁওৰপৰা কলেজলৈ অহা ৰাস্তা চিঙি পেলোৱাৰ বাবে আহিবহে পৰা নাছিলো। আৰু আজি অলপমান পানী কমিলত কলেজলৈ বুলি ঢাপলি মেলিছিলো। কিযে অশান্তি লাগি আছিল এইকেইদিনত। আৰু আজি আহিও এনে এক পৰিস্থিতিৰহে সন্মুখীন হব লগা হ'ল। ভাবি ভাবি মই গৈ বাৰান্দা পালোগৈ। 

-ঐ হিতেন... -ঘূৰি চাই দেখো অনিল। হায়াৰ ছেকেণ্ডাৰীত একেলগে পঢ়া অনিল। 
-ও... কিএ...তয়ো এতে ল'লি নিকি? কভে বাহিৰত যাৱ কথা আছিল বুলে?
-ধই, বাহিৰত যাবি !.... এতেয়ে ভাল এ।
-পাছে কিহত ল'লি তই?
-জুলোজি। তই?
-ফিজিক্স। বায়' দেখুন তোৰ ফ'ৰ্থ চাবজেক্টহে আছিল যেন পাউ?
-আছিলতো। আহতে মেটচত লবাএ আইছলু। পাছে ফৰ্ম ফিলাপ কৰি থাকোতে যি ঘটনা ঘটিল, মই কবাএ নল্লু কিত্তে মেটচৰ জাগাত জুলোজি লেখি দিলু। 
-ভালকে ক'চুন কি হৈছি
-কমদে...... পাছে ইতা যা, অফ টাইমত ওলবি। তিত্তে কম
-দে হোবো দে... পাছে মই ক্লাছ-চাছ ক'ত আছে নাজনুৱে ৰ'

অগত্যা অনিলে মোক ডিপাৰ্টমেণ্ট নটিচব'ৰ্ডলৈ নি দেখুৱাই থৈ আহিলেগৈ। এতিয়া এটা মেজৰৰ ক্লাছ। ১০ নং ৰূমত। তাৰ পাছত দুটা অফ। মই লাহে লাহে কোঠাকেইটাৰ নম্বৰসমূহ চাই যাবলৈ ধৰিলো। 

আজি মোৰ প্ৰথম দিন। সপোনৰ কলেজ এখনত খোজ দিয়াৰ প্ৰথম দিন। মনতো কিবা এক অবুজ ভাবত বিভোৰ হৈ আছিল। অন্য ল'ৰা-ছোৱালীবোৰ যিমানেই কাষেৰে পাৰ হৈ গৈছিল সিমানেই নাৰ্ভাছ অনুভৱ কৰিছিলো। অনিলক লগ পাই অলপ সাহস পাইছিলো যদিও মনৰ জড়তা তেতিয়াও একেবাৰে নাইকীয়া হৈ যোৱা নাছিল। সেয়ে কিবা এটা ভয় ভাৱ মনত লৈয়ে প্ৰতিটো কোঠাৰ দৰ্জাৰ ওপৰত লগাই থোৱা সংখ্যাবোৰ পৰীক্ষা কৰি কৰি আগুৱাই গৈ আছিলো।  আৰু অৱশেষত গৈ উপস্থিত হৈছিলো সেই নিৰ্দিষ্ট কোঠাটোৰ সন্মুখত। 

ৰূম নং-১০। এটা সৰু কোঠা। পাঁচখন ডেস্ক-বেঞ্চ কোনোমতে সোমাই থোৱা নতুন বিজ্ঞান ভৱনৰ প্ৰথম মহলাৰ একেবাৰে শেষৰপিনে থকা এটা কোঠা। কোঠাটোলৈ জুমি চালো। নাই কোনো নাই, কিন্তু আটাইকেইখন ডেক্সৰ ওপৰতেই কিতাপ, বেগ আদি ৰাখি থোৱা আছে। লগে লগে মোৰ চকুত পৰিল, কোঠাটোৰ সিটো ফালে থকা বাৰান্দাখনলৈ। বহুকেইজন ল'ৰা-ছোৱালীয়ে বাহিৰত আড্ডা দি আছে। মই ইতস্ততঃভাৱে লাহে লাহে সোমাই আহিলো। নাই, ক'তো বহিবলৈ ঠাই নাই। শেষত যেনিবা শেষৰ ডেক্সখনত অলপ খালী ঠাই দেখিলো। কিন্তু তাত দুখন ছোৱালীৰ বেগ দেখি মই আকৌ কোচ খাই আহিলো। ইমান বছৰে মই পঢ়া কতো ল'ৰা-ছোৱালী একেলগে বহি ক্লাছ কৰা নিয়ম পোৱা নাছিলো। কিন্তু আজিহে কি পালাত পৰিলো ! এতিয়া ইয়াত নবহি উপায়ো নাই, ইপিনে বহিলে বা বাকীবোৰে কি ভাবে !! গুছিয়েই যাও নেকি !!-এবাৰ ভাবিলো। কিন্তু আজিয়েই মোৰ প্ৰথম ক্লাছ। তাতে মেজৰৰ। এনেকৈ গুছি গ'লে কেনেকৈ হব-নিজকে অভয় দিলো। বহিম-নবহিম দোমোজাত এনেকৈ থাকোতেই এজনী ছোৱালী সোমাই আহিল। সোমায়েই কোঠাৰ ভিতৰত মোক দেখি এনেভাবে চালে, যে মই যেন একেবাৰে পৃথিৱীত নথকা আচহুৱা প্ৰাণী এটাহে। অলপ পৰ তেনেকৈয়ে চাই থাকি তাই চকু নমালে আৰু লাগে লাগে গৈ শেষৰ ডেক্সখনত থকা বেগ এখনত কিবা খুচৰি আকৌ আহি মোৰ সন্মুখ পালেহি।
-নতুন নেকি?-তাই মোলৈ চাই সুধিলে
-ও
-ফিজিক্স?
-উম। ক্লাছ এতেয়ে হোবোতো?
-অ...ইয়াতেই হব। মেজৰৰ ক্লাছহে হব। প.কেৰ ক্লাছ-কৈ কৈ তাই ওলাই গ'ল। কি পি.কে বুজি নাপালো যদিও ইয়াতেই ক্লাছ হব বুলি নিশ্চিত হব পাই অকনমান সকাহ পালো। মই শেষ বেঞ্চৰ খালী ঠাইখিনিত ছোৱালী দুজনীৰ বেগৰপৰা দূৰত্ব বজাই বহি পৰিলো।

এক অনন্য অনুভূতিয়ে মোৰ মনত ক্ৰিয়া কৰি আছিল।প্ৰচণ্ড নাৰ্ভাছ অনুভৱ কৰিছিলো। বুজি পোৱা নাছিলো ইয়াৰ ৰেহ-ৰকমবোৰ। তাতে আৰু নাৰ্ভাছনেছে কথাবোৰ মোৰ মনলৈ পাক খুৱাই খুৱাই আগবঢ়াই দিবলৈ আৰম্ভ কৰিছিল। ক'ৰ বা বাকী ল'ৰা-ছোৱালীবোৰ, আগৰ লগৰবোৰৰ দৰে বা হয়নে নহয়। ভাবি থাকোতেই মই অহা দুৱাৰখনেৰে চাৰ এজন সোমাই আহিল। লগে লগে হিলদ'ল ভাঙি বাহিৰত থকা ল'ৰা-ছোৱালীবোৰো সোমাই আহি নিজ নিজ ঠাইত বহি পৰিল। 
-ঐ পূৱালী, আজি বহীখন হ'লে কাকো নিদিবি দেই। নতুন ল'ৰা দেখিলেই তোৰ বহীখনে দৌৰো-দৌৰো লগাই নহয় আৰু !!-আগৰ বেঞ্চৰপৰা ল'ৰা এজনে ঠাট্টাৰ সুৰত মোৰ কাষত বহা ছোৱালীজনীলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ক'লে।
-কাকো নিদিলেও তোক নিদিও...চিন্তা নকৰিবি। এতিয়া আগফালে চা। চাৰে গম পালে মচলা পাবি-তায়ো ফুচফুচাই কৈ উঠিল।
চাৰে হাজিৰা বহীখন মেলি নাম মাতিব ধৰাৰ ঠিক আগমূহুৰ্তত সেই চাইকেল থব ধৰোতে লগ পোৱা পাহোৱাল ল'ৰাজন "মে আই কাম ইন চাৰ" বুলি সোমাই আহি মোক হেচাঁ মাৰি বেঞ্চখনৰ সন্মুখত বহি পৰিল। উপায়হীন হৈ ময়ো ছোৱালীজনীৰ কাষতেই বহিব লগা হ'ল।

কিযে সমস্যাত পৰিলো ! প্ৰথমবাৰৰ বাবে শ্ৰেণীকোঠাত কোনো ছোৱালীৰ ওচৰত বহিছো। তাতে গাত গা লগাই। ইমানেই অপ্ৰস্তুতবোধ কৰিছো যে গোটেই ক্লাছটোৰ ৪৫ মিনিট সময় মোৰ বাবে ৪ ঘণ্টা যেন হৈ পৰিল। অৱশেষত ক্লাছ শেষ কৰি নতুন হিচাপে মোৰ সাধাৰণ পৰিচয় লৈ চাৰ ওলাই গ'ল। লগে লগে যেন ময়ো মকৰা জালত আৱদ্ধ হৈ থকাৰ পৰাহে মুক্তি পালো। প্ৰায় চাৰৰ লগে লগেই ময়ো ওলাই আহিলো। আহিয়েই দেখো অনিল কোঠাৰ সন্মুখৰ ৰৰৈ আছেহি। 
-আৰে দাস... প্ৰথম দিনাএ দেখুন আৰম্ভ কৰি দিলি এ?
-যাগাএ নাছিল এ... এনেকে আৰো পাৰিনা ! গোটে ক্লাছ একো মূৰোত নুসুমোল। 
-কিংকে সুমোবো... কাষত এনে ৰূপৱতী কমলা থাকলি কুনো সুস্থ মানহোৰ মূৰোত বেলেগ বস্তু নুসুমোই। 
-এহ...বুল। বৰকে কামাৰ দিয়া তই।
-কামাৰ দিছুনা সঁচায়ে কেইদিনমেন পাছত দেখিম য'। 

প্ৰথম দিনৰ প্ৰথম ক্লাছ কৰি প্ৰথম অফত কলেজৰ সন্মুখৰ ইমন ৰেষ্টুৰেণ্টত যেতিয়া চাহ-চিংৰা আগত লৈ বহিছিলো, ভয়-শংকা, নাৰ্ভাছনেছ আদি মোৰ মনৰ পৰা বহুখিনি আঁতৰ হৈছিল। অনিলে আৰম্ভ কৰিছিলহি তাৰ এডমিশ্যনৰ কাহিনী, কিদৰে ফ্ৰম ফিলাপ কৰাৰ সময়ত তাৰ কাষত বহা ধুনীয়া ছোৱালীজনীয়ে মেজৰ হিচাপে জুলোজি লিখাৰ বাবে সিও জুলোজি লিখি দিলে, আৰু তাৰ বাবে ঘৰত কিমান গালি খাব লগা হ'ল ইত্যাদি ইত্যাদি। আৰু এই সকলোবোৰ শুনি হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হৈ গৈছিল। এক যেন নতুন অধ্যায়ৰহে সূচনা হ'ল... জীৱনে এক নতুন দিশে আগবাঢ়িছিল... কব নোৱাৰাকৈয়ে জীৱনে ইতিহাসৰ পাতত লিখিবলৈ আৰম্ভ কৰি দিছিল সময়ৰ দিনলিপি। 

(ক্ৰমশঃ)

Monday, October 1, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-১০

অসম আন্দোনল বুলিলে সাধাৰণতে অবৈধ বাংলাদেশী আৰু অবৈধ বিদেশীৰ কথাই প্ৰথমে মনলৈ আহে। কিন্তু এই অবৈধ বিদেশী নাগৰিকসকল কেতিয়া ক'ৰ পৰা আৰু কেনেকৈ আহিল সেই বিষয়ে জনাতো আজি নতুনকৈ উদ্ভৱ হোৱা আন্দোলনৰ উকমুকনিত অংশগ্ৰহণ কৰা বহুতেই নাজানে। এই বিষয়ৰ জ্ঞানহীনতাই অসম আন্দোলনৰ এই নতুন পৰ্বক বিপথে পৰিচালিত কৰাৰো আশংকা নথকা নহয়। আজি অসমত বিদেশী চিনাক্তকৰণৰ বাবে চৰকাৰৰ উপৰিও স্থানীয় ৰাইজৰ সহযোগিতা লাগিবই আৰু তাৰ বাবে সকলোৱে এই "বিদেশী" বুলি আচলতে কাক কোৱা হৈছিল তাক ভালদৰে জানিবই লাগিব। 
চিত্ৰঃ নেলী হত্যাকাণ্ডৰ আগতে প্ৰকাশ পোৱা বাংলাদেশী অধ্যুসিত অঞ্চলৰ এখন আনুমানিক মানচিত্ৰ, সংগ্ৰহঃ ইণ্টাৰনেট

অসমত প্ৰথমে বহিৰাগতৰ প্ৰব্ৰজন ঘটাইছিল ইংৰাজে-
ক] চাহ বাগানৰপৰা কাম কৰাৰ বাবে ছোটনাগপুৰ আদি অঞ্চলৰ পৰা বিভিন্ন উপজাতিৰ বনুৱা আৰু
খ] চৰ অঞ্চলৰ খেতি-বাতি কৰিবলৈ পূৱ বংগৰপৰা পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু কৃষক।

১৯৫০ চনত প্ৰণয়ন কৰা The Immigration (Expulsion from Assam) Act, 1950 মতে ঠিক কৰা হৈছিল যে, পাকিস্তানৰ অনাইছলামিক ব্যক্তিয়ে যদি গোষ্ঠী সংঘৰ্ষৰ ভয়ত আহি ভাৰতত প্ৰৱেশ কৰে তেন্তে তাক শৰণাৰ্থী আখ্যা দিয়া হব। ১৯৭১ চনৰ ২৫ মাৰ্চত "বংগবন্ধু" শেখ মজিবৰ ৰহমানে নিৰ্বাচনত জয়লাভ কৰি পূৰ্ব্ব পাকিস্তানক ধৰ্মনিৰপেক্ষ বাংলাদেশ আখ্যা দিছিল। ফলত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতবৰ্ষলৈ এনে লোকৰ প্ৰব্ৰজন নিষিদ্ধ হ'ল। ধৰ্মৰ নামত ত্ৰাসিত লোকৰ বাবে সেইবাবে ভিত্তি বৰ্ষ হৈ পৰিল ১৯৭১ চন। 

আনহাতে ১৯৪৮ চনৰ ১৯ জুলাইৰ আগতে পাকিস্তানৰ পৰা আহি ভাৰতত বসবাস কৰিব লোৱা লোকক সংবিধানৰ ৬ নং অনুচ্ছেদমতে ভাৰতীয় নাগৰিক বুলি ধৰা হয়। কিন্তু এইসকল লোকক চিনাক্তকৰণ কৰাত দূৰুহ হোৱা হেতুকে ১৯৫১ চনত তৈয়াৰ কৰা লোকগননাৰ নথি-পত্ৰকেই আন্দোলনৰ মূল বিষয় বিদেশী বহিষ্কৰণৰ ভিত্তি বৰ্ষ কৰি লবলৈ আন্দোলনকাৰীসকলে ঠিৰাং কৰি লৈছিল। 

কিন্তু আন্দোলনকাৰীসকলৰ ভিত্তিবৰ্ষ ১৯৫১ চনক চৰকাৰে কোনোপধ্যেই মানি লোৱা নাছিল। চৰকাৰে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে আন্দোলনকাৰীসকলক মান্তি কৰাবলৈ চেষ্টা চলাইছিল। ফলত সৰ্বসাধাৰণৰ মাজতো ১৯৫১ আৰু ১৯৭১ চনৰ কোনটো মানিব কোনটো নামানিব তাক লৈ ভিন্নমতৰ সৃষ্টি হৈছিল। ফলত আন্দোলনৰ যিসকলে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে মানি লৈছিল তাক আন্দোলনৰ পক্ষে থকা বুলি আৰু যিয়ে ১৯৭১ চনক ভিত্তিবৰ্ষ বুলি মানি লৈছিল তাক আন্দোলনৰ বিৰোধী বুলি গন্য কৰা হৈছিল। 

[সমল পুথিঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি]

গ্ৰন্থালোচনাঃ দিলীপ চন্দনৰ নেদেখা নদীৰ ঘাট

উপন্যাসঃ নেদেখা নদীৰ ঘাট
লেখকঃ দিলীপ চন্দন
প্ৰকাশকঃ ষ্টুডেণ্টচ ষ্ট'ৰচ
প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ১৯৯৩
মূল্যঃ ২৫ টকা

অসমৰ প্ৰবাদপুৰুষ, কিংবদন্তীস্বৰূপ চৰিত্ৰ "ডাক" বা "ডাকপুৰুষ"ৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস নেদেখা নদীৰ ঘাট। নানা ৰহস্য আৰু অলৌকিক আচ্ছাদনেৰে পৰিপূৰ্ণ ডাকৰ জীৱন আৰু কৰ্মৰাজিৰ কথাক লৈয়ে দিলীপ চন্দনে ৰচনা কৰিছে উপন্যাসখনি। 

ডাকৰ জীৱন সঁচাকৈয়ে এক ৰহস্য। কোনোবাই যদি কয় ডাকৰ জন্ম বৰপেটাৰ ওচৰৰ লেহিডঙ্গৰাত, বহুতে আকৌ কব খোজে ডাক বঙ্গ বা উত্তৰ প্ৰদেশ বা মিথিলাৰহে। কোনোবাই যদি ডাকক কুমাৰৰ লৰা হিচাপে কয়, কিছুমানে আকৌ তেওঁ আচলতে গোৱালৰ ল'ৰা বুলিহে কব বিচাৰে। বহুতেই আকৌ সন্দেহ কৰে "ডাক" নামটো খেতিকৰ্মত জড়িত মানুহৰ মনৰ পৰাহে প্ৰচলন হৈছে, আচলতে তেনেকুৱা কোনো এজন মানুহ দৰাচলতে নায়েই। ডাকৰ জন্ম যেনেকৈ ৰহস্যাবৃত, মৃত্যুৰ কাৰকো সন্দেহপূৰ্ণ। মুঠৰ ওপৰত ডাকৰ গোটেই জীৱন পৰিক্ৰমাৰ ওপৰতেই থকা এই সকলোবোৰ আসোঁৱাহ, খেলিমেলি আৰু অপৰ্যাপ্ত তথ্যৰ পিছতো তেনে এজন মানুহৰ জীৱন আৰু কৰ্মৰাজিক লৈ এখন উপন্যাস লিখিবলৈ যোৱাটো সঁচাকৈয়ে দুৰূহ কাম, যিটো "নেদেখা নদীৰ ঘাট" ৰ মাজেৰে দিলীপ চন্দনে সফল ৰূপ দিবলৈ সক্ষম হৈছে। 

ডাকপুৰুষ সম্পৰ্কত নানাজনে নানা মত পোষন কৰিছে, নানান বাখ্যা আগবঢ়াইছে। তাৰে ভিতৰত অতুল চন্দ্ৰ বৰুৱাৰ ৰচিত "ডাকে বোলে শুনা উপায়" গ্ৰন্থ, ড° নবীন চন্দ্ৰ শৰ্মাৰ "ডাক প্ৰবচন" গ্ৰন্থ, যতীন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী" ত ডাক পুৰুষৰ জন্মবৃত্তান্ত আৰু বচন সন্দৰ্ভীয় আলোচনা, দেৱেন্দ্ৰনাথ বেজবৰুৱা, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কালিৰাম মেধি, দেৱানন্দ ভৰালি আদি ব্যক্তিসকলৰ নানান বাখ্যা আৰু পশ্চিম অসমৰ কৃষিজীৱি সমাজখনত প্ৰচলিত প্ৰবাদসমূহক সমল হিচাপে লৈয়েই ঔপন্যাসিকে ৰচনা কৰিছে উপন্যাসখন। 

ডাকৰ বচন মূলতঃ কৃষিকাৰ্য্যৰ লগত জড়িত কিছুমান প্ৰবাদ। সেই কথাকেই মূল হিচাপে লৈ ৰচনা কৰা হৈছে উপন্যাসখন। য'ত পুৰণি কিতাপ, প্ৰবন্ধ, আলোচনা, বাখ্যা আদিৰ আধাৰত ডাঙি ধৰিব খোজা হৈছে ডাকৰ জন্মৰ পৰা মৃত্যুলৈ গোটেই জীৱন কাহিনী। ডাকৰ জন্মকাহিনী সম্বন্ধে থকা ডাকৰ বচনৰ পৰা কৰা যুক্তিসংগত অনুমানৰ আলমতেই তুলি ধৰা হৈছে ডাকৰ জন্ম ঠাইৰ প্ৰাকৃতিক আৰু ভৌগলিক বৰ্ণনা। ঠিক তেনেদৰে এই বাখ্যাসমূহৰ ওপৰত ভিত্তি কৰিয়েই দৰ্শোৱা হৈছে ডাকৰ শৈশৱৰ পৰা মৃত্যুলৈ গোটেই জীৱন পৰিক্ৰমা।

মুঠৰ ওপৰত অলপমান তথ্যক জুমুঠি হিচাপে লৈ, ডাকৰ বচনসমূহকেই খেৰ-কূটা হিচাপে লৈ, তাক কল্পনাৰ আৱৰণেৰে সজাই পৰাই ৰঙ-ৰহণেৰে কিছুমান অলৌকিক বা অতিলৌকিক কাহিনীক পাঠকসমাজত এখন উপন্যাসৰ ৰূপত বাস্তৱ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ বাবে যিমানখিনি কষ্টৰ প্ৰয়োজন আছিল, সেই সকলোখিনি উপন্যাসখনৰ মাজত দেখিবলৈ পোৱা যায়। 

"নেদেখা নদীৰ ঘাট" নিসন্দেহে অসমীয়া সমাজলৈ দিলীপ চন্দনৰ এক অনবদ্য অৱদান। ডা° ধ্ৰুৱজ্যোতি বৰাদেৱে কোৱাৰ নিচিনা "উপন্যাসৰ পাতনি নালাগে। তাৰ কাহিনীয়েই তাৰ বক্তব্য কয়। তাতেই ঔপন্যাসিকৰো কৃতিত্ব। আজিৰ ভঙ্গুৰ সময়ত কষ্টকৰ কামৰদ্বাৰা এনে এখন উপন্যাস, এক সৃষ্টিকৰ্ম ৰাইজৰ আগলৈ উলিয়াই দিয়াটো সঁচাই টান কাম।" আৰু নেদেখা নদীৰ ঘাট উপন্যাসখনৰ মাজেৰে সেই কৃতিত্ব অৰ্জন কৰিছে দিলীপ চন্দনে। নিসন্দেহে ই এক সুখপাঠ্য।

Thursday, September 27, 2012

বৰষাৰ চকুলো

বৰষাই কান্দে
দুগালেৰে বৈ আহে ধল
শৰতৰ সুবাসী আদৰণিত বৰষা হৈ পৰে অস্থিৰ
বৰষাই কান্দে
ৰাউচি জুৰি কৰে হৃদয়ৰ আলাপ।

এপৰ দুপৰ দুখৰ সময়
এটোপ-দুটোপ খঙৰ চকুলো
বৰষাই কান্দে
পুত্ৰসকলকো কন্দুৱায় ।

শদিয়াত সপোন ধেমাজিত মায়া
লখীমপুৰত ভঙা-গঢ়াৰ মায়াময় খেলা
নগাঁওত প্ৰেম কাজিৰঙাত সেৱা
মাজুলীত গুৰুজনাৰ কাতৰ প্ৰাৰ্থনা
বৰষা কান্দে
হেৰুৱাৰ বেদনাত হৃদয় ওপচে।

বৰষাই কান্দে
বৰপুত্ৰৰ আঁতৰত হৃদয়ে ৰাউচি জুৰে
লুইতেও সোৱৰায়-বুঢ়া লুইত বোৱা কিয়
বৈ যায় ধলৰ চকুলো

বৰষাই কান্দে
ধলৰ চকুলো নিগৰে
পথাৰত ভাঙি যায় সপোন
উটি যায় গৰ্বৰ প্ৰাসাদ
পদূলিত মায়াই ভূৰ সাজে
বৰষাই দাত নিকটাই হাঁহে
শংকা, শংকা আৰু শংকা

বৰষাই কান্দে
মানৱৰ অত্যাচাৰত হিয়াখন ভাগে
খঙৰ জ্বালাত প্ৰলয় নামে
ভূ-পৃষ্ঠত পুত্ৰসকলে জীয়াতু ভুগে

শাৰদী আকাশত 
নিয়ৰ নামিব খোজে
বৰষাই দেখে
শেৱালীজোপা ভৰি ভৰি ফুলে
বৰষাৰ ঠেহ ভাগে
পৃথিৱীত ধলৰ জোৱাৰ কমে।

 

Wednesday, September 26, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৯

চিত্ৰঃ অসম আন্দোলনৰ এটা দৃশ্য [সংগ্ৰহঃ ইণ্টাৰনেট]
অসম আন্দোলন এটা সংগঠনে আৰম্ভ কৰা অন্দোলন নাছিল। সেই সময়ত প্ৰতিজন অসমীয়াই এই আন্দোলনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সেই বাবেই বিভিন্ন দল-সংগঠনৰ প্ৰচেষ্টাত এই আন্দোলনে এক নতুন দিশলৈ গতি কৰিছিল। কিন্তু বহুকেইটা সংগঠনৰ নেতৃত্বত এই আন্দোলনে ফলাফলৰ দেশে ধাৱমান নহব বুলি চিন্তা কৰিয়েই ১৯৭৯ চনৰ জুনমাহৰ প্ৰথম ভাগৰপৰা সদৌ অসম ছাত্ৰ সন্থাক আন্দোলনৰ কেন্দ্ৰীয় নেতৃত্ব হিচাপে স্বীকৃতি দিয়া হৈছিল।

আচলতে প্ৰথমতে আন্দোলনটোক এক 'অৰাজনৈতিক' আৰু 'সামাজিক' ৰেহৰূপ দিয়াৰ বাবেহে ছাত্ৰ সন্থাক নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল বুলি ভাবিব পাৰি। কিয়নো, আন্দোলনৰ সাংবিধানিক তাৎপৰ্য্য আৰু তাত্বিক কথাবোৰ পূৰ্ব্বঞ্চলীয় লোক পৰিষদ, জাতীয়তাবাদী দলেহে বাখ্যা কৰিছিল। অৰ্থাৎ অসম আন্দোলন যদিও প্ৰতিবাদৰ পৰাই আৰম্ভ হৈছিল, পিছৰ পৰ্যায়ত ইয়াৰ কাম-কাজ একে কূটনৈতিক তথা ৰাজনৈতিক উদ্দেশ্যৰে আগবাঢ়িছিল। ফলাফল যিয়েই নহওক, আন্দোলনৰ কাম-কাজ কেৱল যে আৱেগৰে চলা নাছিল এই কথাই তাক প্ৰমাণ কৰে।

অসমত নতুনকৈ যদি ৭৯ ৰ অসম আন্দোলনৰ ফলাফল বিচৰা নাযায়, তেন্তে সচেতন জ্যেষ্ঠ মহলে এই কথাবোৰ মন দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব।

[সমল পুথি: অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ট]

Tuesday, September 25, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৮

দেখা যায় যে অসম আন্দোলন যদিও ছাত্ৰ সংগঠন এটাই আগুৱাই নিয়া আন্দোনল আছিল, বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগো আছিল অবিস্মৰণীয়। সেই সময়ত প্ৰতিজন অসমীয়াক আন্দোলনৰ মূল ইছ্যুসমূহ বুজাবলৈ বহুতো সচেতন লোক আগবাঢ়ি আহিছিল আৰু অসমীয়া জনসমাজক এই আন্দোলনৰ প্ৰয়োজনীয়তা বুজাই দিবলৈ সক্ষমো হৈছিল। যদিও অসম আন্দোলনৰ গুৰি ধৰিছিল সদৌ অসম ছাত্ৰ সন্থাই, তথাপি ১৯৭৯ চনৰপৰা ৰাইজৰ মাজত এই সন্দৰ্ভত সচেতনতা আনিছিল পূৰ্ব্বঞ্চলীয় লোক পৰিষদ আৰু অসম জাতীয়তাবাদী দলেহে। বিভিন্ন মেল-মিটিং আৰু দৈনিক অসমৰ পৃষ্ঠাত এইবোৰ ছপা হোৱাৰ ফলত এনে সচেতনতা বৃদ্ধি পাইছিল। ১৯৭৯ চনত চৈ-খোৱা ঘাটত বহা অসম জাতীয় সংঘৰ মুকলি অধিৱেশনত অসমলৈ অহা দেশী-বিদেশী প্ৰব্ৰজন ৰোধ কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল। সভাৰ সভাপতি আছিল নিত্য হাজৰিকা আৰু সম্পাদক আছিল ভীমকান্ত বুঢ়াগোহাঞি। এওঁলোকে মাৰ্ঘেৰিটা অঞ্চলত সভা পাতি ৰাইজৰ সচেতনতা বৃদ্ধি কৰিছিল।

আজিৰ নতুনকৈ উকমুকনি উঠা অসম আন্দোলনৰ ক্ষেত্ৰতো জাতি-ধৰ্ম নিৰ্বিশেষে সকলো আগবাঢ়ি আহিলেহে অসমে সুফল পাব পাৰে বুলি আশা কৰিব পাৰি। আৰু এই ক্ষেত্ৰত হিহা-পৰামৰ্শ তথা বৌদ্ধিক দিশেৰে আগবঢ়াই নিব লাগিব অসমৰ জ্যেষ্ঠ বৌদ্ধিক ব্যক্তিসকলে। অন্যথাই আগৰবাৰৰ নিচিনাকৈ এইবাৰো উকমুকনি ঘটা আন্দোলনে দিশ হেৰুওৱাৰ আশংকা থাকি যাব। 

[সমল পুথি: অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ঞ]

Thursday, September 20, 2012

বন্ধ উৎসৱ



বন্ধ। এক গনতান্ত্ৰিক প্ৰতিবাদ প্ৰক্ৰিয়া। মহাত্মা গান্ধীয়ে বৃটিছ শাসন যন্ত্ৰৰ বিৰুদ্ধে এই গণতান্ত্ৰিক প্ৰতিবাদ প্ৰথমবাৰৰ বাবে অৱলম্বন কৰিছিল বুলি জনা যায়। সেই দিনৰেপৰা সমগ্ৰ ভাৰততে এই বন্ধৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া চলি আহিছে। আৰু এনে এটা পৰ্যায় পাইছেগৈ যে, এদিন আগতে কোনোৱাৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে জন্ম লোৱা সংগঠন এটাৰো দৃষ্টি আকৰ্ষণৰ মূল মাধ্যম হৈ পৰিছে বন্ধ।

বন্ধই আচলতে কি সমাধান দিয়ে ! বিশ্লেষণ কৰি চালে দেখা যায় যে বন্ধ হৈছে প্ৰতিবাদ কৰাৰ, নিজকে জহাই ফুৰাৰ এক অতি উজু পদ্ধতি। কেইবছৰমান আগলৈকে আমি (সৰ্বসাধাৰণ ৰাইজে) বন্ধৰ আগবতৰা পাইছিলো ৰিক্সাৰ পিছত, চিটিবাছৰ পিছত অথবা সৰু বৰ নগৰ বা গাঁওৰ লাইটপ'ষ্টত লগোৱা প'ষ্টাৰৰ পৰাহে। কিন্তু এই প্ৰক্ৰিয়া আৰু উজু হ'ল ক্ৰমবৰ্ধমান ই আৰু ছপামাধ্যমৰ সংখ্যাৰ পৰা। সৰু সংগঠন এটাৰ নামত দুজন ব্যক্তি লগ হৈ সংবাদ মেল এখন পাতিলেই খেল খতম। সংবাদ পিপাষু সংবাদ মাধ্যমৰতো এনে বাতৰি প্ৰকাশ কৰিবলৈ পালে একোৱেই নালাগে। আগতে এটা বাতৰি, বন্ধৰ পিছতো ডাঙৰ ডাঙৰ হৰফেৰে লিখিব "বন্ধ সৰ্বাত্মক"। কিন্তু এই বন্ধৰ ফলাফল কি হ'ল বা ইয়াৰ লাভালাভ কি হ'ল কেইদিনমান পিছত বন্ধ ঘোষনা কৰা বা আহ্বান কৰা দল, সংগঠনটোকো যদি আপুনি সোধে, তেওঁলোকেও চাগে' ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিব। অৰ্থাৎ বন্ধ নিজক প্ৰচাৰ মাধ্যমৰ আগত জহাবলৈ বা নিজৰ অৱস্থিতি সম্পৰ্কে বুজাবলৈ এক সহজ প্ৰচেষ্টা হিচাপে বেচ সফল।

বন্ধই বাৰু কিছুমান দল-সংগঠনৰ অস্তিত্ব বজোৱাত সহায় কৰিলে। কিন্তু ইয়াৰ ফলত চৰকাৰৰ কি লাভ বা লোকচান হ'ল? যিহেতু প্ৰায় এশ শতাংশ বন্ধই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধেহে ঘোষনা কৰা হয়, সেই বাবে চৰকাৰৰ কথাকেই ধৰা যাওক। এটা সৰ্বাত্মক বন্ধই এখন চৰকাৰৰ বিফলতাকে প্ৰতিপন্ন কৰে। বন্ধ ঘোষনা কৰা দল বা সংগঠনে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰে যে ৰাইজৰ হকে কাম কৰি ৰাইজক সন্তুষ্ট কৰাত চৰকাৰ ব্যৰ্থ। ইয়াক কেনেবাকৈ প্ৰতিপন্ন কৰিবলৈ পাৰিলেই সেই দল বা সংগঠনে নিজৰ পচন্দৰ ৰাজনৈতিক দলৰহৈ মাত মতাত সুবিধা হব বুলি ধৰি লোৱা হয়। অৰ্থাৎ বন্ধ কোনো দল-সংগঠনৰ অস্তিত্ব ৰক্ষাত সহায় কৰা এক "অনুষ্ঠান"ৰ বাহিৰেও ই তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰো এক বাট বুলি ভাবিব পাৰি। শাসনযন্ত্ৰত থকা এটা ৰাজনৈতিক দলৰ শাসনকাৰ্যত লোৱা এটা সিদ্ধান্তৰ প্ৰতিবাদত আন এটা দলৰ বন্ধৰ আহ্বান, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত পৰিবহন সংস্থাসমূহৰ বন্ধৰ আহ্বান ইয়াৰ প্ৰকৃত উদাহৰণ।

প্ৰায়ে দেখা যায় বন্ধ ঘোষনা কৰা দল-সংগঠনে এই বন্ধ জনসাধাৰণৰ হিতৰ বাবে বুলি প্ৰচাৰ কৰে আৰু তাক হেডলাইট হিচাপে ৰাখি বন্ধৰ কাৰ্যসূচী আগুৱাই নিয়ে। কিন্তু প্ৰকৃততে এই বন্ধ কাৰ্যাসূচী কিমান জনগনৰ হিতৰ বাবে লোৱা হয় অলপ গমি চালেই ধৰিব পাৰি।

কোনোবা এটা সংগঠনে বন্ধ দিব, আপুনি যদি খাটি খোৱা বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য তেন্তে আপুনি বাহিৰলৈ ওলাব নোৱাৰিব। কিয়নো ৰাস্তাত গাড়ী মটৰ নাপাব। আপুনি আগদিনাখনেই আপোনাৰ প্ৰয়োজনীয় বস্তুখিনি বজাৰ কৰিব লাগিব, কিয়নো দোকান-পোহাৰো সিদিনা নুখুলিব। এতিয়া গাড়ী-মটৰ নচলা কাৰণ যদি বিচৰা যায় তেন্তে দেখা যায় যে, ৰাজহুৱা খণ্ডৰ গাড়ীসমূহ বন্ধৰ সমৰ্থকৰ "উৎপাতত" বা ইন্সিওৰেন্স কম্পেনীসমূহৰ মইমতালি বা গাড়ীৰ কৰ্মচাৰীসকলে মালিকৰ পৰা এদিনৰ বাবে হাত সৰাৰ বাবে বন্ধ ৰাখিব লগা হয়। প্ৰায়ে দেখা যায়, বন্ধৰ সমৰ্থকসকলে ভাৱে যে ৰাতিপুৱাৰ ভাগতেই যদি অলপ "উৎপাত" (তেওঁলোকৰ ভাষাত প্ৰতিবাদ) কৰি দিব পাৰি, টায়াৰ জ্বলাই, গাড়ীৰ গ্লাছ ভাঙি দিব পাৰি তেন্তে ইয়াৰ পিছৰ গাড়ীসমূহ নচলিব। গতিকে এই চেষ্টাতেই বহুত বন্ধৰ সময়ত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰিও পোৱা যায়। এবাৰ গ্লাছ ভঙা বা ক্ষতিগ্ৰস্ত হোৱা গাড়ীখন যদি বীমা ক্লেইম কৰিব যায়, বীমা কম্পেনীটোৱে বিভিন্ন ক্ল'জ দেখুৱাই বীমা ক্লেইম বন্ধৰ সময়ত নাখাটে বুলি প্ৰতিপন্ন কৰিব। অৰ্থাৎ বন্ধত গাড়ী চলোৱাৰ বাবে দাবী  ধমকি দি গাড়ী চলাবলৈ বিচৰা মালিকসকলেও "বাইচাঞ্চ" নিজৰ পকেটৰ পৰা টকা খৰচ হোৱাৰ ভয়ত ড্ৰাইভাৰ-কনডাক্তৰত বন্ধত গাড়ী চলোৱাৰ পৰা ৰেহাই দিয়ে। আনহাতে দোকান পোহাৰ বন্ধৰ কাৰণ যদি বিচাৰে দেখিব অধিক ব্যাৱসায়ীয়েই নিৰাপত্তাহীনতাৰ বাবেই নিজৰ ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লগা হয়। ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিবহনৰ অসুবিধাৰ বাবে, নিৰাপত্তহীনতাৰ বাবে আৰু "গাড়ী মটৰ নাই, গ্ৰাহকনো ক'ত পাম" ধাৰণাৰ বাবেই নিজৰ ব্যৱসায় বন্ধ কৰিব লগা হয়। ব্যক্তিগত খণ্ডৰ গাড়ী মটৰৰ কথা যাদি চায়, তেন্তে নিৰাপত্তাহীনতা, ইন্সিওৰেন্স কম্পেনীৰ মইমতালি আদিৰ বাহিৰেও চাকৰিৰ পৰা এদিন "ফকতত চুটী" পোৱা ধৰণৰ পলায়নবাদী মনোভাৱ, ব্যস্ততাৰ অজুহাতত পৰিয়ালৰ পৰা আঁতৰি থাকি বন্ধৰ দিনাই "ফেমিলিৰ সৈতে কটোৱা" মনোভাৱ, বন্ধৰ দিনা "কাম কৰাৰ" মানসিকতা আদিয়েও বহু পৰিমাণে ক্ৰিয়া কৰে।

এতিয়া আহো খাটি খোৱা সকলৰ মাধ্যেমেৰে বন্ধ উৎসৱৰ প্ৰকৃত লাভালাভৰ হিচাপলৈ। ৰিক্সাৱালাজনে ভাৰা নাপাই অনৈতিক ভাৱে চুৰি-ডকাইতি কামত লিপ্ত হোৱাৰ কাৰণ সম্পূৰ্ণকৈ নহ'লেও আংশিকভাৱে হ'লেও বন্ধৰ গাত পৰে। "ডেইলি ৱেইজ" বেচিচত চাকৰি কৰাসকলে এদিনৰ মঞ্জুৰি এৰিব লগা হয়। পৰীক্ষাৰ্থীসকল যিহকে পায়, তাতে উঠি পৰীক্ষা দিব গৈ দুৰ্ঘটনাত পতিত হয়, চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালসকল নহা বাবে কাম এটাৰ বাবে তিনিদিনৰ পৰা বাহৰ পাতি থকা গাঁৱৰ খটি খোৱা লোক এজনে এসপ্তাহৰ জোখাৰে অটাকৈ গাঁথিৰ ধন ভাঙিব লগা হয়। হাস্পতালত চিকিৎসাধীন ৰোগী এজনৰ পথ্য দিবলৈও কোনো যাব নোৱাৰা অৱস্থা হয়, গাড়ী মটৰ নচলে বুলি ওলাই অহা ধিতিঙিলীয়া ল'ৰাৰ বাইকৰ ষ্টানৰ সন্মুখত পৰি কোনো মহিলা, শিশু অথবা বৃদ্ধ হাস্পতালত ভৰ্তি হব লগা হয়। ব্যস্ততাপূৰ্ণ সময়খিনিৰ মাজতে এদিনৰ কামৰ ঘাটি মিলাব নোৱাৰি গালি খাব লগা হোৱা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, ওপৰৱালাৰ লগত বেয়া হব লগা হয়। এনে উদাহৰণ আৰু ইমানেই ওলাব যে ইয়াৰ হিচাপ কৰিবলৈ গ'লে বহুকলম চিঞাহি শেষ হব।

চৰকাৰৰ ঘৰৰপৰা যদি চাব যায়, এদিনৰ বন্ধই কিমান লোকচান কৰে, শ্বেয়াৰৰ উঠা-নমা চায়েই আপুনি অনুমান কৰিব পাৰিব। বিদেশৰ পৰা আমদানিকৃত কোনো সামগ্ৰী এদিনো যদি ৰাখিব লগা হয়, তেন্তে উন্নয়নত দেশ এদিন পিছপৰি গ'ল। ইপিনে ৰখাই থোৱাৰ নামতটো অতিৰিক্ত খৰচ বহন কৰিব লাগিলেই। কি ঠিক সেই এদিনৰ পিছপৰাৰ বাবেই দেশে বা কিমান ডাঙৰ লোকচান ভৰিব লগা হয় ! ব্যৱসায় মন্দা, গ'ল চৰকাৰৰ চেলচ টেক্স, কাষ্টম ডিউটি, এক্সাইজ ইত্যাদি ইত্যাদি নানানটা টেক্স, অৰ্থাৎ লোকচান। চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালৰ সংখ্যা সেৰেঙা, অৰ্থাৎ অতি জৰুৰী মিটিংখনো গ'ল এদিন পিছুৱাই, এদিন আকৌ পিছুৱাই গ'ল দেশ। ইপিনে গতানুগতিক খৰচবোৰতো আছেই। অৰ্থাৎ এদিনৰ খৰচখিনিৰ লোকচান হোৱাৰ উপৰিও আন এদিনৰ কাম খতি কৰি সেই পেণ্ডিং কামখিনি কৰোতে গ'ল আৰু দুদিনৰ কাম। অৰ্থাৎ এদিনৰ বন্ধত তিনিদিনৰ লোকচান। আৰু সেই লোকচানৰ বোজা উঠাওক আপুনি। কেইদিনমান পিছত সেই বোজা সহিব নোৱাৰি চৰকাৰে পেট্ৰ'লৰ দাম বঢ়াওক, ডিজেলৰ দাম বঢ়াওক, এল.পি.জি.ৰ দাম বঢ়াওক, আৰু সেই মূল্যবৃদ্ধিৰ বোজা লওক আপুনি।

সেয়েহে আমি ভবাৰ সময় আহি  পৰিছে, বন্ধ আমাৰ বাবে কিমান লাভদায়ক। বন্ধই আজিলৈকে কি সমাধান আনিছে, সকলোৱে দেখিছেই। গতিকে এনে বন্ধ মনাৰ কিবা যুক্তি আছে বুলি ভবাৰ সলনি বন্ধ আহ্বায়কৰ বিৰুদ্ধে বন্ধ দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ সময়হে সমাগত হৈছে। আদালতৰ নিৰ্দেশ মানি বন্ধ অবৈধ বুলি ভাবি লোৱাৰ সময় এয়া, বন্ধৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত যান বাহনৰ বীমাৰ ক্ষেত্ৰত ঝামেলা দেখুৱালে সেই কম্পেনীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সময় এয়া। বন্ধ উৎসৱক ভুল বুলি প্ৰতিপন্ন কৰি দেশৰ আৰ্থিক অৱনতি ৰোধত হাত উজান দিয়াৰ সময় এয়া।

Monday, September 17, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৭

১৯১১ চনৰ লোকপিয়লমতে অসমত অসমীয়াভাষী লোক আছিল ৩৫.১১ শতাংশ আৰু বঙালীভাষী লোক আছিল ২৬.৯ শতাংশ। ১৯৭১ চনৰ লোকপিয়লত এই হাৰ ক্ৰমে ৬০.৮১ শতাংশ আৰু ১৯.৭১ শতাংশ। এই কথা প্ৰকাশ পাইছিল ১০ এপ্ৰিল ১৯৮০ চনৰ "নাগৰিক" কাকতত। 



[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ঝ]

Sunday, September 16, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৬

অসম সাহিত্য সভাৰ শুৱালকউছি অধিৱেশনত বহিৰাগত আৰু ৰাজ্যভাষাৰ প্ৰশ্নত ৰাজ্য চৰকাৰে কাৰ্য্যকৰী ব্যৱস্থা লব লাগে বুলি দাবী কৰিছিল।

আন্দোলনৰ প্ৰাক‍ অৱস্থাত বিদেশী অনুপ্ৰৱেশ বিষয়টোৰ প্ৰতি বিভিন্ন বুদ্ধিজীৱি, সমাজ সচেতকৰ লেখনিৰ মাজেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল "নাগৰিক" আৰু "দৈনিক অসম" কাকত দুখনে। 

আনহাতে জনগণক বহিৰাগতৰ বিষয়টোৰ প্ৰতি ভালেখিনি প্ৰভাৱিত কৰিছিল নিবাৰণ বৰাৰ "ইছলামাবাদ বনাম ঢাকাঃ দিল্লী বনাম দিছপুৰ" শীৰ্ষক প্ৰবন্ধলানিয়ে।

হোমেন বৰগোহাঞিৰ "বহিৰাগত সমস্যা" প্ৰবন্ধলানিয়েও তেনে এক নিদৰ্শন। ১৯৭৮ চনৰ ২৭ জুলাইৰপৰা এইলানি প্ৰবন্ধ প্ৰকাশ পাইছিল।  

[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.গ, ঘ, চ]

Saturday, September 15, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৫

অসম আন্দোলনৰ আগৰ বিধানসভা নিৰ্বাচনত ১৯৭৮ চনত CPIM দলে এঘাৰখন, CPI এ পাঁচখন আৰু RCPI এ চাৰিখন আসন পাই জনতা দলৰ গোলাপ বৰবৰা চৰকাৰক সমৰ্থন আগবঢ়াইছিল। 

অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল আছিল পূৰ্ব্বঞ্চলীয় লোক পৰিষদ (PLP) যিয়ে ১৯৭৭ চনত নিবাৰন বৰাৰ নেতৃত্বত গঠন হৈছিল আৰু তাৰ পিছতেই ১৯৭৮ চনত নগেন হাজৰিকাৰ নেতৃত্বত অসম জাতীয়তাবাদী দল গঠন হৈছিল। 

গোলাপ বৰবৰা নম্ত্ৰীসভাই শপত গ্ৰহণ কৰিছিল ১৯৭৮ চনত। 



[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ খ]

হিতেন শৰ্ম্মাৰ দিনলিপি-১৩

বহুদিনৰ মূৰত মূৰটো পাতল পাতল লাগিছিল। কিবা এক বুজাব নোৱাৰা আৱেশে মনতো আৱৰি ধৰিছিল। মাত্ৰ এঘণ্টা আগতে, ঘৰৰপৰা ওলোৱাৰ আগমূহুৰ্ততো অনুপমৰ লগত যুক্তি তৰ্কত অৱতীৰ্ণ হৈছিলো। সি বিচৰা নাছিল, হিতুৰ ভাৱমূৰ্ত্তি গাঁৱত বেয়া হৈ ৰওক, সেই বাবেই প্ৰায় চোঁচৰাই নিয়াৰ দৰেই, মোৰ মোক লৈ গৈছিল দয়ালকাৰ ওচৰলৈ। 

ম‍ই প্ৰথমতে ভাবিছিলো, দয়ালকাৰ ওচৰলৈ গৈ ক্ষমা নুখুজিলে সেয়া মোৰ বাবে হব অতিকৈ অমানবীয় আচৰণ। ইতিহাসে কোনোদিনে মোক ক্ষমা নকৰিব। কিন্তু ঘৰলৈ অহাৰ পিছত মোৰ চিন্তা লাহে লাহে সলনি হৈ আহিব ধৰিছিল। কিয় জানো, ম‍ই ভাবিব ধৰিছিলো, দয়ালকাৰ ওচৰলৈ গ'লে গাঁৱৰ মানুহে মোক সেও মনা বুলি নাভাবেতো ! ঘটনাটো ঘটি যোৱাৰ পিছত ম‍ই দয়ালকাৰ মানসিক অৱস্থা কেনে হৈ থাকিব পাৰে, সেই বিষয়ে এবাৰো ভাবিবলৈও অৱকাশ পোৱা নাছিলো। আৰু যোৱা এসপ্তাহে স্মৃতিৰ কোঠাত আলোছায়াৰ লগত যুঁজি যুঁজি যেতিয়া অৱশ হৈ পৰিছিলো, এই চিন্তাবোৰে মোক জুমুৰি দি ধৰিছিল। কথাবোৰ কিবা উল্টাকৈ ভাবিবলৈ মন গৈছিল। বাৰে বাৰে মনলৈ আহি আছিল, দয়ালকাৰ ঘৰলৈ গ'লে যদি অপদস্ত হব লগা হয় ? আৰু তাকে ভাবি ম‍ই শংকিত হৈ পৰিছিলো। এই শংকাই মোৰ মনত দয়ালকাৰ বিপৰীতে ভাবিবলৈ বল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু কেতিয়াযে মোৰ যুক্তিবোৰে জেদৰ ৰূপ লৈ দয়ালকাৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছিল, গমেই পোৱা নাছিলো।

যোৱা এসপ্তাহে ঘৰৰ ভিতৰতে সোমাই থাকি থাকি আমনি লাগি গৈছিল। আলোছায়াৰ সৈতে তেনেকৈ হোৱা মুখামুখিক ম‍ই সহজভাৱে লব পৰা নাছিলো। মনতো বাৰে বাৰে উভতি যাব খুজিছিল বজালী কলেজৰ সুদীৰ্ঘ বাৰান্দাখনলৈ। উভতি যাব খুজিছিল তেৰ বছৰৰ আগতে আৰম্ভ কৰা দিনবোৰলৈ। আৰু সেইবোৰ চিন্তা কৰিয়েই আজিও সোমাই আছিলো কোঠাৰ ভিতৰত। তেনেতে অনুপম সোমাই আহিছিল। আহিয়েই চিৰাচৰিত ধঙেৰে সি আৰম্ভ কৰি দিছিলহি তাৰ হৈ-হাল্লা।
-অ'ই, তোক চাবাক ল'গি টিকেট কাটপা লাগা হৈছি যি? 
ম‍ই একো নামাতিলো।
-ইটা মুখোৰ মাত নাই যি? শ্যালা বিবিচি ওলচা? 
--
-কি হল তোৰ? গা বয়া না কি? হস্পিতেলৰ পৰা আহি বাহিৰ ওলোৱে নাই দেখুন?
-নাই অ'। গা বয়া নহে...
-তিত্তেহ'লি?
-...
-মন বয়া?
-নহে
-চা, এখনি ফেচ কৰবায়ে লাগবো। যদি ফেচ কৰবায়ে নৰা তিত্তেহ'লে এলাখেন আৰম্ভ কচ্চিলি কিয়ো? 
-মোৰ একো হনাই ও ।
-ক'লি মানিম নিকি? শ্যালা, নিজেতো একো নকবিয়ে, সুধলিও মুখেদি নামতিবি... মনে মনে থাকলি কি শান্তি পাই নিকি?
-এলাখেন একো নহে। বেলেগ এটা...
-বেলেগ এটা?... কি বেলেগ? কোচুন
-
-কবিনা.... কুত্তা, ত‍ই আমাক কিবা লেহেটি-পেহেটি বুলি ভাবা নিকি এ.... নুসুধলি একো এটা নক যি !
-কম। তোক চব কম। মোক মাত্ৰ অলপ সময় দি।
-সময়? কিমান সময়? ...... ঠিক আছে। এটা চৰ্তত দিম। ত^ই ওলো
-ক'ত?
-ওলোচুন
-আগতে ক
-কিয় দয়ালকাৰ তাতে নায?
-নাযং
-কিয়?
-....
-তয়ে কইছলি দেখুন
-ইটা ভাপচু, নাযং
-হু?
-কি ৰিক্স এলা মানহোৰ?
-অ'ই, তোৰ কি হৈছি কোচুন। আজি এনেহেন কথাগেলা কৈ আছা যি? তই গম পাইছানা তই কি কৈ আছা? 
-গম পাইছু কাৰণেতো নাযং বুলি কৈছু। 
কথাখিনি কওতে মোৰ মাতটো অস্বাভাৱিকভাৱে ডাঙৰ হৈ পৰিছিল।
-চা হিতু, আমাৰ লোগোত তোৰ ভাৱ-চিন্তা নিমলে কাৰণে আমি সবে তোক ভাল পাউং, গোটে গাউই তোক ভাল ছ'লি বুলি ক'এ। পৰিস্থিতিৰ বাধ্য হৈ তই কিবা এটা কচ্চিলি, সেইবুলি তই চবৰে নিচনা কথাগেলা ক'লি কিংকে হোবো, কোচুন। তয়ে দেখুন কইছলি,  বৰ্তমান শিক্ষিত সমাজত ওজালি কৰি দয়ালকাই ডাঙাৰ ৰিক্স ল বুলি। তিত্তেহ'লি, তাক এই কাম এইৰে বেলেগ কামত ধৰটু তোৰ দায়িত্ব নহে, আমাৰ দায়িত্ব নহে? 
-কিন্তু সি যি আমাৰ কথাগেলা মানবো, তাৰে কি মানে আছে? যদি উল্টাকে প্ৰতিশোধ লবাহে খুজে... যদি আমাক ঘৰ খেদি মাৰবা যাৱ বুলি বদনাম উইলৈ... তেনে নকৰিবো বুলিওতো কবা নৰা?
-তই বহুত চেঞ্জ হ'লি, ৰূমোৰ ভিতৰোত সুমে থাকি তোৰো মনটু থেক হৈ গেইছি। পাগলাৰ নিচনা কি বকচা তয়ো নাইজনা। এখেন সমাজক চেলেঞ্জ দি এটা মানহুক ভয় কচ্চা আজি? তাতে আৰ মাইৰ খাৱৰ ভয়? তই ক মতে সেনেহেন হোলি মই ৰিক্স লম বুল। 
-মই তোক বিপদত ফেলোবা খুজা নাই
-কিন্তু তই ইটা নল্লি, মইহে তোক বিপদত ফেলোম
-চা, মই ধৰবা পাৰা নাই যাই কি কৰিম
-মই যাম নহে, তই একো চিন্তা নকৰিবি। মাত্ৰ ওলো
-নাযং নিকি?
-ওলো বুলচু নহে । অগত্যা মই অনুপমৰ চাইকেলৰ পিছৰ কেৰিয়াৰত বহি এক কিলোমিটাৰমান দূৰত থকা দয়ালকাৰ ঘৰলৈ যাবলৈ বাধ্য হৈছিলো। বাটে-পথে লগ পোৱা কোনো মানুহৰ মুখলৈ মোৰ সাহস হোৱা নাছিল, কিজানিবা বেয়াকৈয়ে কয়, কিজানিবা ঠাট্টায়েই কৰে....ইপিনে অনুপমে গোটেই ৰাস্তাতেই মাইক বজাই বজাই গৈছিল। ঠিক ৰজাঘৰীয়া ঘোষকৰ দৰে। আমি যেতিয়া দয়াল কাৰ চোতাল পাইছিলো, দয়ালকা তেওঁৰ সৰু জুপুৰিটোৰ বাৰান্দাত বহি বাঁহবন কৰি আছিল। মই চাইকেলৰ পৰা নামি সংকোচেৰে থিয় দিছিলো। দয়াল কাৰ গাত আমাক ওভোতাই ধৰা লক্ষণ দেখাৰ বিপৰীতে এক আজৱ ব্যৱহাৰহে দেখা পাইছিলো। বাৰান্দাৰ সিটো মূৰে থকা মূঢ়া দুটা আনি আমালৈ আগবঢ়াই দিছিল তেওঁ। মই লুকাই লুকাই চাইছিলো দয়ালকাৰ হাতখনলৈ, যিখন হাতত তেওঁক মই প্ৰহাৰ কৰিছিলো। এখন গামোছাৰে মেৰিয়াই থোৱা আছিল পেশীখিনিত। মই মুখেৰে একো এটা কব পৰা নাছিলো। মুখৰ মাতখিনি যেন কিহবাই খামওচ মাৰি ধৰিছিল। মোৰ অৱস্থা দেখি অৱশেষত অনুপমেই মাত দিছিল-কেনে পাইছা ইটা কাকা?
-কেনে পাইছু মানে? মোৰতো একোৱে হ নাছিল। অ'... অলপ দুখ পাইছলু যদিও আঘাট একো হ নাছিলতো।
-ই, হিতুই তোক কিবা খুজে। সেইকাৰণে আজি তোৰ ওচৰোত আইছি। অ.. অৱশ্যে তই বান্ধবি বুলি ভয় খাই আছিল.... কথাখিনি কৈয়ে সি খেকখেক কৈ হাঁহিবলৈ ধৰিলে।
-সেটু নহে। আচলতে মইতো বান্ধবা লাগা কামে কচ্চু না.... অনুপমৰ হাঁহিত কিছু সহজ হৈ এইবাৰ মই মাত লগালো
-তই বান্ধ খাবা লাগা কাম কৰা নাই। কচ্চিলু মই। আৰ সেই বাবে ফলো পাবা ধচ্চিলু। সিদনা খুট্টি বা তুহাৰ পালাত নপৰি বেলেগৰ পলাত পল্লি মোৰ অৱস্থা কি হোলাক হৈ পাছত ভাবিহে মোৰ বুকখেন ধপধপইছি। পাছে ইটা তাৰ খবৰ কি হিতু?
-কাৰ? কৈলাশদাৰ?
-অ'
-ভাল পাইছি অলপ। হস্পিতেলৰ পৰা আনি ঘৰত আনছি। ৰেষ্টত আছে ইটা
-মোক একদিন লৈ যাবিনা তাৰ ওচৰত? ছ'লিটুক একবাৰ চাবা খুজছিলো। 
দয়ালকাৰ কথা শুনি মই তভক দিলো। এক অচিন আবেগে বুকুখন খামুচি ধৰিলেহি। যেন অলপ সুৰুঙা পালেই এসোপা চকুপানীয়ে হৃদয়ৰ পাৰ ভাগি ওলাই আহিব। অনুপমে মোৰ মুখলৈ চালে। সি ধৰিব পাৰিলে মোৰ অৱস্থা। সেয়ে পৰিস্থিতি সলনি কৰাৰ বাবে সি কৈ উঠিল- চাবি, তোৰ ৰাঙা মোনাখেন লবা নাপাহেৰবি আৰ'।
তাৰ কথাত দয়াল কা হাঁহি উঠিল। আমিও দয়ালকাক যোগ দিলো।

দয়াল কাৰ তলৈ যোৱাৰ আগে আগে দয়াল কাৰ মুখামুখি কেনেকৈ হম, কেনেকৈ কথা পাতিম ইত্যাদি কিমানযে কথা ভাবিছিলো। আৰু আজি মাত্ৰ এটা মূহুৰ্ততে সকলোবোৰ সলনি হৈ গৈছিল। দয়াল কা সলনি হব খুজিছিল। ভূতৰ ওজাৰ পৰা এজন খেতিয়কলৈ। ভৌতিক বস্তু এটাকলৈ জীৱিকা কৰি থাকিব খোজা অকামিলা এজনৰপৰা বাঁহ বন কৰি দুপইচা আৰ্জিব খোজা এজন সজ মানুহলৈ। আৰু তেওঁৰ এই পৰিৱৰ্তনত অৰিহনা যোগাইছিল মোৰ দেউতাই, মোক নজনোৱাকৈ। ঘটনাটো ঘটাৰ পিছদিনা খবৰ লবলৈ গৈ দুবিঘা দ মাটি এই বছৰৰ পৰা আধি খেতি কৰিবলৈ দেউতাই দয়াল কাক প্ৰস্তাৱ দিছিল, লগতে দিছিল বাঁহ বনৰ কাম আৰম্ভ কৰিবলৈ বিশটা বাঁহ। সেই কথা দয়াল কাৰ মুখৰ পৰা মই গম পাইছিলো আৰু গম পায়েই এক অভিমানে আহি মোক আগুৰি ধৰিছিল। মোক নজনোৱা বাবে অভিমান। দেউতাৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি বহুগুণে বাঢ়ি গৈছিল। মই নিৰ্বাক হৈ গৈছিলো। মাথোঁ  শুনি গৈছিলো সকলোবোৰ। 

কি ভাৱিছিলো, কি হ'ল; আজি অনুপম নহা হ'লে ! দয়াল কাৰ পদুলিমুখত আহিয়েই অনুপমক সাৱটি ধৰিলো। চকুৰ পৰা দুটোপাল গৰম লোটক সৰি পৰিল।

এই সময়খিনি হৃদয়খনেও অলপ জিৰণি পাইছিল। আলোছায়া নিশব্দে শউই আছিল মোৰ হৃদয়ৰ গভীৰ খাদত। আৰু যেতিয়া পুনৰ সেই খাদ খান্দিবলৈ লাগি গৈছিলো, তেতিয়া এন্ধাৰ নামিছিল। চোতালত ঢাৰি পাৰি দেউতা জিৰণি লৈছিল। মই আৰামী চকীখনত বহি অলপ দূৰত চকু দুটা মুদি সোমাই গৈছিল স্মৃতিৰ গভীৰৰ পৰা গভীৰতালৈ। আৰু সেই গভীৰতাৰ পৰা ক্ৰমে সাৰ পাই উঠিছিল বজালী কলেজে, উচ্চজিত, সুকুমাৰ, হিম, মানৱহঁতৰ কিৰিলিয়ে, সাহিত্য চ'ৰাৰ সেই আড্ডাবোৰে... মই ক্ৰমে পুনৰ বিলীন হবলৈ আৰম্ভ কৰিছিলো সেই দিনবোৰৰ সৈতে.....।

( প্ৰথম অধ্যায় সমাপ্ত)

    

 

Friday, September 14, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৪

বিদেশী বহইষ্কৰণৰ প্ৰশ্নত আন্দোলনকাৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত কেবালানিও আলোচনা চলিছিল ১৯৮০ চনৰপৰা। কিন্তু বাৰে বাৰে এই আলোচনা বিফল হৈছিল। এই বিফলতাত বিৰাগ হৈ কেন্দ্ৰীয় চৰকাৰে অসম আন্দোলনৰ বিৰুদ্ধাচৰণ কৰিছিল। এই বিৰুদ্ধাচৰণৰ উদাহৰণস্বৰূপেই আন্দোলনকাৰীসকলৰ ওপৰত বহুতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। ফলস্বৰূপে ১৯৮১ চনৰপৰা ১৯৮২ চনলৈ আন্দোলনৰ কাম-কাজ স্তীমিত হৈ পৰিছিল।

উৎসঃ 1979 to 1985: The Anti Foreigner's Movement in Assam-A news

Thursday, September 13, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৩

যি অনুপ্ৰৱেশৰ আলম লৈ অসম আন্দোনল আৰম্ভ হৈছিল, সেই অনুপ্ৰৱেশকাৰীসকলৰ অধিকাংশই আছিল বাংলাদেশ আৰু পূৱ পাকিস্তানৰ পৰা অহা। সেই বাবে এই আন্দোলনক "বিদেশী বহিষ্কৰণ আন্দোলন" বুলিও কোৱা হৈছিল। বিদেশী বহিষ্কৰণৰ ওপৰত উত্থাপিত দাবীসমূহ অৱশেষত আন্দোলনৰ ৰূপ পাইছিলগৈ আৰু ১৯৭৯ চনৰ শেষ ভাগৰপৰা এই আন্দোলনৰ কাম-কাজ সক্ৰিয় হৈ উঠিছিল। 

আন্দোলনকাৰীসকলে দাবী কৰিছিল ১৯৫১ চনৰ পিছত অসমলৈ অহা বিদেশীসকলক বহিষ্কাৰ কৰিব লাগে, যিসময়ত চৰকাৰে এই সীমা ১৯৭১ হিচাপে ঠিৰাং কৰিছিল। 

১৯৭৯ চনৰ ৮ জুন তাৰিখে ঘোষনা কৰা ১২ ঘণ্টীয়া বন্ধৰপৰাই অসম আন্দোলনৰ কাৰ্যসূচী সণ্ঢালনিকৈ চলিবলৈ ধৰে।


[উৎসঃ ১/ ৱিকিপিডিয়া
          ২/ 1979 to 1985: The Anti Foreigners Movement in Assam-a news
          ৩/ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.খ]

Wednesday, September 12, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-২

অসম আন্দোলন চলিছিল ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ। ইয়াৰ গুৰি ধৰিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে। এই আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশকাৰীক অতিশীঘ্ৰে চিনাক্তকৰণ কৰি বহিষ্কৰণৰ বাবে চৰকাৰক বাধ্য কৰোৱা। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে ছবছৰীয়া এই আন্দোলনৰ সমাপ্তি ঘটিছিল। 

যদিও অসম আন্দোলন এক অহিংস আন্দোলন আছিল, নেলী হত্যাকাণ্ডৰ দৰে হিংসাত্মক ঘটনাও এই আন্দোলনৰ সময়ছোৱাত ঘটিছিল। 

অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অসম আন্দোলনৰ নেতাসৱে লগ হৈ "অসম গণ পৰিষদ" নামেৰে ৰাজনৈতিক দল গঠন কৰিছিল আৰু ইয়েই ১৯৮৫ চনত ৰাজ্য চৰকাৰ গঠন কৰিছিল।

[উৎসঃ ৱিকিপিডিয়া]

Tuesday, September 11, 2012

৭৯ লৈ ওভোতনি যাত্ৰা

[১৯৭৯ চন। অসমৰ বাবে এক উল্লেখযোগ্য সময়। এই বৰ্ষতে অসমৰ এক ঐতিহাসিক ঘটনা "অসম আন্দোলন"ৰ উকমুকনি উঠিছিল। সময়ে অসম আন্দোনল আৰু ইয়াৰ ফলাফলক বিফল আখ্যা দিলেও এই সময়ছোৱা অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। সেই অসম আন্দোলনৰ সময়ছোৱাৰেই কিছুমান বিক্ষিপ্ত ঘটনাৱলীৰ সমাহাৰ "৭৯ লৈ ওভোতনি যাত্ৰা"। ৰাইজে জনা এনে ঘটনাৰ কথা কলে আমি উপকৃত হম।]


প্ৰথম খণ্ডঃ
১৯৭৮ চনত দৰং জিলাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুত সমষ্টিটোৰ উপ-নিৰ্ব্বাচন অৱশ্যাম্ভাৱী হৈ পৰিছিল। উপ-নিৰ্ব্বাচনৰ প্ৰস্তুতিৰ সময়ত দেখা গৈছিল যে নাগৰিকৰ সংখ্যা অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে। সেই সময়ত আছুৱে বিদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকপঞ্জীৰ পৰা বিতাড়ন কৰি নাগৰিকৰ ক্ষমতাৰ পৰা বহিষ্কাৰ নকৰালৈকে নিৰ্বাচন স্থগিত ৰখাৰ বাবে দাবী জনাইছিল। তাৰ ফলস্বৰূপেই "অসম আন্দোলন"ৰ জন্ম হৈছিল।
[সংগ্ৰহঃ ৱিকিপিডিয়া]

Friday, August 31, 2012

ধৰি ল’লোঁ আজি শনিবাৰ



ধৰি ল’লোঁ আজি শনিবাৰ
শনিবাৰে ইয়াত হঁহা বন্ধ
শনিবাৰে ইয়াত হাহাকাৰ কৰা বন্ধ
আনকি শনিবাৰে বন্ধ দেওলীয়াৰ স্বৰ্গযাত্ৰাও।
আজি শনিবাৰ;
ঠিক দেওবাৰৰ আগৰ দিনটো।
আজি ইয়াত পালন কৰা হ’ব নিস্তব্ধতাৰ দিৱস।
ধৰি ল’লোঁ আজি শনিবাৰ
কেই মুহূৰ্তমানৰ বাবে কাৰ্ফিউ আঁতৰাই দিয়া হ’ব
জোৰ কৰি বজাৰ পতা হ’ব
য’ত থাকিব তেজৰ ডোঙাত লেৰেলি যোৱা পাচলি
শিবিৰৰ সন্মুখত দম খাব
চৰকাৰী ভেটা ৰখীয়াৰ দল!
আজি শনিবাৰ
প্ৰত্যাশিত দেওবাৰটোৰ আগৰ শনিবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ,
কাইলৈ দেওবাৰে
ইয়াত ৰজাৰ মেল পতা হ’ব
লাখ লাখ শৰণাৰ্থীক সাধুকথা শুনোৱা হ’ব
দেখুওৱা হ’ব বহু ডাইমেনশ্বনেল ছৱি
সপোন আৰু জীয়াই থকাৰ।
চিকুণাই ৰখা শিবিৰত বিলোৱা হ’ব
এক কেজি চাউল, এপোৱা দাইল
মৃত্যুও থাকিব কাইলৈ বহু দূৰৈত
কিয়নো কাইলৈ শনিবাৰ
ৰজাৰ হাটবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ
কাইলৈ দেওবাৰ
কালিৰ পিছত ইয়াত সপোন নাথাকিব
থাকিব কেৱল বাস্তৱ আৰু জীৱনৰ সংগ্ৰাম
চিকিৎসা শিবিৰত শাৰী পাতিব লাগিব
এটা লেমোফেন অথবা পেৰাচিটামলৰ বাবে
এপোৱা দাইলৰ ভাত হ’ব মহাৰ্ঘ্য
কাৰোবাৰ মৃত্যুত কান্দিবলৈ ইয়াত সময় নাথাকিব
কেকনি-জেকনিও হ’ব জীৱনৰে এক অংশ।
সেই সময়ত ইয়াত কেৱল মনত পেলাব পাৰিব
ৰজাই শুনোৱা সাধুকথাবোৰ।
ধৰি ল’লোঁ ৰজাৰ হাটবাৰক আদৰিবলৈ
আজিয়েই সেই আপদীয়া শনিবাৰ !!

Tuesday, August 7, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-১২

যোৱা এমাহতে বহুত ঘটনা ঘটি গৈছিল| মাছ মৰাৰ পৰা আৰম্ভ হৈছিল খেলিমেলিবোৰ| আৰু যি এবাৰ খেলিমেলি লাগিছিল, সি সমাধা হোৱাৰ নামেই লব খোজা নাছিল| কেতিয়াবা যদি এটা সমস্যাই মূৰ-সোলোকা দিছিল, আন এটাই আহি গবা মাৰি ধৰিছিল-ঠিক কাবাদী খেলৰ নিচিনাই| আৰু এতিয়া যিটো সমস্যাই লগ দিছেহি সিয়েই মোক খুলি খুলি খাবলৈ যথেষ্ট| দুৰ্বিসহ সেই যাতনা | .... দহ বছৰ... পূৰাপুৰি দহ বছৰ কবৰস্থিত হৈ আছিল যন্ত্ৰণাবোৰ... আৰু হঠাত্‍ আজি মাম্মী হৈ ওলাই আহিল হাস্পতালৰ বাটচ’ৰাত|

বৰ ভাগৰ লাগি গৈছিল| সমাজৰ এটা মাত্ৰ অন্ধবিশ্বাসৰ বিপৰীতে মাত মাতি ম‍ই থকাসৰকা হৈ গৈছিলো| বহুদিনৰ মূৰত ঘৰলৈ আহিছিলো| ভাৱিছিলো, অলপ জিৰণি লম| অন্ততঃ কেইদিনমান শান্তিত কটাম| আৰু ইয়ালৈ আহি যিখিনি হৈ গ’ল, সেইখিনিয়েই মোক ভাগৰুৱা কৰি তুলিলে| ম‍ই জিকি গ’লো, কোনোৱা হাৰি গ’ল| কিন্তু এই জয়লাভে মোক কি দিলে ম‍ই গমকেই নাপালো| 
 
হাস্পতালৰ পৰা অহাৰ পিছত দুদিন ধৰি ঘৰতে সোমাই থাকিলো| কলৈকো ওলাই যাবৰ মনেই নগ’ল| তিনিসপ্তাহ হাস্পতালত ভূত আঁতৰোৱাৰ বাবে কৰা নেৰানেপেৰা চেষ্টাত কৈলাশ দা সুস্থ হৈ আহিছিল| আৰু তাৰ লগত লাগি থাকোতে পাহৰিয়েই গৈছিলো ঘৰ আৰু ঘৰৰ খবৰ| কৈলাশদাক হাস্পতাললৈ অনাৰ পিছত যিদিনা খবৰ লবলৈ আহিছিলো, সিদিনাই ভাৱিছিলো, দয়াল কাৰ ওচৰলৈ যাম| কিন্তু এই ভাগৰটোৱে মোক সেইটো‍ও পাহৰাই পেলালে| কাৰো লগতেই কথা পাতিবলৈ মন নগ’ল| অগত্যা নকলে নোহোৱা দুই-এষাৰ কথাৰ বাহিৰে অৱহেলা কৰি গ’লো সকলোকে| নিকুৱে আহি মাজে মাজে আমনি দিছিলহি যদিও মোৰ পৰা পাট্টা নোপোৱাত সিও লাহে লাহে পৰা আঁতৰি থাকিল| সকলোৰে পৰা আঁতৰত, সকলোকে নিলগত ৰখাই ম‍ই যেন মোৰ বাবে সময় উলিয়াই ল’লো| কবৰ খান্দিবলৈ| হৃদয়ৰ কবৰত সমাধিস্থ সময়বোৰ চাবলৈ বৰ মন গৈছিল মোৰ| চাবলৈ মন গৈছিল, সেই সমাধিত শুই থকা আলসুৱা সেই আত্মা আজিও আছেনে ! আলোছায়াই খেদি ফুৰিব ধৰিছিল মোক| শুব পৰা নাছিলো, খাব পৰা নাছিলো, কেৱল সেই অৱয়বেই বেৰি ৰাখিছিল মোক.. হাস্পতালৰ সন্মুখত যি অৱয়ব দেখি কিছুসময়ৰ বাবে স্তব্ধ হৈ গৈছিল মোৰ হৃদ্‍স্পন্দন..|

বুধবাৰ আছিল সিদিনা| বৰষুণ ইতিমধ্যে কমি ফটফটীয়া হৈ আছিল আকাশ | জোন নাছিল যদিও তৰাবোৰে আনন্দত মতলীয়া হৈ আছিল|  চোতালত ঢাৰি এখন পাৰি গাৰু এটা লৈ দেউতা শুই আছিল| ভাত ৰন্ধাৰ মাজতে সময় পালে ঢাৰিখনৰ একাষে মুঢ়া এটাত বহি মায়ে বিচনী চলাই আছিল| কাষত বাজি আছিল আমাৰ সাতামপুৰুষীয়া সেই ফিলিপছ ৰেডিঅ’টো| কিবা এখন নাটক চলি আছিল| নীলু চক্ৰৱৰ্তীৰ গলগলীয়া কণ্ঠই যেন গোমা কৰি পেলাইছিল পৰিৱেশ| ম‍ই কাপোৰৰ আৰামী চকীখনত বহি আকাশলৈ চাই আছিলো| মোৰ প্ৰিয় আকাশ| যিয়ে মোক বিশালতা কি শিকাইছিল| আৰু আজি ! ক’লৈ গ’ল সেই বিশালতা উপলব্ধি কৰিব পৰা সময়বোৰ, সাহসবোৰ! আকাশৰ গভীৰতালৈ দৃষ্টি নিক্ষেপ কৰিছিলো আৰু যিমানে গভীৰতালৈ সোমাই গৈ আছিল সেই দৃষ্টি, স্মৃতিয়েও খুলি দি গৈছিল প্ৰতিটো মূহুৰ্তৰ কথাবোৰ| ক’ত লগ পাইছিলো..ক’ত লগ পাইছিলো? কলেজত? বজাৰত.. নে ক’ত? নে অ’ডিটৰিয়ামত? অ’ডিট’ৰিয়ামত| হয় অ’ডিট’ৰিয়ামতেই| বজালী কলেজ অ’ডিট’ৰিয়ামত| ফেছমেন ছ’ছিয়েল আছিল সিদিনা..... সেই দিনৰ পৰাই আলোছায়া মোৰ বাবে হৈ পৰিছিল "আলোছায়া" আৰু...
-"অ’ হিতু দা, মোক ত‍ই ব’য়া পাইছা?" সকলো ভাৱনাৰ অন্ত পেলাই থতমত খাই মোৰ ওচৰতে থিয় দি থকা নি্কুলৈ চালো| অপৰাধী অপৰাধী ভাৱেৰে মোৰ ওচৰতে সেমেনা সেমেনিকৈ থিয় হৈ আছিল সি| ম‍ই তাক কোলাত উঠাই ল’লো|
-"আকাশত কি চাই আছ্‌লি?"
-"সেই তাৰাকেটা|" মিচিকিয়াই হাঁহি তাক সপ্তৰ্ষিমণ্ডললৈ বুলি দেখুৱাই ক’লো| 
-"সেই তাৰাকেটাৰ কি নাম ক’চুন|"

এৰা! কি নাম আছিল জানো! আগবাঢ়ি থকা তিনিটা তৰাৰ মাজৰটোৰ লগত থকাটোৰ নামহে মনত পৰিল| "অৰুন্ধতী"| সদায় তেওঁ দেৱজ্ঞান কৰা মুনিবৰৰ লগতহে আছিল অৰুন্ধতী| অৰুন্ধতী বৰ আদৰ্শৰ আছিল আলোছায়াৰ| অৰুন্ধতীক লৈ কিমান কথাযে কৈছিল তাই...
-"কি হ’লনু| ইমান ডাঙাৰ হৱৰ পাছতো ইমান ভাৱবা লাগে?" 
-"পাৰহিয়ে গেইছু ৰ’|"
-"ম‍ই ক‍উ?"
-"ক’|"- নিকুৱে হয়তো কব সপ্তৰ্ষিমণ্ডলৰ নামবোৰ| কিন্তু সি কব পাৰিবনে অৰুন্ধতীৰ কথা? এবাৰ আকাশলৈ চালো| অৰুন্ধতীয়ে মোলৈ চাই হাঁহি আছিল| ঠিক আলোছায়াৰ দৰেই.... মোক জোকাই, মোৰ খং উঠাই যিদৰে আলোছায়াই হাঁহি উঠিছিল, ঠিক তেনেদৰে..... 


(ক্ৰমশঃ)

Tuesday, July 31, 2012

এৰা, বৰ গৰম পৰিছে...


শাওনৰ মাহ
ওন্দোলি উঠিছে জান-জুৰি
ঠিক সিমানেই গঙাটোপতো হৈ
গৰ্জ্জি উঠিছে সূৰুয|
ৰ’দত বাউলি হৈ নামি আহিছে গৰম
এৰা, বৰ গৰম পৰিছে|

সৌ সিদিনা কৰিমগঞ্জত
খবৰ পালো
প্ৰহৃত হ’ল হেনো ৰাজনীতিৰ কাণ্ডাৰী,
তাৰ পিছত দিছপুৰত লংকাকাণ্ড....
এগৰাকীয়ে ক’লে
হিংসাৰ জুই হেনো সেয়া
অপপ্ৰচাৰত তাপ সেয়া |
নে মাইনাছ ডিগ্ৰীধাৰীসকলক উতলাই তোলা
মাটিৰ মানুহৰ হৃদ্‍স্পন্দন সেয়া ?
সঁচাকৈ বৰ গৰম পৰিছে
গেলি যাবলৈ ধৰিছে চিন্তাশক্তি..|

ডিমৌত ঘামত উটি গৈছে সেনাৰ লেকাম
আৰু সিয়েই নাম পাইছে "নিৰ্যাতন"
উগ্ৰ গৰম
আৰু গৰমৰ ঘাম লৈ নামি আহিছে ২২ সংগঠন
অৰ্ধ উলংগ - উলংগ প্ৰতিবাদে চাগে’ কমায়েই গৰমৰ তীব্ৰতা
গেলা গৰম পৰিছে
মতিভ্ৰমৰ কৱলত পৰিছে এই আকাশ
বৰ গৰম পৰিছে
গেলা গৰমত উটি ফুৰিছে
সংস্কৃতি আৰু যশস্যা|

জি.এছ ৰোড
৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডত ব্ৰেকিং নিউজ
এফালে দৌৰিছে সুৰামত্ত যুৱতী
আনফালে ব্ৰেকিং নিউজৰ আয়োজন
অহাই আহিছে, যোৱাই গৈছে
চলি আছে বস্ত্ৰহৰণ
আৰু ৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডত চলি আছে ব্ৰেকিং নিউজ
সকলোৱে গম পাইছে
বৰ গৰম পৰিছে,
গেলা গৰমত ,মানুহবোৰৰ মগজুৱে অলপ জিৰণি লৈছে|

শাওনৰ মাহ
সূৰুযৰো গৰম লাগিছে
সেয়ে নামি আহিছে বড়োভূমিলৈ
জ্বলি উঠিছে বড়োভূমি
সূৰুযৰ গৰমত মেলি গৈছে সকলো ৰং
সকলো ৰঙেই হৈ পৰিছে তেজৰঙী ৰঙা
খহি গৈছে ঘৰবোৰ
ছাইৰ ৰূপত বৈ আহিছে বতাহ
বুলেটবোৰে সো-সোৱাই যেন টানি আনিছে
গৰমৰ পৰা পলৰীয়া জীৱনবোৰ
বৰ গৰম পৰিছে,
উত্তল হৈছে চৌদিশ
আকাশ ওন্দোলি উঠিছে
বতাহ গলিছে
নাছি উঠিছে অগ্নিশিখাবোৰ
সঁচাকৈয়ে মাটিৰ মানুহৰ বাবে
বৰ গৰম পৰিছে|


শাওনৰ মাহ
সোৱনশিৰি গাভৰু হৈছে
নৰীয়াত পৰিছে এন.এ‍ই.পি.চি
কৃষক নেতাৰ হুংকাৰত নিহপালি দিছে টাৰ্বাইন
চাহাবৰ ঘৰত বগা পোহৰ বিলাবলৈ

সৰ্বসাধাৰণৰ চন্দুক খুলি ওলাই আহিছে বিদ্যুত্‍
এচি অবিহনে লেৰেলি গৈছে আভিজাত্যৰ প্ৰসাধন
এৰা বৰ গৰম পৰিছে
বিদ্যুতেও এচিৰ হাৱাত দেহা শাঁত পেলাবলৈ গৈছে ||

(ৰচনাকালঃ ৩১/০৭/২০১২)

Monday, July 9, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি (১১)

মাজৰাতিলৈকে ঠিকেই গৈ আছিল| এটাৰ পিছত এটাকৈ চেলাইন লগাই থোৱা আছিল| আৰু আমি বাৰান্দাতে বেডৰ কাষত এখন কাপোৰ পাৰি পৰ দিছিলো| অনুপমে ফোনটো লৈ ইফালে-সিফালে ঘূৰি আছিল| ম‍ইনাক শুবলৈ কৈ থকাৰ পিছতো শুৱ পৰা নাছিল| বাৰে বাৰে "জপং-জপং" শব্দ শুনা যেন পাই ম‍ই চক খাই উঠিছিলো| খুড়া আহি পিছদিনা ৰাতিপুৱা তেজ দিবলৈ মানুহ এজন লৈ আহিব বুলি কৈ গৈছিল| আৰু অজ্ঞান অৱস্থাত পৰি আছিল কৈলাশদা| মাজে মাজে সি ভ্ৰম বকিছিল| ৯ টা মানতে এবাৰ ডাক্তৰ আহি চাই গৈছিল আৰু মাজৰাতিলৈকে কোনো খবৰ নাছিল| আচল সময়খিনি আৰম্ভ হৈছিল ১ মান বজাৰ পৰা| কৈলাশদা হঠাতে চক খাই চক খাই উঠিছিল আৰু হাত-ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হৈ আহিছিল| আমাৰ দৌৰা-দোৰি লগাই দিছিলো... কিন্তু কতো ডাক্তৰ-নাৰ্চক বিচাৰি পোৱা নাছিলো| আমাৰ অৱস্থা দেখি ৱাৰ্ডবয় এজন কৰবাৰ পৰা দৌৰি আহি কৈলাশদাৰ ওচৰ পাইছিল| অনুপমে কৰবালৈ ফোন লগোৱা আৰম্ভ কৰি দিছিল| ডাক্তৰ-নাৰ্চ কাকো বিচাৰি নাপাই ঘৰলৈ ফোন এটা লগাও বুলি পেণ্টৰ পকেটত হাত ভৰাই চাও, নাই ফোনটোও পাহৰি আহিলো| কি কৰো, কি নকৰোকৈ মহিলা ৱাৰ্ডলৈ গৈ মোৰ চকু কপালত উঠিল| এজন ডাক্তৰ আৰু দুগৰাকী নাৰ্চে ৫ টাকৈ ডেলিভাৰী কৰাই আছে| ডাক্তৰক মাতিব খুজিও প্ৰসৱ বেদনাত চিঞৰি থকা মানুহ কেইৰাকীৰ অৱস্থালৈ চাই ম‍ই ৰৈ গ’লো| কি কৰো এতিয়া, ইমান স্বাৰ্থপৰ কেনেকৈ হও... কিদৰে এই অৱস্থাত এৰি ডাক্তৰ বা নাৰ্চগৰাকীক মাতো! তেনেতে ডাক্তৰজনে মোৰ চকুলৈ চালে| 
-চাৰ, বাহিৰত যে পেচেণ্টটো... হাত-ভৰিবোৰ লৰাব নোৱাৰা হৈ গৈছে|
-হু ! সেই যে ব্লিডিং হৈ থকা পেচেণ্টটো?
-অ
-ঐ যমুনা, এইৰ এটেন্ডেণ্ট কোনোবা আছেনে নাই? মাইকী মানুহ আছে যদি মাত..... ম‍ই পত্‍কৈ আহি আছো| নাৰ্চ এগৰাকীক পৰামৰ্শ দি তেওঁ মোৰ কাষেৰেই সোঁ-সোৱাই বাৰান্দাৰ চুকটোলৈ আগবাঢ়ি গ’ল| যাওতে ৰেষ্টৰূমত থকা জাগ এটাৰ পানীৰে হাতখিনি এনেকৈ ধুলে যেন কেই ছেকেণ্ডমান দেৰি হ’লেই বহুত ডাঙৰ ঘটনা ঘটি যাব| কৈলাশদাৰ হাতৰ ৰগত হাত দিয়েই ডাক্তৰ চিঞৰি উঠিল-ও মাই গড ! 
-আৰু কোন আছে আপোনালোকৰ লগত? ব্লাড দিব লাগিব| এতিয়াই| আপোনালোকে মানুহ বিচাৰক| অতি সোনকালে তেজ যোগাৰ কৰিব নোৱাৰিলে পেচেণ্টৰ কণ্ডিচন কব নোৱাৰি| এতিয়া ম‍ই হেমাক্সিল দিয়াৰ বাহিৰে বেলেগ উপায় দেখা নাই| গতিকে এঘণ্টামানৰ ভিতৰতে ব্লাড যোগাৰ কৰাৰ ব্যৱস্থা কৰক|
ইপিনে অনুপম দৌৰি আহি ওচৰ পাইছিলেই| সি তপৰাই মাত লগালে- চাৰ, ম‍ই আছো| আপুনি কি কৰিব লাগে আৰম্ভ কৰক|
-চাওক, আমাৰ এইখন স্বাস্থ্যকেন্দ্ৰহে| ইয়াত ব্লাড লব পৰা ব্যৱস্থা নাথাকে| যদি চিভিলৰ পৰা আপোনালোকে তেজ আনি দিব পাৰে, তেন্তে দিব পৰা যাব| ৰোগীৰ অৱস্থা এতিয়া ইমানেই বেয়া যে, চিভিললৈকে নিবলৈও অনুমতি দিব পৰা নাযাব| সেয়েহে আপোনালোকে পাৰে যদি কিবা উপায়েৰে ব্লাড অনাৰ ব্যৱস্থা কৰক| ম‍ই এখন লিখি দিম বাৰু|
-কিন্তু চাৰ, ইয়াত দেখোন ব্লাড বেংক নে কি লিখা থকা ৰূম এটা দেখা যেন পাইছিলো|
-সেইটো ব্লাড কালেকচন চেণ্টাৰহে| লেব’ৰেট’ৰী টেষ্টৰ বাবে|


মাজৰাতি| ক্ৰিটিকেল কণ্ডিচনত ৬-৭ জন ৰোগী| এজন ডাক্তৰ, দুগৰাকী নাৰ্চ| কোনোৱে আহৰি পোৱা নাই| অভিজ্ঞতাই কাম শিকাই তোলা ৱাৰ্ডবয় কেইজন কোনো ৰোগীৰ ওচৰলৈ গ’লেও এটেণ্ডেণ্টে সৰগ ঢুকি পোৱা যেন পাইছে| তাৰ পিছতো ডাক্তৰে কৈলাশদাৰ কেচটো গুৰুত্বসহকাৰে লৈছে| মাজৰাতি ব্লাড দিয়াৰ কথা ভাৱিছে| অথচ আমি... আমি যেন প্ৰথম খোজতেই ৰৈ গ’লো| আমি কোনেও নাজানো চিভিলত ব্লাড পোৱা যাবনে নাযায়, আৰু নাজানো কেনেকৈ যাম| কৈলাশদাৰ গা শেঁতা পৰি গৈছে| মুখেৰে অনৰ্গল বিৰবিৰাই কিবাকিবি বকিয়েই আছে, অস্পষ্টকৈ|

হঠাতে মোৰ মনত পৰিল...হেমন্তৰ কথা| লেব’ৰট’ৰী টেকনিচিয়ান পঢ়ি আহি কৰবাত লেব’ৰেট’ৰী খুলিব বুলি শুনিছিলো কেইদিনমান আগতে|  সি কিবা সহায় কৰিব পাৰেই বা !
-অনুপম, হেমন্ত ক’ত আছে? তাক ফোন নম্বৰ আছেনা? আছে যদি ফোন এটা কৰচুন| কিজানি কিবা সহায় কৰ্বা পাৰেই|
-অ’, ভাল মনত ফেলৈছা | হেমন্ত আছে দেখুন... ৰহ|

কেবাবাৰো ফোন কাটি যোৱাৰ পিছত অৱশেষত হেমন্ত‍ই ফোন উঠালে| অনুপমে তাৰ সুন্দৰ কথনভংগীৰে হেমন্তক বুজালে পৰিস্থিতিৰ গভীৰতাৰ কথা|
-হা! ইমান ঘটনা ঘটছি, অথচ মোক ইটাহে কৈছা? ৰহ... ম‍ই নলবাৰী চিভিলৰ পৰা লৈ যাই আছু| মোক ডিটেইলখেনি দিছুন| মোৰ পৰা বেছি দূৰ নহৈ যিত্তে প্ৰোব্লেম নাই|
আমাৰ মুখলৈ অলপ পানী আহিল|

ভাল-বেয়া, ভাল-বেয়া, এনেকৈ উঠা নমা হৈ আছিল আমাৰ ভাগ্যৰ ৰেখা| সেই মাছ মৰাৰ আৰম্ভণিৰপৰাই| জালখন নিগনিয়ে কূটাৰ পিছতো আমি জোৰা কাটিবলৈ টায়াৰ বিচাৰি পাইছিলো,ইমান পানীৰ পিছতো আমি সঠিক দিশতেই আগবাঢ়িছিলো, মাছ নাপায়ো শেষত আমি ফাঁচীলেঙীৰ মাছ সৰকাব পাৰিছিলো, মাজ পথাৰত বাট হেৰুওৱাৰ পিছতো অৱশেষত আমি বাট বিচাৰি পাইছিলো, সঠিক ভাৱেই ভূতৰূপী ভেকুলী বিচাৰি পাবলৈ সক্ষম হৈছিলো, আৰু বেজৰ হাতৰপৰা ৰক্তক্ষৰণত লেবেজান হৈ পৰা কৈলাশদাক হাস্পতাল পোৱাবলৈ সক্ষম হৈছিলো| আৰু এতিয়া, যেতিয়া তেজৰ প্ৰয়োজন হৈছে, অনুপম আহি হাজিৰ হৈছে, মাজৰাতি টোপনিৰ পৰা উঠি হেমন্ত‍ই কৈছে "ম‍ই লৈ আহি আছু ৰহ"| এবাৰ আকাশলৈ চালো, যিখন আকাশে মোক সাহস দি আহিছে, যিখন আকাশলৈ চাই ম‍ই বহুতো সিদ্ধান্ত লবলৈ সহায় পাইছিলো... আজিও সহায় কৰা হ’লে আকাশখনে|

ডাক্তৰে ব্যক্তিগত প্ৰচেষ্টাৰে ’হেমাক্সিল’ যোগাৰ কৰি ৰোগীক দিয়া আৰম্ভ কৰি দিলে| ম‍ইনাই কাষত চকুপানী টুকি টুকি বহি আছে| ম‍ই ইপিনৰ পৰা সিপিনলৈ ঘূৰি আছো| অতি ঘনকৈ ডাক্তৰে এবাৰ এইফালে এবাৰ মহিলা ৱাৰ্ডৰ পাক মাৰি আছে| তাতো কেবাটাও ক্ৰিটিকেল কেচ| সময় গৈ আছে| লাহে লাহে কৈলাশদাৰ দেহৰ উত্তাপ বাঢ়ি আছে| সফলভাৱে মহিলা ৱাৰ্ডত সন্তান জন্ম হৈ আছে... লাহে লাহে চিঞৰ-বাখৰবোৰ কমি আহিব ধৰিছে| তেনে সময়তে তেজ লৈ হেমন্ত হাজিৰ হ’লহি| ব্যক্তিগত চিনাকিসূত্ৰে হেমন্ত‍ই আনিবলৈ সক্ষম হোৱা তেজখিনি লৈ ডাক্তৰৰ তত্‍পৰতা যেন দুগুণে বাঢ়ি গ’ল|  তেওঁ অতি কম সময়ৰ ভিতৰতে তেজ দিয়া কাম আৰম্ভ কৰি দিলে|

হেমন্ত| নলবাৰী চিভিলৰ কাষতে নতুনকৈ আৰম্ভ কৰিছে তাৰ লেব’ৰেট’ৰী | আজি যেন ভগৱানৰ ৰূপতহে আমাৰ সন্মুখত দেখা দিলেহি ! ধন্যবাদ জ্ঞাপন কৰিবলৈ তাক মোৰ ওচৰত ভাষা নাছিল| যিজন হেমন্তক অলপমান কথাৰ বাবে মাতিবলৈ বাদ দিছিলো, কাজিয়া কৰিছিলো, সেই হেমন্ত‍ই আহি ইমান ডাঙৰ সহায় কৰি দিছিল যে ধন্যবাদ দিবলৈ অথবা আগৰ কৃত কামৰ বাবে ক্ষমা খুজিবলৈও ম‍ই লাজ পাইছিলো| অনুপমৰ ইচ্ছা পূৰণ হোৱাৰ পথত আগবাঢ়িছিল| নলবাৰী চিভিলত গৈ তেজ দান কৰাৰ বাবে সি যাবলৈ বুলি সাজু হৈছিল| ভূতে ধৰা কৈলাশদাক তেজ দি সুস্থ কৰিবলৈ নিজৰ দেহৰপৰা এটোপ এটোপ তেজক সঞ্জীৱনীৰ ৰূপ দিবলৈ সি ব্যগ্ৰ হৈ পৰিছিল| আৰু ডাক্তৰ ! অবিৰামভাৱে লাগি আছিল কৈলাশদাৰ লগত|

পুৱতি নিশা যেতিয়া ডাক্তৰে মাতিছিল তেতিয়া প্ৰায় ৪ বাজিছিল| আধাঘণ্টামান আগতে ৰাতিপুৱাই অহাৰ প্ৰতিশ্ৰুতি দি হেমন্ত তাৰ ভাৰাঘৰলৈ উভতি গৈছিল| লগত লৈ গৈছিল অনুপমকো| ম‍ইনা চকুৰ পলক নমৰাকৈ সুশ্ৰুষা কৰি আছিল কৈলাশদাক| বিচনীখনেৰে অহৰহ বিচিয়েই আছিল তাই| একেবাৰে টান সময়খিনিত তাইৰ চকুৰ পিনে চাই এক ক’লা ডাৱৰ দেখিছিলো, এতিয়া সেই ভয় আৰু নাই| ম‍ই বাৰান্দাতে থকা খুটা এটাত আউজি অলপ জিৰণি লৈছিলো| জিৰণি লোৱা মানে বহিহে আছিলো| ৱাৰ্ডবয়জনে আহি ডাক্তৰে মতা বুলি কোৱাত ম‍ই  বহি থকাৰ পৰা উঠি বহিলো|

-ম‍ইনা, ত‍ই অলপ থাকচুন| ম‍ই ডাক্তৰক লগ ধৰি আহু|
-আছু যা
ম‍ই উঠি ডাক্তৰৰ ৰেষ্টৰূমলৈ আগবাঢ়িলো| হঠাতে কানৰ কাষত বাজি উঠিল অনুপমৰ লগত হোৱা কথাখিনি-
-তোৰতো ঘোৰোত চিন্তা কৰি আছে কিজানি?
-নাই| ম‍ই জানৈছু|
- কি বুলি?
-তেজ দিবা আহা বুলি
-একো কোনাই মাএ?
-কৈছিল
-পাছে?
-কৈ দিলু... তুহুন অকৰ্মণ্য এটা পুহি ৰাখা বুলি গালি পাৰি থাকা, আজি কিবা এটা কৰ্বা চাঞ্চ পাইছু, কৰবাতো দি
-কি কৈছি তিত্তে?
-একো মাতা নাই... হয়তো ফোনটু ৰাখি কান্দছি

ৰেষ্টৰূমৰ বাহিৰত গৈ পোৱাৰ লগে লগে ডাক্তৰজনে এনেভাৱে মাতিলে যেন তেওঁ মোলৈহে বাট চাই আছিল|
-কৈলাশ শৰ্মা আপোনালোকৰ ঘৰৰে?
-হয় চাৰ, মোৰ দাদা
-কেনেকৈ কি হৈছিল?
ম‍ই মাছ মাৰিব যোৱাৰ পৰা সকলোখিনি আদ্যোপান্ত ভাঙি ক’লো| শুনাৰ পিছত তেওঁ কৈ উঠিল-
-ভাল কাম কৰিছে, সেইখিনি সচেতনতা আজি আমাৰ সকলোকে লাগে|
-ভাল নে বেয়া হ’ল নাজানু চাৰ, পাছে গাঁৱত হ’লে হাহাকাৰ হৈ আছে
-হব দিয়ক| এনে কাম কৰিবলৈ কোনোৱা নহয় কোনোবাই ইনিচিয়েটিভতো লব‍ই লাগিব| আপুনি সেই ইনিচিয়েটিভ লৈছে.... গতিকে অলপ প্ৰেচাৰ আহিব‍ই| পাচে ম‍ই আপোনাক মাতি আনিছু আন এটা কথা কবৰ বাবেহে| ম‍ই ডক্তৰলৈ চালো|
-এই যে ম‍ই হেমাক্সিল ইউজ কৰিছো, তেজ বাহিৰৰ পৰা আনিছো সেয়া আচলতে আমাৰ নীতিবিৰুদ্ধ| কিন্তু ৰোগীজনৰ অৱস্থা চাই ম‍ই অলপ নীতিবিৰুদ্ধ কাম কৰিলো| তাৰ বাবে আপোনালোকৰ সহায় লাগে
-কেনেকুৱা সহায়, কওক ম‍ই সাজু আছো
-কাৰো আগত কব নালাগে যে অনুমোদন অবিহনে আপোনালোকে তেজ লৈ আহিছে|
-হব চাৰ|
-ধন্যবাদ| বাকী ৰোগী এতিয়া আউট অৱ ডেঞ্জাৰ| কিন্তু আৰু তেজ দিব লাগিব| গতিকে আপোনালোকে তেজৰ বিচাৰ-খোচাৰ কৰি থাকক|
-হব চাৰ| আৰু কেতিয়ালৈকে তেজ দিব লাগিব|
-পাৰিলে আজি আবেলিলৈকে দিব লাগিব|

সময় আগবাঢ়িছিল| আগবাঢ়িছিল মানুহৰ চেতনাবোধৰ যাত্ৰাও| গাঁওৰ যিসকল মানুহে আমাক বাধা দিছিল, প্ৰতিৰোধ কৰিব নোৱাৰি লাহে লাহে দুৰ্বল হৈ আহিছিল| মানুহবোৰৰ কেইজনমানে বুজি পাইছিল কথাবোৰ আৰু তেওঁৰ অনুগামীসকলো প্ৰিতোৰোধ নকৰা হৈছিল| তিনিসপ্তাহ হাস্পতালত পৰি থকাৰ পিছত কৈলাশদাক ঘৰলৈ আহিবলৈ অনুমতি দিছিল ডক্তৰে| তেৰ বটল তেজ দিব লগা হৈছিল| অৱশ্যে দ্বিতীয় দিনাৰপৰা তেজৰ বাবে হাহাকাৰ কৰিব লগা হোৱা নাছিল| অনুপমৰ কথামতে "বানৰ সেনা" জঁপিয়াই পৰিছিল ৰক্তদান যুঁজত| এজন-দুজনকৈ ডেকাসকল আগবাঢ়ি আহিছিল তেজ দিবলৈ, আৰু সকলোকে নলবাৰী চিভিল হাস্পতালত কেনেকৈ কি কৰিব লাগিব, সুন্দৰভাৱে বুজাই দিছিল হেমন্ত‍ই| ৰোগীৰ লগত অহৰহ লাগি আছিলো ম‍ই, এৰা দিলেই কিজানি কৰবাত কেনা লাগি যায়! তৃতীয় দিনাখন ডক্তৰজনাৰ অনুগ্ৰহত আমি ৰোগীৰ বাবে জেনেৰেল ৱাৰ্ডত বেড পাইছিলো| তাৰ পিছত যেন সকলোখিনি ঠিকেই গৈছিল|

সকলো বস্তু-বাহানি ঠিক ঠাক কৰি ম‍ই বেডৰ আশে-পাশে এবাৰ শেষ নজৰ দি ওলাই আহিলো হাস্পতালৰ পৰা| কৈলাশদাক লৈ ইতিমধ্যে খুৰাহঁত আগতেই ওলাই গৈছে| সকলোখিনি ঠিকে-ঠাকে হৈ যোৱাৰ বাবে অজানা কোনোৱাৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ যেতিয়া হাস্পতালৰপৰা ওলাই আহিছিলো, হাস্পতালৰ গেটত মোলৈ বাট চাই আছিল আন এক আশ্বৰ্য| এক ইতিহাস| মোৰ চকু থৰ হৈ ৰৈছিল| মোৰ সন্মুখত থিয় হৈ আছিল .. আলোছায়া| আজি প্ৰায় দহ বছৰ আগতেই পাহৰণিত কবৰস্থিত কৰিব খোজা....আলোছায়া|

(ক্ৰমশঃ)