Friday, February 17, 2012

শূন্য

আমি একোটা শূন্য
শুন্যৰ পিছত বহি থকা
আমি একো একোটা শূন্য | 


আপুনি জানেনে শূন্যৰ মূল্য !
আৰু জীৱনৰ !!


শূন্য !
কেতিয়াবা পূৰ্নিমাৰ জোনটোৰ দৰে
আৰু কেতিয়াবা 
আঁউসীৰ অকাশৰ দৰে | 
শূন্য !
কেতিয়াবা লাখ-কোটিৰ শূন্যটোৰ দৰে
আৰু কেতিয়াবা
দশমিকৰ আগৰ শূন্যৰ দৰে |


আৰু জীৱন !!
ঠিক জোনটোৰ দৰেই শূন্য | 


সময় যদি হয় পূৰ্নিমা
জীৱন হৈ পৰে
আশাত ককবকাই থকা
আকাৰযুক্ত শূন্য | 
আৰু কেতিয়াবা
সময় যদি হয় আঁউসী
জীৱন হৈ পৰে
আশাহীন আকাৰহীন শূন্য | 
কেতিয়াবা জীৱনে কঢ়িয়াই আনে
ৰাজমুকুটৰ দৰে পূৰ্নতা
আৰু কেতিয়াবা !
প্ৰলয়ে কঢ়িয়াই অনা মৰিশালিৰ নিস্তব্ধতা |


শূন্য‌ই কঢ়িয়াই ফুৰে মাথো
জীৱন নামৰ মহাশূন্যত উপঙি ফুৰা শূন্যতা | 


আশাৰ দলিচাত আমি বিচাৰি ফুৰো 
জীৱনৰ সংজ্ঞা
অথচ আগবাঢ়ি আহে মহাশূন্যতা
নিবিচৰাকৈয়ে জীৱনৰ ছাঁ হৈ পৰে শূন্যতা | 
ঠিক আমাৰ দৰে শূন্যও হৈ পৰে
বহুকেইটি শূন্যৰে ভৰা
অথচ আমি বইচাৰি ফুৰো কি...
শূন্যহীন শূন্যতা ??


অৰ্থহীন আমি বিচাৰি ফুৰা শূন্যহীন শূন্যতা | 
কিয়নো মোৰ দৰে কেতিয়াবা
আপুনিও লৈ ফুৰে জোনাকভৰা জীৱনৰ পূৰ্নতা
আৰু আপোনাৰ দৰে কেতিয়াবা
ম‍ই লৈ ফুৰো আঁউসীৰ আশাহীন শূন্যতা | 


আজীৱন অপূৰ্ন আমাৰ শূন্যতা |
অবিৰাম অশূন্য আমাৰ পূৰ্নতা ||


ৰচনাকাল : ০৫/১২/২০০৭

No comments:

Post a Comment