Wednesday, June 27, 2012

হোষ্টেলৰ উৰণীয়া ছোৱালী

এজনী হোষ্টেলৰ ছোৱালী তাই
শাসনৰ এনাজৰী নেওচি
সফল অভিযানেৰে
এতিয়া হোষ্টেলৰ ছোৱালী তাই| য’ত নাই বিষাদ, বিষন্নতা
আছে মাথোঁ পৰিপূৰ্ণতা
প্ৰেম-বিশ্বাসৰ আকাশ
তৰা ভৰা !!

সেই যে
হাৱাই লেকেচিয়াই লেকেচিয়াই
গাঁওৰ ধূলিময় পদূলিত কঢ়া খোজ,
ঘনাই ঘনাই ভাঙি যোৱা
ঘাটলৈ নিয়া কলহ;
স্কুললৈ নিয়া ৰঙাপাৰিৰ চাদৰ মেখেলাযোৰ
আৰু 
তামোল পিকাই পিকাই
স্কুলৰ বেৰত অঁকা অনামী ফুলবোৰ !
ধ্যেত্‍ ,
আছে নেকি তাত কিবা পৰিপূৰ্ণতা ?
এতিয়া তিনিজনীকৈ সোমাই থকা
সৰু ঠেক কোঠালীটোতে তাই পৰিপূৰ্ণা | 
এতিয়া হোষ্টেলৰ ছোৱালী যে তাই !

হোষ্টেল !
এনে এক কাৰখানায’ত আঁকিব পাৰি হাটিপতিৰ ছৱি
অলেখ প্ৰেমিক তৰাৰে-প্ৰেমৰ হাটিপতিৰ|
য’ত হৃদয়হীনা হৈয়ো কৰিব পাৰি অলেখ প্ৰেম
কোনোবাই বিশ্বাসেৰে ঢালি দিয়া বিষাদ বাণীৰে 
গৰম কৰিব পাৰি আবেলিৰ আড্ডা
যুগুত কৰিব পাৰি আশাৰ ফান্দা|
এতিয়া তেনে এখন হোষ্টেলৰে ছোৱালী তাই ||

ঠিক তেনে এখন হোষ্টেলৰে ছোৱালী আছিল অৰুন্ধতী
যি জোনাকী দেশত জোনবাইৰে ওমলিবলৈ আহি
ভৰি দিছিলহি পপীয়া তৰাৰ দেশত|
নাহৰ কলি যেন দুচকুত পিন্ধি লৈছিলহি
স্বাৰ্থসিদ্ধিৰ বাবে চলনাৰ বিতচকু|
কবিতাৰ কুঁহিপাতত মচি পেলাইছিল তাই
নিঞৰৰ নাম
নাছিল হৃদয়ত বসন্ত‍ই গোৱা
প্ৰেমৰ মধুৰ ৰাগ
ফালি পেলাইছিল 
আশাৰ বদ্বীপলৈ যোৱা বিশ্বাসৰ নাওৰ পাল | 

অৰুন্ধতীও হৈ পৰিছিল অজনী হোষ্টেলৰে ছোৱালী|

আৰু এতিয়া !
এতিয়া কানিমুনি সন্ধিয়াত
চৰণীয়া মহৰ ওভোতনি যাত্ৰাত
তাইৰ মনত এবুকু অৱসাদ-
হোষ্টেলৰ ছোৱালী যদি নহ’লেহেঁতেন কোনোদিনো !

পাতিলেহেঁতেন যদি জাক
ৰঙীয়াল বেলিৰ বুকুত জাহ যোৱা
জাকৈয়া ছোৱালীবোৰৰ দৰে !
বৈ নগ’লহেঁতেন অশ্ৰুৰ বন্যা, 
কলংকিত নহ’লহেঁতেন মধুৰ ইতিহাস
আৰু
ৰোমন্থিত অতীতৰে সপোন দিঠকৰ চাকনৈয়াত
যৌৱনৰ বোৱাৰী পুৱাতেই কপালত উদয় নহ’লহেঁতেন 
দগ্‌মগীয়া ৰঙা প্ৰভাতী সূৰ্য্য
অথবা তাক আদৰণি জনাবলৈ
সেওতাৰে বৈ নগ’লহেঁতেন 
হৃদয়ৰ তেজেৰে ৰঙীয়াল কুলুকুলু নিজৰা|
কান্দিও নুঠিলহেঁতেন ইতিহাস, 
কান্দি নুঠিলহেঁতেন স্মৃতিৰ মায়াজাল,
সময়ৰ কোৱাল যাত্ৰাত
কলংকিত নহ’লহেঁতেন
সেই আড্ডা, সেই তামচা-
য’ত এদিন তাই বিচাৰি পাইছিল
পূৰ্ণতাৰ সঁফুৰা|
তাইৰ প্ৰেমৰ বাটকতীয়া
প্ৰতাৰিত প্ৰেমিকজনে কৈ নুঠিলহেঁতেন কোনোদিনো-
:শ্যাল্লা,
প্ৰেমহীনতাৰেই অন্য এক নাম
হোষ্টেলৰ ছোৱালী|"



[ হোষ্টেলত থাকি আধুনিকতাৰ বা লাগি যৌৱনৰ মধুৰ ক্ষণবোৰ অবাবতে ধ্বংস কৰি পিছত অনুসুচনাত ভোগা সুহৃদ সতীৰ্থসকলৰ সোঁৱৰণত...]

দিনাংক ১৯/০১/২০০৭

Monday, June 25, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১৩)

জন্ম ১৯০৯ চনত ঢাকাত| দেউতাক ইষ্টাৰ্ণ ৰাইফলৰ চুবেদাৰ মেজৰ; তেতিয়াৰ পূৰ্ববঙ্গ আৰু অসমৰ গবৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা| তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ ছেণ্ট পলছ কলিজত নাম লগালেগৈ ৰাভাই| তাৰপৰা আই,এছ,ছি পাছ কৰি ৰিপন কলিজলৈ গ’ল| কিন্তু কিছুদিন পিছত ৰিপন কলেজ এৰি থৈ কোচবেহাৰৰ  ভিক্টোৰিয়া কলেজলৈ আহিল আৰ্টছ পঢ়িবলৈ| কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলোৱাৰ| কোচবেহাৰত থাকোঁতেই ৰাভা আকৃষ্ট হ’ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ উঠিল, সেই সময়ত কোচবেহাৰত দুজন বিষয়াৰ বিৰুদ্ধে জন-বিক্ষোভৰ সৃষ্টি হৈছিল| এজন আছিল হাকিন্সন আৰু আনজন আছিল ৰাজদেৱান খাস্তগীৰ হঠাত্‍ এদিন পুৱা ৰাজপ্ৰাসাদৰ প্ৰধান দুৱাৰত দেখা গ’ল আঠা মাৰি থোৱা এখন কাগজ| লিখা আছিল-

ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাওঁ||

এজন অসমীয়া ছাত্ৰই বঙালীত এনে সুন্দৰ ছড়া লিখি প্ৰহৰীৰ চকুত ধূলি মাৰি একেবাৰে যে ৰাজদুৱাৰত লগাই থৈ আহিব পাৰে তেনে কথা কোনে ভাৱিব পাৰে? যিয়েই নহওক কোচবেহাৰৰ পৰা ৰাভা বিতাড়িত হব লগা হ’ল| 


উত্‍স: সৈনিক শিল্পী বিষ্ণুৰাভা, অসমৰ শিল্পী সৈনিক: বিষ্ণু প্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস

Saturday, June 23, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১২)

১৯৪৮-৫১ চনৰ কথা| এজন পলাতকক লৈ অসম চৰকাৰ ব্যতিব্যস্ত| তেওঁক ধৰি দিব পাৰিলে পুৰস্কাৰৰ টকাৰে এজন মানুহ নিশাটোৰ ভিতৰতে ধনী হৈ উঠিব পাৰে| গাঁৱে গাঁৱে ঘাইকৈ উপজাতি অধ্যুষিত অঞ্চলসমূহত  পাইকাৰী হাৰত নিৰ্মম অত্যাচাৰ চলিল -ৰাভাৰ সন্ধান উলিয়াবৰ কাৰণে| তেতিয়া সমগ্ৰ অসমতেই কমিউনিজমৰ ওপৰত নিৰ্যাতনৰ ষ্টীম ৰোলাৰ চলিছে| 

পাঁচ বছৰ কাল গৰিব কৃষকৰ ঘৰে ঘৰে আত্মগোপন কৰি থাকি অৱশেষত সামান্য অসতৰ্কতাৰ বাবে ৰাভা ধৰা পৰিল|  পুলিচ মহলে স্বস্তিৰ নিশ্বাস পেলালে| কিন্তু মস্কিল হ’ল -পুলিচৰ গুডামত যিমানবিলাক হাতকেৰেয়া আছিল তাৰ এডালেৰেও ৰাভাক বান্ধিব নোৱাৰি -ইমানেই আছিল ৰাভাৰ হাজৰ কব্জি| শেষত উপায় নাপাই কঁকালত পঘাৰে বন্দুক বেয়নেটেৰে, ঘেৰি ধৰি জেললৈ নিয়া হ’ল ৰাভাক| এইজনেই আছিল বিষ্ণুৰাভা| Artist in arms.

(উত্‍স:  সৈনিক শিল্পী বিষ্ণুৰাভা নামৰ কিতাপখনৰ হেমাংগ বিশ্বাসৰ "অসমৰ শিল্পী সৈনিকঃ বিষ্ণু প্ৰসাদ ৰাভা")

Friday, June 22, 2012

প্ৰধানমন্ত্ৰী মহোদয়, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব…


আজি ২০ এপ্ৰিল, ২০১২ চন| এফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনফালে আলফাৰ ১২ ঘণ্টীয়া অসম বন্ধ লগতে ৰাইজলৈ সাৱধান হোৱাৰ বাবে সকিয়নী|

প্ৰথম দৃশ্যঃ
দিনাংক ১৯ এপ্ৰিল| স্থান পল্টনবজাৰ| সময় সন্ধিয়া ৮.৩০ বজাত| কাপোৰৰ ডাঙৰ দোকান এখনত সোমাইছো| উদ্দেশ্য লগৰজনে ভাল কাপোৰ এযোৰ লব| সি চাই আছে যদিও পচন্দ হোৱা নাই আৰু মইফ মেনেজাৰৰ কাষৰ টেবুলখনত ভেজা দি থিয় হৈ আছো| এনেতে ভদ্ৰলোক দুজন আগুৱাই আহি সুধিলে –“দাদা, কালি দোকান খুলিবনে?” মেনেজাৰে বুধিদীপ্তভাৱে কলে-“চাওচোন| উলফাৰ বন্ধ আছে নহয়| তথাপি ওচৰৰ দোকানকেইখন খুলিলে খুলিম|”

-“শুনক, দোকান খুলিব, বুজিছে| নহলে পাচত দিগদাৰিও পাব পাৰে|” এৰা, কাইলৈ অসম বন্ধ| কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী আহিব| এফালে আগতেই কৈ থৈছে, অসম বন্ধত বাহিৰলৈ নোলাব, দিগদাৰি পাব পাৰে| এতিয়া এজনে আহি কৈছে, দোকান খুলিব, নহ’লে পাচত দিগদাৰিও পাব পাৰে|

দ্বিতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৩৫| স্থান হেঙেৰাবাৰী হাউচিং কলনি| কান্ধত মোনাখন লৈ অফিচলৈ বুলি ওলাই আহিছো| এজন বৃদ্ধ ৰৈ আছে; ৰিক্সাৰ বাবে| হাতত তেওঁৰ এটা টিফিন বক্স| যোৱা কেবাবছৰৰপৰা থকা হেতুকে দেখিলে হাই-হেলো ধৰণৰ চিনাকি আছে| এজন পংগু মাতৃহীন সন্তানৰ পিতৃ তেওঁ| হাউচিং কলনিতেই থাকে| দেখি সুধিলো-”বৰতা, ইমান ৰাতিপুৱাই কলৈনো ওলাইছে?” তেওঁ হতাশভাৱে উত্তৰ দিলে-”দিছপুৰ হাস্পতাললৈ| মোৰ ভতিজা ল’ৰাটো যোৱাকালি এক্সিডেণ্ট হৈ ইয়াতে আছেহি| দালি-ভাত অলপ লৈ যাম বুলি ভাৱিছিলো..পাছে ৰিক্সায়েই নাই দেখোন|” কিছুমান মানুহৰ বাবে ৰিক্সা এখনযে কিমান দৰকাৰী, সেয়া পৰিস্থিতিতহে গম পোৱা যায়| হাউলি হাউলি তেওঁ খোজ কাঢ়ে, গতিকে দহ মিনিটৰ ৰাস্তাটো‍ওযে তেওঁৰ বাবে বহু দূৰ সেই কথা উপলব্ধি কৰিও তেওঁক সহায় কৰিব নোৱাৰিলো| ওচৰত ৰিক্সা নাই, অটোৰিক্সাও নাই, আৰু ময়ো খোজ কাঢ়িহে আহি আছো| শান্ত্বনাসূচক কিবা এষাৰ কৈ আগবঢ়াৰ বাহিৰে মোৰ ওচৰত কবলৈ একো নাথাকিল|

তৃতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪০| প্ৰথম দৃশ্যৰ ৫ মিনিট পিছত| বৰ্মন উপাধিৰ ৰিক্সাৱালাজনক চিনি পাও| মোৰ ভাৰাঘৰৰ ওচৰতে থাকে| তেওঁক ৰাস্তাতে পাই সুধিলো-”বৰ্মন দা, আজি ৰিক্সা উলিওৱা নাই?”

তেওঁ উত্তৰ দিলে-”পুলিচে বন্ধ কৰিছে নহয়| মেইন ৰাস্তাত ওলালেই পাম এৰি দিয়ে|”
“অলপ আগত বুঢ়া মানুহ এজন ৰৈ আছে| খোজ কাঢ়িব নোৱাৰে| দিছপুৰ হস্পিতাললৈ যাব| পাৰে যদি তেখেতক লৈ যাওকচোন.. পুলিচক বুজাই কলে বুজিব যাওক|”-জানো, যে ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত বৰমতা অসম আৰক্ষীয়ে কেতিয়াও বুঢ়াজনৰ পৰিস্থিতি বা এদিন ৰিক্সা নচলালেই লঘোনে থাকিব লগা ৰিক্সাৱালাজনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে, কৰিব নোৱাৰে| কাৰণ আজি তেওঁলোকৰ স্পেচিয়েল ডিউটি| কিবা আধাৰশিলা স্থাপন কৰিবলৈ পি.এম. আহিব|

চতুৰ্থ দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪২| দ্বিতীয় দৃশ্যৰ মাত্ৰ ২ মিনিট পিছত| স্থান হেঙেৰাবাৰী-গণেশগুৰি ৰোড| সাদায় এইখিনি সময়ত ৰিক্সা-ঠেলা, অট’ৰিক্সাৰে গিজগিজাই থকা এই ব্যস্ত ৰাস্তাটোত এখনো ৰিক্সা নাই, এখনো অট’ৰিক্সা নাই| দুই-এখন প্ৰাইভেট গাড়ী ভয়ে ভয়ে চলি আছে| ৰাস্তাৰ দাঁতিত পুলিচৰ জুম| ইমান পুলিচ যে, কোনোৱা কোনোৱা আৰক্ষী চকীতো ইমান পুলিচ নাথাকে| সকলোৰে ওপৰত তেওঁলোকৰ শেন দৃষ্টি| এজন সদায় দেখি থকা ট্ৰেফিক পুলিচৰ ওচৰলৈ গৈ সুধিলো-“কি আছে হে আজি? ৰাস্তাত ইমান পহৰা যে? ৩০ অক্টোবৰৰ ঘটনাৰ পাছত ইমান পুলিচ একেলগে দেখিছো|”

তেওঁৰ উত্তৰ –“ কি কৰিব, ৰজা আহিব| তাতে আৰু বৰডেকাহতেও অসমলৈ মনত পেলাইছে| গতিকে ৰাতিপুৱাই এই দশা|” কথাখিনি শুনি এনে লাগিন যেন তেওঁলোকো অতৃপ্ত| কেৱল ওপৰৱালাৰ গালিৰপৰা বাচিবলৈ আহি থিয় দিছে| বেচেৰা ! প্ৰধানমন্ত্ৰী আহিব| তাতো ওপৰৱালাই তেওঁলোকক নগুৰ-নাগতি কৰি মাৰিছে|

পঞ্চম দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪৫| প্ৰায় গণেশগুৰি পাও পাও হৈছো| হঠাতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰপৰা কনমানি দুজন দৌৰি ওলাই আহিল| কান্ধত তেওঁলোকৰ স্কুলবেগ| পিন্ধনত চিভিল| তেওঁলোকে নাজানে ৰাজনীতি কি, চিকিউৰিটি কি, অসম বন্ধ কি| দেওবাৰৰ বাহিৰে আনদিনাখন সদায় স্কুললৈ যাব লাগে-মাথো সেয়াহে জানে| সেয়েহে চাগে’ আজিও মাকে উলিয়াই নিদিয়াৰ বাবে চিভিল ড্ৰেচতেই দৌৰিলে| পাচে পাচে মাক| দৌৰি দৌৰি পোৱালি দুটাক ধৰিব পৰা নাই| মাকে পিছপিনৰ পৰা চিঞৰি আছে –“বাবা, আজি স্কুল নাই নহয়|” পোৱালি দুটাৰ মাজৰ পৰা এজনে ওলোটাই ধৰিছে –“ কিয় হব? আজিতো চানদে নহয়|” হেৰা ! সিতো নাজানে, সি য’ত জন্ম লৈছে. তাত যেতিয়াই তেতিয়াই চানদে হৈ যায়| প্ৰধানমন্ত্ৰীৰ আগমনতো চানদে হৈ যোৱা কথাটো সি বাৰু কেনেকৈ মানি লব?

ষষ্ঠ দৃশ্যঃ
সময় ৰাতিপুৱা ৮.৩৫| স্থান আদাবাৰী বাছ আস্থান| ৰাস্তাৰ কাষত যাত্ৰীৰ ভিৰ| কিন্তু গাড়ী নাই| আনকি ট্ৰেকাৰো চলা নাই| যিওবা দুই-এখন চিটিবাছ চলিছে, তাতো পুলিচহে আছে| ৰিজাৰ্ভ| কাৰণ, আজি প্ৰধানমন্ত্ৰী আহিব| এগৰাকী মহিলা যাত্ৰী আউলী-বাউলী হৈ গাড়ীৰ আগত আহি হাত ডাঙিলেহি| আমাৰ গাড়ীৰ সন্মুখত ডাঙৰকৈ লিখা আছে “ON IIT DUTY” বুলি| তাৰ পাচতো হাত ডঙা মানে কথা কিবা গুৰুতৰেই চাগে’| সাজ-সজ্জায়ো চাগে’ গাড়ীচালকক কিবা ভৱাই তুলিলে| গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল| “ৰঙিয়ালৈ যাব পাৰিম?” হেন্দিমেনজনৰ লগত তেওঁৰ কিবা কথা হ’ল আৰু গাড়ীখন গুছি আহিল| পাচতহে হেন্দিমেনজনৰপৰা গম পালো, মানুহগৰাকীৰ হেনো দেউতাক ঢুকাইছে| ট্ৰেইন ৰখি ৰখি বাতিল হোৱা বুলি জানি শেষত তেওঁ এইখিনি পালেহি| হায় ! দেউতাকৰ শৱদেহটো‍ও তেওঁ শেষবাৰলৈ চাব নোৱাৰিব| কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব| আধাৰশিলা স্থাপন কৰিবলৈ(কিহৰ নাজানো)|

শেষ দৃশ্যঃ
স্থান গনেশগুৰি ফ্লাই অভাৰৰ কাষ| সময় ৮.০০| চানমাৰীৰ ফালৰপৰা অহা সকলো গাড়ী সচিবালয়ৰ ফাললৈ অহাত বাধা দি গাড়ীবোৰ হেঙেৰাবাৰীৰ মাজেৰে ঘূৰাই পঠোৱা হৈছে| কাৰণ জানিব বিচৰাত পহৰাৰত চিপাহী এজনে কলে- প্ৰধানমন্ত্ৰী আহিব| সেয়েহে সেইটো ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| চহৰৰ এক ব্যস্ত অঞ্চলৰ এক অতি ব্যস্ত ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| তাকো এক অভিনৱ কাৰণত| প্ৰধানমন্ত্ৰী আহিব| আৰু প্ৰধানমন্ত্ৰী যেতিয়ালৈকে থাকে, তেতিয়ালৈকে ৰিজাৰ্ভ কৰা থাকিব সেইটো ৰাস্তা| এইখিনি সময়ৰ ভিতৰত যিমান গাড়ী নাবাৰ্ড বা চুপাৰ মাৰ্কেটলৈ যাব বিচাৰে, ৩ মাইল অধিক গাড়ী চলাই চহৰৰ সৰু গলি কিছুমানেৰে তেওঁলোক গন্তব্যস্থানলৈ যাব পাৰিব| সেয়া তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বনাচ| কাৰণ… কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব|

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়,
এটা মাত্ৰ আধাৰশিলা স্থাপন কৰিবলৈ (আপোনাৰ আগমনৰ উদ্দেশ্য ভালকৈ নাজানো) আপুনি অসমলৈ অহাৰনো কি প্ৰয়োজন? আপুনিতো নাজানেই যে আপোনাৰ সৰুমটৰীয়া বাসভৱনলৈ যোৱা ৰাস্তাত গধূলি সময়ত উদণ্ড ল’ৰাৰ মদ-ভাঙৰ অবাধ আড্ডা| ৰাস্তাটোৰ কথা নকোৱেইবা, বিদ্যুতৰ যোগানো নিয়মীয়া নহয়| তেনে স্থলত এদিন মাত্ৰ দেখা দি আমি সমস্যাৰ লগত ফেপেৰি পাতি বসবাস কৰাসকলৰ স্থিৰ হবলৈ ধৰা জনজীৱনটোক কিয়নো আৰু অস্থিৰ কৰি তুলিব লাগে? আপুনিতো চৰকাৰী খৰচত বিলাসী যাত্ৰাৰে আহি এক কন্নী মছলা পেলাই আধাঘণ্টাৰ ভাষন এটাৰে দায়িত্ব শেষ কৰি গুছি যাবগৈ| কিন্তু সেই বুঢ়াজনৰ, যিয়ে ৰাতিপুৱাই উঠি দালি-ভাত বনাই বেমাৰীৰ পথ্য লৈ ওলাই আহি ৰিক্সা এখনৰ বাবে বেমাৰীৰ ওচৰত যাব নোৱাৰিলে, তেওঁৰ আৰু সেই বেমাৰীজনৰ কি হব আপুনি ভাৱিছেনে? ভাৱিছেনে এদিন ৰিক্সা নচলালে এমুঠি ভাত খাব নোপোৱা ৰিক্সাৱালাজনৰ কি হব, যাক আপোনাৰ সুৰক্ষাৰ বাবে মূল ৰাস্তালৈ অহাত নিশেধাজ্ঞা আৰোপ কৰা হৈছে| দুই ফালে ভাবুকি শুনি ব্যৱসায়ীজনে কি সিদ্ধান্ত লব অথবা স্কুললৈ বুলি দৌৰা লৰাহতক মাকে কি বুলি বুজাব আপুনি কব পাৰিবনে? আপুনি কেতিয়াবা অনুভৱ কৰিব পাৰিবনে পিতৃবিয়োগত শেষ বাৰৰ বাবে দেউতাকৰ মুখ চাব নোৱাৰা মহিলাগৰাকীয়ে গোটেই জীৱনজুৰি পাই থকা ব্যথা? কোনে বন্ধ দিছে, সেয়া ডাঙৰ কথা নহয়| কিয় বন্ধ দিছে, সেয়াহে ডাঙৰ কথা| তাতে যদি এগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনে সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ব্যাহত কৰে, তেন্তে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যিকোনো সংগঠনৰেই এই বন্ধ উত্সৱ বন্ধ কৰিব নোৱাৰালৈকে আপুনি অন্ততঃ অসমলৈ নাহিব|

বিষ্ণুৰাভাৰ ইটো-সিটো (১১)

ভেশচন কৰাত ৰাভা মহা পাকৈত আছিল| এদিনৰ কথা, বাৰিষাকাল ৰাভা ৰোষত পৰি আত্মগোপন কৰি আছেহি নলবাৰীৰ উত্তৰে পাগলাদিয়া নদীৰ পশ্চিম পাৰে এঘৰ মানুহৰ ঘৰত| চৰকাৰৰ আৰক্ষী বাহিনীয়ে গম পাই গোটেই ৰাতি সশস্ত্ৰ পহৰা দি আছে, ৰাতি পুৱালেই তেওঁক আটক কৰিব| তেতিয়া বাৰিষা কাল| পাগলাদিয়া নদী পানীৰে উপচি পৰিছে| দোকমোকালিতে কান্ধত এখন নাঙল, মূৰত জাপি, হাতত এডাল লৰু, গাত এটা ফটা চোলা আৰু আঁঠুৰ ওপৰৰ পৰা এখনি পুৰণা গামোচা কঁকালত পিন্ধি এজন বড়ো কছাৰী জনজাতীয় খেতিয়কৰ বেশত এহাল গৰু খেদি পহৰাত থকা আৰক্ষী বাহিঈৰ আগেৰে ৰাভা ওলাই গ’ল| আৰক্ষী বিষয়া এজন মুখামুখি হোৱাত বিষয়াজনে তেওঁক ৰাভাৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিলে-"আমি খব নাফাৰং কুনি বিষ্ণু ৰাভা" বুলি কৈ আগেৰে ৰাভা গুছি গ’ল| আৰক্ষী বিষয়াই ততকে ধৰিব নোৱাৰিলে| কিছুদূৰ গৈয়ে সুযোগ সুবিধা বুজি গৰুহাল, কান্ধৰ নাঙল আৰু মূৰৰ জাপি থিতাতে থৈ ফেনে ফোটোকাৰে বাঢ়ি অহা পাগলাদিয়া নৈ পাৰ হৈ পূৱ পাৰত উঠি এখন নিৰাপদ ঠাইত আশ্ৰয় ললেগৈ|

-ধূপাৰাম বসুমতাৰী, সৈনিক শিল্পী বিষ্ণুৰাভা

Wednesday, June 20, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১০)

১৯৬৭ চনৰ কোনো এটা দিন| অসম বিধানসভাৰ কথা| শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিপক্ষে বিৰোধী দলে নানা তথ্যপাতি উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ দিছে -- চৰকাৰ পক্ষয়ো উত্তৰ দিলে| বিধানসভা উত্তেজিত হৈ উঠিছে| অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামীদেৱ| বিধায়ক ৰাভাদেৱে থিয় হৈ অধ্যক্ষ মহোদয়ক সম্বোধি ক’লে --"ৰজা-প্ৰজা, পিতা-পুত্ৰ সম্বন্ধ --এতিয়া ৰজা নাই যিহেতু ভাৰত এখন গনতান্ত্ৰিক দেশ| চৰকাৰেই ৰজা --এতিয়া আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ --কংগ্ৰেছেই আমাৰ পিতা| এই পিতাই আগতে আমাক বৰ মৰম কৰিছিল| তেতিয়া আমি মাতিলে মাতিছিল| সুখ-দুখত আমাৰ প্ৰতি যত্ন লৈছিল| চোৱা-চিতা কৰিছিল| এতিয়া আমি মাতিলেও নেমাতে, মাতবোল নিদিয়ে, মৰমো নকৰে| হাত-ভৰি নলৰে লৰ-চৰো নকৰে| নাকত শ্বাস-প্ৰশ্বাসো নাই, চকুও নেমেলে, কাণেৰেও নুশুনে| কথা কি হ’ল? গাত হাত দি চাওঁ শৰীৰ জঠৰ হৈছে| কংগ্ৰেছ চৰকাৰ --আমাৰ পিতাৰ মৃত্যু হৈছে| অধ্যক্ষ মহোদয়, আপুনিও আহক --পিতাৰ মৃতদেহ গেলি-পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে ধৰাধৰি কৰি বৰ লুইতৰ বুকুত উটাই দিওঁ|" বিধানসভাত হৰ্ষধ্ধনিৰে হাত চাপৰিৰ জাউৰি উঠিল| কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰদ্বাৰা গঠিত চৰকাৰ হেতুকে অনাস্থা প্ৰস্তাৱ নাকচ হ’ল| সিদিনাৰ বিধানসভাৰ বিৰতিৰ পিচত বাহিৰত চৰকাৰ পক্ষৰ প্ৰবীণ কংগ্ৰেছী বিধায়ক মাননীয় শ্ৰীদেৱেশ্বৰ শৰ্মাই ৰাভাদেৱৰ গাত থপৰিয়াই ধন্য ধন্য বুলি প্ৰশংসা কৰিছিল| 

[সৈনিক শিল্পী বিষ্ণুৰাভা, ধূপাৰাম বসুমতাৰীৰ লিখি পঠোৱা ৰচনাৰ পৰা লোৱা হৈছে]

আজি অসম ভ্ৰষ্টাচাৰ আৰু অনিয়মেৰে ভৰি পৰিছে| আহক দেশৰ শাসন ব্যৱস্থা গেলি-পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে মিলি এই ভ্ৰষ্টাচাৰী শাসন ব্যৱস্থাক বৰ লুইতত উটুৱাই দিওঁ |

বিষ্ণুৰাভাৰ ইটো-সিটো (৯)

চীনা যুদ্ধৰ সময়| পুহ কি মাঘ মাহ| বৰমাৰ ফালৰ পৰা এজন মস্ত মানুহ লাইন বাছৰ শেষ চিটত বহি আছে| পিচৰ হেন্দিমেনজনে তেওঁৰ লগত নেচনেল হাইৱেৰ কথা পাতি গৈ আছে| 

বৰমাৰ পৰা অলপমান আগত টালি-টোপোলা লৈ কেইগৰাকীমান তিৰোতা মানুহ বাছখনত উঠিল| ঘগ্ৰাপাৰৰ ফালে যাব| এজনী মাইকী মানুহ এজন ভদ্ৰলোকৰ গাতে ঠেলা-হেচা সহিব নোৱাৰি পৰি গ’ল| মানুহজন গেৰগেৰাই উঠিল| কিবা কৰি পৰিস্থিতি শান্ত হ’ল| পাচে অলপ পাচত আন এগৰাকী মহিলাইহে অথন্তৰটো লগালে| দিলে নহয় তেওঁ গাড়ীতে বমি কৰি| ওচৰত থকা মানুহকেইজনৰ চুলিৰ আগে খঙ উঠিল| তেওঁলোকে এবাৰ মানুহজনীক এবাৰ হেন্দিমেনক উধাই-মুধাই গালি পাৰিবলৈ ধৰিলে| উপায়তো নাই| হেন্দিমেনজনে গাড়ী ৰখাই ৰাস্তাৰ কাষৰ বালি আনিবলৈ লৰ দিলে| 

তেনেতে আহিল ডাঙৰ মূৰৰ মানুহজন| তেওঁৰ গাত থকা এৰী চাদৰখনেৰে বমি কৰা চিটটো আৰু চিটিকি পৰা বমিবোৰ মচি পুনৰ সেইখনকে গাত মেৰিয়াই গাড়ী চলাবলৈ দিলে| ড্ৰাইভাৰে গাড়ী চলাই দিলে| হেন্দিমেনজনো কোনোমতেহে আহি দৌৰি উঠিলহি| প্ৰকাণ্ড মূৰৰ মানুহজনলৈ সকলোৱে তভক মাৰি চাই ৰ’ল| ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৰিব ধৰিলে| হেন্দিমেনজনে বমিৰ গোন্ধ কমাবলৈ গাড়ীৰ দুৱাৰখন মেলি ধৰিলে|

এনেতে গলগলীয়া মাতেৰে মানুহজনে চিঞৰিলে, ৰাখি দিয়ক| গাড়ীৰপৰা নামি প্ৰকাণ্ড মূৰৰ মানুহজনে সৰিয়হতলীলৈ যোৱা বাটটোৰে মিলিটেৰী বেগত যাবলৈ ধৰিলে| সকলো যাত্ৰীৰ দৃষ্টি মানিহজনৰ ওপৰত| 

ড্ৰাইভাৰজনে ওচৰৰে মানুহ এজনক সুধিলে-এইজন কোন চিনিছেনে?
-নাই, কোন?
-বিষ্ণু ৰাভা|

একেলগে কেবাজনো মানুহৰ কণ্ঠৰপৰা ওলাল : বিষ্ণু ৰাভা !! অ’ কমিনিচ বিষ্ণু ৰাভা !! কোনোৱাই কৈ উঠিল: নহয়, কমৰেড বিষ্ণু ৰাভা !!

বিষ্ণুৰাভাৰ মূৰত তেতিয়া গ্ৰেপ্তাৰী পৰোৱানা | পুলিচে বিচাৰি ফুৰা বিষ্ণুৰাভা এইজনে বুলি জানি ঘগ্ৰাপাৰ অভিমুখী তিৰোতাকেইগৰাকীয়ে কান্দিয়েই পেলালে|

(কাহিনীভাগৰ অনুলেখক: সমীন্দ্ৰ হুজুৰী, সৈনিক শিল্পী বিষ্ণু ৰাভা)

গাড়ীৰ পিছৰ চিটত বহিও এগাড়ী যাত্ৰীৰ ভিতৰত আটাইতকৈ উচ্চতম কামটো কৰা এইগৰাকী বিষ্ণুৰাভাৰ কাম আৰু আদৰ্শক আমি কেতিয়াবা অনুসৰণ কৰিব পাৰিমনে ? আহক, আজি ৰাভা দিৱসৰ প্ৰাক্‌ক্ষণত আমি সকলোৱে অসমৰ হৈ দুৰন্ত গতিত কাম কৰি যোৱাৰ সংকল্প লওঁ| 

Wednesday, June 6, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি -১০

বাৰিষা কাল| তাতে সাওঁতা লাগিছে| যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ| যিবোৰ ৰাস্তা এদিন বৰষুণতেই গেলি যায়, এসপ্তাহ নেৰানেপেৰা বৰষুণত তাৰ অৱস্থা কি হব পাৰে সেয়া কল্পনাতীত| তথাপি গধূলি সময়ত আমাৰ দুচকীয়া পেডেল বাহন আগবাঢ়িছিল পাঠশালা চিভিল হাস্পতাললৈ বুলি| এই যাত্ৰাত মোৰ এক লক্ষ্য আছিল| সাধাৰণতে আমি নগন্য বুলি গণ্য কৰা জোকৰ আক্ৰমণত আহত কৈলাশদাক বচোৱাৰ লক্ষ্য; মোৰ লক্ষ্য আছিল অন্ধবিশ্বাসৰ কৱলত পৰা কৈলাশদাক সন্দেহৰ আৱৰ্তৰ পৰা উলিয়াই অনাৰ; মোৰ লক্ষ্য আছিল ভূত গৌণ, চিকিত্‍সাহে মুখ্য বুলি ৰাইজৰ ওচৰত দৃষ্টান্ত দাঙি ধৰাৰ লক্ষ্য আৰু মোৰ সেই লক্ষ্যস্থানলৈ বুলি যিখন ৰথ আগবাঢ়ি গৈছিল, অনুপম আছিল সেই ৰথৰ সাৰথি; সেইজন অনুপম, যাক তথাকথিত ভদ্ৰসমাজে ’চেলবেলীয়া’ আখ্যা দি থৈছিল, মাক দেউতাকেও যাক ঘৰৰ ভিতৰতে মূৰ্খ বুলি কবলৈ বেয়া পোৱা নাছিল| অথচ সেই অনুপম মোৰ বাবে এক সাহস হৈ পৰিছিল, মোৰ সংগ্ৰামৰ সতীৰ্থ |


বাৰে বাৰে গাতত পৰি জঁপিয়াই উঠিছিল চাইকেল, ৰাস্তাৰ বোকাত লাগি ধৰিছিল চকাবোৰ | দুই-এবাৰ আকৌ পিছলি গৈ ৰাস্তাৰ কাষৰ নৰ্দমাত পৰাৰপৰা কথমপিহে বাচিছিলো| অথচ প্ৰতিটো জোকাৰণিতে দৃঢ় হৈ গৈছিল মোৰ লক্ষ্য| বোকাই যিমানে খামুচি ধৰিছিল, মনটো সিমানেই কঠোৰ হৈ পৰিছিল মোৰ লক্ষ্য পাবলৈ| যিমানেই পিছলি গৈছিল চাইকেলৰ চকা, সিমানেই শাৰী পাতি মোৰ মগজুত ধৰা দিছিলহি কৰণীয়সমূহে| 


আনহাতে সুহুৰি বজাই বজাই চাইকেল চলাইছিল অনুপমে| বতৰ গোমা যদিও বৰষুণ নাই| কানিমুণি এন্ধাৰ নামিছে| ঘাঁহত থকা সৰু পতংগবোৰে আমাৰ চকুৰ আগত সত্ৰীয়া নৃত্য আৰম্ভ কৰিছেহি| হাজাৰটা প্ৰশ্ন‍ই, হাজাৰটা চিন্তাই জুমুৰি দি ধৰিছিলহি মোক| বাৰে বাৰে চকুৰ আগত ভাঁহি আহিছিল কৈলাশদাৰ শেঁতা পৰা শৰীৰটো| 
-"অনুপম, তেজ দিবা পাৰা আৰ’ কুনবা ওলব’না?"
-"আজি কেটামানক কৈ আইছু ৰ’| নাইহলি গল কাটি তেজ আনিম বুলি কৈ থৈ আইছু|"
-"হে! সিংকে কবা নালগিছিল|"
-"হবদে| ত‍ই ইমান টেনছন কিয়’ লেনেকা? ম‍ই যি কৰবা লাগে কৰিম নহে|"
-"নহে এ’..| এটু মোৰ কাৰণে ইটা ডাঙাৰ চেলেঞ্জ| প্ৰথমে আকলে আছলু, ইটা তয়ো আছা|"
-"সিকাৰণে কৈছু, ত‍ই বেমাৰীৰ লগত থাকপি, ম‍ই তেজ গটম|"
-"ক’ৰপৰা গোটোবি?"
-"চাই থাকচুন কি কৰু ম‍ই| মাত্ৰ কিত্তে লাগে মোক কৈ থাকপি|"


যেন হাততেই আছে তেজৰ বিশাল ভঁৰাল এটা| যেন তাৰ এক কথাত সকলোৱে তেজ দিবলৈ আগুৱাইহে আহিব! একেবাৰী চিন্তাহীনভাৱে গৈআছে অনুপম| দুই ওঁঠেৰে নিগৰি আহিছে মৃদু সুহুৰি-"গাঁৱৰ ল’ৰা বাটে-বাটে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল’ৰা..."| গধূলি সময়ত ফুৰিবলৈ ওলোৱা গাঁৱলীয়া গাভৰুৰ ওচৰ চাপিলে স্বতঃস্ফুৰ্তভাৱে ডাঙৰ হৈ ওলাইছে সুহুৰিৰ শব্দ| অথচ এতিয়া কোনো কথায়েই ভাৱিবলৈ মন যোৱা নাই মোৰ| আশ্বস্ত হব পৰা নাই অনুপমৰ কথাত| কি কৰা ভাল হব ! ঠিক কৰিব পৰা নাই| দয়ালকাৰ ওচৰলৈও যোৱা নহ’ল| এইফালে দেৰি হব বুলিয়েই অনুপমৰ কথামতে দয়ালকাৰ ঘৰলৈ যোৱাৰ প্ৰগ্ৰেম বাতিল কৰিছিলো| 
-"যিহৰ কাৰণে ইমান যুদ্ধ ক’ল্লি সেই কামটুতো আগতে কৰ| " অনুপমে একে আষাৰে কৈ দিছিল মোক| কিছুসময় ধৰি চিন্তা কৰিছিলো ম‍ই| চিন্তা কৰি এটা কথায়েই পাইছিলো যে জীৱন দানৰ গুৰুত্ব ক্ষমাপ্ৰাপ্তিতকৈও কেতিয়াবা গুৰুত্বপূৰ্ণ হব পাৰে| সেইমতে চিভিল হাস্পতালৰ বাৰান্দাৰ এটা চুকত ভাৰা কৰি অনা খাট এখনত এবুকু আশা লৈ পৰি ৰৈছিল কৈলাশদা, ৰৰ চোতালত চলি আছিল তুমুল বিতৰ্ক, ভাগ ভাগ হৈ গৈছিল মানুহবোৰ| দেউতা আৰু আমাৰ পৰিয়ালৰ পৰা সহায় পাই থকা মানুহখিনিয়ে আমাৰ পক্ষত থিয় দিছিল, বেয়া পোৱাসকলে আমাক গাঁৱৰপৰা এঘৰীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল| আনফালে ডেকাশক্তি একত্ৰিত হৈছিল নৈপাৰত, অনুপমে কোৱামতে কোনে কেতিয়া ভূতে ধৰা মানুহক তেজ দিব তাৰে বিষয়ে আলোচনা কৰিবলৈ| 

আমি যেতিয়া হাস্পতালৰ বাৰান্দাত থিয় হৈছিলো, নিশাৰ চিকিত্‍সকৰ ডিউটি আৰম্ভ হৈছিল| বাৰান্ধাৰে চঞ্চলভাৱে আহ-যোৱা কৰিছিল ৰোগীৰ পৰিয়ালৰ লোকসকলে| হয়তো কোনোৱাজনে ৰোগীৰ বাবে পথ্য নিবলৈ, কোনোৱাই হয়তো দৰৱ আনিবলৈ বাহিৰলৈ ওলাই গৈছিল| হাস্পতালৰ সাধাৰণ ৱাৰ্ড, মহিলা ৱাৰ্ড, কেজুৱেলিটি ক’তো খালী ঠাই নাছিল| বেমাৰীৰে ঠাহ খাই আছিল সকলোবোৰ| 



-"আইঐ...মৰিলো ঐ... ও বাপাহাৰে, মোক বাচ’ ঐ...." বাৰান্দাত পাৰি ৰখা কেইখনমান কাপোৰেৰে ঢাকি ৰখা খাট এখনৰ পৰা হঠাতে উফৰি আহিছিল বিকট চিঞৰ| হয়তো মহিলা ৱাৰ্ডত ঠাই নোপোৱা প্ৰসৱ বেদনাত চটফটাই থকা মহিলা কোনোৱা| 
-"ৰহচুন, ধৈৰ্য ধৰ.... যিমান আটাহ পাৰা সিমানে কষ্টহে পাবি.." লগে লগে বুজনিৰ সুৰো ভাঁহি আহিছিল| সদায় এনে পৰিস্থিতিৰ মোকাবিলা কৰি কৰি অভ্যস্ত হৈ পৰা কোনোৱা নাৰ্চ বা এটেণ্ডেণ্টে হয়তো বুজাব চেষ্টা চলাইছিল তেওঁক...| এখন এখনকৈ বেড পাৰ হৈ আমি আগবাঢ়ি গৈ আছিলো| অৱশেষত বাৰান্দাৰ এটি চুকত পাৰি ৰখা খাটখনৰ ওচৰত গৈ হাজিৰ হৈছিলোহি| কৈলাশদাৰ ভনীয়েক ম‍ইনা বহি আছে খাটখনৰ এটি চুকত| আঠুৱাৰ তলত কৈলাশদাৰ হাতত লগোৱা আছে চেলাইন| চকু তাৰ জাপখোৱা| 
-"মুখৰ মাত আইছিনা?" ম‍ইনাক সুধিলো|
-"ভ্ৰম বকি আছে|"
-"ডাক্তৰে কি কৈছি?"
-"ইটা আহাএ নাই| দিপৰা আইছিল| কেটামান ঔষধ লেখি দি গেইছি|"
-"আনা হৈছি না ঔষধকেটা?"
-"এতেয়ে পাম বুলি কৈছিল| পাচে এতে এটাহে পাইছু| বাকীকেটা বাইহৰ’ৰ পৰা খুট্টে আনছি| "
-"খুৱ’ হৈছিনা?"
-"উ"
-"আৰ’ খাৱ-লৱ?"
-"একো কৰা নাই| নাৰ্চে কিবা বেজী এটা দি গেইছি| আৰ’ এটুইহতি তিনটা চেলাইন দিয়া হল| সেয়ে|"
-"নাউংবাবাই কহে গেল?"
-"কালিৰ ভিতৰ’ত তেজ দিবাই লাগব’| সিকাৰণে তেজ বিচৰি কুনবাৰ ওচৰত গেইছি|"
-"আজি কিয়’ নেদলাক?"
-"ব্লাড বেংকত তেজেই নাই বুলে"
-"ৰহ, ত‍ই অলপ থাকচুন|"
অনুপম ইতিমধ্যে ডক্তৰজনক বিচাৰি ৰেষ্টৰুমৰ ওচৰ পাইছিলেই| ময়ো আগুৱাই গলো| ডক্তৰক ভালকৈ খবৰ কৰি গম পালো যে সকলো ব্যৱস্থা ল’লেও কাইলৈ ৰাতিপুৱাৰ ভিতৰত তেজ দিব নোৱাৰিলে ৰোগী ’চক’ত যোৱাটো খাটাং| এনে পৰ্যায়ৰ ৰোগীক সময়মতে তেজ দিব নোৱাৰিলে ক’মা ষ্টেজলৈ যোৱাটেও বেছি সময় নালাগে| লগতে তেওঁ ’ফ্লুইড মেনেজমেণ্ট’ নে কি সেইটো‍ও সোনকালে আৰম্ভ কৰিব বুলি ক’লে| হাতত এখন দীঘল ঔষধৰ লিষ্ট লৈ আমি এবুকু ভয়ৰে সৈতে উভতি আহিলো| 

সময় তেতিয়া সাতমান বাজিছে| হাস্পতালৰ ভিৰ কমিবলৈ আৰম্ভ কৰিছে| ৰোগীবোৰৰ বেমাৰবোৰো উক দিবলৈ আৰম্ভ কৰিছে| সময় যিমানেই গৈ আছে ভয়টো‍ও সিমানেই বাঢ়ি গৈ আছে| লিষ্টমতে আমি আনি দিয়া ঔষধেৰে কৈলাশদাৰ”ফ্লুইড মেনেজমেণ্ট’ নে কি সেই ট্ৰিটমেণ্ট আৰম্ভ কৰা হৈছেই| আন ৰোগীবোৰৰ আহ্‌-উহ্‌ বাঢ়ি গৈ আছে| কেকনি-গেঠনিৰে মুখৰিত হৈ উঠিছে ৱাৰ্ডসমূহ| হাস্পতালৰ বাৰান্দাও এই ক্ষেত্ৰত পিছ পৰি থকা নাই| কৈলাশদা চুপ-চাপ শুই আছে| মুখখন মাজে মাজে মেলা-জপা হৈ আছে যদিও মুখেৰে মাত ওলোৱা নাই| গাটো অলপ চেঁচা পৰিবলৈ লৈছে| চিষ্টাৰকেইজনীও ব্যস্ত হৈ পৰিছে| মহিলা ৱাৰ্ডত হেনো আজি ডেট পৰা বহুকেইটা ডেলিভাৰী কেচ আছে| মাত দিবলৈও সময় পোৱা নাই তেওঁলোকে| মাজে মাজে ৱাৰ্ডবয় দুজনমানে আহি কৈলাশদাৰ গা-মূৰত হাত দি চাইছে, চেলাইন ঠিকেই গৈ আছেনে চাইছে..আকৌ আঁতৰি গৈছে| আৰু কাষত অপাৰ উদ্‌গ্ৰীৱতাৰে চকু ডাঙৰ কৰি কিবা কব বুলি চাই ৰৈছো আমি| হাস্পতালৰ কাষৰ জাৱৰৰ দমৰপৰা উঁইচিৰিঙাই চিঞৰি পৰিৱেশটো জয়াল কৰি তুলিছে| কি কৰিলে ভাল হব, কি কৰিলে কৈলাশদা সুস্থ হৈ উঠিব তাকে ভাৱি বহি আছো ম‍ইনা, ম‍ই আৰু অনুপম| ৰাতিটো পাৰ হ’লেই হয়| কালি ৰাতিপুৱাই তেজ দিব পৰা যাব| তথাপি অনুপম যাব বিচৰা নাই| কিজানিবা ৰাতি তাৰ তেজৰ দৰকাৰ হয়েই! এটা কালনিশাৰ সন্মুখীন হবলৈ যে আমি আগবাঢ়িছো, সকলো লক্ষণেই দেখা দিলে| আমি মাথো স্থবিৰ হৈ ৰৈ থাকিলো...ৰাতিটো পাৰ কৰিবলৈ.....||

{এই সংখ্যাটো যুগুত কৰাৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে ৰাজকুমাৰ মহন্ত, প্ৰদ্যুত্‍ জ্যোতি শ‍ইকীয়া আৰু উদ্দীপ তালুকদাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলো|}



(ক্ৰমশঃ)

Tuesday, June 5, 2012

মানুহৰ জন্মকথা

সৃষ্টিৰ আদিৰে কথা| ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে তললৈ চাওতে দেখিলে বৰ ধুনীয়া এক গ্ৰহ| তেওঁ ভাৱিলে, ইমান ধুনীয়া গ্ৰহ, ইমানদিনে তেওঁ নেদেখাকৈ কেনেকৈ থাকি গ’ল? ঠিক ভাৱিছেহে, ওলাল নহয় নাৰদ| তেতিয়া আমাৰ ভাঙুৰাজনৰ লগত ব্ৰহ্মাদেউৰ মতানৈক্য| নাৰদে আহি ক’লে -"নাৰায়ণ, নাৰায়ণ.... চাৰ, সেইযে দেখিছে ধুনীয়া গ্ৰহটি সেয়া শংকৰৰ সৃষ্টি| তেওঁ আপোনাক চেলেঞ্জ কৰি সেই গ্ৰহটো সজাইছে| লগতে কৈ ফুৰিছে, আপুনিহে সৃষ্টি কৰিব পাৰেনে ! তেওঁৰ সৃষ্টি আপোনাতকৈও হেনো উত্তম | সেয়ে সৃষ্টিকৰ্তাৰ বাবটোত সকলোকে তেওঁৰ সপক্ষে ভোট দিবলৈ প্ৰচাৰ চলাই আছে| ব্ৰহ্মাই বোলো কথা বিষম| কি কৰা যায় এতিয়া| তেওঁ নাৰদক তথ্যখিনিৰ বাবে ধন্যবাদ জনাই কি কৰিব ভাৱিব ধৰিলে| তেওঁৰ কাম সৃষ্টি কৰাহে| এতিয়া এই সৃষ্টিতো অবৈধ| অনুমোদনহীনভাৱে কৰা এই সৃষ্টি তেওঁ কেনেকৈ Asset Register ত ভৰায় ! 

ইপিনে নাৰদে ভাৱিছিল, ব্ৰহ্মাদেৱে তেওঁক কিবা এটা উপহাৰ দি পঠাব| পাছে নিদিয়া দেখি বেয়া লাগিল| তেওঁ ভাৱি লৈছিল যে, ব্ৰহ্মাই এই গ্ৰহটো ধ্বংস কৰিবলৈ হুকুম দিব| সেই ভাৱি ব্ৰহ্মাৰ উদ্দেশ্য যাতে সফল নহয়, তাৰ উদ্দেশ্যে বিশ্বকৰ্মাৰ ওচৰলৈ গৈ ক’লে যে ব্ৰহ্মাদেৱে শংকৰে সৃষ্টি কৰা গ্ৰহ এটাত কিছুমান দুঠেঙীয়া দুৰ্বোধ্য প্ৰাণী সৃষ্টি কৰি সেইবোৰক চলাবলৈ শংকৰক এৰি দিব| লগতে ইয়াৰো সংকেত দিলে যে ব্ৰহ্মাই সেই প্ৰাণীবিধৰ Model সৃষ্টি কৰিবলৈ হয়তো বিশ্বকৰ্মাকেই দিব| বিশ্বকৰ্মায়ো ভালেই পালে| যাহওক, বহুদিনৰ মূৰত অলপ কাম পাব| কাম নকৰি নকৰি এলাহ লাগি গৈছিল|

পিছদিনা ৰাতিপুৱাই ব্ৰহ্মাদেৱে সন্ধ্যা কৰি উঠিছেহে, তেনেতে নাৰদ আহি হাজিৰ| তেওঁ ব্ৰহ্মাদেউক ক’লে, "চাৰ, আপোনাৰ চিন্তাই মোৰো টোপনি ঘাটি কৰিলে| গোটেই ৰাতি এই গ্ৰহটোৰ কি কৰিব পাৰি, তাৰেই চিন্তা কৰি কৰি পাৰ কৰিলো| অৱশেষত যেনিবা উপায় এটা দেখিলো...সেয়েহে দৌৰি আহিলো|"
"কিনো উপায় দেখিলি ত‍ই"
"চাৰ, শংকৰৰ উদ্দেশ্য বৰ ভাল নহয়| সেয়েহে সেই গ্ৰহটোত দুঠেঙীয়া প্ৰাণী কিছুমান সৃষ্টি কৰি দিয়ক| সেইবোৰক এনেভাৱে Training দিয়ক যাতে সিহতৰ মাজতে প্ৰতিযোগিতা কৰি মৰে আৰু লগতে গ্ৰহটোকো ধ্বংস কৰে|"
ব্ৰহ্মাই চিন্তা কৰিলে...হয়তো...বুদ্ধিটো বেয়া নহয়| তেতিয়া শংকৰেও একো ধৰিব নোৱাৰিব-ফলত ৰাজনৈতিক শত্ৰুতা নোহোৱা হব আৰু কামো সিজিব| 
"যা তেন্তে বিশ্বকৰ্মাক পঠিয়াই দেগৈ" 
কবলৈহে পালে, নাৰদে বিশ্বকৰ্মাক লগত লৈ হাজিৰ হ’লহি|
"বিশ্ব, সেইটো দেখিছনে?"
"দেখিছো চাৰ, তাকেই ভাৱি আছো|" নাৰদে শিকাই দিয়ামতে বিশ্বকৰ্মাই ক’লে|
"কি কৰা যায় তেন্তে? এইটো মোৰ তললৈ আনিব লাগে আৰু শংকৰক তাৰ লগত ব্যস্ত ৰাখিব লাগে|"
"হয় চাৰ, মোৰ মনত বুদ্ধি এটা আছে|"
"কি?"
"দুঠেঙীয়া প্ৰাণী এবিধ গঢ়ি তাতে এৰি দিয়ক| প্ৰাণীকেইটাক ইমানেই ওস্তাদি বুদ্ধি দিয়ক যাতে সিহতক কন্ট্ৰোল কৰাতেই শংকৰ ব্যস্ত থাকিব লগা হয়|"
"দে তেন্তে, Model এটা তয়ে সাজ|"
"হব চাৰ, আপুনি চিন্তায়েই নকৰিব|"

কেইদিনমানৰ পিছত নাৰদে আহি ব্ৰহ্মাক খবৰ দিলে যে বিশ্বকৰ্মাই Model এটা সজালে| ব্ৰহ্মাই লৱৰি গ’ল| চাই দেখে বিশ্বকৰ্মাই এটা ধুনীয়া Model সজাইছে| কিন্তু কিবা এটা যেন নাই, ব্ৰহ্মাৰ এনে লাগিল| সেয়েহে তেওঁ বিশ্বকৰ্মাক ক’লে-"বিশ্ব, ভাল বনাইছাহে! পাছে কিবা অলপ অসম্পূৰ্ণ যেন লাগিছে| অলপ ভালকৈ বনাব পাৰি নেকি চোৱাচোন| আৰু শুনা, শংকৰৰ ভাঙুৰা পাৰ্টীৰ মানুহে আহি আমনি দিব পাৰে, সেয়ে এটা Room পূৰাকৈ বন্ধ কৰি লোৱা, অহাযোৱাৰ বাবে মাথো এটা সৰু ফুটা ৰাখা"
"হব চাৰ" বিশ্বকৰ্মায়ো শলাগিলে
এইবাৰ ব্ৰহ্মাৰ কথাখিনি বিশ্বকৰ্মাৰ বিবেকত লাগিল| স্বৰ্গলোকত প্ৰথমবাৰৰ বাবে কোনোৱাই তেওঁ সজা Model ক অসম্পূৰ্ণ বুলি কৈছে| নাই এনেকৈ নহব| এইবাৰ বিশ্বকৰ্মা খোৱা-লোৱা বাদ দি কামত লাগি গ’ল| সম্পূৰ্ণ তিনিদিন তিনিৰাতিৰ পিছত  কাম প্ৰায় শেষ হও হও অৱস্থাত ভালকৈ চাই তেৱো তভক লাগি ৰ’ল| লৱনী, সুশ্ৰী এক Model. পিছদিনাখন ব্ৰহ্মা আহিল| আহিয়েই তেওঁ থৰ লাগিল| ইমান সুন্দৰ Model আগতে কেতিয়াও দেখা নাছিল তেওঁ| এইবিধ প্ৰাণীয়েহে শংকৰক ব্যস্ত ৰখাৰ বাবে উপযুক্ত হব| তেওঁ বিশ্বকৰ্মাক দুয়োবিধ Model সাজু কৰি দিবলৈ ক’লে| বিশ্বকৰ্মায়ো ততাতৈয়াকৈ সাজু কৰি দিলে| যথাসময়ত দুয়োটা Model ক ব্ৰহ্মাই জীৱন দান কৰিলে| নাম ৰাখিলে "মানুহ"| প্ৰথমটোৰ নাম হ’ল "মতা মানুহ", দ্বিতীয়বিধ"মাইকী মানুহ"| জীৱন পাই মানুহ দুটা ওলাই যাবলৈ বুলি কোঠাটোৰ সৰু দুৱাৰমুখত উপস্থিত হ’ল| মতা মানুহটোৱে তত্‍ক্ষণাত মূৰটো হাউলি দি পাৰ হৈ ওলাই গ’ল; কিন্তু মাইকী মানুহটোৱে বিভিন্ন ধৰণেও পাৰ হব নোৱাৰিলে| তাকে দেখিহে বিশ্বকৰ্মাৰ মনত পৰিল যে মাইকী মানুহটোৰ Model সজাওতে, ৰূপত মুগ্ধ হৈ তেওঁ মগজু স্থাপন কৰিবলৈ পাহৰিয়েই গ’ল| আৰু ব্ৰহ্মায়ো তেনেকৈয়ে জীৱন দান কৰিলে| 

মূলভাৱঃ মগজু নাথাকোতেই মাইকী মানুহে পৃথিৱীখন ছাৰখাৰ কৰি পেলাব ধৰিছে, মগজু থাকিলে কি কৰিলেহেঁতেন?  


বিষ্ণুৰাভাৰ ইটো-সিটো (৮)

বিষ্ণুৰাভাৰ প্ৰথম সামাজিক নাটকৰ অভিনয় হ’ল শ্বৰ্গীয় ফণী শৰ্মা ৰচিত Satire ব্যঙ্গ নাটক ’গঙ্গাটোপ’ত গেঠুৰ চৰিত্ৰ| এই চৰিত্ৰটোত বিষ্ণুৰাভাই ইমানেই সুন্দৰ অভিনয় কৰিছিল যে দৰ্শকসকল আপ্লুত হৈ পৰিছিল| এই নাটকখনক পিছলৈ শৰ্মাদেৱে MLA নামকৰণ কৰে আৰু পিছত পূৰ্ণাঙ্গ নাটকত পৰিণত কৰি ’কিয়’ নাম দিয়ে| 

এই নাটক সম্পৰ্কীয় আড্ডাতেই থিয়েটাৰৰ ওপৰত এদিন আলোচনা হ’ল আৰু ডেকাচামৰ থিয়েটাৰ-নাটকৰ প্ৰতি অনীহা দেখি বিষ্ণুৰাভা, ফণী শৰ্মা আৰু চন্দ্ৰধৰ গোস্বামীদেৱে থিৰাং কৰিলে যে তেওঁলোকে এটা অনুষ্ঠান খুলিব আৰু ভৱামতেই "নাট্যসংঘ"ৰ জন্ম হ’ল| এই সংঘৰ জৰিয়তে তেওঁলোকে ’কিয়’ নাটকখন লৈয়েই বিভিন্ন প্ৰান্তত অভিনয় কৰিবলৈ ধৰিলে| আৰু আচৰিত যে গেঠুৰ চৰিত্ৰত বিষ্ণুৰাভা, ’ৰত্নেশ্বৰ বৰুৱা’ৰ চৰিত্ৰত ফণী শৰ্মা আৰু মুখ্য চৰিত্ৰ ’প্ৰদীপ’ৰ চৰিত্ৰত চন্দ্ৰধৰ গোস্বামীৰ বাহিৰে আনবোৰ চৰিত্ৰ স্থানীয় শিল্পীৰ দ্বাৰাই অভিনীত হ’ল| নাটকখনত ’গেঠু’ৰ চৰিত্ৰটো এক সাধাৰণ চৰিত্ৰ আছিল যদিও অসাধাৰণ অভিনয়েৰে ৰাভাদেৱে ৰাইজক মুহি পেলাইছিল| সৰু চৰিত্ৰ বুলি তেওঁ কোনোদিনে আপত্তি কৰা নাছিল| 

এই প্ৰচেষ্টাত সফল হোৱাত, ৰাইজৰ মাজত নাট্যপ্ৰীতি জগাই তোলাত সফল হোৱাত এইবাৰ শৰ্মা আৰু ৰাভাদেৱে উপাৰ্জনৰ আশা মনত লৈ "চিৰাজ" নাটকখন লৈ ওলাল| এইবাৰো তেওঁলোকে "আঘোণা"ৰ চৰিত্ৰত বিষ্ণুৰাভা আৰু "চিৰাজ"ৰ চৰিত্ৰত ফণী শৰ্মাৰ বাহিৰে আনবোৰ চৰিত্ৰত স্থানীয় শিল্পীকেই ল’লে| এইবাৰো তেওঁলোক সফল হ’ল| এনেকৈ নাট্যজগতৰ লগত জড়িত হৈ আছিল বিষ্ণুৰাভা| 

সমল গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা |

Sunday, June 3, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো(৭)

বিষ্ণুৰাভাই প্ৰায় সদায় পুৱা গাইছিল-শৃন্বন্তু বিশ্ব অমৃতস্য পুত্ৰাঃ অৰ্থাত্‍ শুনা বিশ্বজন তোমালোক অমৃতৰ সন্তান|  কলাৰ প্ৰায়বোৰ দিশতেই বষ্ণুৰাভাৰ দক্ষতা আছিল| কিন্তু তেওঁৰ খেয়ালি মনে যেতিয়াই যিটোত মন যায়, তাতেহে লাগি পৰিছিল| সেয়ে কলাৰ কোনো এটা দিশতেই তেওঁ একাণপটীয়াকৈ লাগি থাকিব নোৱাৰিছিল| তেজপুৰৰ বাহিৰত দিহিঙে-দিপাঙে ঘূৰি হিয়া বিচাৰি ফুৰা বাবেই বাণ থিয়েটাৰৰ লগত জড়িত হৈয়ো বৰ বেছি অৱদান যোগাব পৰা নাছিল| বাণ থিয়েটাৰত তেওঁ বিশেষ গুৰুত্ব দিয়া দিশটো আছিল সংগীত|

১৯৩৫ চনৰ সপ্তমী পূজাৰ নিশা মঞ্চস্থ হোৱা ’কাৰেঙৰ লিগিৰী’ নাটকত সুদৰ্শনৰ চৰিত্ৰটোৰ যোগেদি তেওঁ অভিনয় প্ৰতিভাৰ প্ৰমাণ দিছিল| সুন্দৰ অভিনয় আৰু "মোৰে জীৱনৰে সখা কৃষ্ণ" গীতটোৰে তেখেতে দৰ্শকৰ মনত এক গভীৰ ৰেখাপাত কৰিছিল|

ঐতিহাসিক বা পুৰাণিক নাটকৰ চৰিত্ৰ ৰূপায়িত কৰাত তেখেত আছিল সুনিপুণ| ’দিগ্‌বিজয়’ নাটকত ’নাদিৰ শ্বাহৰ’ চৰিত্ৰৰ অভিনয়ৰে ফুটাই তুলিছিল মানিৰ শ্বাহৰ দেশ জয়ৰ উন্মাদনা|  সেইদৰে ’কংস’ নাটকত ’কংস’ চৰিত্ৰৰ নিষ্ঠুৰতা আৰু দুৰ্দান্ততা সুন্দৰভাৱে প্ৰকাশ কৰিছিল| 

উত্‍সঃ চন্দ্ৰধৰ গোস্বামীৰ "জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন" | গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা| 

বিষ্ণুৰাভাৰ ইটো-সিটো (‍৬)


ৰাভাই অৰ্থদান কৰিছিল মানুহৰ পূজাতহে| সোণৰ চামুচ মুখত লৈ পৃথিৱীৰ পোহৰলৈ আহিছিল বিষ্ণু ৰাভা| পিতৃৰ অবিহনেও সমৃদ্ধিৰ মাজতে চলিব পৰাকৈ থৈ গৈছিল ২৫০০ বিঘা মাটিৰ বিৰাট জমিদাৰী, লগতে থৈ গৈছিল চৰকাৰৰ ঘৰত ভাল চাকৰি পোৱাৰ সুযোগ| চৰকাৰে মাতি নি পুলিচ বিভাগত ভাল চাকৰিও যাচিছিল যাক তেখেতে প্ৰত্যাখ্যান কৰিলে| শ্বৰ্গীয় অমিয় কুমাৰ দাসদেৱে শিক্ষা বভাগৰ মন্ত্ৰী হৈ থাকোঁতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভাল চাকৰি এটা দিয়াৰ বাবে ৰাভাৰ লগত এটা কথা কৈছিল| ল’বলৈ মান্তি হৈয়ো পাছত তেখেতে তাকো নলৈ কাগজতে এক বিবৃতি দি প্ৰত্যাখ্যান কৰিলে|

উত্‍সঃ চন্দ্ৰধৰ গোস্বামীৰ "জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন" | গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

Saturday, June 2, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো(৫)

বহুগুণাকৰ ৰাভাদেৱে নগাপাহাৰ অসমৰ পৰা বিচ্ছিন্ন হওঁতে দুখ কৰি কৈছিল-"আগাই, মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক, ম‍ই ভূপেন হাজৰিকাহঁতক লৈ এটি প্ৰতিনিধি দল ৰূপে গৈ অসমৰ লগত নগা ৰাইজক একলগ কৰি ৰাখিবলৈ চেষ্টা চলাম|"

উত্‍সঃ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ "বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

হিতেন শৰ্ম্মাৰ দিনলিপি-৯


কৰপৰা যে কি হৈ গ’ল কথাবোৰ ! এটা মাত্ৰ ফোনকল, অলপমান হেঁপাহ.. তাৰেপৰাই আৰম্ভ হোৱা নাছিলনে কথাবোৰ? অথচ এতিয়া? সকলো যেন খেলিমেলি হৈ গ’ল| আলহী খাব অহা কৈলাশ দাক মূৰ্মুষ অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল| এডাল মাত্ৰ জোকে সৰ্বনাশ নমাই আনিছিল তাৰ জীৱনলৈ| এতিয়া মাথো প্ৰয়োজন তেজৰ| অথচ অন্ধবিশ্বাসী গঞা আগুৱাই যোৱা নাই ৰক্তদান কৰিবলৈ| ভূতে বাহ লোৱা শৰীৰ এটাক ৰক্তদান কৰি কোনেও নিজৰ আৰু গাঁওখনৰ অনিষ্ট কৰিব নোখোজে| আনফালে তেজ বিচাৰি চলাথ কৰিছে দেউতা আৰু খুড়াই| আলহী খাবলৈ অহা ল’ৰা এজনৰ এই দশাৰ বাবে নিজকে দায়ী বুলি ভাৱিছিল তেওঁলোকে| ইফালে গঞা ক্ষুন্ন হৈ পৰিছিল ৰাতিপুৱা মোৰ ব্যৱহাৰ আৰু আমাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়াহীনতাত| আমাৰ বিৰুদ্ধে ৰাইজমেল মতা হৈছিল আবেলি| অথচ কথাবোৰ মোক জনোৱা নাছিল কোনেও| আৰু বাহিৰত হোৱা কথা-বতৰাবোৰৰ ৰিণিকি-ৰিণিকি শুনা অংশৰপৰা যেতিয়া সকলোখিনি উলিয়াই ললো, আন এক অপৰাধবোধে হেঁচা মাৰি ধৰিলেহি মোক|

এক তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্বত ভূগি আছিলো ম‍ই| ৰাতিপুৱাৰ ঘটনাটোৱে মোক টুকুৰা-টুকুৰ কৰি পেলাইছিল| ভাল কৰিছোনে, বেয়া? ম‍ই যি কৰিছিলো উচিত আছিলনে সেয়া? নে মোৰ সকলো সিদ্ধান্ত‍ই আৱেগিকহে আছিল! এবাৰ এইফালে, এবাৰ সেইফালে মনটোৱে দৌৰি ফুৰিছিল| যিখিনি হৈ গৈছিল, সেইখিনিৰ বাবে অনুশুচনাত দগ্ধ হৈ পৰিছিলো ম‍ই| ম‍ই ভূত নামানিলো বুলিয়েই ভূত মিছানে? যদি মিছায়েই হয়, তেন্তে অতৃপ্ত আত্মাৰ কাহিনীবোৰ বিজ্ঞানে ইয়াৰ নিজস্ব দৃষ্টিভঙ্গীৰে মানুহক বুজাই মেলি, সৈমান কৰাব পৰা নাই কিয়? কিয় বিজাব পৰা নাই এই অলৌকিকতাৰ কাৰণ? আৰু দয়াল কা! মোকোতো ভূতৰ কবলত পৰা বুলি কব পাৰিলেহেতেন.. কিন্তু দুজনৰ মাজৰ পৰা কৈলাশদাকহে বাছি উলিয়ালে কিয়?

এশ একুৰি প্ৰশ্ন‍ই জুমুঠি মাৰি ধৰিছিল মগজটো| যথেষ্ট ভাগৰো লাগিছিল, অথচ শুব পৰা নাছিলো| বিচনাত উঠি চকু মুদিলেই ভাঁহি উঠিছিল গৈটেই ঘটনাটো| দূৰ কৰবাৰ পৰা প্ৰতিধ্ধনিত হৈ আহিছিল কৈলাশদাৰ মাত-"পাইছু ৰ’".. দয়াল কাই চিঞৰি চিঞৰি যেন এতিয়াও কৈ আছিল-"শ্যালা হাৰামজাদা... যাবিনা নাই এৰে পৰা..?" আৰু মাজে মাজে ভাবতে "জপং...জপং" শব্দ শুনি চক খাই উঠিছিলো| প্ৰচণ্ড ভোকত পেট খামোচ মাৰি ধৰিছিল, অথচ টেবুলৰ ওপৰত পৰি আছিল বাঢ়ি দিয়া দুসাজকৈ ভাত; একো এটায়েই খাবলৈ মন যোৱা নাছিল| মনত এটাৰ পিছত এটাকৈ উত্থাপিত প্ৰশ্ন‍ই মোক জুমুৰি দি ধৰিছিল আৰু উত্তৰ বিচাৰি নাপাই জৰ্জৰিত হৈ পৰিছিলো ম‍ই| 

হাস্পতালত তেতিয়া জীৱনৰ বাবে যুঁজি আছিল কৈলাশদা; বন্ধ কোঠাত নিজৰ সৈতে যুদ্ধ কৰি আছিলো ম‍ই নিজে| গাঁওৰ সুবিধাবাদী কিছুমানৰ বাবে সুবিধা ওলাইছিল আৰু তাৰ ফলস্বৰূপেই চোতালত বহিছিল ৰাইজমেল| কাৰণ, আমাৰ ভালৰ বাবে আমাৰ চোতালতেই গোট খোৱা গাঁওৰ অগ্ৰজসকলক ম‍ই কটু বাক্য শুনাইছিলো| ইমানখিনিৰ পিছতো দেউতা-খুৰাহঁতে মোক ’শাসন’ কৰা নাছিল| হঠাতে বাহিৰত কোনোবাই কোৱাকুই কৰা শুনিলো-"হিতুই এনে কৰবা নালগিছিল| আমি ৰাইজেতো ছলিটুক মৰি যাবা নেদলুহৈ|"
-"সি এলাখেন নামনে, জানেয়ে দেখুন"
-"সি নামনিলিএ হব না! আমি দয়ালক নাজনু নেকি?"
-"সি ক‍ই আছিল কৈলাশদাক কলজুকে ধৰি ঠিকচে খাৱ‍ইহে সেনেহেন কচ্চি বুলে|"
-" জুকে তেজ খালি মানহে ভ্ৰম বকে নেকি? আমাক কিত্তেও জুকে ধৰাএ নাই? আমি কলজুক দেখাএ নাই?
-"ভ্ৰম বকপা পাৰে| তাহুন পঢ়া-শুনা কৰা ছ’লি, নাইজে না!"
-"সেতুৱেটো আমাৰ দোষ| তাহুন পঢ়া-শুনা কৰা বুলি চব সিদ্ধান্ত আমি তাহাৰ উপৰোত এৰি দেউং|"
-"নহ’লি কি কৰবা লাগছিল? ম‍ই ভাবু হিতুই একো বয়া কৰা নাই|"
 বহুকেইজন মানুহৰ কথাৰ মাজত তল পৰি গোছিল কথাবোৰ| ধৰিব পাৰিছিলো|

ৰাতিপুৱাৰ কাহিনীয়েই সকলোবোৰ গৰম কৰি ৰাখিছিল| আনকি আমাৰ চোতালো| , ইতিমধ্যে দুটা ফৈদ হৈ গৈছিল ৰাইজসকল আৰু দুয়ো গোটৰ মাজত চলি আছিল যুক্তিযুদ্ধ| অথচ সেই কথাবোৰ শুনিও মোৰ খং উঠা নাছিল| এক অশিক্ষিত আৰু অল্পশিক্ষিত মানুহেৰে গ্ঠিত আমাৰ প্ৰৌঢ়সমাজ| নিজকেই সমাজৰ উচ্চস্তৰতেই দেখি আহিছে| আজিলৈ কোনেও তেওঁলোকৰ কথাত অমান্তি হোৱা নাই, মানিবলৈ অস্বীকাৰ কৰা নাই| অথচ আজি তেওঁলোকৰ সিদ্ধান্তমৰ্মেই মাতি অনা দয়াল ওজাক চোতালৰপৰাই খেদি পঠিওৱা হ’ল, অপমান কৰা হ’ল ৰাইজক- সেয়া তেওঁলোকে কেনেকৈ মানি লব? মানি লব‍ই বা কিয়? কিতাপৰ শিক্ষাই জানো আচল শিক্ষা? 
-" কেটামান দিন ইস্কুলত যাইয়ে লাটচাহেব হৈ গেইছি-ইহ..ৰাইজক কাটে..ইমান সাহ, বিচাৰ হবাই লাগবো..." ৰাইজৰ ওচৰত দাবী উত্থাপন কৰা হৈছিল আৰু সেইসকললৈ মোৰ পুতৌ জন্মিছিল| যিয়ে ঘ্হেনঘ্হেনীয়া পেনপেনীয়া সকলকে শিষ্টাচাৰ শিকাব নোৱাৰিলে, যাৰ নৱ প্ৰজন্মৰ প্ৰতি দায়িত্বজ্ঞান বুলি কোনো বস্তুৱেই নাই, তেওঁলোকে আমাৰ বিচাৰ কৰিব! কিন্তু এয়াই নিয়ম| আৰু এখন সমাজৰ বাসিন্দা হিচাপে সেইবোৰ শুনি যাব লগা হৈছিল| কথাবোৰ শুনি জেদটো বাঢ়ি আহিছিল, খংটো উঠি আহিছিল, কিন্তু ঘৰখনলৈ চাই এইবাৰ শান্ত হৈ ৰৈছিলো| উপলব্ধি কৰিছিলো, একমাত্ৰ মোৰ প্ৰতিক্ৰিয়াই ঘৰখনক শ’লঠেকত পেলাইছে-কোনেও কেতিয়াও আঙুলি টোৱাব নোৱাৰা ঘোৰখনলৈ বদনামৰ ধল নমাই আনিছে| ইমানখিনিৰ পিছতো আমাৰ পৰিয়ালৰ কোনোৱে কিন্তু মতামত দিয়া নাছিল| সেই কথাটোৱে মোক দোধোৰ-মোধোৰত পেলাইছিল| পৰিয়ালৰ আন সদস্যই কথাটোত গুৰুত্বই দিয়া নাছিল নে ৰাইজৰ সিদ্ধান্তকেই মূৰ মাতি লবলৈ সাজু হৈছিল ধৰিব পৰা নাছিলো| এইটো কথায়ো মোক আন এক অপৰাধবোধত ভোগাইছিল| কি কৰা উচিত আছিল, কি কৰিলো, কি কোৱা উচিত আছিল, কি কলো- সেইবোৰ কথাই মোক ভাৰাক্ৰান্ত কৰি তুলিছিল| 

কেতিয়াবা আকৌ দয়ালকাৰ বাবেও বেয়া লাগে| এজন অতি সাধাৰনভাৱে জীৱন-যাপন কৰা গঞা দয়ালকা| তন্ত্ৰ-মন্ত্ৰ জানক বা নাজানক, ভূত-প্ৰেত থাকক বা নাথাকক, এইটোৱেতো তেওঁৰ পেছা| আমি ওজালি বিশ্বাস কৰাৰ বাবেইতো তেওঁ ওজা হব পাৰিছে| ভুতে নধৰিলে তেওঁ খাব কি.কেনেকৈ চলিব তেওঁৰ পৰিয়াল ! তেওঁৰ তন্ত্ৰ-মন্ত্ৰৰ ব্যৱহাৰৰ একমাত্ৰ মাধ্যম ভূতেই লোৱা নাই জানো তাৰ পৰিয়ালৰ ভৰণ-পোষনৰ দায়িত্ব? এজন ওজা হোৱাৰ বাহিৰেও তেৱোতো এজন মানুহ| শিক্ষাই সংকুচিত কৰি অনা ভূতৰ এই ক্ষেত্ৰকে জীৱিকাৰ বাবে খটুওৱাতো কম ৰিক্সৰ কথানে ! অথচ সেই পথকেই লৈ চলি আছে তেওঁ| তেওঁহে জীৱন যুজৰ প্ৰকৃত যুজাৰু| অথচ এন এজন মানুহকে নগা দাৰে কাটিব খেদি গৈছিলো ম‍ই| তাকো ওজালিৰ সময়ৰ বাহিৰে নম্ৰ, অমায়িক এইজন দয়ালকাক| কিমানযে ভুল কৰিছিলো ম‍ই ! ভালকৈওতো বুজাব পাৰিলোহেতেন| ভালকৈ কলে তেওঁ নুশুনিলেহেতেননে? আৰু এতিয়া আত্মদহনত দহি দহি বহি আছো এটা কোঠালীত| খবৰ লবলৈ কোনো অহা নাই| কেৱল ৰাতিপুৱা এসাজ, দুপৰীয়া এসাজ ভাত দি গৈছে প্ৰতীমা পেহীয়ে| সিও তেনেদৰি পৰি আছে|| খাব পৰা নাই| দেহৰ পাচন যন্ত্ৰয়ো মোক মানি লব পৰা নাই| মানি লব খোজা নাই পৰিয়ালেও| সকলোৱে যেন নিঃসংগভাৱে থাকিবলৈ দি মোক শাস্তি দিছে| নিঃসংগতাবোধে খুলি খুলি খাই আছে মোৰ বিবেকক|

-"ম‍ই ভাবু হিতুই একো ভুল কৰা নাই| কৈলাশ ভুতৰ পালাত নপৰা বুলি সি প্ৰমাণ দিবা পাচ্চি| তাৰে পাচতো এই মাইৰ-ধৰগেলা কিয়ো সহ্য কৰবো সি? সেটুদৃষ্টিত সি কৰা প্ৰতিক্ৰিয়াত ম‍ই মুঠেই অসন্তুষ্ট নহে| লজ্জিত হবা লাগাও মোৰ নাই| বৰং গোৰৱান্বিতহে যে মোৰ ছলি আজি শিক্ষাৰ মূল্য ৰাখপা পাচ্চি আৰু আমাক সবকে এটা ৰাস্তা দেইখে দিবা পাচ্চি| এইখিনি অৱশ্যে মোৰ মতামতহে| ৰাইজে যদি ভাৱে, আমি ভুল কচ্চু, তিত্তেহ’লি ৰাইজে যি সিদ্ধান্ত লএ তাকে নানবা ৰেডি আছু|" প্ৰথমবাৰৰ বাবে ৰাইজৰ হেচাঁত দেউতাই মতামত দিলে আৰু ভাঁহি অহা প্ৰতিটো শব্দ‍ই মোৰ বুকুখনত আহি হেচা মাৰি ধৰিলেহি| হুকহুকাই কান্দি পেলালো ম‍ই| সেই চকুপানীখিনিৰ ওজন কিমান আছিল, কান্দি উঠিহে অনুমান কৰিব পাৰিলো| আজি দেউতাৰ পৰা আকৌ এটা নতুন শিক্ষা পালো| এটা পথৰ সন্ধান পালো| সেইটো হৈছে শান্ত-শিষ্টভাৱে লোৱা সত্যৰ পথ-যাক ম‍ই ক্ৰোধেৰে সাৱটি লৈছিলো| ক্ষমা হব সেই সত্য পথত মোৰ সহযাত্ৰী| ম‍ই ঠিক কৰি পেলালো-ম‍ই দয়াল কাৰ ওচৰলৈ যাম|
-"হিতু দা, অনুপম দা আইছি|"-নিকুৱে চিঞৰিলে| লগে লগে অনুপম এনেয়ে বন্ধ কৰি ৰখা দুৱাৰখন খুলি সোমাই আহিল|
-"ঐ, বুল ফুৰি আহু"
-"ক’ত যা? ইচ্ছা যাৱ নাই |"
-"নালগে আ ইচ্ছা যাবা..ওলো| আৰে, ত৬ই ভাত খাৱৱেই নাই?"
-"নাই ৰ...ইচ্ছায়েই যাৱ নাই দেখুন|"
-"ইচ্ছা নায‍ই তোৰ? পাগলা হৈছা নেকি? খা ফটাফট| ডাঙাৰ কাম এটা আছে|"
-"কি?"
-"তিত্তে খুৰাই কৈ আইছিল, কৈলাসদাক তেজ দিবা লাগা হৈছি বুলে|"
-"অ"
-"ম‍ই তিত্তেয়েই আহিম বুলছিলু| পাছে মাই গম পাই আইভা নেদা হ’ল|"
-"ইতা পাছে?"
-"মনে মনে যাম| বিলৰ ভিঠাত যাম বুলি কৈ আইছু| জানে তাতে গেলি মোৰ আহোতে দেৰি হএ|"
-"এতিয়া তাৰমানে ত‍ই ফাঁকি দি হোলিও তেজ দিবি?"
-"অ..নহ’লি কি?
-"অনুপম !!!" কিযে এক শিহৰণে মোক জোকাৰি দিলেহি গম নাপালো| আনন্দতে ম‍ই অনুপমক সাৱটি ধৰিলোহি| 
-"বুল বুল....দেৰি নকৰবি|"
-"ৰহ| মোৰো এটা ডাঙাৰ কাম আছে|"
-"ডাঙাৰ কাম? ৰহ.. ম‍ই অলপ চাইডত যাউ...কভে দাৱ-চাৱ ওচ্ৰে-পাজ্ৰে থাকপাও পাৰে.... হাহাহা..." স্বতঃস্ফুৰ্তভাৱে মোৰ মুখৰপৰাও হাঁহি ওলাই গ’ল|

(ক্ৰমশঃ)



বিষ্ণুৰাভাৰ ইটো-সিটো (৪)

প্ৰায়েই ৰাইজৰ মাজত, ৰাইজৰে এক অংশ হৈ থকা বিষ্ণুৰাভাক বহুতেই "বিষ্টু ৰাভা" বুলিহে মাতিছিল| বহুতৰ কাৰণে তেওঁ আকৌ বড়ো ভাষাত "আদা ৰাভা"(ৰাভা ককাইদেউ)হে আছিল| সেই সকলক ৰাভাদেৱে আগৌই (মোৰ ভাইটি) বুলি সম্বোধন কৰিছিল|

উত্‍সঃ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ "বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

চাৰু গোহাঁইলৈ শ্ৰদ্ধাঞ্জলি


হাগতে আহিবি চেনাই ঐ... খোপাতে এপাহি কপৌ ফুল দিবলৈ.. হাগ তেওঁৰ প্ৰিয় আছিল, অথচ বহাগক আদৰিবলৈ পোৱাৰ আগতেই গুছি গল তেওঁ|

অসমীয়া সংগীত জগতক ৰোমাণ্টিক গীতৰ শৰাইৰে সজাই তোলা এই গৰাকী কণ্ঠশিল্পী-সংগীতকাৰ-সুৰকাৰ চাৰু গোহাঁই অসমৰ সংগীতপ্ৰেমীক অকলশৰীয়া কৰি যোৱা ৭ এপ্ৰিল, ২০১২ ইং চন শণিবাৰে দিনৰ ১০.৪৫ বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় আৰু চিকিত্‍সালয়ত ইহ সংসাৰৰ পৰা মেলানি মাগিলে| দীৰ্ঘ দিন ধৰি অসুস্থতাত ভুগি থকা এই গণশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে থমকি ৰল মাটিৰ গোন্ধ থকা ৰোমাণ্টিক গীতৰ যাত্ৰা|

১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ চৰাইদেউ চাহ বাগিছাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ কণ্ঠত আছিল কোমলতা, সুৰ আছিল মোহনীয়, সংগীত আছিল মৌ-মিঠা| আপোন দেশৰ মাটি আৰু মানুহৰ প্ৰতি আছিল তেওঁৰ এক বিশেষ টান| সেয়েহে চাগে তেওঁৰ গানবোৰৰ মাজেৰে বৈ আহিছিল আপোন দেশৰ কথা| ১৯৭০ চনৰ আৰম্ভণিতে জে.পি. দাসৰ কোনে বাঁহী বাই ৰাতি মোক কন্দুৱায়  গানৰ জৰিয়তে আত্মপ্ৰকাশ কৰা এই মহান শিল্পীগৰাকীৰ ৰোমাণ্টিক তথা মাৰ্জিত সুৰে অসমীয়া সংগীত জগতক দিছিল এক অনন্য দিশ| ১৯৭২ চনত সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰত গান গাবলৈ সুযোগ পোৱা চাৰু গোহাইদেৱ সৰুৰে পৰাই সংগীতৰ বাবে আছিল বলিয়া| এই গৰাকী শিল্পীয়ে ২০ কি:মি: খোজ কাঢ়ি গৈও সৰুতেই তাঁৰবাদ্য বজাবলৈ শিকিছিল| এনে অধ্যাৱসায়ৰ ফলতেই তেওঁৰ গানে জীৱনৰ ভিন্ন খোজৰ প্ৰতিনিধিত্ব কৰিব পাৰিছিল| সংগীত আছিল তেওঁৰ প্ৰাণ, তেওঁৰ ভালপোৱা| অথচ জে.পি দাসে কোৱাৰ দৰে-তেওঁ নিজে আছিল এজন প্ৰচাৰবিমুখ মানুহ, যি প্ৰচাৰবিমুখতাই হয়তো তেওঁৰপৰা কাঢ়ি লৈ গৈছিল বহুকেইটা পুৰস্কাৰ|  জোন জ্বলে কপালত, মোৰ সমাধিত... আছিল তেওঁৰ অনবদ্য সৃষ্টি| ১৯৮৮ চনত নতুন নিঞঁৰ এলবামখন আছিল তেওঁৰ প্ৰথম সংগীত এলবাম| তাৰোপৰি সুৰভি, জোন জ্বলে কপালত আৰু চাৰু গোহাইৰ গীত (Vol.I আৰু Vol.II) আছিল তেওঁৰ আন কেইখনমান এলবাম| মৃত্যুৰ আগমূহুৰ্তলৈ সংগীত সাধনা কৰি থকা এই শিল্পীগৰাকীৰ উদিত নাৰায়ণে কণ্ঠদান কৰা ষোল্ল বছৰীয়া তোমাৰ দেহা.... গানেই তেওঁৰ সংগীতৰ ৰোমাণ্টিকতাৰ পৰিচয় বহন কৰে| মানুহৰ লগত মিলিব পৰাটো আছিল তেওঁৰ এক কলা| বাপ্পী লাহিড়ী, জলী মুখাৰ্জী, উদিত নাৰায়ণেও তেওঁৰ লগত সংগীতৰ কাম কৰি আপ্লুত হৈছিল| জীৱনৰ পিছৰচোৱা সময় গুৱাহাটীৰ নৱগ্ৰহত স্থায়ীভাৱে থকা এইগৰাকী শিল্পীয়ে মৃত্যুৰ সময়ত দুগৰাকী বিবাহিতা জীয়ৰী আৰু পত্নীক এৰি থৈ গৈছে |
নিজৰ অনুভৱেৰে দেশৰ মানুহক দেশৰ মাটিৰ বাৰ্তা দি যোৱা এই ৰোমাণ্টিক আৰু সৰল শিল্পীজনৰ মৃত্যুত অসমৰ শিল্পজগত যেন শূণ্য হৈ পৰিল, সংগীতপ্ৰেমীসকলৰ বাবে হৈ পৰিল এক অভাৱনীয় ক্ষতি| এই মহান শিল্পীগৰাকীৰ মৃত্যুত জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি|

বিষ্ণুৰাভাৰ ইটো-সিটো (৩)

চেঁচামুখত অনুষ্ঠিত সভা এখনৰ কথা| সভা আৰম্ভ হোৱাৰ আগতে এঘৰ মানুহৰ চোতালত গঞা-ৰাইজৰ সমাগম হৈছে| ৰাভাক অনুৰোধ কৰা হ’ল-স্বৰচিত গান শুনাব লাগে| হাৰমণিয়ামটো আগত লৈ তেওঁ গান জুৰিলে-"মোৰ কবিতাৰ চন্দ লাগি মোৰ সোণৰ সপোন ভাঙেনে?" হিয়া উজাৰি গোৱা ৰাভা ৰ কণ্ঠ‍ই উপস্থিত গঞাৰ কলিজা স্পৰ্শ কৰিলে| সকলোৱে নিস্তব্ধ হৈ গান শুনি তাৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সভাস্থলীত গৈ ঠাই  ল’লে| 

উত্‍সঃ কমলা মজুমদাৰৰ "মোৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

বিষ্ণুৰাভাৰ ইটো-সিটো (২)


"১৯৬২ চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিছে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰূদ্ধ কৰি ৰাইজৰ সেৱাৰপৰা বঞইত কৰিব বিচাৰিছিল| কিন্তু বিচলিত হোৱা নাছিলোঁ| পাইছিলোঁ নতুন বল|"-মৃত্যুৰ এমাহমান আগতে ১৫ মে’ তাৰিখে বিষ্ণুৰাভাই কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে লিখা শুভেচ্ছাবাণীত এনেদৰে লিখিছিল|

উত্‍সঃ মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা

বিষ্ণু ৰাভাৰ ইটো-সিটো (১)



স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হাহাকাৰ লাগি গ’ল-বিষ্ণু ৰাভা সপত্নীক গ্ৰেপ্তাৰ হৈছে|দতমা অঞ্চলৰঘিলাগুৰি গাঁৱত| এদিন খবৰ ওলাল ধুবুৰী-বঙ্গাইগাঁও চাটল ট্ৰেইনেৰে তেওঁক ধুবুৰীলৈ চালান দিয়া হব| কোকৰাঝাৰ ষ্টেচন মানুহেৰে ঠাহ খাই পৰিছে| চন্তৰীবাহিনীৰ পহৰাৰে দুয়োৰে হাতত এডাল ৰছীৰে হেণ্ডকাফ লগাই মধ্যম শ্ৰেণীৰ দবা এটাত তুলি দিয়া হ’ল|গাড়ীৰ খিৰিকিয়েদি মুখখন উলিয়া...ই ৰাভাদেৱে ৰাইজক সম্বোধিলে-"ম‍ই খুনী নহয়, ডকাইতো নহয়| ম‍ই বিপ্লৱী, ম‍ই শিল্পী| ম‍ই ৰাইজৰ সেৱক| মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ|" মানুহৰ মাজত গুণগুণনি উঠিল-"এৱেঁই নেকি বিষ্ণুৰাভা! এই দুন্দৰ-সুঠাম দেহা, সদা হাস্য মুখ, মনোমহা মাত কথাৰে এইজন খুনী-ডকাইত হব পাৰেনে বাৰু? এৰা!! এইজনা মেধী ডাঙৰীয়াৰ দিনত আৰু কত যে সঁচাই-মিছাই শুনিম!!" ইপিনে ৰাভাদেৱে কৈ গ’ল-"ম‍ই কোনো অপৰাধ কৰা নাই| ময়োএই সমাজৰে মানুহ| সমাজ জীৱনৰ স্বাভাৱিক নিয়মমতে ম‍ই বিদ্ৰোহ কৰিছোঁ মাথোন|" গাড়ী প্লেটফৰ্ম এৰি গুছি গ’ল| মানুহবোৰে অতি আপোনজনক বিদায় দিয়াৰ দৰে ব্যথা-বেদনাহত দৃষ্টিৰে চাই ৰ’ল| 

উত্‍স: "সৈনিক শিল্পী বিষ্ণু ৰাভা" ত
মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"|