Thursday, September 20, 2012

বন্ধ উৎসৱ



বন্ধ। এক গনতান্ত্ৰিক প্ৰতিবাদ প্ৰক্ৰিয়া। মহাত্মা গান্ধীয়ে বৃটিছ শাসন যন্ত্ৰৰ বিৰুদ্ধে এই গণতান্ত্ৰিক প্ৰতিবাদ প্ৰথমবাৰৰ বাবে অৱলম্বন কৰিছিল বুলি জনা যায়। সেই দিনৰেপৰা সমগ্ৰ ভাৰততে এই বন্ধৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া চলি আহিছে। আৰু এনে এটা পৰ্যায় পাইছেগৈ যে, এদিন আগতে কোনোৱাৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে জন্ম লোৱা সংগঠন এটাৰো দৃষ্টি আকৰ্ষণৰ মূল মাধ্যম হৈ পৰিছে বন্ধ।

বন্ধই আচলতে কি সমাধান দিয়ে ! বিশ্লেষণ কৰি চালে দেখা যায় যে বন্ধ হৈছে প্ৰতিবাদ কৰাৰ, নিজকে জহাই ফুৰাৰ এক অতি উজু পদ্ধতি। কেইবছৰমান আগলৈকে আমি (সৰ্বসাধাৰণ ৰাইজে) বন্ধৰ আগবতৰা পাইছিলো ৰিক্সাৰ পিছত, চিটিবাছৰ পিছত অথবা সৰু বৰ নগৰ বা গাঁওৰ লাইটপ'ষ্টত লগোৱা প'ষ্টাৰৰ পৰাহে। কিন্তু এই প্ৰক্ৰিয়া আৰু উজু হ'ল ক্ৰমবৰ্ধমান ই আৰু ছপামাধ্যমৰ সংখ্যাৰ পৰা। সৰু সংগঠন এটাৰ নামত দুজন ব্যক্তি লগ হৈ সংবাদ মেল এখন পাতিলেই খেল খতম। সংবাদ পিপাষু সংবাদ মাধ্যমৰতো এনে বাতৰি প্ৰকাশ কৰিবলৈ পালে একোৱেই নালাগে। আগতে এটা বাতৰি, বন্ধৰ পিছতো ডাঙৰ ডাঙৰ হৰফেৰে লিখিব "বন্ধ সৰ্বাত্মক"। কিন্তু এই বন্ধৰ ফলাফল কি হ'ল বা ইয়াৰ লাভালাভ কি হ'ল কেইদিনমান পিছত বন্ধ ঘোষনা কৰা বা আহ্বান কৰা দল, সংগঠনটোকো যদি আপুনি সোধে, তেওঁলোকেও চাগে' ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিব। অৰ্থাৎ বন্ধ নিজক প্ৰচাৰ মাধ্যমৰ আগত জহাবলৈ বা নিজৰ অৱস্থিতি সম্পৰ্কে বুজাবলৈ এক সহজ প্ৰচেষ্টা হিচাপে বেচ সফল।

বন্ধই বাৰু কিছুমান দল-সংগঠনৰ অস্তিত্ব বজোৱাত সহায় কৰিলে। কিন্তু ইয়াৰ ফলত চৰকাৰৰ কি লাভ বা লোকচান হ'ল? যিহেতু প্ৰায় এশ শতাংশ বন্ধই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধেহে ঘোষনা কৰা হয়, সেই বাবে চৰকাৰৰ কথাকেই ধৰা যাওক। এটা সৰ্বাত্মক বন্ধই এখন চৰকাৰৰ বিফলতাকে প্ৰতিপন্ন কৰে। বন্ধ ঘোষনা কৰা দল বা সংগঠনে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰে যে ৰাইজৰ হকে কাম কৰি ৰাইজক সন্তুষ্ট কৰাত চৰকাৰ ব্যৰ্থ। ইয়াক কেনেবাকৈ প্ৰতিপন্ন কৰিবলৈ পাৰিলেই সেই দল বা সংগঠনে নিজৰ পচন্দৰ ৰাজনৈতিক দলৰহৈ মাত মতাত সুবিধা হব বুলি ধৰি লোৱা হয়। অৰ্থাৎ বন্ধ কোনো দল-সংগঠনৰ অস্তিত্ব ৰক্ষাত সহায় কৰা এক "অনুষ্ঠান"ৰ বাহিৰেও ই তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰো এক বাট বুলি ভাবিব পাৰি। শাসনযন্ত্ৰত থকা এটা ৰাজনৈতিক দলৰ শাসনকাৰ্যত লোৱা এটা সিদ্ধান্তৰ প্ৰতিবাদত আন এটা দলৰ বন্ধৰ আহ্বান, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত পৰিবহন সংস্থাসমূহৰ বন্ধৰ আহ্বান ইয়াৰ প্ৰকৃত উদাহৰণ।

প্ৰায়ে দেখা যায় বন্ধ ঘোষনা কৰা দল-সংগঠনে এই বন্ধ জনসাধাৰণৰ হিতৰ বাবে বুলি প্ৰচাৰ কৰে আৰু তাক হেডলাইট হিচাপে ৰাখি বন্ধৰ কাৰ্যসূচী আগুৱাই নিয়ে। কিন্তু প্ৰকৃততে এই বন্ধ কাৰ্যাসূচী কিমান জনগনৰ হিতৰ বাবে লোৱা হয় অলপ গমি চালেই ধৰিব পাৰি।

কোনোবা এটা সংগঠনে বন্ধ দিব, আপুনি যদি খাটি খোৱা বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য তেন্তে আপুনি বাহিৰলৈ ওলাব নোৱাৰিব। কিয়নো ৰাস্তাত গাড়ী মটৰ নাপাব। আপুনি আগদিনাখনেই আপোনাৰ প্ৰয়োজনীয় বস্তুখিনি বজাৰ কৰিব লাগিব, কিয়নো দোকান-পোহাৰো সিদিনা নুখুলিব। এতিয়া গাড়ী-মটৰ নচলা কাৰণ যদি বিচৰা যায় তেন্তে দেখা যায় যে, ৰাজহুৱা খণ্ডৰ গাড়ীসমূহ বন্ধৰ সমৰ্থকৰ "উৎপাতত" বা ইন্সিওৰেন্স কম্পেনীসমূহৰ মইমতালি বা গাড়ীৰ কৰ্মচাৰীসকলে মালিকৰ পৰা এদিনৰ বাবে হাত সৰাৰ বাবে বন্ধ ৰাখিব লগা হয়। প্ৰায়ে দেখা যায়, বন্ধৰ সমৰ্থকসকলে ভাৱে যে ৰাতিপুৱাৰ ভাগতেই যদি অলপ "উৎপাত" (তেওঁলোকৰ ভাষাত প্ৰতিবাদ) কৰি দিব পাৰি, টায়াৰ জ্বলাই, গাড়ীৰ গ্লাছ ভাঙি দিব পাৰি তেন্তে ইয়াৰ পিছৰ গাড়ীসমূহ নচলিব। গতিকে এই চেষ্টাতেই বহুত বন্ধৰ সময়ত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰিও পোৱা যায়। এবাৰ গ্লাছ ভঙা বা ক্ষতিগ্ৰস্ত হোৱা গাড়ীখন যদি বীমা ক্লেইম কৰিব যায়, বীমা কম্পেনীটোৱে বিভিন্ন ক্ল'জ দেখুৱাই বীমা ক্লেইম বন্ধৰ সময়ত নাখাটে বুলি প্ৰতিপন্ন কৰিব। অৰ্থাৎ বন্ধত গাড়ী চলোৱাৰ বাবে দাবী  ধমকি দি গাড়ী চলাবলৈ বিচৰা মালিকসকলেও "বাইচাঞ্চ" নিজৰ পকেটৰ পৰা টকা খৰচ হোৱাৰ ভয়ত ড্ৰাইভাৰ-কনডাক্তৰত বন্ধত গাড়ী চলোৱাৰ পৰা ৰেহাই দিয়ে। আনহাতে দোকান পোহাৰ বন্ধৰ কাৰণ যদি বিচাৰে দেখিব অধিক ব্যাৱসায়ীয়েই নিৰাপত্তাহীনতাৰ বাবেই নিজৰ ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লগা হয়। ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিবহনৰ অসুবিধাৰ বাবে, নিৰাপত্তহীনতাৰ বাবে আৰু "গাড়ী মটৰ নাই, গ্ৰাহকনো ক'ত পাম" ধাৰণাৰ বাবেই নিজৰ ব্যৱসায় বন্ধ কৰিব লগা হয়। ব্যক্তিগত খণ্ডৰ গাড়ী মটৰৰ কথা যাদি চায়, তেন্তে নিৰাপত্তাহীনতা, ইন্সিওৰেন্স কম্পেনীৰ মইমতালি আদিৰ বাহিৰেও চাকৰিৰ পৰা এদিন "ফকতত চুটী" পোৱা ধৰণৰ পলায়নবাদী মনোভাৱ, ব্যস্ততাৰ অজুহাতত পৰিয়ালৰ পৰা আঁতৰি থাকি বন্ধৰ দিনাই "ফেমিলিৰ সৈতে কটোৱা" মনোভাৱ, বন্ধৰ দিনা "কাম কৰাৰ" মানসিকতা আদিয়েও বহু পৰিমাণে ক্ৰিয়া কৰে।

এতিয়া আহো খাটি খোৱা সকলৰ মাধ্যেমেৰে বন্ধ উৎসৱৰ প্ৰকৃত লাভালাভৰ হিচাপলৈ। ৰিক্সাৱালাজনে ভাৰা নাপাই অনৈতিক ভাৱে চুৰি-ডকাইতি কামত লিপ্ত হোৱাৰ কাৰণ সম্পূৰ্ণকৈ নহ'লেও আংশিকভাৱে হ'লেও বন্ধৰ গাত পৰে। "ডেইলি ৱেইজ" বেচিচত চাকৰি কৰাসকলে এদিনৰ মঞ্জুৰি এৰিব লগা হয়। পৰীক্ষাৰ্থীসকল যিহকে পায়, তাতে উঠি পৰীক্ষা দিব গৈ দুৰ্ঘটনাত পতিত হয়, চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালসকল নহা বাবে কাম এটাৰ বাবে তিনিদিনৰ পৰা বাহৰ পাতি থকা গাঁৱৰ খটি খোৱা লোক এজনে এসপ্তাহৰ জোখাৰে অটাকৈ গাঁথিৰ ধন ভাঙিব লগা হয়। হাস্পতালত চিকিৎসাধীন ৰোগী এজনৰ পথ্য দিবলৈও কোনো যাব নোৱাৰা অৱস্থা হয়, গাড়ী মটৰ নচলে বুলি ওলাই অহা ধিতিঙিলীয়া ল'ৰাৰ বাইকৰ ষ্টানৰ সন্মুখত পৰি কোনো মহিলা, শিশু অথবা বৃদ্ধ হাস্পতালত ভৰ্তি হব লগা হয়। ব্যস্ততাপূৰ্ণ সময়খিনিৰ মাজতে এদিনৰ কামৰ ঘাটি মিলাব নোৱাৰি গালি খাব লগা হোৱা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, ওপৰৱালাৰ লগত বেয়া হব লগা হয়। এনে উদাহৰণ আৰু ইমানেই ওলাব যে ইয়াৰ হিচাপ কৰিবলৈ গ'লে বহুকলম চিঞাহি শেষ হব।

চৰকাৰৰ ঘৰৰপৰা যদি চাব যায়, এদিনৰ বন্ধই কিমান লোকচান কৰে, শ্বেয়াৰৰ উঠা-নমা চায়েই আপুনি অনুমান কৰিব পাৰিব। বিদেশৰ পৰা আমদানিকৃত কোনো সামগ্ৰী এদিনো যদি ৰাখিব লগা হয়, তেন্তে উন্নয়নত দেশ এদিন পিছপৰি গ'ল। ইপিনে ৰখাই থোৱাৰ নামতটো অতিৰিক্ত খৰচ বহন কৰিব লাগিলেই। কি ঠিক সেই এদিনৰ পিছপৰাৰ বাবেই দেশে বা কিমান ডাঙৰ লোকচান ভৰিব লগা হয় ! ব্যৱসায় মন্দা, গ'ল চৰকাৰৰ চেলচ টেক্স, কাষ্টম ডিউটি, এক্সাইজ ইত্যাদি ইত্যাদি নানানটা টেক্স, অৰ্থাৎ লোকচান। চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালৰ সংখ্যা সেৰেঙা, অৰ্থাৎ অতি জৰুৰী মিটিংখনো গ'ল এদিন পিছুৱাই, এদিন আকৌ পিছুৱাই গ'ল দেশ। ইপিনে গতানুগতিক খৰচবোৰতো আছেই। অৰ্থাৎ এদিনৰ খৰচখিনিৰ লোকচান হোৱাৰ উপৰিও আন এদিনৰ কাম খতি কৰি সেই পেণ্ডিং কামখিনি কৰোতে গ'ল আৰু দুদিনৰ কাম। অৰ্থাৎ এদিনৰ বন্ধত তিনিদিনৰ লোকচান। আৰু সেই লোকচানৰ বোজা উঠাওক আপুনি। কেইদিনমান পিছত সেই বোজা সহিব নোৱাৰি চৰকাৰে পেট্ৰ'লৰ দাম বঢ়াওক, ডিজেলৰ দাম বঢ়াওক, এল.পি.জি.ৰ দাম বঢ়াওক, আৰু সেই মূল্যবৃদ্ধিৰ বোজা লওক আপুনি।

সেয়েহে আমি ভবাৰ সময় আহি  পৰিছে, বন্ধ আমাৰ বাবে কিমান লাভদায়ক। বন্ধই আজিলৈকে কি সমাধান আনিছে, সকলোৱে দেখিছেই। গতিকে এনে বন্ধ মনাৰ কিবা যুক্তি আছে বুলি ভবাৰ সলনি বন্ধ আহ্বায়কৰ বিৰুদ্ধে বন্ধ দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ সময়হে সমাগত হৈছে। আদালতৰ নিৰ্দেশ মানি বন্ধ অবৈধ বুলি ভাবি লোৱাৰ সময় এয়া, বন্ধৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত যান বাহনৰ বীমাৰ ক্ষেত্ৰত ঝামেলা দেখুৱালে সেই কম্পেনীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সময় এয়া। বন্ধ উৎসৱক ভুল বুলি প্ৰতিপন্ন কৰি দেশৰ আৰ্থিক অৱনতি ৰোধত হাত উজান দিয়াৰ সময় এয়া।

No comments:

Post a Comment