Wednesday, June 19, 2013

আধেলাৰ কেচে

আমাৰ ঘৰৰ আধেলাত
আছিল এডেল কেচে
শাইলখা দুটাই নিবাক লগিন
আহিল হফে ফফে ৷
মইধাত থাকা মইতফল ডেলত
আছিল এটা খুলুং
ওলে আইল্হাক গবৰখচৰা
কুনি নিয়া চাউং ৷
চুৱেনাৰ পাৰত আছিল এডেল
কেচেলেপা কল
চৰচৰে নামি আইল্হাক
বাইৰখখৰ৷
আগ চতলোৰ গলিৰ কাষত
হাউ খেলি খেলি
পূজলা চলি কেটাই আছিল শিয়ান চেলকি ৷
তিত্তে আহিল কাক্ৰিকিট্টং
কিবা বেলটম বুলি ৷
কাক্ৰিকিট্টং দেখা পাই
শাইলখাই মাল্লাক লৰ
গবৰখচৰায়ো দিলা লেংটিচিঙা লৰ৷
বাইৰখ দাউল্লাক ভাখ্ৰিৰ তলত
চলি পালাক পলি
চবগেলা হলাক জাই
চাঙৰ তলৰ গিৰি ৷
কুনজেলকাই দেখা পালাক
কাক্ৰিকিট্টংৰ ভৰি
কভেৰ পৰা তেলভুলকাও
পালাক সেখনি আহি ৷
কুনজেলকাই বুলে তেলভুলকা ভাই
ওলো একপাক যাউং
কাক্ৰিকিট্টং আইছি দেখুন
মজা এটা দেউং ৷,
কুনজেলকা বহি থাকিল
চতলোৰ চেলনি চাই
তেলভুলকাই লাইফে উঠিল
সইফৰমৰ গাছত যাই ৷
অলপ পাচত কাক্ৰিকিট্টং জাইপে জাইপে আহিল
তেলভুলকাই লাহেকে গেল তাৰ
চোলাৰ তলত সুৰকি ৷
কুনজেলকায়ো চেগ বুজি
দিলাক আঠা এৰি
কাক্ৰিকিট্টং পৰি মল্লাক মাজ চোতলোত আহি ৷




চিত্ৰ:  অয়ন উত্তম।