Sunday, July 6, 2014

হিতেন শৰ্ম্মাৰ দিনলিপি-১১ (২য় অধ্যায়)


সপোন সপোন যেন লগা দুঘণ্টা সময় ইমনত কটাই আমি যেতিয়া পূজাথলী পাইছিলোঁহি, তেতিয়া মনবোৰ পুলকিত হৈ আছিল। পূজাথলীত তেতিয়া প্ৰায়ভাগ ল’ৰা-ছোৱালীয়েই আহি উপস্থিত হৈছিলহি। আমাৰ লগত আলোছায়া অহা নাছিল, কিন্তু অহাৰ প্ৰতিশ্ৰুতি দিছিল। পূৱালীয়ে হয়তো কিবা কব বিচাৰিছিল, কিন্তু ইমনত সুন্দৰভাৱে পাৰ কৰা সময়খিনি নষ্ট হওঁক বুলিয়েই একো কোৱা নাছিল।

-অ’ই  হিতেন, পুষ্পাঞ্জলি দিয়াৰ সময় হৈছি। চবকে মাতি দিয়াচুন। -প্ৰাঞ্জল দাই পূজাথলীৰ পৰা ওলাই আহি ক’লে।
মই ৯ নং কোঠাত বহি থকাসকলক খবৰটো দি কমন ৰূম পালোঁগৈ। চাৰসকল তেতিয়া বেচ কথাৰ মহলাত ব্যস্ত আছিল। চাৰসকলক পূজাথলীলৈ আহিবলৈ কৈ লেবত অভ্যৰ্থনাথলীত ব্যস্ত থকাসকলক ক’লোঁগৈ। লেবৰ পৰা মই চিধাই গৈ অস্থায়ীভাৱে সজোৱা পাকঘৰ পালোঁগৈ। জানো, ৰান্ধনিয়ে পুষ্পাঞ্জলি দিবলৈ যাব নোৱাৰিব। তথাপি গ’লোঁ। পুষ্পাঞ্জলি দিয়াৰ ইচ্ছা নাছিল বাবেই হয়তো অলপ লুকাবলৈ চেষ্টা কৰিছিলোঁ। সেয়ে গৈ ৰান্ধনিৰ লগত কথাৰ মহলা মৰাত লাগি গৈছিলোঁ। কিছুপৰ কথা পাতি বাহিৰলৈ ওলাই যাওঁ বুলি দুৱাৰমুখ পাইছিলোঁগৈহে, কৰবাৰ পৰা আহিল নহয় পূৱালী। ওচৰ পাইয়েই তাই চিঞৰ-বাখৰ আৰম্ভ কৰি দিলেহি-
-অ’ই কুকুৰ, চবকে তাতে পথে তই ক’ত পলে ফুচ্চা?
-পুষ্পাঞ্জলি শেষ হ’লনা?
-হোনাই। অলপ ৰোবা কৈ আইচু।
-কিয়ো?
-চবগেলাখেন আহক।
-চব মানে? চব গেইছিয়ে দেখুন।
-চব গেইছি যি, তয়ে যাৱ নাই দেখুন।
-এহ….হে, মই এলাখেন ভাল নাপং এ।
-কিয়ো?
-এনেই।
-হিতু! তই বামুনোৰ চ’লি কিংকে হ’লি কোচুন? নাস্তিক শ্যালা !
-ভুলতে- হাঁহি হাঁহি ময়ো উত্তৰ দিলোঁ।
-ভুলতেতো হৈছা বুলি গম পাইচুএ। পাছে ক’চুন-এই দুইদিন তিত্তেহ’লি গৰু খাটা দিলি কিয়ো?
-কাৰণ, কাৰণ মে এক চ’চিএল মানহু হু। আউৰ সমাজ মই ভাল পাতা হু।–ধেমেলীয়াকৈ কথাখিনি কৈ মই কথাৰ গুৰুত্ব কমাবলৈ চেষ্টা কৰিলোঁ।
-জানু। চব মানহুএ চ’চিয়েল। আৰো এলাখেন অনুষ্ঠান-ও চ’চিয়েই অনুষ্ঠান এ। ইতা পুষ্পাঞ্জলিও আকলা-আকলিকে নেদে। সকলোকে একেলগে সামাজিকভাৱেই দিবো।
-জানু। কিন্তু এলাখেন চব অৰ্থহীন বুলি ভাবু।
-ভাবা ভাবা আহ। ইটা লেকচাৰ বন্ধ কৰ আৰো আহ।
-মই এলাখেন ভাল নাপোং বুলি কৈছুৱে দেখুন। তই যা।
-হিতু! কি হৈছিনু তোৰ?
-আকো হোনাই।
-ভাল নাপো নাই। মোৰ কাৰণেতো বুল। -অনুনয়ৰ সুৰত এইবাৰ পূৱালীয়ে অস্ত্ৰপাট পঠালে।
-??
-মানে মই নহোলি আকলা-আকলি বইভা লাগে যি, সিকাৰণে কৈছু।– কথাৰ সুৰ বেলেগ যেন হোৱাত তাই এইবাৰ কথা ঘূৰাবলৈ ক’লে।
-কৰবী আহুন?
-আছে। চোব থৰা-থৰিকে বহি আছে। মই কাৱাব মে হাড্ডি হোবা নাযং।
-!!
-না ডাৰ্কলাইট নাহা কাৰণে নায?
-নাঃ। তই যিমান জকে থাকা, আমাৰ মাজত সিমান আকো নাইতো। পাৰা যদি তয়ে লুগে দিচুল।
-হোবো নিকিন!! যাবি না ইতা? ডাৰ্কলাইট লাগে যদি বুল। তই নেগোলি ময়ো নাযং কিন্তু, মোনোত ৰাখপি।
-ধই! পাগলা নেকি?
-নহে। পাগলা নহে কাৰণে মাতচু, বুল। আৰো ভগৱান নামনিলি বুলিয়ে……. পূৱালীৰ লেকচাৰ শুনাৰ শাস্তিখিনি খোৱাতকৈ যোৱাই ভাল হব বুলি তাইক আধাতে ৰখাই যাবলৈ ওলালোঁ।
-ৰহ, ৰহ। আৰো আকো বুজোবা নালগে। পাছে তোৰ কাষত বইহলি পূজাত মন নবইভোএ নহে।–গৈ গৈ তাইক অলপ জোকাবলৈ চেষ্টা কৰিলোঁ।
-কিয়ো? ডাৰ্কলাইটক লুগে দিম বুলি ইমান আশা কৰিও লাভ নহোবো। আৰো তাইৰ কথায়েই অনবৰতে ভাবি থাকা যে, আমাৰ কথাও মাজে মাজে ভাববিচুন।
-ডাৰ্কলাইটৰ কথা কোনাই। তোৰ কথায়েই কৈছু। তাতে আজি ইমান ধুনীয়া লাগচি তোক যে……
-যে? চাইট্টা চ’লিৰ মাক?
-নহে।
-তিত্তেহ’লি?
-চাইকেলখেনত পাছৰ কেৰিয়াৰ নাই ন’হে।
-আগতে উঠিম দে।
-তোক নাটপো নহে। অলপ বহলাতু কমে ঠেক হোচুন।
-মই বহলা হৈ থাকলি তোৰ কি প্ৰ’ব্লেম?
-কলুৱে দেখুন। তাতে চেকেণ্ড হেণ্ড চাইকেল। -ধেমালীৰ মাজতে দুয়ো দুয়োকে জোকাই জোকাই পূজাথলী পইছিলোঁগৈ। শেষৰ সময়ছোৱা পূৱালীয়ে একো কোৱা নাছিল। মোৰ চকুলৈ অৰ্থবহ ভাৱে মাথোঁ চাইছিল। এনেকুৱা এটা চাৱনি, যাৰ অৰ্থ বুজিবলৈ এই চক্ৰেটিচৰ হয়তো আৰু বহুত দিন লাগিব।

পূজাৰ আমেজ, নৱাগত আদৰণিৰ ধেমালিবোৰে সকলোকে বুৰাই ৰাখিছিল। দিনটো সকলোৰে বাবে হৈ পৰিছিল এক বিশেষ দিন। মোৰ বাবেও। ঘৰুৱা সমস্যাৰে জৰ্জৰিত হৈ থকা সময়তো আজিৰ দিনটোৰ কাৰ্য্যক্ৰমণিকাই গোটেই দিনটো মোক এই সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছিল। দেৱীকা বাই বৰ পৰিপাটীকৈ আৰম্ভ কৰিছিল আমাৰ পৰিচয়পৰ্ব। আৰু পৰিচয়পৰ্বৰ লগতে সকলোকে সহজ কৰি তুলিবলৈ কৰিবলৈ দিছিল কিছুমান অভিনয়, আবৃত্তি ইত্যাদি। অৱশ্যে কবিতা সকলোৰে বাবে বাধ্যতামূলক আছিল। কোনোবাই কবিতা নাজানিলে ‘লাও পুলি ল’ৰাই ৰুলোঁ’ হ’লেও মাতিব লগাত পৰিছিল। আৰু এই নিয়মে মোৰ টেনচন বঢ়াই তুলিছিল। সকলোৱে হাঁহিছিল, ফূৰ্তি কৰিছিল। মাৰ্জিতভাৱে জমাইছিল। পূৱালীয়ে মাজে মাজে মোলৈ চাইছিল। সেই অৰ্থবহ চাৱনিটোৰে। আৰু তাই যিহে ভয়ানক, মোক কিহবাত ফচাব বুলি তলমূৱা হৈছিলোঁ। কিন্তু তথাপিও মোৰ পাল আহিছিল। পূৱালীয়ে মোক ফচোৱা নাছিল। কিবা সহায় কৰিব লাগে বুলি ৰিদিপ দাই মোক উঠাই নিছিল। আৰু তাৰ পিছতেই আৰম্ভ হৈছিল মোৰ পাব্লিক ইনচাল্ট। আতিশয্যাৰ ভৰত ময়ো কবিতা মাতিছিলোঁ, আৰু কবিতাবোৰ গহ্বৰ সিঙৰ ডায়লগৰ দৰে হৈ সকলোকে আমেজ দিছিল। যেতিয়া গাইছিলোঁ, সৰুতে ছৱি আঁকি তলত কিহৰ ছৱি আঁকিছোঁ লিখি দিয়াৰ নিচিনাকৈ ‘অমুক গানটো গাম’ বুলি কৈ দিব লগা হৈছিল। আৰু “ই ইটো জানে, সিটো জানে” বুলি উচতাই জোল খাইছিল কৰবীহঁতে। আনহাতে মোৰ এই পাবলিক ইনচাল্ট সকলোৰে বাবে হৈ পৰিছিল পাবলিক এণ্টাৰটেইনমেন্ট। হঠাতে দেখিছিলোঁ, আলোছায়াও কোনোবা তলকত আহি বহিছেহি। দেখিলোঁহে মাত্ৰ, তাইও দিলে নহয় জিলেপী ডেঞ্চৰ তলব। মোৰ দৰে আন কিছুমানৰো বেণ্ড বাজিছিল। সকলোৰে সন্মুখত হোৱা এই পাবলিক ইনচাল্টবোৰে কিন্তু মোক আৰু সকলোকে সহজ হোৱাত বহুতখিনি সহায় কৰিছিল।

অনুষ্ঠান শেষ হৈ যেতিয়া খোৱা-বোৱাৰ যোগাৰ কৰিবলৈ আহিছিলোঁ, তেতিয়া ৩ মান বাজিছিলেই। সকলোৱে মিলি প্ৰথম বৰ্ষৰ কেইজনক আৰু চাৰসকলক বহুৱাই দিবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ, এনেতে বাহিৰত ৰণদ্বীপ আহি মাতিলহি – ঐ হিতেন, ইফালে আহচুন।
-ইতা যাবা পাৰবান্নাই। কি ক’চুন।
-নহে বে, চিৰিয়াচ কথা।–অগত্যা মই আগবাঢ়ি গ’লোঁ।
-পূৱাক মাতি দেনা
-সেতুহে চিৰিয়াচ কথা তোৰ?
-মাতি দিনা
-কি কথা কচুন।
-কম যা পাছোত। ইতা তাইক মাতি দি। -বেছি সময় মুখ নুখজুৱাই মই পূৱালীক মাতি দি পুনৰ কামত লাগি গ’লোঁ।
দুই  মিনিটমান পিছতেই পূৱালী ধূৰি অহা দেখিলোঁ যদিও মুখৰ অভিব্যক্তিত একো ধৰিব নোৱাৰিলোঁ, ৰণদ্বীপে কি কথা ক’লে।

সকলোৰে অভ্যৰ্থনা শেষ কৰি মই, পূৱালী, জয়, অৰূপ, ৰিদিপ, কুমাৰ, উচ্চ, আলোছায়া, কৰবী, দেৱীকা বা সকলোৱে একেলগে খাবলৈ বহিছো। সকলোৰে মুখেৰে আনন্দৰ নিজৰা বইছে। সকলোৱে যেন ধেমেলীয়া কথাৰ প্ৰতিযোগিতাহে পাতিছে। সকলোবোৰ ব্যঞ্জন আকৰ্ষণীয় হৈ পৰিছে। আনন্দ মিহলি ব্যঞনসমূহ পেটলৈয়ে নহয়, হৃদয়লৈও সোমাই গৈছিল। আত্মা তৃপ্ত হৈ পৰিছিল। ইজনে সিজনক জোকোৱা, কাট মৰা আদিবোৰে মনক এক এক অনুভূতিৰে আপ্লিত কৰি তুলিছিল। যোৱা এমাহত যিমান হঁহা নাছিলোঁ, ইমানখিনি আজিয়েই হাঁহি লৈছিলোঁ। আনন্দমধুৰ হৈ পৰিছিল দিনটো। সকলোৰে। মোৰো।

কাৰো ভাল লগা নাছিল যেতিয়া সন্ধিয়া নামিছিল। হাস্যমধুৰ এটা দিনৰ শেষ হোৱাতো কোনেও বিচৰা নাছিল। তথাপি আমি যাবলৈ সাজু হৈছিলোঁ। সাজু হব লগা হৈছিল। আৰু এজন দুজনকৈ সকলোৱে ওলাই গৈছিল। মই আৰু জয় যেতিয়া ওলাইছিলোঁ, তেতিয়ালৈকে সকলোৱে ডিপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল। আমিও ইটো-সিটো কথা পাতি পাতি নতুন বিজ্ঞান ভৱনৰ পৰা নামি আহিছিলোঁ। বাৰান্দাত ভৰি দিয়েই দেখিছিলোঁ, পূৱালী আৰু আলোছায়াই কিবা ভোৰভোৰাই সোঁ-সোঁৱাই হোষ্টেলৰ ফালে গৈ আছিল।
-ইহঁতৰ আকৌ কি হ’ল। -জয় আৰু মই কিবা এটা ভবাৰ আগতেই জয়ে দেখুৱাই দিলে অৰূপ মোৰ পিনে আগবাঢ়ি আহিছে।
-অ’ই চুৱৰ। প্ৰেম কৰবা আপি নাপোলি? আলোছায়াৰ পৰা চাইড হো। আজিৰ পিছোত তাইৰ আশে পাশেও দেখু যদি কথা বোয়া হোবো। তাইকো কৈ দিছু। -খুব অশ্লীলতাৰে কথাখিনি কৈ অৰূপ আঁতৰি গ’ল। তাৰ কথাখিনিৰ উৱাদিহ পোৱাৰ আগতেই সি বহুদূৰ পালেগৈ। মই হতভম্বহৈ পৰিলোঁ। ক’ৰ পৰা কি হ’ল একো ধৰিব নোৱাৰিলোঁ। এইজনেইতো সেইজন অৰূপ আছিল, যিয়ে মোৰ লগত চিনাকি হৈছিলহি, উপযাচি। খং উঠি আহিছিল। ৰঙা পৰিছিলোঁ। কাণ-মূৰ গৰম হৈ আহিছিল। এনেকুৱা লাগিছিল, যেন সেই ডেৰফুটীয়াক ইয়াতেই দুটামান কেঁচা গোৰ সোধাম। কিন্তু তেতিয়ালৈকে সি মূল গেট পাৰ হৈ গৈছিল। কি কৰিম, কি নকৰিম একো ভাৱি পোৱা নাছিলোঁ। পূৱালীহঁতক লগ কৰাৰো কোনো উপায় আৰু নাছিল। উশাহ দীঘলীয়া হৈ পৰিছিল। চকু দুটা অলপ সময়ৰ কাৰণে জপাই চিন্তা কৰিলোঁ, এতিয়া কি কৰিম। চকু যেতিয়া মেলিছোঁ, তেতিয়া দেখিলোঁ কান্ধত এখন আশ্বাসৰ হাত। সমীৰ দাৰ। পাঠশালাৰ স্থানীয়, সকলোৰে দাদা, সমীৰ দা। সমীৰ দাই মোৰ ফালে চাই আশ্বাস ভৰা চাৱনিৰে লাহেকৈ চকু দুটা মুদি লাহেকৈ মূৰ দুপিয়ালে যেন ক’লেহে যে “মই আছোঁ, চিন্তা নকৰিবি।“

(ক্ৰমশঃ)    


Saturday, June 28, 2014

তোমাৰ মেঘালী চুলিটাৰি

তোমাৰ মেঘালী চুলিটাৰি
এবুকু আশাৰ দাপোন
তোমাৰ উন্মনা চকুযুৰি
শান্ত পুৱাৰ পূৱালী পোহৰ।

সুবিধা পালে আকাশ লুকাব তোমাৰ চকুত
কিজানি চুৰি কৰিব পাৰেই তাৰে অধানি নীলা
জোনৰ ভয়ত আউসী লুকাব তোমাৰ চুলিত
‘মোৰ অস্তিত্ব জোনাকতো নহয় নীৰৱ’

কিয় জানো
তোমাক দেখিলে প্ৰেমত পৰিবলৈ মন যায়
কিন্তু সপোন জানো ভাল পাব পাৰি?
যৌৱনৰ কুলুকুলু নিজৰাত তোমাৰ যোগ্য অনামী গাম্ভীৰ্যতা
কিয় সাজা তাত সন্দেহৰ কৃত্ৰিম পাৰহাট।


[ৰচনাকালঃ ২০০৫, কোনোবা এটা শুক্ৰবাৰ, ৩১৫-৪০০ আবেলি]

দেৱলোকৰ ৰজা

নিৰপেক্ষতাৰ আলোকেৰে তই দেৱলোকৰ ৰজা
মোকহে সজালি তই অশ্বমেধৰ ঘোঁৰা !

ঈশ্বৰ হেনো তই আশাৰ প্ৰতিমাৰ
ক’তা ! স্বপ্নৰ ৰ’দালিৰে পুলকিত আভাতো নাই !
ত্ৰাণকৰ্তা হেনো তই
ত্ৰাণকৰ্তা হেনো বানে ধুৱাই নিয়া মুক্তিহীনতাৰ?
মুক্তিহীনতাৰ নে যুক্তিহীনতাৰ?
মুক্তিহীনতাৰ পৰিত্ৰাণ বিচাৰি মই যুক্তিহীনহে হ’লো।
মুক্তিৰ অন্বেষণত সত্যৰ সমিধান বিচাৰি
আশাহত জটায়ু পক্ষীহে হ’লো
তেনেহ’লে কিহৰ বাবে তই ত্ৰাণকৰ্তা?
কিহৰ বাবে পৰমেশ্বৰ পৰমাত্মা?

তোৰ প্ৰেৰণাত জীৱন নদীত প্ৰেমৰ নাও বোৱা
আমি এক বিদ্যুতপ্ৰৱাহ নাৱৰীয়া
তোৰ ইতিহাসেই আমাৰ গতিশীলতা
তোৰ প্ৰতিফলনেই আমাৰ প্ৰাৰ্থনা
সহস্য গোপিনী নালাগে
মাত্ৰ এজনীয়েই মোৰ মেনকা
তাকো উটাই নিয় – ভাঙি চিঙি মোৰ অৰ্চনা
খুন্দি খুন্দি চূড়মাৰ কৰ –
বাজি থকা জীৱনসুৰৰ মূৰ্চনা
আৰু হামিয়াই হেকেটিয়াই
উচুপি উচুপি উদ্বাউল হৃদয়েৰে
চিঞৰি চিঞৰি তোলৈ কৰো প্ৰাৰ্থনা
হুৰ হুৰ বতা চৰাই; মোৰ প্ৰেম নিনিবি তোক দিম গোটেই কৰাই
তোক দিম গোটেই কৰাই।

তোৰ বাবেই মোৰ হৃদয়ত বাজে আজি ফটা ঢোলৰ চেৱ
তোৰ বাবেই মোৰ চকুত আজি অশ্ৰুসিক্ত নিৰাশাৰ ৰাৱ
তোৰ বাবেই আজি
তোৰ বাবেই আজি বিশ্বাসৰ সমভূমিত সন্দেহৰ খাদ
বেছিতো নালাগে
যদি মাথোঁ দিলিহেঁতেন
নল দময়ন্তীৰ প্ৰেমৰ সফল উপাখ্যান
তাকো নিদিলি !
তাকো নিদিলি ! যে মই মুখ মেলি কান্দিম
আৰু বন্যাম বিষাদ বোৱা এখন ধূসৰ নদী
অথবা বুজাই দিম পৃথিৱীক
বতা চৰাইজাকে হুৰহুৰকৈ
হৃদয়ৰ জনজননি তুলি লই গ’ল মোৰ প্ৰেমৰ সুৰভি
দি থৈ গ’লি মাথোঁ
স্বাৰ্থন্বেষী এক অভিনৱ পৃথিৱী
আৰু ভাৰসাম্যহীন ন্যায়ৰ এক তুলাচনী।

জান ঈশ্বৰ !
তোৰ বন্দনাত মুখৰিত মোৰ আজি নিন্দাৰ বাণী
তোৰ ন্যায়পৰায়ণতাত লজ্জিত আজি অনন্য পৃথিৱী
আৰু তোৰ প্ৰেমহীনতাতেই
অস্তগামী বিশ্বাস ৰাধা-ৰাণী
তোৰ প্ৰেমহীনতাতেই নিৰ্বাসিত উপাখ্যান নল-দময়ন্তী।


[ৰচনাকালঃ ০৮/০১/২০০৭, সোমবাৰ; বিয়লি ৮১১-৯১৭]

সময়

সময় এতিয়া বৰ ব্যস্ত !
মৃত্যু উপত্যকাত।
হৃদয়ৰ জয়যাত্ৰা কৰিবলৈ
সময়ৰ অভাৱ সময়ৰ !

সময় আগবাঢ়িছে
এটি সশব্দ প্ৰেমৰ উন্মাদনাত
য’ত আন এটি নিশব্দ সপোন
ধূলিস্যাত কল্পনা
সময়ে বিচাৰিছে
প্ৰয়োজনীয়তাবোধৰ এক অভেদ্য দূৰ্গ
যি ম্লান মুখৰ উজ্জ্বল হাঁহিৰ
প্ৰজ্জ্বলিত চকুলোৰে আবৃত।

সময় এতিয়া নিমগ্ন !
আবেগ নিষ্পেষণত।
স্মৃতিৰ চাকি নুমুৱাবলৈ
সময়ৰ অভাৱ, সময়ৰ !

সময় কলুষিত
অতীত, প্ৰেমৰ এটি মোক্ষম আঘাতত
যাৰ ভবিষ্যতেই দাহ্য ধূসৰিত বৰ্তমানত

সময় এতিয়া বিকল্প !
সময়ৰ পৰিত্ৰাণৰ।
মান-অভিমানৰ পুখুৰী সিঁচিবলৈ
সময়ৰ অভাৱ সময়ৰ !
অভাৱ সময়ৰ !!!
এটি প্ৰস্ফুতিত ৰাঙলী সময়ৰ।।


[ৰচনাকালঃ ০৯/১০/২০০৪]

Friday, June 27, 2014

নিষিদ্ধ কিতাপ আৰু এটি প্ৰশ্ন

কিতাপ নিষিদ্ধকৰণ সম্বন্ধত আমি প্ৰায়ে কিছুমান কথা নাজানো। যেনে ধৰক-
১/ এতিয়ালৈ কিমানখন অসমীয়া কিতাপ নিষিদ্ধ কৰা হৈছে, তাৰে কিবা তথ্য কাৰোবাৰ ওচৰত আছে নেকি? মই ক'তো বিচাৰি নাপালোঁ।
২/ ধৰি লোৱা হওঁক, এখন কিতাপৰ তথ্যসূত্ৰ দি মই কিবা এটা লিখিলোঁ। মই নাজানো যে কিতাপখন মই কিনাৰ পিছত কেতিয়াবা নিষিদ্ধ কৰা হৈছিল। তেনে ক্ষেত্ৰত মই কিতাপখনৰ তথ্যসূত্ৰ দিয়াত কি আপত্তি থাকিব পাৰে?
৩/ মোৰ লেখা এটাত সেই কিতাপখনৰ তথ্যসূত্ৰ দি লিখাৰ পিছত কেনে ধৰণৰ অসুবিধা আহিব পাৰে?
৪/ কেতিয়াবা এনেকুৱাও হব পাৰে যে, কিতাপ এখনৰ প্ৰথম প্ৰকাশত থকা তথ্যসমূহৰ ভিত্তিত কিতাপখন নিষিদ্ধ নহয়। কিন্তু কেবাটাও প্ৰকাশৰ পিছত আৰু সমহযোজনৰ পিছত কিতাপখনত নতুনকৈ সংযোজন কৰা তথ্যৰ ভিত্তিত কিতাপখন নিষিদ্ধ কৰা হ'ল। এতিয়া প্ৰথম প্ৰকাশখন মই নিষিদ্ধ বুলি ধৰিম নে নিষিদ্ধ নহয় বুলি ধৰিম?
৫/ কিতাপ এখন নিষিদ্ধকৰণত ISBN ৰ ভূমিকা কি?
৬/ কিতাপ এখন সাধাৰণতে নিষিদ্ধ কৰা হয় নে বাজেয়াপ্ত কৰা হয়?
৭/ যদি বাজেয়াপ্ত কৰা হয়, তেন্তে সেই কিতাপখনৰ তথ্যসূত্ৰ দিয়াত আপত্তি কি?
-বিজ্ঞজনৰ পৰা এই বিষয়ে পৰামৰ্শ বিচাৰিছোঁ।

[ৰচনাকালঃ ২৫ এপ্ৰিল, ২০১৪]

ড৹ আকাশীতৰালৈ মুকলি প্ৰশ্ন



বাইদেউ, ব্যক্তিগত সংবাদ চেনেল এটাত অতিথি হৈ আহি আপুনি যিখিনি মত পোষণ কৰিলে, সেইখিনিৰ ওপৰত আমাৰ কব লগা আছে৷ গুৱাহাটীত ফাকুৱাৰ নামত যিখিনি ব্যাভিচাৰ আজিৰ দিনটোত হৈছে, সেইখিনিক কি যুক্তিত পশ্চিমীয়া সংস্কৃতিৰ দোহাই দি আপুনি সমৰ্থন কৰিছে, আমাৰ বোধগম্য হোৱা নাই৷ আমি সময়ে সময়ে দেখিছোঁ, অসমত মুক্ত যৌৱনৰ আপুনি সমৰ্থন জনাই আহিছে৷ আপোনাৰ উপন্যাসসমূহতো এনেকুৱা কিছুমান কথা আমি দেখা পাওঁ৷ যিসময়ত ফাকুৱাৰ পৱিত্ৰ উৎসৱত অসম মতলীয়া হৈ আছিল, সেই সময়ত টমাটিনা অনুষ্ঠানত দেহত লিপিট খোৱা নামমাত্ৰ বস্ত্ৰ পৰিধান কৰা যুৱতী অথবা অৰ্ধ উলংগ যুৱকৰ অশালীন নৃত্য অথবা ৰেইন ডেঞ্চৰ নামত কৃত্ৰিম পুখুৰীত দেখুওৱা কাণ্ড কাৰখানাই অসমীয়া সাংস্কৃতিক পৰম্পৰাত কিমান ক্ষতি কৰিলে আপুনি অনুমান কৰিব পৰা যেন নালাগিল৷ আপুনি বাৰম্বাৰ কৈছে, আমি আধুনিক হব নোৱাৰিম নেকি? আপোনালৈ মোৰ পোনপোটীয়া প্ৰশ্ন যিমানেই শালীনতা নোহোৱা হয়, সিমানেই মানুহ আধুনিক হয় বুলি আপুনি ভাবে নেকি? সামাজিক অনুষ্ঠানত এনেকুৱা প্ৰদৰ্শন মানে অসম আধুনিক নেকি? আপোনাৰ উত্তৰ পালে ভাল পাম৷

[ৰচনাকালঃ ১৬ মাৰ্চ, ২০১৪]

ড° ভূপেন হাজৰিকালৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ মৰণোত্তৰ সন্মান



ভাৰতীয় প্ৰয়ুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ প্ৰেক্ষাগৃহৰ নামকৰণ প্ৰয়াত বিশ্বশিল্পী ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ৰাখিবলৈ প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে এতিয়াৰ পৰা এই প্ৰেক্ষাগৃহৰ নাম "ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ" হিচাপে জনাজাত হব। এই ক্ষণতে প্ৰয়াত শিল্পীগৰাকীলৈ আমি নিবেদিছোঁ পৰম শ্ৰদ্ধা।

[ৰচনাকালঃ ২৭ মাৰ্চ, ২০১৪]

চিন্তা-অচিন্তা

অসমীয়া হৈও অসমীয়া ভাষা কব নজনা, লিখিব নজনা অথবা পঢ়িব নজনাটো অসমীয়া ভাষাৰ বাবে ভয়ংকৰ৷ কিন্তু তাতোকৈ ভয়ংকৰ অসমীয়া ভাষা শুদ্ধকৈ পঢ়িব, লিখিব আৰু কব জানিও পাশ্চাত্য ঢঙত অসমীয়া কোৱাসকল৷

প্ৰথম ধৰণৰ লোকক শিকালে, বুজালে হয়তো অসমীয়া ভাষা কব পাৰিব, দ্বিতীয় ধৰণৰ লোকসকলে কিন্তু বিদ্ৰূপহে কৰিব৷

[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৪]

পৰাধীন ভাৰতৰ স্বাধীন চিন্তা

স্বাধীন ভাৰতত বহুদিন ধৰি পৰাধীনৰ দৰেই কটালোঁ৷ 2008 ত গুৱাহাটী চাৰখাৰ কৰি, বহুতো ঘৰ নিথৰুৱা কৰি উগ্ৰপন্থীয়ে যি ধুমুহা নমাইছিল, তাক আলোচনাৰ নাম দি কংগ্ৰেছ শাসনাধীস্থ চৰকাৰখনে আঁকোৱালি ললে৷ কিন্তু সেই সৰ্বহাৰাক এবাৰলৈও সুধিলেনে, এই উগ্ৰপন্থীসকলৰ নেতৃত্বক কি কৰা উচিত? নুসুধিলে৷ কিয়নো, তেওঁলোকে জানে, ৰাইজৰ মতৰ দৰ দামেৰে, সজাই লোৱা কিছুমান ভোটেৰে আৰু এইসকল উগ্ৰপন্থীৰ সহায়েৰে তেওঁলোকে নিজৰ স্থিতি মজবুত কৰিব পাৰে৷ বিপিএফৰ কথা কাকো কব লগা নাই৷ নিৰ্বাচনৰ আগে আগে গৈ বিলাবলৈ তেওঁলোকৰ হাতত অলেখ টকা৷ টকাৰে তেওঁলোকে কিনি লৈছে গণতন্ত্ৰ৷ আৰু এই গণতন্ত্ৰ বিক্ৰী কৰিছে আপুনি, মই, আমি, আমাৰ এটা এটা ভোটেৰে৷ ভাৰতীয় গণতন্ত্ৰ যেন একপক্ষীয় ৰূপ লৈ লৈছে৷ অথচ আমি নিজকে সচেতন বুলি কৈওঁ বাৰম্বাৰ একেটা ভুলেই কৰি আছোঁ৷ ৰাইজ, আহক, ভাৰতীয় গণতন্ত্ৰক এই দানৱসকলৰ পৰা ৰক্ষা কৰোঁহক৷ নিৰ্ণায়ক সংক্ষক যুৱসমাজৰ ভোটেই একে লগ হৈ তচনচ কৰি দিব পাৰে এই একনায়কত্ববাদ৷ তেন্তে আহক, আমিও দেখুৱাই দিওঁ, আমি ভাৰত গঠনৰ ক্ষেত্ৰত চকু মুদা কুলি নহওঁ৷

[ৰচনাকালঃ ৬ এপ্ৰিল, ২০১৪]

বিহুৰ বৰ বিহ

চহৰক দেখি, গাঁওসমূহতো বিহু মঞ্চলৈ আহিল৷ ফলত ধন সংগ্ৰহৰ নামত গাঁওৰ ঘৰে ঘৰে গৈ চান্দা তোলা আৰম্ভ হ'ল৷ ৰাস্তাই ৰাস্তাই ৰচী টানি, ৰাস্তাৰ মাজত বেঞ্চ ৰাখি জোৰ জবৰদস্তি "বৰঙণি" দিয়াৰ ব্যৱস্থা আৰম্ভ হ'ল৷ এটা ক্ষেত্ৰত ভালেই হ'ল, ব্যস্ততাৰ মাজতো গঞা একত্ৰিত হোৱাৰ সুবিধাকণ পালে৷ পাছে, ভাবি চালে সেয়া সতিনীৰ নাক কাটি নিজৰ যাত্ৰা ভংগ কৰা যেনহে হ'ল৷ ঘৰে ঘৰে বিহু নোহোৱা হ'ল৷ বিহুক কিছুমানে নিজৰ স্বাৰ্থত বিহ সজালে৷ আগতে ঘৰে ঘৰে গোৱা হুচৰি দলসমূহ ৰিহাৰ্চেলত ব্যস্ত হৈ পৰিল৷ ফলত ঘৰৰ চোতালত আশীৰ্বাদ লোৱা প্ৰথাও অন্ত পৰিল বা অন্তৰ গৰাহত পৰিল৷ তথাপি এয়া বিহু৷ যিমান বেয়া নহ'লেও নিজৰ জন্মস্থানেই যেনেকৈ শ্ৰেষ্ঠ, নিজৰ সংস্কৃতিও তেনেকৈ শ্ৰেষ্ঠ৷ সেয়েহে বিহুৰ পণ্যকৰণত বিৰোধ কৰি সকলো যুৱক যুৱতীলৈ আবেদন- মঞ্চত বিহু পাতি সংস্কৃতিৰ বিনাশ মাতি অনাতকৈ সেইখিনি প্ৰচেষ্টাৰে ঘৰে ঘৰে বিহুক প্ৰাচুৰ্য্য বঢ়োৱাতহে গুৰুত্ব প্ৰদান কৰক লগতে ৰাস্তাই ঘাটে চান্দা দিয়া বন্ধ দিয়ত৷ আহক, আমি সকলোৱে মিলি আমাৰ সংস্কৃতিক আৰু এঢাপ ওপৰলৈ নিয়াৰ সংকল্প লওঁহক৷ সদৌ অসমবাসীলৈ বিহুৰ শুভেচ্ছা যাঁচিছো৷
 
[ৰচনাকালঃ ১৫ এপ্ৰিল, ২০১৪]

আইআইটি গুৱাহাটীৰ কৃতিত্ব

প্ৰতিষ্ঠাৰ পঞ্চাশ বছৰৰ ভিতৰত বিশ্বৰ ভিতৰতে ৮৭ নং স্থান পোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ এজন সদস্য হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ৷ জনাবলৈ পাই সুখী হৈছোঁ যে এশখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ এই তালিতাত স্থানপোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়েই একমাত্ৰ ভাৰতীয় প্ৰতিষ্ঠান৷ অসম চুক্তিৰ ফল এই প্ৰতিষ্ঠানৰ গৌৰৱত সমূহ অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ৷


http://timesofindia.indiatimes.com/home/education/news/IIT-Guwahati-among-top-100-young-varsities/articleshow/34447425.cms


http://www.timeshighereducation.co.uk/world-university-rankings/2014/one-hundred-under-fifty


[ৰচনাকালঃ ১ মে', ২০১৪]

নাট্যালোচনাঃ টোপনি এ তোৰে কলাতলত ঘৰ


দিনাংক ২৬ মাৰ্চ, ২০১৪। স্থান-ৰবীন্দ্ৰ ভৱন, গুৱাহাটী। কণ-কণ কেইজনমান ল’ৰা-ছোৱালী। ইজনে সিজনৰ ককালত ধৰি ঘূৰণীয়াকৈ ঘূৰি ঘূৰি গাইছে-
 
“ইৰিকটি মিৰিকটি বাঁহৰ শলা
মোমাই পদূলিত বান্ধিলোঁ ঘোঁৰা।“

এবিধ প্ৰাচীন খেল। কোমোৰা খেল। এই কোমোৰা খেলকেই প্ৰথমতে দৃশ্য-শ্ৰাব্য ৰূপত তুলি ধৰি আৰম্ভ কৰা হৈছে নাটখনি।

ঠিক নাট বুলি ক’লে যি নাটকৰ কথা আমাৰ মনলৈ আহে, তাৰ ঠিক ব্যতিক্ৰমী এখন নাট। এন্ধাৰ পশ্চাদপটত জ্বলি আছে এটি উজ্জ্বল জোন। ৰাজকুমাৰ হামিয়াই হামিয়াই খিৰিকীৰ মুখত কাৰোবাৰ অধীৰ অপেক্ষাত অপেক্ষাৰত। প্ৰথম দৃশ্যয়েই কৈ গৈছে নাটকখনিৰ মূল উদ্দেশ্যৰ কথা। ন-পুৰণিৰ সমন্বয়ত, এন্ধাৰ-পোহৰৰ মিশ্ৰণত যেন গতিপ্ৰাপ্ত হৈ গৈ আছে কিছুমান জীয়া স্কেচ্ছ। চলমান জীয়া এই স্কেচ্ছসমূহৰ সমষ্টিয়েই “টোপনি এ তোৰে কলাতলত ঘৰ”।

এটা সৰু কাহিনী। সখিয়তীয়ে সম্ভেদ দিয়া ৰাজকুঁৱৰীক পাবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰে এপষেক কাল ৰ’দ-বৰষুণ, বাধা-বিধিনীক হেলাৰঙে মূৰ পাতি শেষ লক্ষ্যত উপনীত হোৱা ৰাজকুমাৰৰ কাহিনীক লৈয়ে নাটখনিৰ মূল কাহিনীভাগ ৰচিত। কিন্তু এখন নাটকৰ সকলো উপাদান মজুত ‘টোপনি এ তোৰে কলাতলত ঘৰ’ত। ৰাজকুমাৰে ৰাজকুমাৰীক লগ ধৰিবলৈ যাত্ৰা আৰম্ভ কৰাৰ পৰাই ঔৎসুকতা আৰম্ভ হৈছে নাটকৰ। আৰু শেষ দৃশ্যলৈ বিৰাজমান সেই ঔৎসুকতা। কিন্তু শেষত ৰাজকুমাৰে ৰাজকুমাৰীক লগ পালেনে? এই প্ৰশ্নৰ উত্তৰেই ‘টোপনি এ তোৰে কলাতলত ঘৰ’। পাহৰণিৰ গৰ্ভত জাহ যোৱাৰ উপক্ৰম হোৱা কিছুমান লোককথাৰ খণ্ড কাহিনীক লৈয়ে সমুদ্ৰ কাজল শইকীয়াই ৰচনা কৰিছে নাটখনিৰ মূল কাহিনীভাগ। আৰু একেই ধৰণেৰে সেই খণ্ড কাহিনীসমূহক খণ্ড চিত্ৰ কিছুমানেৰে একো একোটা দৃশ্য আৰু খণ্ডদৃশ্যসমূহেৰে গোটেই নাটখনিক সজাইছে মৃণালজ্যোতি গোস্বামীয়ে। নাটখনিৰ প্ৰধান বৈশিষ্ট্য বহন কৰিছে দৰ্শক আৰু অভিনয়ৰ মাজত সমন্বয়ৰক্ষী হিচাপে থকা সংলাপ আৰু সংকেতধৰ্মী অভিনয়ে। কোনো বিশেষ মঞ্চসজ্জা ব্যৱহাৰ নকৰাকৈয়ে খালী মঞ্চত সাতোঁৰাৰ সঠিক অভিনয়ৰ জৰিয়তে অথবা ঘোঁৰাত উঠি যোৱাৰ অভিনয়ৰ জৰিয়তে, কেতিয়াবা যদি দৌৰাৰ অভিনয়েৰে, কেতিয়াবা আকৌ কাছৰ বা উটৰ পিঠিত উঠি যোৱাৰ অভিনয়েৰে দৰ্শকক এক সম্পূৰ্ণ পৰিৱেশৰ বৰ্ণনা দিবলৈ সক্ষম হৈছে পৰিচালক মৃণাল জ্যোতি গোস্বামীয়ে। ইয়াতেই প্ৰকাশ পাইছে তেওঁৰ পৰিচালন দক্ষতা। ৰূপসজ্জাৰ ক্ষেত্ৰতো সম্পূৰ্ণতাৰ পৰিচয় দিছে মানৱ অভিনীত ঘোঁৰা, উট, কাছ আদিয়ে। মুঠৰ ওপৰত এবাৰ বহিলে উঠি যাব নোৱাৰা এখন নাটক। কিছুমান ক্লিপ। বহুকেইখন চলমান স্কেচ্ছৰ সমষ্টি।

অসমৰ নাটকৰ ইতিহাস চালে দেখা যায়, ইয়াৰ অভ্যুত্থান অতি অশাব্যঞ্জক। যাত্ৰাভিনয়ৰ পৰা ভ্ৰাম্যমান যাত্ৰাদললৈ, একাংকিকা নাটকৰ পৰা মুকাভিনয়লৈ, একক অভিনয়ৰ পৰা এমেচাৰলৈ আৰু শেহতীয়াভাৱে ‘সমকালীন নাট্যচৰ্চা’ ৰ উত্তৰণ অতি লেখত লবলগীয়া। মৃণালজ্যোতি গোস্বামীৰ প্ৰথম নাটক ইমান ইমান পানীত অসমৰ দৰ্শকে পৰিচিত হৈছিল সমকালীন নাট্যচৰ্চাৰ লগত। ইমান ইমান পানীত থকা জটিলতাখিনিক আঁতৰাই এইবাৰ অধিক উন্নত আৰু মনোগ্ৰাহী ৰূপত মঞ্চস্থ কৰাৰ বাবে তেওঁ সাজু কৰি তুলিছিল ‘টোপনি এ তোৰে কলাতলত ঘৰ’ক আৰু সফলো হৈছে। এই সমকালীন নাট্যচৰ্চাৰ নতুন ধাৰাৰ জৰিয়তে দৰ্শকক জনাব বিচৰা হৈছিল, ভাষা অভিনয় জগত খনৰ বাবে অন্তৰায় নহয়। সেয়েহে হয়তো একেই স্ক্ৰীপ্টেৰেই ভাষা সাহিত্য সন্মিলনীয়ে একেইখন নাটক ‘ইমান ইমান পানী’ক অসমৰ পৰা নতুন দিল্লীলৈ অভিনয় কৰি যাব পাৰিছিল। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ উপভোগ কৰিও আমি তেনেকুৱা ধাৰণাই কৰিব পাৰোঁ। চাৰিটা ভাষা ব্যৱহাৰ কৰা নাটখনিৰ যৱনিকাও বাৰ্তাবাহী। সফলতা আৰু প্ৰাপ্তিৰ দুৱাৰমুখত অলপ মাত্ৰ অৱসাদ আৰু আত্মসন্তুষ্টিয়ে কঢ়িয়াই আনিব পাৰে বিফলতা। একেই পৰিঘটনা ঘটি আছে অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰতো। উদ্দামভাৱে নৃত্যৰত বিহু নৃত্য এটি আৰু তাৰ আৱৰি ৰখা বিপদসংকুল শক্তি কিছুমানেৰে হয়তো সেয়াই বুজাব বিচৰা হৈছে। মুঠৰ ওপৰত অতি দৰকাৰী ঠাইতহে ব্যৱহৃত সংলাপ আৰু চলমান জীয়া স্কেচ্ছ কিছুমানৰ সমষ্টিৰে ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিক কনটেম্প’ৰাৰী ড্ৰামাৰ ইতিহাসত সফলতাৰে অৱতাৰণ কৰিবলৈ সক্ষম হৈছে।

নাটক এখনৰ সামাজিক দায়ৱদ্ধতা আহি পৰে ই সমাজলৈ কঢ়িয়াই অনা বাৰ্তাৰ জৰিয়তে। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে এই দিশত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ক্ষমতাৰ ভাৰসাম্যতা জীৱনৰ উন্নতিৰ এক প্ৰধান সম্পদ। আত্মসন্তুষ্টিও ভাল যদিহে ই অন্য কাৰকসমূহৰ লগত সহবাস কৰি গতিপ্ৰাপ্ত হৈ থাকে। আত্মসন্তুষ্টিয়ে মাত্ৰা চেৰাই গ’লে বিপদো ওচৰ চাপে যিয়ে বহুক্ষেত্ৰত আমাক হয়তো নিশ্চিত সফলতাৰ পৰা একেকোবে বিফলতাৰ গৰাহত পেলায়গৈ। এই বাৰ্তাকেই মূল হিচাপে লৈ আন বহুকেইটা বাৰ্তা দিয়াত সফল হৈছে টোপনি এ তোৰে কলাতলত ঘৰ।

নাটক এখনৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে অভিনয়ৰ ওপৰত। টোপনি এ তোৰে কলাতলত ঘৰত অভিনীত শিল্পীসকলৰ অভিনয় লেখত লবলগীয়া। নাটখনিত পৰিশ্ৰম আৰু একাগ্ৰতাৰে অভিনয় শিল্পীসকলে নাটখনিকেই সম্পূৰ্ণ ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। শশাংক সমীৰ গগৈৰ মূল চৰিত্ৰ অভিনয়ত সম্পূৰ্ণ ৰূপত সহযোগ কৰিছে সহঃশিল্পীসকলে। অৱশ্যে ঠায়ে ঠায়ে সহঃশিল্পীসকল ভাৰসাম্যতা ৰক্ষাৰ নামত উজুটিও খান নলগা নহয়। তথাপি বিভিন্ন ধৰণৰ অভিনয়ে দৰ্শকক অভিনয়ৰ অন্য এক দিশ দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে শিশু শিল্পীসকলক অধিক সময় প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলি অনুভৱ হয়।

অভিনয়ৰ দৰে সংলাপ প্ৰক্ষেপনৰ দিশেও নাটক এখনক পূৰ্ণতা প্ৰদান কৰে। সখিয়তীৰ “সখি, অ’ সখি…সখি” সংলাপৰ সুৰ লয় আৰু মাত্ৰাই সঁচাকৈ এগৰাকী পৰীৰ আগমনৰ দৃশ্যায়ন কৰিছে। কণমানি ছোৱালী এগৰাকীৰ এই সংলাপ প্ৰক্ষেপনৰ মাধুৰ্য্যই বহন কৰিছে গোটেই দলটি সংলাপ প্ৰক্ষেপনৰ ক্ষেত্ৰত কিমান সজাগ। যিমান ভাগৰুৱা নহ’লেও সংলাপত যেন ভাগৰৰ নামমাত্ৰও প্ৰভাৱ পৰিবলৈ দিয়া নাই অভিনয় শিল্পীসকলে।

সংগীত নাটকৰ এক অবিচ্ছেদ্য অংগ। পশ্চাদপটত খাপ খোৱাকৈ সংগীতসমূহ সজাইছে অৰূপজ্যোতি ৰাভাই। চাৰিটা ভাষাত দিয়া গানৰ কলিসমূহে সমন্বয়ৰ এক সুন্দৰ চিত্ৰ চিত্ৰায়ণ কৰিছে। সেইদৰে কষ্টুম ডিজাইনত নিজৰ সৃষ্টিশীলতাক সুন্দৰভাৱে পদৰ্শন কৰিছে সীমা বৰুৱাই। কাছৰ চলং, উটৰ মুখা, ঘোঁৰাৰ মুখা আদিক যিভাৱে প্ৰদৰ্শন কৰা হৈছে, তাক নশলাগি উপায় নাই। পোহৰ মৃণালজ্যোতি গোস্বামীৰ। ছাঁ-পোহৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা মায়াময়তা, মঞ্চৰ পশ্চাদাংশত বিভিন্ন সময়ত বৰণ সলনি হোৱা ঘূৰণীয়া ফলি আদিয়ে পোহৰৰ প্ৰাচুৰ্য্যৰ কথা পতীয়মান কৰিছে। এই প্ৰাচুৰ্য্য শিল্পীয়ে সফুঁৰাত বোলোৱা তুলিকাতকৈ কোনোগুণে কম নহয়।

ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত টোপনি এ তোৰে কলাতলত ঘৰৰ মাধ্যমেৰে ভাষা সাহিত্য সন্মিলনী অসমে অসমৰ ঐশ্বৰ্যশালী পটভূমিক পুনৰ এবাৰ সবল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

সকলোখিনি মূল বিভাগতে সূচাৰুৰূপে পৰিকল্পনা কৰাৰ পিছতো যেন কিছুমান বিষয়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলে গুৰুত্ব দিব লগা আছে। যেনে মূল নাটকৰ অংশ নহ’লেও, শিল্পীসকলক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত পৰিকল্পিত ঘোষনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। ঠিক তেনেদৰে কিছুমান দৃশ্যত যেনে তিনিজন ব্যক্তি জড়িত নাওঁ বাই গৈ থকা এটা দৃশ্যত নাওঁৰীয়াজনৰ আগবাঢ়ি যোৱাৰ লগত নাওঁ হৈ গৈ থকা ব্যক্তি দুজনৰ গতিও যদি একেলগে নহয়, তেন্তে তেনেকুৱা দৃশ্যসমূহ দৃষ্টিকটু হব। মঞ্চসজ্জাৰ ক্ষেত্ৰতো মৰুভূমিৰ মাজত হোৱা যুদ্ধ, কাছৰ চালচলনত মুখাৰ পৰিচলন আদি দৃশ্যসমূহত তেনেকুৱা সূক্ষ্ম দৃষ্টিৰ আৰু একাদিক্ৰমে ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি ভাৱ হয়।

‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে কেৱল ৰাজ্যিক পৰ্য্যায়তে নহয়, সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্য্যায়ত ই সফলতা বুটলিবলৈ সক্ষম হব বুলি আশা কৰিছোঁ।

[ৰচনাকালঃ ৯ মে', ২০১৪]

বাকলি নথকা গছ


সাৰুৱা উপত্যকাটিত পৰি আছে
অসংখ্য গছ৷
যদিওবা কুঁহিপাতবোৰ সেউজীয়া
অৰণ্যখন ৰং-বিৰঙী৷
প্ৰতিজোপা গছৰে আছে
একো একোটা নিজা সপোন৷

গোলকীয় আধুনিকতাৰ প্ৰভাৱ
অৰণ্যখনতো পৰিছে
সেইবাবেই চাগে'
কুঁহিপাতৰ পৰাই গছবোৰে সলাইছে
পাতৰ বৰণ
কোনোজোপাই যদি সানি লৈছে ৰঙা
কোনোজোপাই আকৌ কৰি লৈছে জেতুকা বৰণীয়া
ডালবোৰেও পিন্ধি লৈছে
আধুনিক অলংকাৰ
যদিও সেইবোৰ পৰজীৱি ৰঘুমলা
ফেশ্বনৰ বাবেই চেক্ৰিফাইচ কৰি লৈছে গছবোৰে
উপায়তো নাই
যুগৰ লগত চলিবই লাগিব৷

গা-গছবোৰ বগা, ঢকঢকীয়া
গোলকীয় উত্তাপত
কমি আহিছে সহন ক্ষমতা
সেয়েহে খুলি থৈছে বাকলিবোৰ
যদিও বাকলিবোৰ খুলি
গছবোৰ হৈ পৰিছে লঠঙা
গৰমৰ নামতেই এইখিনি চেক্ৰিফাইচ
আৰু অলপ ফেশ্বনৰ বাবে
সেয়েহে খুলি লৈছে আৱৰণবোৰ
কলিতে ফুলবোৰৰ গুছাই লৈছে
পাহিৰ আচ্ছাদনবোৰ
কিন্তু সেয়াই আকৰ্ষণীয় কৰি
উত্ৰাৱল কৰি তুলিছে
গাভৰু গছবোৰক৷

গছবোৰে যিয়েই নকৰক,
অৰণ্য কিন্তু এতিয়াও জীয়াই আছে৷
যদিও,
মানুহৰ দৰে গছৰ নাই লাজ
শ্ৰদ্ধা ভক্তিৰ ভৰত দো নাখায় গছবোৰ
অত্যুৎসাহী হৈ পৰিবলৈ
গছৰ নাই বিবেক,
তথাপি ই হৈ পৰা নাই অপতৃণ
স্থিৰ হৈয়েই আছে গছ
স্থিৰ হৈয়েই আছে অৰণ্য৷
কদাপি বগুৱা বাই ঘূৰি ফুৰা নাই গছ
সৰীসৃপ হৈ হোৱা নাই আলিংগণৰত৷

মহানগৰীৰ মহাৰণ্য কিন্তু হৈ পৰিছে
বৰণ সলোৱা অৰণ্যতকৈও অধিক ঘন, ভয়লগা
পাহাৰ ভৈয়াম বগাই
যেনিয়ে তেনিয়ে ঘূৰি ফুৰিছে অপতৃণবোৰ
ৰাজপথেৰে সৰীসৃপৰ দৰে একা-বেঁকা গতিৰে
আলিংগণৰত হৈ বগুৱা বাই গৈছে অৰণ্যবোৰ
আধুনিকতাৰ ভৰত
ফেশ্বনৰ নামত
কামনা বাসনাত মত্ত হৈ
দুঠেঙীয়া গছবোৰ ক্ৰমান্বয়ে হৈ পৰিছে
বাকলি নথকা গছ৷


[ৰচনাকালঃ ১২ মে', ২০১৪]

শ্বহীদ পৰাগ দাসলৈ সুৱঁৰিছোঁ...



মিডিয়াই কৰিব নোৱাৰা কাম একোৱেই হেনো নাই৷ বুদ্ধিজীৱিয়ে বিশ্লেষণেৰেই হেনো বাহিৰ কৰি দিব পাৰে দোষীৰ সন্ধান৷ অথচ এজন সাংবাদিকৰ হত্যাত একোৱেই নকৰিলে সংবাদ মাধ্যমে, সাংবাদিকসকলে৷ বুদ্ধিজীৱিসকলেও কোনো চেষ্টায়েই নকৰিলে৷ আৰু তাৰ পৰিণতিত ১৭ মে'ৰ দিনাখন ৰাতিপুৱা ৯ বজাত যোৱা ডেৰটা দশক ধৰি চকুলো টুকি গ'ল, তেওঁ লগেই নোপোৱা কিছুমান লোক তেওঁৰ আপোনসকলৰ পৰা আঁতৰত৷ হয়৷ পৰাগ দাৰ কথায়েই কৈছোঁ৷ আজি মৃত্যুদিৱসত এই মহান অসমীয়াগৰাকীক প্ৰণাম কৰিছোঁ (মনত পেলোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ আমাৰ মনৰ মাজত সদায় আছে)৷ আজিও যাম সেই বিশেষ ঠাইটুকুৰালৈ৷ আকৌ এবাৰ কম যে "পৰাগদা আমাক ক্ষমা কৰা৷ ভয় আৰু লোভত আমি ইমানেই অন্ধ যে নিজৰ আদৰ্শবোৰেই কেতিয়া পাহৰিলোঁ গমকেই নাপাওঁ৷ চিন্তা নকৰিবা, আমি আকৌ আহিম অহা বছৰ একেই দিনাখনেই৷ তোমাৰ সান্নিধ্যৰ কথা কম, অকণমান চকুলো টুকিম আকৌ পাহৰি যাম৷ "

[ৰচনাকালঃ ১৬ মে', ২০১৪]

নাটক বহুত হ'ল


নাটক বহুত হ'ল৷
জনগণৰ আবেগক লৈ বহুত সংলাপ লিখা হ'ল৷
উন্নয়নৰ গইনা লৈ বহুতো দৃশ্যায়ন হ'ল৷
জনতা পৰিতৃপ্তও হ'ল
তথাপিও কিন্তু নাটক শেষ নহ'ল৷

নাটক এখনত বিভিন্ন চৰিত্ৰ থাকে,
নায়ক অথবা খলনায়ক৷
কাহিনী থাকে,
থাকে গতিশীলতা
অথচ অপশক্তিৰ আৱহ সংগীতত
একাকাৰ হৈ পৰিছে নায়ক-খলনায়ক,
কাহিনী হৈ পৰিছে সানমিহলি,
দৰ্শকেই হৈ পৰিছে ভেবা,
আচলতে নাটকখনৰ দৰ্শকেই হৈ পৰিছে
আন এখন নাটকৰ অংশ৷

নাটকখন নকৰা হ'লেই ভাল আছিল
জনতাৰ আৱেগেৰে হয়তো লিখা গ'লহেঁতেন
জনচেতনাৰ গান৷
এতিয়া দৰ্শকেই নাজানে
কি আছিল নাটকৰ নাম

পৰিৱৰ্তন নে ভ্ৰষ্টাচাৰ নে জনলোকপাল
নাটকখন যেন ৰাজনীতিৰেই অন্য এক নাম৷


[ৰচনাকালঃ ২১ মে', ২০১৪]

বিদায় ! গণেশগুৰি...

গুৱাহাটীলৈ অহাৰে পৰাই গণেশগুৰিখন নিজৰ হৈ পৰিছিল৷ ইয়াৰ আনন্দত যিদৰে অংশীদাৰ হবলৈ পাইছিলোঁ, প্ৰতিটো দুখত মনোকষ্টও পাইছিলোঁ৷ প্ৰতিসন্ধ্যা আড্ডাই হয়তো অধিক একাত্ম কৰি তুলিছিল গনেশগুৰিৰ ঘটনাৰাজিক৷ ৰাতিপুৱা বাছষ্টেণ্ডলৈ ওলাই যাওঁতে ৰাষ্টাৰ কাষত খোৱা টেকেলী পিঠা চাহ, গোপাল বড়ো ফিল্ডত উপভোগ কৰা ভ্ৰাম্যমানৰ নাটকসমূহ, আড্ডাৰ সময়ত খুব উপভোগ কৰা ট্ৰেফিক পইণ্টৰ ঘটনাসমূহ, ক'লা ৩০ অক্টোবৰৰ গনেশগুৰিৰ দৃশ্য, প্ৰতিটো ব'ম্ব ব্লাষ্টত হোৱা পৰিবেশ, পূজা, লখিমীৰ পুৰি, সন্তোষ পাণ ভাণ্ডাৰৰ পাণৰ ৰহস্য, সুহুৰী ৰিক্সাৰ সুৰৰ সমলয়, বাবলি পিজি, আমাৰ আচিয়ানা, চিআইটিচিৰ তলত মৰা আড্ডা, বেলতলা কাণ্ডৰ অভিজ্ঞতা, চিপ এণ্ড মাঞ্চ আৰু তেনে হাজাৰটা কাহিনী পাহৰিব খুজিলেও হয়তো পাহৰিব নোৱাৰিম৷ এই কাহিনীবোৰ লগত লৈয়ে জীৱন পৰিক্ৰমাৰ আন এঢাপ আগুৱাবলৈ ওলাইছোঁ, অন্য এঠাইলৈ৷ এৰিবলৈ ওলাইছোঁ গণেশগুৰি৷ এতিয়াৰ পিছত গণেশগুৰিক নিজৰ বুলি তৰ্কত ভাগ লব নোৱাৰিম৷ আহিম৷ আলহী হৈ আহিম৷ তথাপিও যেন হেৰুৱাম বহু কিবাকিবি৷ ধন্যবাদ গণেশগুৰি৷ বিদায় বেলাত মাথোঁ কম "গণেশগুৰিক সদায় মনত ৰাখিম৷"

[ৰচনাকালঃ ৩১ মে', ২০১৪]

অসমীয়া ৱিকিপেডিয়াৰ বাৰ বছৰ

ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া অসমীয়া ৱিকিপেডিয়াৰ বাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমূহ ৱিকি কৰ্মকৰ্তা, ৱিকিলেখক তথা ৱিকিসম্পাদকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ যদিও অসমীয়া ৱিকিপেডিয়া ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া, ইয়াৰ কলেবৰ কিন্তু ইমান শকত নহয়৷ ইয়াৰ কাৰণ অসমীয়া তথ্যসূত্ৰযুক্ত প্ৰবন্ধৰ প্ৰতি আৰু অসমীয়া ভাষাৰ প্ৰতি গুৰুত্বহীনতা৷ আহক, এই বদনাম আমি নোহোৱা কৰি অামাৰ চৌপাশে সিঁচৰতিহৈ থকা সামগ্ৰী, অনুষ্ঠান, প্ৰতিষ্ঠানসমূহৰ তথ্যসহকাৰে বৰ্ণনা কৰি অসমীয়া ই-ভৰাল চহকী কৰাত সহায় কৰোঁহক৷ চিন্তা নকৰিব, প্ৰতিজন ৱিকিকৰ্মী আপোনাক সহায় কৰিবলৈ হাঁহিমুখে ৰৈ আছে৷ বিশেষ অসুবিধা হ'লে আপোনাৰ লেখা তথ্যসূত্ৰসহ আমালৈ পঠিয়াওক, আমি ইয়াক ৱিকিপেডিয়াত উঠোৱাৰ ব্যৱস্থা কৰিম৷ মনত ৰাখিব, আপোনাৰ সন্তানৰ ই-শিক্ষাৰ দায়িত্ব প্ৰতিপালনত এয়াও হব এক আদৰণীয় পদক্ষেপ৷

[ৰচনাকালঃ ২ জুন, ২০১৪]

বিহুসম্ৰাট খগেন মহন্ত আৰু নাই ....

 
পাৰৰ পাখিত গাঁঠি দিবলৈ চিঠিখন আৰু নাই। নাই সেই ফুলাম চিঠিৰ লেখক। জগতক বিহুৰ ওলগণি জনাবলৈ তেওঁ অহা ব'হাগলৈ নৰ'ল। অসমৰ বহু প্ৰাণপৰশা সংগীত উপহাৰ দি অসুস্থ দেহাৰেই এই পৃথিৱীৰ পৰা মেলানি মাগিলে 'বিহু সম্ৰাট' খগেন মহন্ত। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

[ৰচনাকালঃ ১২ জুন, ২০১৪]

নাট্যালোচনাঃ টোপনিয়ে তোৰে কলাতলত ঘৰ

শংকৰজ্যোতি কাকতত প্ৰকাশিত মোৰ লেখা নাট্যালোচনাঃ টোপনিয়ে তোৰে কলাতলত ঘৰ।
দিনাংকঃ ১৩ জুন, ২০১৪

লিংকসমূহঃ 

বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি

বিষ্ণু ৰাভা আজি নোসোধো
এতিয়া কিমান ৰাতি
তুমি এতিয়াও সাৰে আছা?
লালকাল দি পৰি আছোঁ মই
আৰু প্ৰীতি।
চিফুং বাঁহীৰ সুৰ তুলিবলৈ নাই কোনো অসমীয়া
পথাৰত হালোৱা ককাইৰ ভাগৰ
নাই প্ৰতিবাদী কণ্ঠস্বৰৰ গৰিমা।
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা?

ফেৰেংগাদাওৰ মাতত নুপুৱায় ৰাতি।
অ',
বহুৰূপ ধৰি চলে এতিয়া হিচাপ;
পোৱাৰ হিচাপ,
লোৱাৰ হিচাপ,
অট্টালিকাৰ হিচাপ।
কৃষক ককাইৰ হাতত জবকাৰ্ড
আৰু দুবিঘা চনমাটি।
বিষ্ণুৰাভা, মই এতিয়া গভীৰ টোপনিত
টোপনিত আছে প্ৰীতি,
তুমি কেনেকৈ সাৰে আছা?

সুৰে সুৰ তুলি
কণ্ঠ লহৰিত কৰি
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা
তোমাৰ জীৱন নাটৰ শেষ ৰাগিনীত
খৰমান শুনিবলৈ নাই কোনো
তথাপিও তুমি সাৰে আছা?


[ৰচনাকালঃ ২০ জুন, ২০১৪]