Friday, March 14, 2014

দ্বিতীয় প্ৰকাশিত গ্ৰন্থঃ অন্তৰীপ





শিৰোনামঃ অন্তৰীপ
প্ৰকাৰঃ গল্প সংকলন
প্ৰকাশকঃ আখৰ প্ৰকাশন, গুৱাহাটী
সম্পাদনাঃ বিজয় বেজবৰুৱা
লেখকৰ প্ৰকাশিত গল্প- 'বিধান'
মুঠ গল্প সংখ্যা-৫৭
মূল্য-৩৫০ টকা

ধপাত বিৰোধী আইন আৰু "পণ্ডিতৰ পাণদোকান"

সকলোতে জৰ্দা বন্ধ৷ অথচ পণ্ডিতৰ দোকানত খোলাখুলিকৈ অধিক হাৰত বিক্ৰী হৈ আছে জৰ্দাপাণ৷ শুনিবলৈ পাইছোঁ, অন্য দোকানত হেনো অকস্মাৎ ৰেইড কৰা হৈছে ৷ অথচ বাছি গৈছে পাণৰ এই সম্ভ্ৰান্ত ব্ৰেণ্ডটো৷ সৰু সুৰা দোকানসমূহক টাৰ্গেট কৰি লোৱা মিডিয়ায়ো এওঁলোকক নজৰত পেলাব পৰা নাইনে! প্ৰশাসন নিৰপেক্ষ হব পৰা নাই নেকি বাৰু! নে পাণৰ যাদুৰে সকলোকে পণ্ডিতে ভোলাই ৰাখিছে? মোৰ সন্দেহে সঁচা ৰূপ নল'লেই হল আৰু! !!
 
ৰচনাকালঃ ১৫ ফেব্ৰুৱাৰী, ২০১৪

অথঃ বহুবল্কী দেউ সম্বাদ-১


লোডীয়ে অসমীয়াৰ মগজুত লোড দি যোৱাৰ পিছত তেওঁ নিমাতেই আছিল৷ শ্যাল্লা, অসমৰ মাটিতে অসমীয়াক জাৰি থৈ গল, অসমক লৈ ইমান তাচ্ছিল্য কৰিলে আৰু আমাৰ নিলাজসকলে বাহ বাহ কৈ হাত চাপৰি বজালে়়় এই কথা তেওঁ কেনেকৈনো পাহৰে? সেয়েহে বহুবল্কী দেউই এটা বুদ্ধি পাঙিছে৷ অসমীয়া মানুহৰ পৰিশ্ৰম এইবাৰ কামত খটুৱাব লাগিব৷ সেই ভাবিয়েই তেওঁ বুৰঞ্জী মেলি দেখিলে ধোদৰ আলিৰ উপাখ্যান৷ বহুবল্কী দেউৰ মুখত মিচিকিয়া হাঁহি এটা ওলাই গল৷ চিকচিকীয়া তালুত তৰ্জনী আঙুলিৰে লাহেকৈ খজুৱাই তেওঁ মাষ্টাৰপ্লেন তৈয়াৰ কৰাি পেলালে যে এইবাৰ ধোদৰ আলি নহয়, লোডৰ পাইপহে তৈয়াৰ কৰিব৷ পানী যোগান ধৰিবলৈ ব্যৱহাৰৰ নামত লোডীৰ ট্ৰাক দৌৰাব তাস মাজেৰে৷ লোডীৰ পাইপেৰে হাঁহি ককাই মাৰুতিত গৈ থাকোতে বহুবল্কী পাইপেৰে লোডীৰ ট্ৰাকেৰে পাৰ কৰিব পাৰিব দুই এপদ কম্বলজাতীয় সম্পদো৷ লোডীৰ লোড কমোৱাও হব, অসমীয়ামখাৰ আন্দোলনো কমিব, নামত পানীৰ পাইপো হব, ৰাইজে উন্নয়নো দেখিব, খোৱা পানী নোৱাৰিলেও বানপানীয়ে পঠাব পৰা যাব লগতে পাইপৰ মাজেৰে ট্ৰাকত ধুবুৰীৰ ফাললৈ কিছু কম্বলো চাপ্লায়ো দিব পৰা যাব৷ বহুবল্কী দেউৰ এই সম্বাদে অসমৰ অ কাটিব নে নাকাটে সেয়াহে গুৰুত্বপূৰ্ণ হব৷

ৰচনাকালঃ ১৭ ফেব্ৰুৱাৰী, ২০১৪

সংবাদসেৱাত আজিৰ দিনত আটাইতকৈ অধিক ব্যৱহৃত শব্দ (!)

"এই যি নলা আছিলে, তাতে যি পানী আছিলে, আৰু তাতে যি পেট্ৰলজাতীয় সামগ্ৰী পৰাৰ ফলত যি শব্দ হৈছিলে আৰু যি শব্দ হৈছিলে সেই শব্দৰ ফলত ওচৰতে যি গছ আছিলে, সেই গছৰ ওপৰ পৰ্যন্ত জুই বিয়পিছিলে আৰু যি স্থানীয় ৰাইজৰ মতে, বহু দূৰ পৰ্যন্ত যি নলা আছিলে, তাৰে জুই বিয়পি গৈছিল, অনন্যা৷" যি বুজিছোঁ "যি" আৰু "এই" শব্দ দুটা সবাতোকৈ অধিক ব্যৱহাৰ হোৱা শব্দ হবলৈ আৰু বেছি দিন নাই৷

ৰচনাকালঃ ২২ ফেব্ৰুৱাৰী, ২০১৪

মানৱীয়তাৰ খাটিৰত আটাইলৈ এটি অনুৰোধ


ইয়াৰ পিছতো কোনখন গণতন্ত্ৰই কব যে খাদ্য বস্ত্ৰ বাসস্থান আমাৰ মৌলিক অধিকাৰ? কিমানখিনি বেদনা আৰু বিৰক্তিত এজন মানুহে জ্বলন্ত অগ্নি লৈ নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আগুৱাই যাব পাৰে, আমি কেতিয়া বুজিম? নে সকলো বুজিও চকু মুদা কুলিৰ ভাও দি থাকিম?

ৰাজনীতি আজি কি পৰ্যায়লৈ নামিছে, ইমানৰ পিছতো আমি নুবুজাকৈয়ে থাকিমনে? এতিয়া কেউদিশে চলিছে বোকা ছটিওৱাৰ খেল৷ আমি কৈছোঁ আমাৰ সাৱধানবাণীক আপোনালোকে গুৰুত্বই নিদিলে৷ কথাবোৰ ইমানেই কেজুৱেলী ল'লে যে, আমাৰ মাজৰে কোনোবা এজনে অগ্নিদগ্ধ হৈ দাবী আদায় কৰিম বুলি দিয়া হুমকিক বুঢ়া আঙুলি দেখাই হাঁহি হাঁহি পাট্টা প্ৰদান কৰিলে৷

ইয়াতোকৈ নিকৃষ্ট ৰাজনীতি আছে বুলি মই নাভাৱো৷ মোৰ দৃষ্টিত চৰকাৰ যিমানেই দোষী, সিমানেই দোষী প্ৰতিবাদকাৰীসযলৰ নেতৃত্বও
আৰু তাৰে ভুক্তভোগী হল এজন নীৰিহ জনতা৷

আমাক লৈ অনুগ্ৰহ কৰি আৰু ৰাজনীতি নকৰিব৷
ক্ষমতা আপোনালোকক লাগে, লওঁক, আমাক মাথোঁ জীয়াই থাকিবলৈ দিয়ক৷ ক্ষমতাৰ এই খেলখনত আমাক অন্ততঃ পাশাখেল বুলি গণ্য নকৰিব৷

প্ৰয়াত শ্বহীদজনাৰ (প্ৰণৱ বড়ো)ৰ আত্মজাহৰ আজিৰ এই ঘটনাৰাজিৰ প্ৰতিবাদস্বৰূপে আহক, আমি সকলোৱে এদিনৰ বাবে হলেও মানৱীয়তাৰ চিনস্বৰূপে ক'লা ফোটো প্ৰফাইল ফোটো হিচাপে লগাই শ্ৰদ্ধা নিবেদন কৰোঁ আহক৷

ৰচনাকালঃ ২৫ ফেব্ৰুৱাৰী, ২০১৪

প্ৰসংগঃ অখিল গগৈক গ্ৰেপ্তাৰ

যোৱা কেইদিনমানৰ অসমৰ ঘটনাৱলীয়ে পুৰণি কিছুমান কথালৈ মনত পেলাই দিছে৷ তেতিয়া ৰাজনীতি বুজি পোৱা নাছিলোঁ৷ টিভিত দেওবাৰ এটাত "আৰু এটা সূৰ্য" নামৰ চিনেমা এখন চাবলৈ পাইছিলোঁ৷ তাৰে কেইদিনমান পিছতে ওচৰৰে দাদা এজনৰ পৰা আৰু তেওঁলোকৰ হোষ্টেলৰ পৰা পৰাগ দাসৰ কিতাপসমূহ বাজেয়াপ্ত কৰা হৈছিল৷ বুধবাৰ নামৰ কাকতখনৰ নাম শুনিছিলোঁ যদিও পঢ়াৰ সৌভাগ্য হোৱা নাছিল৷ কিয়নো, কাকতৰ গাড়ীয়ে পেলাই থৈ যোৱাৰ পিছত বিক্ৰেতাৰ ওচৰ পোৱাৰ আগতেই টোপোলাৰে সৈতে বুধবাৰ নোহোৱা হৈ যায়৷ ফলত বিক্ৰেতায়ো বুধবাৰ ৰখা বন্ধ কৰি দিয়ে৷ কিন্তু বুধবাৰ কিয় ইমান জনপ্ৰিয় আছিল, বুজা নাছিলোঁ৷ পৰাগ দাস আৰু অজিত ভূঞা আমাৰ বাবে জনপ্ৰিয় সাংবাদিক৷ তাৰ পিছত শুনিলোঁ প্ৰতিদিনৰ আৰু সাদিনৰ নাম৷ দেশৰ ৰাজনীতিৰ ফলাফলত সংবাদ মাধ্যমে কিদৰে ভূমিকা গ্ৰহণ কৰিব পাৰে, সেইসময়ত দেখিছিলোঁ৷ কিন্তু হঠাৎ এদিন খবৰটো পাইছিলোঁ, স্কুটাৰত পুত্ৰক স্কুলত থবলৈ যাওঁতে পৰাগ দাসক আততায়ীয়ে গুলিয়াই মাৰিলে৷ হয়তো ইয়াৰ ক্ষতি সেই সময়ত অনুধাৱন কৰিব পৰা নাছিলোঁ৷ আমাৰ গাঁওলৈ ৰেডিওৰ আঞ্চলিক বাতৰিৰ বাহিৰে গাঁওৰেই প্ৰজনিকাই আনিলে প্ৰতিদিন৷ ফলত কাকতৰ মুখ দেখা পোৱা হলোঁ৷ কিন্তু অশান্ত অসমৰ খবৰ দিবলৈ আহি প্ৰতিদিন নিজেই খবৰ হৈ পৰিল৷ ৰাতিপুৱা স্কুলত যোৱাৰ আগতে প্ৰজনিকাৰ সন্মুখত হোৱা আলোচনাৰ সাৰমৰ্ম হিচাপে গম পালোঁ যে চৰকাৰ বিৰোধী কাৰ্যকলাপৰ বাবেই টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে অজিত ভূঞাক৷ মনটো বেয়া লাগিছিল৷ বুজি পাইছিলোঁ যে এই দুজন অসমৰ উন্নতি সাধন কৰিব বিচৰা সাংবাদিক৷ সেয়ে হয়তো প্ৰতিদিনৰ সম্পাদকীয়ত ওলমি থকা হেণ্ডকাফৰ ছবিয়ে নিজকে সাংবাদিক হবলৈ উৎসাহ যোগাইছিল৷ এইবোৰ কথাৰ দিন বাৰ মনত নাই৷ কথাবোৰ কোনটো আগত কোনটো পিছত, তাকো মনত নাই৷ মনত কেৱল দুৰ্নীতিৰ বিৰূদ্ধে মাত মাতি অহা ব্যক্তিসকলক সমৰ্থন কৰিবলৈ সাহস পাইছিলোঁ৷ তেনেকুৱা মানুহ বহুতো পালোঁ৷ কিছুমানে দুৰ্নীতিৰ হেঁচাত প্ৰতিবাদ বাদ দিলে৷ কিছুমানক আকৌ অমুৱালে৷ আন কিছুমানে প্ৰতিবাদৰ ভাষাৰেই দালানৰ বাসিন্দা হল৷ কিন্তু একাগ্ৰতাৰে এই বিষয়ত লাগি থকা মানুহ পোৱা নাছিলোঁ৷ হঠাতে ভুমুকি মাৰিলে অখিল গগৈ৷ যিকোনো সংগ্ৰাম বা আন্দোলনৰ আগতেও অখিল গগৈক জানিছিলোঁ, এজন আৰ টি আই কৰ্মী হিচাপেহে৷ চি আই চি ৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত পোৱা সন্মানৰ পিছত এটা কথাই ভাবিছিলোঁ যে এইবাৰ নৈৰাজ্যবাদৰ বিপক্ষে সংগ্ৰামখন চলাই নিব তেৱেই৷ সেয়েহে চাগৈ অখিল গগৈৰ ওপৰতো শণিদৃষ্টি পৰিল৷ এটাৰ পিছত এটা বিতৰ্কই তেওঁত অৱশেষত পোৱালেহি আৰক্ষী জিন্মা৷ তাতে ১২০ (বি) ধাৰা৷ টাডা নহলেও আইনৰ জ্ঞান থকা বন্ধুসকলে এই ধাৰাক দাদা বুলিয়েই কয়৷ নাজানো, কোন সঁচা, কোন মিছা৷ কোন অপৰাধী, কোন নিৰ্দোষী৷ কাৰ ষড়যন্ত্ৰত কোনে ভৰি দিছে৷ কিন্তু এটা কথাই জানো, অসংগঠিত অসমীয়াক অন্যায়ৰ বিপক্ষে সংগঠিত কৰিবলৈ অসমক অখিল গগৈক লাগে৷ লাগে এতিয়াতকৈ স্থিৰ, সংযত, আৰু চিন্তাশীল ৰূপত৷ পাৰিবনে তেওঁ উভতি আহিবলৈ, নে তেওঁৰো কণ্ঠ ৰূদ্ধ হৈ যাব?


ৰচনাকালঃ ০৪ মাৰ্চ, ২০১৪

স্বাধীনতাৰ উপায় (!)


আজিৰ তাৰিখত অসমত বিভিন্ন দল-সংগঠনে স্বায়ত্ত শাসন বিচৰা অথবা সাৰ্বভৌমত্ত বিচৰাৰ পৰিপ্ৰেক্ষিতত অসম স্বাধীন হোৱাৰ কেইটামান উপায় আমি ভাবি উলিয়াইছোঁ। সেইকেইটা হব পাৰে-

১/ য'তে-ত'তে মাৰি কাটি, অপহৰণ কৰি কেন্দ্ৰীয় চৰকাৰক জনোৱা যে, আমি লাগি আছোঁ। ফলত হাৰ মানি সেই দল-সংগঠনে তেওঁলোকে দাবী কৰা এলেকাক সাৰ্বভৌমত্ত প্ৰদান কৰিব। এই প্ৰচেষ্টা বহুকেইটা সশস্ত্ৰ সংগঠনে বহু বছৰ ধৰি কৰি আহিছে যদিও কিমান ফলপ্ৰসূ সেয়া আমাৰ সন্দেহ আছে। তথাপি ইয়াক এক উপায় হিচাপে সেই সংগঠনসমূহৰ পন্থাৰ প্ৰতি লক্ষ্য কৰিয়েই ৰখা হৈছে ।

২/ স্বাধীনতাৰ অৰ্থ হৈছে স্ব-অধীনতা। গতিকে দাবী কৰা সংগঠনসমূহৰ বিষয়মূৰীয়াহঁতক ৰাজনীতিৰ আসন, টকা-পইচাৰে স্ব অধীন হবলৈ এৰি দিলেই সেই এলেকাটো স্বাধীন (স্ব-অধীন) হৈ পৰিব। দিতেশ্বৰ শইকীয়াই এই পন্থাৰে বহুতকে ইতিমধ্যে স্বাধীনতা দিছেই। বাকীখিনিৰো আধাক দিছে আমাৰ তৰুণ গগৈদেৱে।

৩/ ঘৰতেই যি পৰাধীন, তেওঁ দেশৰ স্বাধীনতা কেনেকৈ আনিব? গতিকে ঘৰতেই আগতে স্বাধীনতা আনি লব লাগিব। গতিকে ঘৰৰ পৰিয়াল-পৰিজনক মাৰি কাটি শেষ কৰি ল'লেই কাম শেষ। গতিকে ওপৰোক্ত দুটা পন্থাৰে স্বাধীনতা নোপোৱাসকলৰ কিছুমানৰ ক্ষেত্ৰত এই পন্থাটো ব্যৱহাৰযোগ্য হব পাৰে। দহ বাৰ বছৰ আগেয়ে এই পন্থাৰে বহুতে ইতিমধ্যে স্বাধীনতা পাইছেই।

৪/ আজিকালি অসমৰ সৰু বৰ সকলো জাতি-জনগোষ্ঠীয়েই সাৰ্বভৌমত্ত বিচাৰিবলৈ আৰম্ভ কৰিছে। এইটোও অস্ম স্বাধীন হোৱাৰ এক ফলপ্ৰসূ উপায় হব পাৰে। যিয়ে য'ত, যেনেকৈ স্বাধীনতা বিচাৰে তাকে স্বাধীনতা দি দিলে অসমৰ বাকী যিখিনি ঠাই থাকিব, সেইখিনি নিজে নিজেই স্বাধীন হৈ পৰিব। এই পন্থা বাকীবোৰ আন্দোলনৰ ওপৰত নিৰ্ভৰশীন যদিও একেবাৰে কম খৰচী আৰু সুবিধাজনক পন্থা হব পাৰে।

৫/ আমাৰ মূৰত খেলোৱা শেষ পন্থাটো ক'লে হয়তো বহুতে আমি ভ্ৰম বকা বুলি কব। তথাপি ভবা হৈছেই যেতিয়া কৈয়েই দিয়া যাওঁক। আমাৰ মগজুৱি ঢুকি পোৱা শেষ পন্থাটো হৈছে আত্মনিৰ্ভৰশীলতা। আমি অসমীয়াসকল হৈছোঁ বাকপটু। কথা আগত, কাম পাছত। আমি যিসকলে আজি স্বাধীনতা বিচাৰিছোঁ, সেইসকলৰ এই দাবীৰ মূল কাৰণ কি বাৰু? অনুন্নয়ন, অৱহেলা নহয়নে? অনুন্নয়নৰ কথা আহোতে আমি উন্নয়ণৰ ছবিখনো উলিয়াই লোৱা ভাল। অলপ মাত্ৰ অধিক শ্ৰম কৰিয়েই আমি ফল পাব পাৰোঁ। উদাহৰণস্বৰূপে কৃষিৰ কথাই কওঁ। বছৰত এটা খেতি কৰাৰ পৰিৱৰ্তে যদি আমি দুটা বা তিনিটা খেতিৰ বাবে ব্যৱস্থা কৰোঁ, তেন্তে উপাৰ্জনৰ আন এটা উপায় আমি পাব পাৰো। অধিক উপাৰ্জনক্ষমতাৰে আমাৰ সমাজখনক অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰদান কৰিব পাৰোঁ। এই স্বাৱলম্বীতাই সমাজখনৰ সুস্থিৰ কৰিব। সুস্থিৰতা আহিলে উন্নয়ন আহিব। উন্নয়নে চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিব। ঠিক তেনেকৈ ঔদ্যোগিক ক্ষেত্ৰত, সমাজ কল্যাণ, স্বাস্থ্য, শিক্ষা, শক্তি আদি ক্ষেত্ৰতো স্ব-নিৰ্ভৰশীল হব পাৰিলে আমাৰ বাবে অৱহেলা, অনুন্নয়ণ আদি শব্দবোৰৰ কোনো মূল্য নাথাকিব আৰু পৃথক স্বাধীনতাৰ প্ৰয়োজন নহব। স্ব-নিৰ্ভৰশীলতাই হব আমাৰ বাবে ডাঙৰ স্বাধীনতা।

আহক আমি স্বাধীনতা বিচৰাৰ পৰিৱৰ্তে জাতি-জনগোষ্ঠী নিৰ্বিশেষে স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিওঁ।

(এই লেখাৰ কোনো অন্তৰ্নিহিত উদ্দেশ্য নাই। লেখাত বহুখিনি কথা ইতিকিংসূচক। লেখাৰ বিষয় আৰু পদ্ধতি লেখকৰ নিজস্ব আৰু কল্পনাগত। গঠনমূলক আলোচনা আমাৰ কাম্য)

ৰচনাকাল- ০৬ মাৰ্চ, ২০১৪

ফাগুণৰ অনুভৱ..........


এয়া ফাগুন.... বতাহেও কয় এয়া ফাগুন..... চোতালত মূৰৰ শালিকীযুৰিয়ে চাই ৰয় ফাগুনৰ ৰং.... বতাহৰ সোঁ-সোঁৱনিত ভাহি আহে কোনো গৰখীয়া বাঁহীৰ মাত... নৈপৰীয়া বালিত উৰি ৰয় ৰঙীন চিলা....আৰু এইবোৰৰ আঁতৰত উৰি ৰয় বতাহে কঁপোৱা মোৰ হিয়া..





ৰচনাকালঃ-০৬ মাৰ্চ, ২০১২