Monday, December 26, 2016

দৰা আগুৰা প্ৰশ্ন

প্ৰশ্ন ১ঃ অন্ধ‍ই বিয়া কৰালে | ক‍ইনাজনীক কলাই পলাই নিলে, পলাই নিওতে বেঙাই দেখিলে | এতিয়া প্ৰশ্ন হ’ল-বেঙাই অন্ধক কথাটো কেনেকৈ কব ?

উত্তৰঃ ক) অন্ধ, কলা আৰু বেঙা আচলতে মানুহ তিনিজনৰ নামহে।
খ) অন্ধ আৰু কলা এজনেই।

---------------------------------------------------------------------------------------------------

প্ৰশ্ন ২ঃ কাৰ পো, কাৰ নাতি, ক'লৈ যোৱা দোভাগ ৰাতি?
কাৰ চোতালত দিবা ভৰি, কাক দিবা মালাধাৰি ?

উত্তৰঃ দৰাৰ মাক-দেউতাকৰ নাম - ককাকৰ নাম - বিয়া কৰাবলৈ
শহুৰেকৰ নাম - কইনাৰ নাম।

---------------------------------------------------------------------------------------------------

প্ৰশ্ন ৩ঃ আমাক আপুনি এনে এটা বস্তু দিয়ক, যিটো দিলে আপোনাৰ লোকচান নহয় আৰু আমিও সুখী হম

উত্তৰঃ নমস্কাৰ

---------------------------------------------------------------------------------------------------

প্ৰশ্ন ৪ঃ আপোনাৰ কইনাৰ ঘৰ পোৱাৰ আগতে এখন দলং সজা হৈছিল, যিখন আজি ৰাতিপুৱা মানুহৰ ভিৰত ভাঙি থাকিল। এতিয়া দলংখন সাজিবলৈ দহটা খুটা আৰু এশডাল কাঠ লাগে। আপুনি সেইখিনি দিলেহে কইনাৰ ঘৰ যাবলৈ পাৰিব।

উত্তৰঃ চিগাৰেট এপেকেট আৰু দিয়াচলাই এটা যাঁচিব লাগে।

---------------------------------------------------------------------------------------------------

প্ৰশ্ন ৫ঃ আপোনাৰ মূৰত কি আছে?

উত্তৰঃ এনেই চুলি আৰু এই মুহূৰ্তত মালাও আছে।

---------------------------------------------------------------------------------------------------
প্ৰশ্ন ৬ঃ পৃথিৱীৰ আটাইতকৈ ওজন থকা ফুলবিধৰ নাম কি?

উত্তৰঃ কলফুল

---------------------------------------------------------------------------------------------------
প্ৰশ্ন ৭ঃ আপুনি আহোতে ঘৰত সাতভাইক এৰি থৈ আহিছে। সেই সাতভাই ক'ত কি কৰি আছে ?

উত্তৰঃ ৭ ডাল কলপুলি। চাৰিভাই মণ্ডপত, দুইভাই গেটত আৰু এজন ধুওৱা ঠাইত।

---------------------------------------------------------------------------------------------------
প্ৰশ্ন ৮ঃ আমাক এনেকুৱা এটা বস্তু দিয়ক যিটো দিলে আপোনাৰো খৰচ নহয় আৰু সন্মানো বাঢ়ে।

উত্তৰঃ নমস্কাৰ।
---------------------------------------------------------------------------------------------------

প্ৰশ্ন ৯ঃ  অসমৰ এখন জিলাৰ নাম আকাৰে ইংগিতত দিয়ক।

উত্তৰঃ যোৰহাট। হাত দুখন যোৰ কৰিব।
---------------------------------------------------------------------------------------------------

প্ৰশ্ন ১০ঃ চাৰেষোল্লখন গাঁওৰ নাম কওকচোন।

উত্তৰঃ নগাঁও, ছয়গাঁও, দেৰগাঁও
---------------------------------------------------------------------------------------------------



Saturday, June 25, 2016

নতুন চৰকাৰৰ কৰণীয় কি কি হোৱা উচিত

২০১৬ চনত অসমৰ ৰাইজে বিপুল পৰিৱৰ্তনৰ আশা আৰু বতাহেৰে এখন নতুন চৰকাৰ গঠন হোৱাৰ সপক্ষে ভোটদান কৰিলে। সেইমৰ্মে আজিৰ দিনটোত এখন নতুন চৰকাৰ গঠন নিশ্চিত হ’ল। অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে এই চৰকাৰখনে কি কৰা উচিত আৰু কোনকেইটা দিশত গুৰুত্ব প্ৰদান কৰা উচিত সেই বিষয়ে এখন তালিকা তৈয়াৰ কৰোঁ আহক। (অনুগ্ৰহ কৰি গালি-গালাজ, মতামত আদিৰ পৰিৱৰ্তে এই তালিকাত কামৰ কথাহে উল্লেখ কৰক। লিখোঁতে যেন ৰোমান লিপি ব্যৱহাৰ কৰি অসমীয়াত নিলিখে। )
 
১/ পৰ্য্যটনঃ অসমৰ পৰ্যটনক্ষেত্ৰসমূহ উন্নিতকৰণ কৰক, নতুন নতুন ঠাই কিছুমানক পৰ্য্যটনস্থলী হিচাপে মৰ্য্যদা প্ৰদান কৰক আৰু পৰ্য্যটনৰ লগত জড়িত বিষয়সমূহত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰক।
২/ যোগানঃ অসমৰ সকলো ধৰণৰ যোগান ব্যৱস্থা নিশ্চিত কৰক, যোগান ব্যৱস্থাত চিণ্ডিকেটৰাজ নোহোৱা কৰক, বজাৰত সমতা স্থাপন কৰক।
৩/ কুটীৰ শিল্পঃ অসমৰ কুটীৰ শিল্পসমূহক পুনৰ্জীৱিত কৰক। থলুৱা শিল্পক উদগণি দিয়াৰ বাবে আঁচনি তৈয়াৰ কৰক।
৪/ শিক্ষাঃ প্ৰাথমিক শিক্ষা ক্ষেত্ৰত শিক্ষাৰ লগত জড়িত আঁচনিত গুৰুত্ব দিয়ক, ছাত্ৰ-ছাত্ৰীক জলপানিৰ ব্যৱস্থা কৰক, শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰক আৰু শিক্ষা ক্ষেত্ৰত সুস্থ জ্ঞানৰ প্ৰতিযোগিতা উভতাই অনাৰ বাবে গুৰুত্ব প্ৰদান কৰক।
ছেবা আৰু শিক্ষা পৰিষদৰ সকলো পৰীক্ষাৰ বিষয়ক কাম কাজ (ছাত্ৰ আৰু স্কুলৰ ফালৰ পৰা কৰিবলগা) অনলাইন কৰক। এই ব্যৱস্থাই প্ৰচেছিং সময় কমাব আৰু ফলাফল সোনকালে ঘোষনা কৰাত সুবিধা আনিব।
৫/ উদ্যোগিক ক্ষেত্ৰঃ বৃহৎ উদ্যোগৰ পৰিৱৰ্তে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাত মনোনিৱেশ কৰক, ক্ষুদ্ৰ ব্যৱসায়ীক উৎসাহিত কৰিব পৰা আঁচনি গ্ৰহণ কৰক।
৬/ গৃহ বিভাগঃ আৰক্ষী প্ৰশাসন সুস্থ, নিকা আৰু দুৰ্নীতিমুক্ত কৰক। গৃহ বিভাগত অত্যাধুনিক ব্যৱস্থা আৰু পদ্ধতিৰ সূচনা কৰক।
পুলিচ থানাত ধনৰ লেনদেন বন্ধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।
৭/ যাতায়ত আৰু যোগাাযোগ ব্যৱস্থাঃ যাতায়ত ব্যৱস্থাৰ উন্নতিৰ হকে ব্যৱস্থা লওঁক, কেৱল স্থলপথৰ সলনি জলপথ, বায়ুপথ, ৰেলপথৰ উন্নতিৰ বাবে কাম কৰক। অসমৰ পাহাৰীয়া ঠাইসমূহলৈ টয়ট্ৰেইন, চহৰসমূহত মেট্ৰ’ ব্যৱস্থাৰ সূচনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।
৮/ গুৱাহাটী উন্নয়নঃ ভৰলু নদীখনক পৰিস্কাৰ কৰি আভ্যন্তৰীণ জলপৰিবহনৰ বাবে মুকলি কৰিলে গুৱাহাটী স্থল পৰিবহনৰ সমকক্ষ ভাৱে ব্যৱহাৰ কৰিব পাৰি লগতে ই পৰ্যটন কাৰণেও আকৰ্ষণ ৰ কেন্দ্ৰ বিন্দু হৈ পৰিৱ
৯/ দুৰ্যোগ প্ৰশমন আৰু নিয়ন্ত্ৰণঃ প্ৰথমেই ব্ৰহ্মপুত্ৰৰ বুকু উন্নত প্ৰযুক্তি ব্যৱহাৰেৰে খান্দি বানপানীৰ সমস্যাৰ সমাধান কৰক, এনে কৰিলে উপনৈ সমূহৰ পানী উপচি নপৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ বৈ যাব, আৰু সম্পূৰ্ণ ৰূপে বানপানীৰ সমস্যা সমাধানৰ পথ প্ৰসস্ত হব।
দ্বিতীয়তে মাজুলীৰ খহনিয়া ৰোধ কৰি নদী-দ্বীপটোৰ অস্তিত্ব ৰক্ষা কৰক।
১০/ বন বিভাগঃ বনজ সম্পদ আৰু বন্যপ্ৰাণীৰ ৰক্ষানাবেক্ষণ সুনিশ্চিত কৰক।
অবাধ বন ধ্বংস বন্ধ কৰক।
বন সুৰক্ষা কৰ্মীক উচ্চ মানবিশিষ্ট কৰক।
১১/ উচ্চশিক্ষাঃ ৰাজ্যিক স্তৰত বিশেষভাৱে সুবিধাপ্ৰাপ্ত আৰু স্বীকৃত প্ৰতিষ্ঠান স্থাপন কৰক। যেনে নামনি অসমত এখন, মধ্য অশমত এখন, উজনি অসমত এখন আৰু বৰাক উপত্যকাত এখন। এই প্ৰতিষ্ঠানসমূহত অত্যাধুনিক সা-সুবিধা প্ৰণয়ণেৰে ‘ব্ৰেইন ড্ৰেইন’ ৰোধ কৰক। কলা, বিজ্ঞানৰ উপৰিও অভিযান্ত্ৰিক শিক্ষাৰ ক্ষেত্ৰত এই ব্যৱস্স্থা কৰক
১২/ ৰাইজক অসুবিধাৰ সৃষ্টি কৰি ৰাস্তাই পদূলিয়ে ভিআইপিৰাজ নোহোৱা কৰক। ৰাইজে পোনে পোনে বিভাগীয় মন্ত্ৰীক ৰিপ’ৰ্ট দিব পৰা ব্যৱস্থা কৰক। এই ব্যৱস্থাত মেইল, হোৱাটচ আপ, মোবাইল এপচ আদিৰো ব্যৱস্থা কৰক। প্ৰতি পষেকত ৰাইজক বিভাগীয় মন্ত্ৰীজনে সম্বোধন কৰি দূৰদৰ্শনত বাৰ্তা দিয়ক, বিভাগৰ কামৰ খাটিয়ান দাঙি ধৰক।
১৩/ প্ৰতিখন কেন্দ্ৰীয় আঁচনি আৰু ৰাজ্যিক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পোনপটীয়া দৰখাস্তৰ ব্যৱস্থা কৰক (অনলাইন দৰখাস্তৰ ব্যৱস্থা কৰক)। ৰাইজে সক্ৰিয় আঁচনিসমূহৰ বিষয়ে জানিবলৈ সুকীয়া ৱেবচাইটৰ ব্যৱস্থা কৰক।
১৪/ অফিচ কাছাৰীৰ সকলো দৰখাস্তৰ বাবে অনলাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক। কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা নোহোৱাকৈ কামবোৰ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰক। এৰিব নোৱাৰা ক্ষেত্ৰত ‘চিংগল ৱিনডো’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক। এই ব্যৱস্থাই অফিচ কাছাৰীত কামৰ বিনিময়ত ধনৰ লেনদেন কমাব।
১৫/ দুৰ্নীতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুত্ব সহকাৰে লওক। অভিযোগকাৰীয়ে প্ৰমাণ দিয়াৰ পৰিৱৰ্তে অভিযুক্ত কৰ্মচাৰীয়ে নিৰ্দোষিতাৰ প্ৰমাণ দাখিলৰ ব্যৱস্থা কৰক। দুৰ্নীতি প্ৰমাণিত কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰক।
 
[ ৰচনাকালঃ ১৯ মে', ২০১৬]

অসমীয়া ৱিকিপেডিয়াৰ চৈধ্য বছৰ

ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া অসমীয়া ৱিকিপেডিয়াৰ চৈধ্য বছৰ পূৰ্ণ হোৱা উপলক্ষে সমূহ ৱিকি কৰ্মকৰ্তা, ৱিকিলেখক তথা ৱিকিসম্পাদকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ যদিও অসমীয়া ৱিকিপেডিয়া ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া, ইয়াৰ কলেবৰ কিন্তু ইমান শকত নহয়৷ ইয়াৰ কাৰণ অসমীয়া তথ্যসূত্ৰযুক্ত প্ৰবন্ধৰ প্ৰতি আৰু অসমীয়া ভাষাৰ প্ৰতি গুৰুত্বহীনতা৷ আহক, এই বদনাম আমি নোহোৱা কৰি অামাৰ চৌপাশে সিঁচৰতি হৈ থকা সামগ্ৰী, অনুষ্ঠান, প্ৰতিষ্ঠানসমূহৰ তথ্যসহকাৰে বৰ্ণনা কৰি অসমীয়া ই-ভৰাল চহকী কৰাত সহায় কৰোঁহক৷ চিন্তা নকৰিব, প্ৰতিজন ৱিকিকৰ্মী আপোনাক সহায় কৰিবলৈ হাঁহিমুখে ৰৈ আছে৷ বিশেষ অসুবিধা হ'লে আপোনাৰ লেখা তথ্যসূত্ৰসহ আমালৈ পঠিয়াওক, আমি ইয়াক ৱিকিপেডিয়াত উঠোৱাৰ ব্যৱস্থা কৰিম৷ মনত ৰাখিব, আপোনাৰ সন্তানৰ ই-শিক্ষাৰ দায়িত্ব প্ৰতিপালনত এয়াও হব এক আদৰণীয় পদক্ষেপ৷

[ৰচনাকালঃ ২ জুন, ২০১৬] 

নিৰাশাত আশা


আজি বহুতো আপডেট দেখিলোঁ। আজিকালিৰ শিক্ষাৰ মানদণ্ডক তাহানিৰ মানদণ্ডৰ লগত ৰিজোৱা হৈছে। ভাল কথা। সমাজ এখন পৰিৱৰ্তনৰ ঢৌত উঠি ভাঁহি নাযাবলৈ এই ৰিজনি প্ৰয়োজনীয়। এই ৰিজনিত বহু ক্ষেত্ৰত অসমীয়া বিষয় আৰু সেই বিষয়ত পোৱা অধিক নম্বৰৰ বিষয়টোকো সামৰি লোৱা হৈছে। বহু ক্ষেত্ৰত কোৱা হৈছে যে মুখস্থ বা আন্তৰিকতা নোহোৱাকৈয়ে বহুতে অসমীয়া বিষয়ত বহুত নম্বৰ পাইছে। 

মোৰ কবলগীয়া তাত নহয়। কবলগীয়া এইখিনিতেই যে যদি আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত আশী বা তাতোধিক নম্বৰ পাই বিষয় হিচাপে অসমীয়াক সন্মানজনক ঠাইত ৰাখিছে বা ৰাখিব পাৰিছে, তেন্তে অসমীয়া ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নতিৰ হকে এওঁলোকে কিবা কৰিব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ বা নকৰোঁ কিয়? হয়, আজিকালিৰ ছাত্ৰ ছাত্ৰীৰ শব্দ প্ৰয়োগ, উচ্চাৰণ আদি অশুদ্ধ। হবই। তেওঁলোকৰ চাৰিওফালে যি ঘটি আছে সেয়াইতো হব। চকু মেলিলেই আজি ইংৰাজী, হিন্দী আদি পৰভাষাৰ দপদপনিৰ মাজত যদি তেওঁলোকে সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া উচ্চাৰণ কৰিব বুলি ভাবোঁ, মোৰ মতে সেয়া আমাৰ কল্পনাৰ বাহিৰে অন্য স্তৰ নাপায়গৈ।

সেয়ে সকলোবোৰ নেওচি প্ৰতিজন ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ যিসকলে অসমীয়া ভাষাক এটা মূল ভাষা হিচাপে লৈ বিষয়টোৰ সন্মান ৰক্ষা কৰিছে। এইখিনিতে মই সেইসকললৈ অনুৰোধ জনাম যদি তেওঁলোকৰ ভাষাজ্ঞান সীমিত, শব্দপ্ৰয়োগ অশুদ্ধ, উচ্চাৰণ ভুল, সেয়া পৰ্যায়ক্ৰমে তেওঁলোকে শুধৰাবলৈ যত্ন কৰক। কিবা অসুবিধা হ'লে শুধৰাই দিয়া মানুহৰ অভাৱ নহব। কিন্তু তাৰ বাবে চেষ্টা লাগিব। সেই চেষ্টা এৰি নিদিব। জন্মদিনত প্ৰিয় বন্ধুজনক এখন অসমীয়া অভিধান উপহাৰ দিয়ক। নিজেও ভুল হোৱা বুলি ভাৱ হোৱা শব্দটি অভিধানত চাওঁক। দেখিব সকলোবোৰ সঠিক দিশত আগবাঢ়ি গৈছে। ব্যৱহাৰিক জ্ঞান বৃদ্ধি হব যদিহে বৈষয়িক জ্ঞানৰ সঠিক প্ৰয়োগ ব্যৱহাৰিক ক্ষেত্ৰত কৰা যায়।

সকলোলৈ শুভেচ্ছাৰে।

[ ৰচনাকালঃ ২ জুন, ২০১৬] 

নাট্যপ্ৰভাকৰ অচ্যুত লহকৰকৈ শ্ৰদ্ধাঞ্জলি




সাধাৰণ ঘৰৰ লৰা আছিল তেওঁ৷ কিন্তু নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত ভোটাতৰা হৈছিলগৈ এদিন৷ তেওঁৰ পৰা অসম আৰু অসমীয়াই লাভ কৰিছিল অসমৰ আটাইতকৈ জনপ্ৰিয় নাট্যসংস্কৃতিৰ ৰূপ ভ্ৰাম্যমান থিয়েটাৰ৷ সেই ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰ আৰু নাই৷ ৮৫ বছৰ বয়সত তেওঁ ইহ সংসাৰ ত্যাগ কৰে৷ তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ৷ 

অসমৰ বাবে গোটেই জীৱন কটোৱা এই মহান ব্যক্তিগৰাকীৰ মৃত্যুত চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা কিন্তু লোৱা হোৱা নাই৷ জীৱিত কালতো চৰকাৰীভাৱে সকলো সন্মান, সা-সুবিধাৰ পৰা বঞ্চিত এই মহান ব্যক্তিগৰাকীক মৰোনত্তৰভাৱে নাট্যকলাৰ সৰ্বোচ্চ সন্মান যাঁচিবলৈ আমি চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ৷

[  ৰচনাকালঃ ১২ জুন, ২০১৬]

ৰাজ্যিক শোক দিৱসত কি কৰিব লাগে অসমৰ সংবাদ মাধ্যমে জানেনে


যোৱাকালি ৰাতিপুৱা অসমৰ নাট্যসংস্কৃতিৰ এক অনবদ্য সংস্কৰণ "ভ্ৰাম্যমান থিয়েটাৰ"ৰ জনক অচ্যুত লহকৰ ডাঙৰীয়া পৰলোকপ্ৰাপ্তি হয়। অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমে কথাটো বৰ বৰ হৰফেৰে ব্ৰেকিং কৰিলে, ৰাইজৰ মতামত ল'লে, সবিস্তাৰে লহকৰ ডাঙৰীয়াৰ জীৱন বৃত্তান্ত "ব্ৰেকিং" কৰিলে। তেতিয়ালৈ সকলোখিনি সঠিক আছিল। চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে যোৱাকালিৰ দিনটো শোক দিৱস হিচাপে ঘোষণা কৰিলে। জনপ্ৰতিনিধিয়ে মৃতকৰ পৰিয়ালৰ ওচৰলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলে। এইখিনি কথাও আমি গম পালোঁ সংবাদ মাধ্যমৰ জৰিয়তেই।

সেইখিনিলৈকে আমি ভাবি আছিলোঁ যে অসময় বৈদ্যুতিন সংবাদ মাধ্যম "লাইনত আহিল", সুখ-দুখৰ মোল বুজা হ'ল, সুখত হাঁহিব আৰু দুখত কান্দিব জনা হ'ল, ৰাইজৰ বেদনাত বেদনাসিক্ত হবলৈ জনা হ'ল। পিছে এই ধাৰণা কেইমুহূৰ্তমানলৈহে থাকিল। শোক দিৱসত আমি জনাত সকলো ধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন বন্ধ হব লাগে। বন্ধও হ'ল। বহু ঠাইত হবলগীয়া সম্বৰধনা অনুষ্ঠান বাতিলৰ খবৰ পালোঁ। কিন্তু দুই বজাত "নিউজ চেনেলে" আৰম্ভ কৰি দিলে "চানডে মেটিনি"। চলচ্চিত্ৰ প্ৰদৰ্শন। প্ৰায় আটাইকেইটা বাতৰি পৰিৱেশনকাৰী চেনেলেই প্ৰদৰ্শন কৰি গ'ল দেওবৰীয়া চলচ্চিত্ৰ। পিছত খবৰ পালোঁ, দুটামান চেনেলে হেনো কোনোবা নাটকৰ প্ৰ'ম'ও দেখুৱালে।

সংবাদ কি আমি হয়তো নাজানো। সংবাদ মাধ্যমৰ কৰণীয় কি, সেয়াও ভালকৈ নাজানো। অলপ চলপ যি জানো সেইমতে চলচ্চিত্ৰ, প্ৰ'ম' আদি মনোৰঞ্জনধৰ্মী অনুষ্ঠানেই হয়। ৰাজ্যিক শোক দিৱসত তেন্তে এই মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন কৰি চেনেলসমূহে মৃতকৰ সদগতি কামনা কৰিলে নে মৃতকক চৰম অপমান কৰিলে? এয়া চৰকাৰী ঘোষনাৰ চৰম অৱমাননা নহয়নে? নে "সংবাদ মাধ্যম" ৰ নামৰ বিপৰীতে এয়া একনায়কত্ববাদ?

আশাৰাখিছোঁ বৈদ্যুতিন মাধ্যমসমূহ এই বিষয়ত সজাগ হৈ পৰৱৰ্তী সময়ছোৱাত এনেকুৱা সৰু সুৰা ভুল আৰু দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ পৰা বিৰত থাকিব। মনত ৰাখিব আপোনালোকৰ টিআৰপিত আটাইতকৈ অধিক অৱদান আমাৰ নিছিনা দৰ্শকসকলৰেই।

[ৰচনাকালঃ ১৩ জুন, ২০১৬]

চোৰাং চিকাৰীৰ সাধু


মধুবনত চিকাৰ বিচাৰি
ঘূৰি আছে চোৰাং চিকাৰী ৷

তিৰবিৰ দুটি চকু
ভোকাতুৰ দৃষ্টি
হৰিণীৰ সন্ধানত ঘূৰি আছে
চোৰাং চিকাৰী ৷

একেই বন্দুক একেই গুলী
একেটাই বিষয় সোণৰ হৰিণ
হৰিণী চৰি ফুৰে সেউজী সাজত
চিকাৰী ঘূৰি ফুৰে চিকাৰ সন্ধানত ৷

হঠাৎ চিকাৰীৰ অচিন বেহা
হৰিণীয়ে সাৱধানে পাই গল দেখা৷
এক বন্দুক এক গুলী
চিকাৰ বিচাৰি ঘূৰি আছে তিনি চিকাৰী৷

মধুবনৰ ঘাঁহনিত হৰিণীজনী
বহি আছে সেউজী দলিচা পাৰি৷
জিভাত পানী চকুত তিৰবিৰণি
ওচৰ চাপি আহে চোৰাং চিৰাৰী৷

মধুবনৰ ঘাঁহনিত হৰিণী, চিকাৰী
চৌদিশে ঘেৰি ধৰে অলেখ হৰিণী৷
শিঙৰ খোচত বন্দুক পৰি ৰয়
চোৰাং চিকাৰীৰ স্বপ্নভংগ হয়৷

মধুবনত চিকাৰ বিচাৰি
অকাৰণে নিশেষ হয়
চোৰাং চিকাৰী ৷

[ ৰচনাকালঃ ২৪/০৬/২০১৩]

Saturday, May 14, 2016

শিল্পী দিৱসৰ চিন্তা



শিল্প কলাৰ বাবে বিশেষ কোনো দিনৰ প্ৰয়োজন নাই৷ প্ৰয়োজন হয় উদ্যাপনৰ বাবে৷ সৃষ্টিয়েই সাধনাৰ শেষ নহয়৷ যি শিল্পই শিল্পীক সুন্দৰৰ ৰূপত গঢ় দিব পাৰে, যি সুৰে দেউল সাজি ৰূপৰ শিকলি ভাঙি সোণোৱালী দুৱাৰ খুলি দিব পাৰে, সেই শিল্পক উদযাপন কৰাৰ প্ৰয়োজন আহি পৰিছে৷ সুন্দৰৰ পুজাৰী, ৰূপৰ কোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালাক শিল্পী দিৱসৰ দিনাখন সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ৷

[লিখনকালঃ ১৭ জানুৱাৰী, ২০১৫] 

গনৰাজ্য দিৱস আৰু বাপুঃ কিছু চিন্তা



দুদিনমান আগতে এটা ভিডিও শ্বেয়াৰ কৰিছিলোঁ, স্বাধীনতাৰ সোৱাদ লব নৌপাওতেই ক্ষমতাৰ খোৱামকৰাত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰাৰ আঁৰৰ কাহিনীক লৈ৷ তাৰে বহুবছৰৰ আগেয়ে মহাত্মা গান্ধী মোৰ বাবে এগৰাকী একাচেকা ব্যক্তি আছিল, যিয়ে স্বাধীনতাৰ নামত ভাৰতবাসীলৈ অন্য এক পৰাধীনতা নমাই আনিছিল বুলি ধাৰণা কৰিছিলোঁ৷ কিন্তু সেই ধাৰণা সঁচা নহয় বুলি প্ৰমাণ কৰিবলৈ তথ্যৰ ৰূপত মোৰ ওচৰলৈ আহিছিল দেশ বিভাজনৰ সময়ত গান্ধীয়ে কোৱা কথাষাৰ "মই এনেকুৱা এখন ভাৰতবৰ্ষৰ বাবে স্বাধীনতা বিচৰা নাছিলোঁ"৷ সেই আৰম্ভণিকেই সমল হিচাপে লৈ মহাত্মা গান্ধীৰ বিষয়ে সদায় জানিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতিবাৰেই একো একোটা যোগাত্মক দিশ মোৰ ওচৰত মুকলি হৈ যায়৷ দেশৰ প্ৰতিটো গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসত সেই বাবেই হয়তো গান্ধীজীলৈ মনত পেলোৱাৰ সুবিধা এটি পাই যাওঁ, আজি যিদৰে ৰাজনৈতিক প্ৰেক্ষাপটত গান্ধীজীৰ ওপৰত নিৰ্মীত চলচ্চিত্ৰ 'গান্ধী' চোৱাৰ সুবিধা পালোঁ৷ ছবিখনৰ পৰা জানিবলগা কথা বহুকেইটাই পালোঁ, যিদৰে পালোঁ আৰু বহু কথা জানিবলৈ প্ৰেৰণা৷ ধন্যবাদ বাপু৷ তোমাৰ ত্যাগৰ মূল্য দিব পৰাকৈ যোগ্য হোৱাৰ বাবে আমাক সততা দিয়া, আদৰ্শ গঠনৰ বাবে আশীৰ্বাদ দিয়া৷

[ৰচনাকালঃ ২৭ জানুৱাৰী, ২০১৫]

আদ্য শৰ্মালৈ শ্ৰদ্ধাঞ্জলি



আদ্য শৰ্মাৰ আৰ্হিৰে নিৰ্মাণ কৰি উলিওৱা বনগাঁও সভা মহোৎসৱৰ তোৰণখন৷ ভ্ৰাম্যমান থিয়েটাৰৰ কলা আৰ্হিৰ পিতামহ, "টাইটানিক" সফলৰ আঁৰৰ ব্যক্তি শৰ্মাদেৱৰ মৃত্যুত অসম পুত্ৰহাৰা আৰু ভ্ৰাম্যমানৰ কলা পিতৃহাৰা হ'ল৷ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ৷

[লিখনকালঃ ২২ ফেব্ৰুৱাৰী, ২০১৫]