Sunday, September 17, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি (তৃতীয় অধ্যায়) – ৫



জুনিয়ৰে কামুৰি আছে, এদিন ৰেষ্টুৰেণ্টত গৈ খাব। মোৰ চাকৰি পোৱাটো ইমান সৰু কথা নহয় যে সি তাক স্মৰণীয় কৰি ৰখাৰ সুবিধাটো এৰিব। সেইমতেই সিদ্ধান্ত কমদামী দোকান এখনত এসাঁজ খাম দুয়ো। গুৱাহাটীত থকা বহু বছৰেই হ’ল। তথাপি আজিলৈ বাহিৰত খোৱাৰ সুবিধা হোৱা নাছিল। প্ৰয়োজনবোধো নাছিল। সেই বাবেই হওঁক বা ইণ্টাৰেষ্ট নথকা বাবেই হওঁক, কি ৰেষ্টুৰেণ্ট ভাল, কি বেয়া সেয়া মই নাজানিছিলোঁৱেই। প্ৰকাশ্যে ৰেষ্টুৰেণ্ট বাচনি কৰাৰ দায়িত্ব পৰিল জুনিয়ৰৰ ওপৰতেই। প্ৰথম মাহৰ দৰমহা। অলপমান টকা, কিন্তু কৰণীয় বহুত। প্ৰথম মাহৰ দৰমহাৰে মা-দেউতাৰ বাবে এসাজ কাপোৰ, জুনিয়ৰৰ বাবে সৰুকৈ হ’লেও কিবা এটা, ধাৰৰ টকাখিনিতো আছেই। মাহটো চলিব পৰাকৈ হাতত কেইটামান মজুতো ৰাখিব লাগিব। মুঠতে বহুত কৰণীয়। তথাপি জুনিয়ৰৰ কথা পেলাব পৰা শক্তি মোৰ নাই। মোৰ অতি দুখৰ সময়ত জানি-নাজানি সিয়েইতো মোৰ ছাঁ হৈ আছিল। 

এখন যুদ্ধৰ মাজেৰে মই গুৱাহাটী পাইছিলোঁহি। সেই যুদ্ধ আনৰ সৈতে যিমান হৈছিল, নিজৰ লগত তাতোকৈ বহুত বেছি কৰিব লগা হৈছিল। জীৱন যাপনৰ বাবে, ভাঙি পৰা মনটোৰ মেৰামতিৰ বাবে, আশাবোৰ পুনৰাই জীপাল কৰিবলৈ, কিহৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা নাছিল! কৰি গৈছিলোঁ। সংগ্ৰামত শিৰনত কৰা নাছিলোঁ বাবেই আজি ইয়াত থিয় দি আছোঁ। জুনিয়ৰে হয়তো ভালকৈ নাজানে কথাবোৰ। নজনাৰেই কথা। মইতো কেতিয়াও মুখ খুলি একো কোৱা নাই তাক। হয়তো কিছু কিছু জানে। কিন্তু মনৰ উমান পায় জানো! পাবতো নালাগে। প্ৰতিক্ৰিয়াশীল নোহোৱা বাবেই বহুকথা স্পষ্ট নোহোৱাকৈ থাকি গ’ল। সিদ্ধান্তবোৰ আধৰুৱা হৈ গ’ল। বহু ক্ষেত্ৰত আধৰুৱা বাটৰেই লগৰী হৈ কটালোঁ। আৰুবা কিমান আছে আগলৈ! দেওবাৰৰ কৰণীয় কামবোৰ কৰি দুপৰীয়াৰ সাঁজ খাওঁতে দেৰিয়েই হৈছিল। খাই বৈ বিচনাত পৰি পৰি ভাবি থাকিলোঁ কথাবোৰ। ভাবিলোঁ বুলি ক’লে হয়তো ভুল কৰা হব। ভাৱনাই নতুনকৈ পোখা মেলিলে। বহুদিন উভতি যোৱা নাছিলোঁ অতীতলৈ। হঠাত দুমাহৰ আগৰ ঘটনাই মূৰৰ ওপৰত অতীতৰ ত্ৰিপাল টানি ধৰিলেহি। এতিয়া কেনেকৈ পলাম সেই অতীতৰ পৰা! 

বিচনাৰ পৰা উঠি মুখখন ধুলোঁ। এপাক গণেশগুৰিৰ পৰাই আহোঁগৈ। বহুদিন আড্ডালৈ যোৱা নাই। লগৰবোৰক বহুদিন লগো পোৱা নাই। ক’ত বা আছে সিহঁতবোৰ! 

সন্তোষ পাণ ভাণ্ডাৰৰ সন্মুখত ফুটপাথৰ ৰেলিঙত ধৰি ৰাস্তাৰ ফালে চালোঁ। বৰ বিচিত্ৰ লাগিছে গধূলিৰ এই মহানগৰী। মোৰ পিছপিনে ফুটপাথেৰে অজস্ৰ মানুহৰ আহ-যোৱা চলি থাকিল। সন্মুখৰ ৰাস্তাৰে অসংখ্য গাড়ী। গাড়ীবোৰ ইমানযে বাঢ়িল আজিকালি। সৌ সিদিনালৈকে কেইখনমান মাৰুটি কম্পেনীৰ গাড়ীৰ বাহিৰে প্ৰায় বেলেগ কম্পেনীৰ গড়ী নচলিছিলেই এই পথেৰে। তাৰ মাজতে অলপ দামী বা বেলেগ কম্পেনীৰ গাড়ী থাকিলেও সেয়া সকলোৰে চিনাকি আছিল। আৰু এতিয়া! মিনিটত কিমানযে গাড়ী পাৰ হৈ গৈছে! কিমান যে ব্ৰেণ্ডৰ গাড়ী। কত ধৰণৰ। আৰু কেৱল গড়ীয়েইনে! বাইক, চাইকেল, ৰিক্সা, অট’ৰিক্সা, চিটিবাছ, ঠেলা কিনো বঢ়া নাই। চিটিবাছৰ উৎপাতত মানুহ আজিকালি ৰাস্তাৰে যাব নোৱাৰা হৈ গৈছে। মুঠতে এক হুলস্থূলীয়া পৰিস্থিতি। গড়ী-বাইকৰ হৰ্ণ, চাইকেল-ৰিক্সাৰ টিলিঙা কিহৰ যে মিশ্ৰণ নাই! 

-অ’ই কুকুঅ পোৱালি, কথা কবলে আইছ’? আঅম্ভ হবলেই পোৱাগে নাই, ভাআ বৰালিয়েই? – মোৰ প্ৰায় সন্মুখতে ৰাস্তাৰ কাষত ট্ৰেকাৰ এখন ৰ’লহি আৰু লগে লগে ভাঁহি আহিল আজিকালি প্ৰায়ে চলি থকা ভাওনা এখন।
-নাই নাই। পইচা দিবা ন’ল্লি উথপায়ে নালগে। ভাৰা সেয়ে আগোৰেপৰা।
-অ’ই। তহঁতি ইনেই মাৱ নাখাৱ। ঘূআ, ঘূআ দুটকা ঘূআ।
-যাবাদিয়া – হেণ্ডিমেনৰ কথামতে ট্ৰেকাৰ গুছি গ’ল।
-অ’ই (অশ্লীল) পুতেক, যা যা মোৰ দুটকাৰে ৰজা হবিগৈ যা। - মানুহজনে ভোৰভোৰাই গুছি গ’ল। কথা বাৰ্তাতেই গম পোৱা গ’ল মানুজহন উজনিৰ ফালৰ। আৰু হেন্দিমেনজন নামনিৰ। 

কিমান যে মানুহ গোট খালে গুৱাহাটীখনত। হয়তো কামৰ সন্ধানত। হয়তো প্ৰতিষ্ঠাৰ বাবে, হয়তো অন্য কাৰণত। ইমান মানুহ। কাৰণো সেইধৰণে অজস্ৰ। কিছুমানে যদি সৰু সুৰা চাকৰিৰ বাবে দিনৰ দিনটো ঘূৰি ফুৰিছে, কিছুমানে আকৌ ফুটপাথতে চবজীয়েই হওঁক বা পাণ-তামোলৰ দোকান দিয়েই হওঁক, দুপইচা ঘটাৰ আচিলা উলিয়াইছে। সেই বাবেই ফুটপাথবোৰ কেৱল মানুহৰ পদপথেই হৈ থকা নাই, ই এতিয়া সৰু সৰু ব্যৱসায়িক স্থানো হৈ পৰিছেহি। নতুন যেন লাগিছে গুৱাহাটীখন। নতুন যেন লাগিছে পৰিৱেশটো। ৰাস্তাৰ সিটো পাৰত গঢ়ি উঠা নতুন কেবামহলীয়া ঘৰটোৰ প্ৰথম মহলাত নীলা-ৰঙা লাইটেৰে চমকি উঠা নতুন বাৰখনৰ দৰে ৰহস্যময় লাগিছে পৰিৱেশটো।

-এবে। এইজন আজি আকৌ ক’ৰপৰা ওলালহি! – পিচপিনৰ পৰা অহা মাতত ঘূৰি চালোঁ। মমিন। মমিনুৰ। আমাৰ আড্ডাৰ লগৰী।
-কি খবৰ বছ?
-তুমাৰহে কোৱা।
-বঢ়িয়া। টাম্মাম একদম। -সচৰাচৰ কোৱাৰ দৰে মই উত্তৰ দিলোঁ।
-আজিকালি ক’ত থাকাবে?
-আগৰ ঠাইতে আছোঁতো
-ইমানদিন দেখা নাই যে?
-অলপ ব্যস্ত আছিলোঁ।
-আড্ডাতো নাহা আজিকালি!
-সময়েই নাপাওঁ দেখোন।
-কিয় বে? আগতেতো পাইছিলা। কিবা চাকৰিত সোমালা নেকি?
-নাই। ক’ত চাকৰি পাবাহে। - কিয় জানো, চাকৰি পোৱা খবৰটো মমিনক জনাবলৈ মোৰ ইচ্ছা নগ’ল। আৰু কাউৰীটোৱে অজ্ঞাত স্থানৰ পৰাই কা-কা কৰি উঠিল।
-নহ’লে টাইম কিয় নোপোৱা।
-আমি হ’লোঁ গোবৰ খুচৰা পোক। এলডা খুচৰি এটা পৰুৱা পাওঁ। তাতে দেখিছাই নহয়, আজিকালি গৰুৱেই নাই, গতিকে গোৱৰো নাই। বহু সময় নিবিচাৰিলেই গোৱৰেই নাপাওঁ।
-হ’লনে আৰম্ভ?
-সঁচা কৈছোঁ আকৌ।
-ব’লা, চাপ একাপ খাওঁগৈ। 

চাহ একাপৰ প্ৰয়োজন অনুভৱ নকৰা নহয়, সেই বাবেই দুয়ো আগুৱাই গ’লোঁ লখিমীৰ ফালে। ফুটপাথেৰে। হঠাতে ‘ধম’কৈ শব্দ এটা ৰাস্তাৰ পৰা ভাঁহি আহিল। তাৰ পিছত এজন মানুহৰ বিকট শব্দ। ৰাস্তালৈ ঘূৰি চাই দেখিলোঁ এজন মানুহ আমি থিয় হোৱা ঠাই টুকুৰাৰ পোনে পোনে ৰাস্তাৰ মাজত পৰি আছে। আৰু তেওঁক খুন্দা মৰা প্ৰচণ্ড গতিশীল চেঙেলীয়া বাইকখন আহি ফুটপাথত খুন্দা মাৰি ৰৈ গৈছেহি। এক মূহুৰ্তত কি কৰিম ভাবি আমি দুয়ো থিয় হৈ ৰ’লোঁ। চিধাই ৰাস্তালৈ নামি যাবলৈ ফুটপাথত ৰেলিং। মানুহবোৰ গতানুগতিকভাৱে আগুৱাই থাকিল। ৰাস্তাৰ কাষত পৰি থকা মানুহজনৰ কাষেৰেই কেবাখনো গাড়ী-বাইক পাৰ হৈ গ’ল। অলপ কাষত থকা ডিভাইডাৰৰ সুৰুঙাৰে মানুহৰ ৰাস্তা পাৰ হোৱাৰ পৰিক্ৰমা চলিয়েই থাকিল। তাৰ পিছত কোন মূহুৰ্তত গাড়ী মটৰৰ আগেৰে দৌৰি গৈ মানুহজনৰ কাষ পালোঁগৈ গমকেই নাপালোঁ। বহুত চেষ্টা কৰিও মানুহজনক উঠাব নোৱাৰিলোঁ। এজন মদাপী। তেওঁৰ মুখৰ পৰা ভাঁহি আহিছে দেশীয় সুৰাৰ তীব্ৰ গোন্ধ। হয়তো মানুহজনৰ থিৰ হৈ থকাৰ শক্তি নাছিলেই অথবা দুৰ্ঘটনাটোৱে মানুহজনক সংজ্ঞাহীন কৰি পেলালে। যি নহ’লেও মানুহজনক উঠাবলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। লগে লগে আৰু দুজন মানুহ দৌৰি আহিল। এজন ওচৰৰে ফাৰ্মাচীখনৰ ল’ৰাজন আৰু এজন সিটো পাৰত ফুটপাথত বহা চাহদোকানী। আমি তিনিও ধৰি মানুহজনক উঠাবলৈ চেষ্টা কৰিলোঁ। কিন্তু সংজ্ঞাহীন মানুহজনক উঠাব নোৱাৰি দাঙি ৰাস্তাৰ কাষলৈ আনিলোঁ। তেতিয়ালৈকে মমিন কলৈ গৈছিল খেয়াল ৰখা নাছিলোঁ। হঠাতে মমিনে অট’ এখন আনি কাষত থিয় কৰালেহি। আমি মানুহজনক ধৰি মেলি অট’ত উঠাই দিলোঁ।

-অ’ই, তই উঠ। - মমিনে এইবাৰ এজন ল’ৰাক হাতত ধৰি টানি আনিলে। এতিয়াহে বুজিলোঁ মমিনে ল’ৰাদুজনক ধৰিলেহি।
-দাদা, চাবিপাত দিয়ক। আমি বাইকেৰে যাম।
-চাবি নাপাৱ এতিয়া। মানুহজনক হাস্পতালত নি ভাল কৰি আন, তেতিয়াহে চাবি পাবি।
-দাদা, আমাৰ লগত পইচা একেবাৰে নাই।
-পকেটত পইচা নাথাকে আৰু দামী বাইকেৰে ৰাস্তাত স্পাইডাৰমেনেগিৰি কৰি যাকে তাকে খুন্দিয়াই ফুৰিবি! পকেটত টকা নাই যদি বাইক বেচি চিকিৎসা কৰিব লাগিব।
-অ’ই তোৰ বাপেৰৰ নম্বৰ দি – অন্য এজনেও এইবাৰ ধৰিলে।

অগত্যা দেউতাকৰ ফোন নং দি ল’ৰাজন অটোত উঠিল। এজনে দেউতাকক ফোন কৰি আহিবলৈ ক’লে। লগতে ক’লে যে ল’ৰাজনৰে দোষ আৰু মানুহজনৰ চিকিৎসাৰ দায়িত্ব তেওঁৱেই লব লাগিব।

মানুহজনক লৈ অটোৱালা দিশপুৰ পলিক্লিনিক অভিমুখে গুছি গ’ল। বাইকৰ চাবিপাত সন্তোষ পাণ ভাণ্ডাৰত দি আমিও হাস্পতালা অভিমুখে আগবাঢ়িলোঁ। তেতিয়ালৈ ঘটনাস্থলীত এজন ট্ৰেফিক পুলিচ উপস্থিত হ’লহি। 

আমি ইমানেই যান্ত্ৰিক হৈ গ’লোঁনে! এজন মানুহ ৰাস্তাৰ মাজত দুৰ্ঘটনাত পতিত হৈ পৰি থাকিল, আৰু আমি জীৱনৰ নিগনি দৌৰতে ব্যস্ত থাকিলোঁ। ইমানেই ব্যস্ত নে মানুহবোৰ। এইখিনি মানৱীয়তাও নাইনে। নে হৃদয়খন এটা চোলাৰ দৰে খুলি থব পৰা হ’লগৈ! ক’তা! বিকলাংগক সহায় কৰিবলৈ, দুখীয়াক সহায় কৰিবলৈ বিভিন্ন সামাজিক কামত সহানুভূতি দেখুৱাবলৈ ওলাই অহা মানুহৰ উৎপাতত দেখোন আজিকালি ৰাস্তালৈ ওলাবই নোৱাৰি। অমুক সাহাৰ্য্য, তমুক সাহাৰ্য্য। ক’লৈ গ’ল তেওঁলোক। নে এই সকলোবোৰ এতিয়া একো একোখন ফান্দহে মাথোঁ। এক ডাঙৰ প্ৰশ্নবোধকে মনটোক হেঁচি ধৰিলেহি। কিয় এনে হ’ল মানুহবোৰ। অসমীয়া বুলিলে যি মমতাৰ পৰিচয় আছিল, যি সামাজিক দায়ৱদ্ধতা আছিল, ক’লৈ গ’ল সেইবোৰ! 

মমিন আৰু মই দুয়ো দুয়োৰে মুখলৈ চালোঁ। তাৰ মনতো হয়তো একেই ভাৱেই আহিছে। কিন্তু আমিযে একোৱেই কৰিব নোৱাৰোঁ। অসহায় এটি প্ৰশ্নৰে দুয়ো মানুহজনৰ কায়িক সহায়ৰ বাবে আগবাঢ়িলোঁ হাস্পতাললৈ।  

[ক্ৰমশঃ]

[ৰচনাকালঃ ১৭/০৯/২০১৭]

Sunday, September 3, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি - ৪ (তৃতীয় আধ্যায়)

এদিন দুদিনকৈ এমাহ কাম কৰিলোঁ। কাম মানে চাকৰি। যিটো চাকৰিৰ বাবে ইমানদিনে অপেক্ষা কৰি আছিলোঁ। এটা সৰু অফিচ। মানুহৰ আহ-যোৱা তুলনামূলকভাৱে কম যদিও ব্যস্ততা বহুত। মোৰ কাম ভিন্ন। সকলো ধৰণৰ কামতেই মোক লগায়। ময়ো না নকৰোঁ। যদিও এতিয়ালৈকে বাহিৰত যাব লগা হোৱাগৈ নাই। মোৰ লগত নিয়মীয়াকৈ আৰু চাৰিজনমানক দেখোঁ। ৰত্না, সেইযে মোক ঠিকনা দেখুৱাই দিয়া ছোৱালীজনী! তাই ফ্ৰ’ণ্ট অফিচ চম্ভালে। মানুহৰ লগত, গ্ৰাহকৰ লগত, মিটিং, এপ’ইণ্টমেণ্ট সকলো। তাই কাম কৰা ডেক্সখন সন্মুখতে, অলপ পৰিপাটীকৈ সজোৱা। তাইৰ বাঁওফালে সৰু ফ’মৰ চোফা এখন। তাৰ ভিতৰফালে মোৰ আৰু ৰূপাৰ বহা ঠাই। আমাৰ সোঁফালে বচৰ অফিচ। বচৰ অফিচৰ পিছফালে প্ৰ’চেছিং ডেক্স, ৱৰ্কিং ডেক্স আৰু একেবাৰে কোণত ডিচকাশ্বন কৰ্ণাৰ।

ৰূপা একাউণ্টচৰ। বি কম পাছ কৰি এইটো চাকৰিত সোমাইছে তাই। দেখাত ধুনীয়া যদিও পোছাক পৰিচ্ছদ একেবাৰে খাপ নোখোৱা। তাৰ বাহিৰে অৰূপ, খাটনিয়াৰ, জোগো, বিপ্লৱ আদিবোৰৰ প্ৰকৃত কি কাম মই ভালকৈ গমেই পোৱা নাই। মাৰ্কেটিঙৰ কামো কৰে, বেংকৰ কামো কৰে, চাপ্লাই দিবলৈও যায়, মুঠতে খিচিৰি।

বচ বোলা প্ৰাণী প্ৰকৃততে কেইটা মই নিজেই নাজানো। প্ৰায়ে বেলেগ বেলেগ মানুহ আহি অফিচটোত সোমায় আৰু লগে লগে অফিচত প্ৰাণৰ সঞ্চাৰ হৈ যায়। তাৰে ভিতৰত দুজনক প্ৰায়ে দেখোঁ। সেই হিচাপে অনুমান কৰি লৈছোঁ, সেই দুজনেই হ’ব চাগৈ বচ।
-ৰত্না, চৰ্মাক পাঠাই দে । -ভিতৰৰ পৰা চমন আহিল।
-হিতেন, চাৰে মাতিছে। -অগত্যা মই উঠি গ’লোঁ। দুৱাৰত টোকৰাই সুধি সোমাই গ’লোঁ। টকলা মানুহ এজন। যৌৱন পাৰ হৈ আদহীয়া হবলৈ সাজু হোৱা এজন থূলন্তৰ মানুহ। দেখাত অনা-অসমীয়া যেন লাগিলেও সৰু কোঠাটো সকলো ধৰণৰ অসমীয়া গৌৰৱেৰে সজাই থৈছে। হয়তো অসমীয়া ৰুচিবোধ এটা আছে মানুহজনৰ।
-চৰ্মা। কেনে লাগিছে আপনাৰ? আজি এক মান্থ হৈ গ’ল, না?
-হয় চাৰ। ভালেই লাগিছে।
-এতিয়ালে আপনি কি কাম চিখিলে?
-চাৰ এগ্ৰীমেণ্ট, কৰেচপ’ণ্ডেন্স, মিডিয়া কৰ্ডিনেশ্বন আদিবোৰ কৰিলোঁ এটা দুটাকৈ।
-গুড। আপনাৰ কামটু ভাল হৈছে। আপনাৰ কাম আৰ’ আচ্চে। লাহে লাহে চিখি যাবো।
-হব চাৰ।
-যাক। কিবা অচুবিধা হ’লে আমাক বা আমাৰ বেটাক জনাবো।
-হব চাৰ। বুলি ওলাই আহিলোঁ। দৰমহাৰ কথা সুধিম বুলিও নুসুধিলোঁ। কি বা ভাৱে। বাকীবিলাকৰ পৰা কথাটোৰ গম লব লাগিব।

-অ’ই। কিয় মাতিছিল ও? ওলাই অহাৰ লগে লগেই ৰূপাই ফুচফুচাই সুধিলে।
-আজি এমাহ হ’ল যে।
-পইচা দিলে নে কি?
-নাই। কাম কি কি শিকিলোঁ সুধিছে। আৰু কাম দিব বুলি কৈছে।
-তাকলুৰ কাম নাই আৰু!
-এইটুৱে নেকি বছ?
-অ’ আক’। তই এতিয়ালৈ নাজানৱেই?
-অ’ই ৰত্না, শুনিছনে ই কি কয়। -যদিও শান্ত মাজে মাজে ৰূপাৰ স্বভাৱটোৱে মোক আচৰিত কৰি তোলে। সকলো কথাতে হৈ-হাল্লা কৰা স্বভাৱ এই খাটনিয়াৰ বোলাজনৰহে। পিছে মাজে মাজে ৰূপাও এই ৰূপ লয়। ৰূপাৰ কথাত ৰত্না উঠি আহিল। নীলা কোট এটা পিন্ধি আহিছে তাই। বৰ ধুনীয়া দেখাইছে। তাইৰ ফালে চালোঁ। তায়ো মোৰ চকুলৈ চালে।
-কি কৱ – ৰত্নাই এইবাৰ ফুচফুচাই ৰূপাক সুধিলে।
-সি নাজানে। মোক সুধিছে।
-কৈ দে আক’।
-তয়ে কৈ নিদিয় কিয় আৰু যে এজন আছে। আমাৰ বিউটি বচ।
-পাই যাব। দেখিলেই পাই যাব।
-ইমানদিনে দেখিছেই চাগ’। তথাপি কৈ দে আক’। তোৰ মুখত বিউটি বচৰ কথা এনেও ভাল লাগে।
-যাহ ইডিয়ট। ত্যয়ো যে আৰ’! কিহোপা যে কৈ থাক।
-আৰে ভাই তই বেয়ানো পাৱ কেলেই। তই বিউটিবচৰ স্পেচিয়েল বাবেহে কৈছোঁ।
-এহ বাদ দে এইবোৰ। পিছে ৰহ। ই পাৰ্টী দিছেনে নাই? এইবাৰ মৈলৈ ইংগিত কৰি ৰত্নাই কথা ঘূৰালে।
-নাই দিয়া। মুখতেই লগা নাই তাৰ।
-শিখাত খামদেই কিন্তু হিতেন। পাৰ্টী নিদিয়াকৈ সাৰিব নিদিম তোক।

লাহে লাহে গতানুগতিক হবলৈ ধৰা কিছুমান নতুন সম্পৰ্ক। নতুনকৈ গঢ় লৈ উঠিব ধৰা এখন সমাজ। ভাল নে বেয়া, সহজ নে কঠিন এতিয়াও ঠাৱৰ কৰিব নোৱাৰা কিছুমান কাম। তাৰেই মাজতে গঢ়ি উঠিছে হাঁহি-তামচাৰ এক মেলা। ৰত্নাই বৰকৈ কথা কয়। বৰ খৰকৈ কয়। কথাবোৰ শুনিলে ধৰিব নোৱাৰি প্ৰকৃততে তাইৰ ঘৰ ক’ত। ৰূপাই লাহে লাহে কয় যদিও মাতটো ৰত্নাতকৈ ডাঙৰ। আৰু এজন আছে নিয়মীয়া সহকৰ্মী। অৰূপ। খুব কম কথা কয়। কমকৈ আড্ডাত যোগ দিয়ে। উপায়ন্তৰ নহ’লে কাকো মাত-বোল নকৰে। বহি বহি নিজৰ কামকেই কৰি থাকে। না হাঁহে, না কিবা কয়। মুঠতে এক অদ্ভূত আচৰণ তাৰ। বিশেষ কাকো একো সুধিবও পৰা নাই, তাৰ লগত কথাও পাতিব পৰা নাই। কেতিয়াবা জানিবৰ বৰ মন যায় এই মানুহবোৰক জানিবলৈ। তেওঁলোকৰ লগত অন্তৰংগ হবলৈ। কিন্তু সময় জানো ইমান গতিশীল! নহয়। সেই বাবে সময়ে সেই সুবিধাকণ নিদিয়ে। আৰু আমি ৰৈ থাকিব লগা হয় সেই নিৰ্দিষ্ট ক্ষণটিলৈ। বিশেষ কথা শিকিবলৈ, জানিবলৈ অথবা কবলৈ। মই ৰৈ থাকিলোঁ, যেতিয়া সুবিধা পাওঁ তেতিয়াই মানুহবোৰৰ কথা জানিবলৈ খাপ পিতি থাকোঁ।

পালোঁ। এদিন সেই সুবিধা পালোঁ। খাটনিয়াৰে লগ ধৰিলে দুপৰীয়া একেলগে খাবলৈ যাব। এনেয়ে মই দুপৰীয়া অকলেই খাবলৈ যাওঁ। বাকীবোৰৰ কিছুমানে টিফিন লৈ আহে, কিছুমানে কামত ওলাই যায়। মুঠতে বিচিত্ৰ সময়লিপি, আটাইৰে। সিদিনা খাটনিয়াৰ যাম বুলি কোৱাত ভালেই পালোঁ। দুয়ো ওলাই গ’লোঁ পাণ্ডু ৰোডৰ ফালে। খাটনিয়াৰ এনেয়ে অলপ ভলভলীয়া টাইপৰ ল’ৰা। পেটত একো ৰাখিব নোৱাৰে। ফূৰ্তিবাজ ল’ৰা। সি থকা সময়খিনি বৰ সুন্দৰকৈ জমাই থাকে অফিচটো।
-তোৰ মাল-চাল আছে নে নাই? – চিধাই আহি সি মোৰ জাগাতেই ধৰিলে।
-নাই। মই চিধাকৈ উত্তৰ দিলোঁ যদিও বুকুখন কৰবাত যেন খুন্দা খাই ধৰিলে।
-ৰত্নাকেই পতাই ল’ তেন্তে। এনেও তাই তোক চাল মাৰিয়েই থাকে। - আকৌ আচৰিত হোৱাৰ পাল পৰিল। কি কয় সি। ৰত্নাই মোক চাল মাৰি থাকে! ক’তা! মইতো অনুভৱ কৰা নাই।
-ধেই। তয়ো যে কি কৈ থাক! ধুনীয়া ছোৱালী খালি থাকে নেকি?
-ধেই গুলী মাৰ খালি থকাতো। তই হা কৱ, দেখিবি নদী তোলৈ বৈছে।
-নালাগে ভাই। এনে নদী কোনফালে কেতিয়া বয় ঠিকনা নাই। চম্ভালা মস্কিল হব। এইবোৰ পগলা নদী।
-পাগলাদিয়াৰ দৰে? খাটনিয়াৰে মোৰ মুখৰ পৰা কাঢ়ি নি ক’লে।
-ও। ঠিক কৈছে। কেতিয়া গৰা খহে গেৰান্টী নাই। তাতে যিহে ইংৰাজীত অসমীয়া কয়, মোক নতুনকৈ অভিধান লাগিব ভাই।
-হাহাহা। কি কৱ বে! ইংৰাজীত অসমীয়া কয়? তাৰমানে?
-কথাবোৰ শুনা নাই? এটা বাক্যত এটামানহে অসমীয়া থাকে। খাইচ্চিল্লোঁ, গৈচ্চিল্লোঁ ধৰণৰ কথা। একদম বিদেশী আত্মা।
-ঠিক কৈছ। ভাল নাম এটা পালোঁ। বিদেশী আত্মা। হাহাহা। -খাটনিয়াৰ হাঁহিত ৰব নোৱাৰা হৈ গ’ল।
-ৰহচুন! কথা এটা সোধোঁ। - মই অলপ চিৰিয়াচ সুৰত ক’লোঁ।
-কি? হাঁহি ৰখাই খাটনিয়াৰ অলপ মুডত আহিল।
-অৰূপৰ কি হৈছে। সি এনেকৈ থাকে কিয়?
এটা হুমুনিয়াহ ওলাই গ’ল খাটনিয়াৰৰ বুকুৰ পৰা।
-সেইবোৰ বহুত কথা ডোষ্ট। অৰূপৰ এটায়েই নহয়, বহুত ঘটনা। ঘৰৰেই কাহিনী শুনিবি নে প্ৰেমৰেই কাহিনী শুনিবি, ফাইনেঞ্চিয়েল প্ৰ’ব্লেমৰ কথাই শুনিবি নে পঢ়াৰ কথাই শুনিবি। মুঠতে সকলো ভাৰে অৰূপক কুঁজা কৰি পেলাইছে।
-কৱচুন অলপ।
-আজি থাকক দে। কোৱাৰ আগতে তোক এদিন তাৰ ৰূমলৈ লৈ যাব লাগিব। এতিয়া দোকানো পালোঁ। কবলৈ ল’লে বহুত সময় যাব। ওলাবি এদিন দেওবাৰ লৈ। তাৰ ৰূমলৈ লৈ যাম। সকলো গম পাবি তেতিয়া। 

মই শলাগি ৰৈ গ’লোঁ। এসোপা বিষাদৰ ভাগ লবলৈ উদ্গ্ৰীৱ হৈ ৰৈ থাকিলোঁ সেই বিশেষ দিনটোলৈ। অৰূপক মোৰ এক যুদ্ধৰ সৈনিক যেন লাগিল। খাটনিয়াৰৰ কথাতেই অনুমান কৰিলোঁ, অৰূপৰ বুকুত বহুকেইটা শিলে ইতিমধ্যে বাহ পাতিছে। দুখে আৱৰি আছে তাৰ বুকু। আৰু সেই আৱৰণেই তাক কৰি পেলাইছে আন্ধাৰ। অমাতা। নীৰৱ। কি বা চলি আছে তাৰ বুকুত। কি বা আহি আছে আকৌ তাৰ জীৱনলৈ। জানিব লাগিব। পাৰিলে ভগাই লব লাগিব তাৰ দুখবোৰ। মোৰোতো দুখ আছে। একেলগে কৰি যাব লাগিব দুখ নিৰাময়ৰ আখৰা। ইয়াৰ পৰাই।

[ক্ৰমশঃ]

ৰচনাকালঃ ১৫ আগষ্ট, ২০১৭

Saturday, July 8, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি - ৩ (তৃতীয় অধ্যায়)

মালিগাঁও চাৰিআলিত বাছৰ পৰা বিশ মিনিট আগতেই নামিলোঁ। আজি চাকৰিৰ প্ৰথম দিন। অলপ সোনকালে গৈ নাপালে বৰ বেয়া কথা হব। সেই ভাবিয়েই অলপ সোনকালে ওলাইছিলোঁ ৰূমৰ পৰা। চিটি বাছৰ পৰা নামি খোজ দিলোঁ অফিচৰ ফালে। উদ্দেশ্য দেৱৰাজ এণ্ড চন্স কম্পেনী। মোৰ কৰ্মক্ষেত্ৰ। আজিৰ পৰা মোৰ অন্নদাতা, সন্মান ৰাখোতা। মূল পথৰ পৰা বাঁওফালে নামি যোৱা সৰু গলিটোৰে সোমাই গ’লোঁ। একেবাৰে বোৱাৰী পুৱাই যেন হৈ আছে ইয়াত। গলিটোৰ পৰা ৫০ মিটাৰমান সোমাই গৈয়ে এটা জৈন মন্দিৰ। তাৰ পৰা ভাঁহি আহিছে জৈন ধৰ্মাৱলম্বী মানুহ কেইজনমানে তেওঁলোকৰ প্ৰথামতে কৰি অহা প্ৰাৰ্থনাৰ শব্দ। লগত বহুত বাদ্যৰ জুনজুননি। সেইফালে এপা চালোঁ। এক প্ৰশান্তি লাগি গ’ল মনটো। মন্দিৰ পাৰ হৈয়ে গতে গা লাগি থকা কিছুমান জুপুৰী। সেই জুপুৰীৰ বাটে ঘাটে কিছুমান অৰ্ধ উলংগ ল’ৰা ছোৱালী দৌৰাদৌৰি কৰি আছে। তাৰ পৰা পোনে পোনে এটা ৰাস্তা সোমাই গৈছে বাঁওফাললৈ। এটা বাই-লেন। সেইফালে এপাক চালোঁ। হয়তো কিছুমান বনুৱাৰ বাসস্থান সেয়া। কিবা কৰি থাকিব পৰাকৈ সজাই লোৱা। এবেলা এমুঠিৰ বাবে কিমানযে সংগ্ৰাম চলে এইবোৰৰ পৰাই। এয়াও এক জীৱন।

নাই, আজি আৰু বেলেগৰ কথা নাভাৱো। আজিৰ তাৰিখত মই আৰু মোৰ উদ্দেশ্যই হৈছে প্ৰথম আৰু প্ৰধান। হাতৰ ঘড়ীটোলৈ চালোঁ। এতিয়াও পোন্ধৰ মিনিট আছে। আৰু মাত্ৰ কেইমিটাৰমান দূৰতেই মোৰ কৰ্মক্ষেত্ৰ। চোলাটোলৈ চালোঁ। ঠিকেই আছে। সাক্ষাৎকাৰ দিবলৈ অহা সময়ৰ দৰে বুটামে একো কেনা লগোৱা নাই। যদিও ভালেখিনি পুৰণি, নতুনকৈ পলিচ কৰা বাবে জোতাযোৰো বেচ পৰিষ্কাৰেই লাগিছে। হাতেৰে জীপডাল চালো। ঠিকেই আছে। জপাবলৈ পাহৰি যোৱা নাই।

এক ছেকেণ্ডমানৰ বাবে ৰৈ সোমাই গ’লোঁ চৌহদটোলৈ। এক সু-উচ্চ অট্টালিকা। বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান এই অট্টালিকাত আছে। চিৰিৰে লাগে লাহে উঠি গ’লোঁ। মানুহবোৰ এতিয়াও অহা নাই। চিৰি পাৰ হৈয়ে বাঁওফালে ঘূৰি চালোঁ। নাই। সেই বিশেষ টাবটো তাত নাই। তামোল, পান, পাণমছলাৰ পিকেৰে গিজগিজাই থকা, ৰঙচুৱা বৰণ লোৱা টাবটো তাৰ পৰা হয়তো অন্য ঠাইলৈ স্থানান্তৰিত হৈছে, যিটো টাবত এটা বিশেষ সাক্ষাৎকাৰ দিয়াৰ পিছত বীৰদৰ্পে দলিয়াইছিলোঁ এটা পাপগ্ৰহ, এটা জোতাৰ ভিতৰেদি মোৰ বিবেক দংশন কৰা শিলগুটি। তাৰ ঠাইত আছে ধুনীয়া এজোপা ড্ৰেছিং ফ্লাৱাৰ। পৰিষকাৰ হৈ আছে গছজোপা ৰোৱা টাবটোও। ভাল লাগিল দেখি। অন্ততঃ প্ৰথম দিনাখনেই এক কদৰ্য অৱস্থা দেখিবৱ লগা নহ’ল যে!

চিৰিখিনি পাৰ হৈয়েই হলঘৰ লেখীয়া কোঠাটো, য’ত এদিন আমি আটায়ে অপেক্ষা কৰিছিলোঁ আমাৰ সেই প্ৰতীক্ষীত সাক্ষাৎকাৰলৈ। তাত ল’ৰা এজনে ঝাৰু দি আছে। সময় তেতিয়াও ন বাজিবলৈ দহ মিনিট। মই মাত লগালোঁ,
-অফিচ কোনফালে? – ল’ৰাজনে নিজৰ কামতেই লাগি থাকিল। মই পুনৰ সুধিলোঁ,
-এক্সকিউজ মি – এইবাৰ ল’ৰাজনে মোৰফালে মূৰ তুলি চালে।
-অফিচ কোনফালে?
-অফিচ ? কোনচা অফিচ? – দেখাত হিন্দীভাষী যেন নালাগিলেও ল’ৰাজনে হিন্দীতেই কথাষাৰ সুধিলে।
-দেৱৰাজ এণ্ড চন্স কম্পেনী !
-কোনচা?
-দেৱৰাজ এণ্ড চন্স !
-এইসা অফিচতো ইহাপে নেহী হ্যয়
-মানে? – মতলব? তৎক্ষণাত অসমীয়াতে ওলাই গৈছিল যদিও পুনৰ হিন্দীতে ক’লোঁ
-আপ ক্যু আয়ে হো?
-মুঝে নউকৰি মিলা হ্যায়।
-ইহাপে। মতলব উস কম্পেনী মে?
-জী
-আপকো ইহাপে আনে কে লিয়ে কৌন বোলা হ্যায়?
-কম্পেনী। ক্যু? য়ে অফিচ নেহী হ্যায় ?
-জী নেহী। য়েতো এক ফাংশ্যন হল হ্যায়। অঔৰ উপৰ এক লেব অঔৰ এক কালেজ হ্যায়।
-তেন্তে, -- তব কাহা হ্যায়? ভঙা ভঙা হিন্দীত কথাখিনি সুধিবও পৰা নাই, অথচ বুকুখন হমহমাই গ’ল। কি কয় ল’ৰাজনে। এয়া অফিচ নহয় ! তেন্তে ক’ত হয়? পুনৰ সুধিলোঁ,
-লেকিন মেনেতো ইণ্টাৰভিউ ইহাপেহি-
-ইহাপে এসা ইণ্টাৰভিউ বহত হোতা ৰেহতা হ্যায় জী।
-ফিৰ য়ে অফিচ ক’ত - - ??
-মালুম নেহী জী। - অগত্যা মুখত যেন ক’লা ছাই সানি ওলাই আহিলোঁ। বুকুখন ধপধপাবলৈ ধৰিছে। আজি প্ৰথম দিন। আৰু আজিয়েই কেনা লাগিল। কি কৰা যায় এতিয়া? খৰ খোজেৰে যোৱা বাটে ওলাই আহিবলৈ ধৰিলোঁ। গলিটোৰ মুখতে এখন পাণ দোকান দেখিছিলোঁ। তাতেই দুধিব লাগিব। হাতৰ ঘড়ীটোলৈ চালোঁ। ন বাজিবলৈ পাঁচ মিনিট আছে। আৰু পাঁচ মিনিটত এটা অফিচ বিচাৰি উলিয়াই তাত গৈ ৰিপোৰ্টিং কৰা ইমান সহজ হব জানো! যিমান পাৰোঁ সিমানেই খৰ খোজেৰে আগবাঢ়িবলৈ ধৰিলোঁ। সময়ৰ লগে লগে বুকুখনৰ ধপধপনিও বাঢ়িবলৈ ধৰিল। হয়তো এয়া এক অশুভ লক্ষণ। যাত্ৰাকালেই লঘূ হোৱাটো বৰ ভাল লক্ষণ নহয় – মায়ে কয়। তথাপি উপায়তো নাই। ছোৱালীজনীক সোধাও নহ’ল। এতিয়া সুধিবলৈ ৰাস্তাৰ কাষত ঘেনঘেনীয়া-পেনেপেনীয়া কেইটাৰ বাহিৰে অন্য মানুহো নাই। দোকানখনো নাপাওহে নাপাও। মুঠতে পাঁচ মিনিটৰ ৰাস্তা আধা ঘণ্টা যেন লাগিল।

অৱশেষত যেনিবা পালোঁ দোকানখন। দোকানীজনক পোনে পোনেই সুধিলোঁ-
-দাদা, দেৱৰাজ এণ্ড চন্স কম্পেনীৰ অফিচ কোনফালে?
-কি অফিচ? – আদহীয়া এজন মানুহ। তামোল কাটি থকাৰ পৰা ৰৈ কাণ থিয় কৰি মোক ওলোটাই সুধিলে।
-দেৱৰাজ এণ্ড চন্স কম্পেনী
-সেনাহান কম্পানী নাই দেখুন হা বাপা
-ইয়াতে বুলি কৈছিল। মালিগাঁওত বুলি
-তুমি নুসুইধলা কুনখিনিত?
-ডিটেলচত সুধা নহ’ল।
-কিহোৰ কম্পানী?
-কিবা টেণ্ডাৰ-চেণ্ডাৰ কৰে।
-কেনাহান টেণ্ডাৰ?
-ভালকে নাজনু
-হুহ? বৰ সমস্যা কোল্লাহা এই পুৱাখান। - মানুহজনে তামোল কটা ৰৈ দি মোৰ সমস্যাক লৈহে যেন গুৰুত্ব দিলে, এনেকুৱা লাগিল। মানুহজনক কিবা এটা ভাল লাগি গ’ল।

-ৰোবা, কিবা এটা চাপ্লায়াৰ কোম্পানী আছে সেটু গলিত। কিন্তু নামটুহে ভালকে নাজনু। মানহুগেলাই কিন্তু কিবা দাচ কম্পেনী বুলিহে কৱ শুনু। সুইধনাচুন যাই। - যদিও সঠিক নহয়, মানুহজনে এটা কম্পেনীৰ ঠিকনা মোক দিলে আৰু কেনেকৈ যাব লাগিব তাকো বুজাই দিলে। মই থেংক-ইউ বুলি কৈ তৎক্ষণাত সেইফালে গতি কৰিলোঁ। এক মুহূৰ্ততে কেতিয়াযে ৰাস্তাটো পাৰ হ’লো গমকেই নাপালো। হাতৰ ঘড়ীটো যেন এতিয়া তীব্ৰ চলমান হৈ পৰিছে। কাটাবোৰে দপদপাই দৈৰি আছে। সময়ৰ জোখে তেতিয়া নটা দহ চুইছেগৈ। হ’ল আৰু আজি। প্ৰথমদিনাই গালি খাব লাগিব। আৰু গালিতো দিয়কেই, যদি জইন কৰিবই নিদিয়ে? ভাবি ভাবি এটা গলিৰ সন্মুখত ৰ’লোগৈ। অলপ আগতে চিটি বাছ ষ্টপটো।

-কি কৰো? মানুহজনে কোৱা ঠিকনাটো হয় জানো এয়া? এই গলিটোৰ ভিতৰত যে কিবা কম্পেনী থাকিব পাৰে এনেকুৱা নালাগে দেখোন। - গলিটোৰ ভিতৰফালে চাই, গলিৰ দুয়োপাৰে থকা ঘৰবোৰ দেখি তেনে ধাৰণাই হ’ল। কিন্তু সুধিবলৈ ওচৰে পাজৰে কোনো মানুহেই নাই। কি কৰা যায় এতিয়া। পুনৰ দুখোজমান আগুৱাই গৈ পিছফালে ঘূৰি চালোঁ – কিজানিবা কোনো মানুহ আহিছেই পিছ পিনৰ পৰা। এগৰাকী মাইকী মানুহ অলপ দূৰত ৰাস্তাৰ কাষত ৰৈ আছে। হয়তো চিটি বাছৰ পৰা নামি ৰাস্তাৰ সিপাৰলৈ যোৱাৰ যো-জা চলাই আছে। সন্মুখৰ পৰা গাড়ী আহি থকা বাবে পাৰ হব পৰা নাই।

-কি কৰো! তেৱেকেই সুধো নেকি! কিন্তু তেওঁৰ ওচৰলৈ যোৱাৰ আগতে যদি তেওঁ সিপাৰলৈ গুছি যায়। - পুনৰ ইপিনে সিপিনে চালো। নাই, তেওঁৰ বাদে কোনো নাই। পুনৰ ঘড়ীটোলৈ চালোঁ। নটা পোন্ধৰ।

-নাই, এনেকৈ থাকিলে নহব। তেৱেকেই সুধিব লাগিব। মই লগে লগে ঘূৰি তেওঁৰ ফালে যাবলৈ ধৰিলোঁ। মানুহগৰাকীয়ে ৰাস্তা পাৰ হবলৈ চেষ্টা কৰি আছে। এবাৰ আগলৈ যায়, সিফালৰ পৰা গাড়ী আহে, পুনৰ পিছুৱাই আহে। আকৌ পাৰ হব খোজে, পুনৰ গাড়ী আহে। মই লাহে লাহে তেওঁৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। আৰু দুখনমান গাড়ী অহা হ’লে, যাতে মানুহগৰাকীয়ে ৰাস্তাটো পাৰ হব নোৱাৰে। মনতে তেনেকৈ ভাবিলোঁ। লাহে লাহে মানুহগৰাকীৰ কাষ পামগৈ, সুযোগটো আহিল নহয়। মানুহগৰাকীয়ে একেচোঁচাতেই ৰাস্তা পাৰ হৈ সিপাৰ পালেগৈ।

-ধেৎ তেৰি। মৰ গাড়ী এইখিনি সময়হে পালিনা নাইভা – মুখৰ ভিতৰতে ভোৰভোৰাই পুনৰ উলটি আগুৱাবলৈ ধৰিলোঁ। নাই এইবাৰ বহু দূৰলৈ কোনো নাই। লাগে লাহে গলিটোৰ মুখ পালোহি। ক’তো এখন দোকানো নাই। অলপ আগুৱাই গৈ সুধি লোৱাই ভাল বুলি গলিটো এৰি আগুৱাই যাবলৈ ধৰিলোঁ। দোকানবোৰ খোলাই নাই। সিপাৰৰ দুই এখন দোকান খুলিবলৈ ধৰিছে যদিও মাজত ৰেলিং থকা বাবে ৰাস্তাৰ সিপাৰলৈ গৈ সোধা অসম্ভৱ। আগত এখন ঘুগুনী, পকৰী অথবা ম’ম’ বিক্ৰী ঠেলাগাড়ী ৰখাই থোৱা আছে যদিও গৰাকী নাই। তেনেতে ট্ৰেকাৰ এখন আহি মোৰ ওচৰতে ৰ’ল। মই চক খাই ৰৈ দিলোঁ। অন্যমনস্ক হৈ গৈ থাকোতে এতিয়াই বাৰ বাজিলহৈ। ভাগ্যে মহতিয়াই নিনিলে যে!

হঠাতে দেখিলোঁ এজনী ছোৱালী ট্ৰেকাৰখনৰ পৰা নামি আহিল। ওখ পাখ ছোৱালী। ধুনীয়া। চুলিকোছা বৰ দীঘল নহয় যদিও আটিলকৈ বন্ধা। সাজ-পাৰ চকুত লগা। হয়তো কোনোবা কম্পেনীত কাম …… কৰবাত যেন উটি গৈহে আছিলোঁ, হঠাতে সাৰ পোৱা মানুহৰ দৰে গৈ ছোৱালীজনীৰ কাষ পালোগৈ]

-এক্সকিউজ মি, এক্সকিউজ মি – ছোৱালীজনীয়ে সন্দেহেৰে মোলৈ চালে।
-আপুনি ইয়াৰে নেকি?
-হোৱাই? আপোনাক কিয়। - ছোৱালীজনীৰ ওলোটা প্ৰশ্নতহে খেয়াল আহিল যে বৰ অভদ্ৰৰ দৰে প্ৰশ্নটো সুধিলোঁ। অন্ততঃ ছোৱালী মানুহক যে এনে প্ৰশ্ন কৰাটো অনুচিত সেইকণ বুদ্ধিও মোৰ মূৰত নেখেলালে নে?
-চ’ৰী। নহয়…. মানে… মই অথনিৰে পৰা এটা কম্পেনী বিচাৰি ফুৰিছোঁ । সেই বাবেহে…

-আফুনাৰ কম্ফেনী মই পকেটত লৈ অহা নাই ধেই মিষ্টাৰ। - আকৌ লজ্জিত হোৱাৰ পাল। একেই বুদ্ধিহীনতাৰ বাবে। ইমানেই নাৰ্ভাচ হৈছোঁ, হতাশ হৈছোঁ যে কোন মুহূৰ্তত কাক কি সুধিব লাগে সেইকণ জ্ঞানো যেন নোহোৱা হৈ পৰিছে। তথাপি অনুনয়ৰ সুৰত এইবাৰ ক’লোঁ-

-বেয়া নাপাব। আজি মোৰ কম্পেনীত জইন কৰাৰ দিন। কিন্তু আহি কম্পেনীটো বিচাৰি উলিয়াবই পৰা নাই। ইপিনে নটা বজাত আহিব দিছিলে, এতিয়া চাৰে ন বাজিয়েই গ’ল। সেই বাবে বৰ হতাশ হৈছোঁ। সুধিবলৈ ৰাস্তাৰ কাষত কাকো পোৱাগৈ নাই। সেই বাবেহে আপোনাক… একে উশাহে কথাখিনি তলমূৰকৈ কৈ পেলালোঁ।
-হুইচ্চ কম্পেনী? – ছোৱালীজনী এইবাৰ অলপ নৰম সুৰত সুধিলত মূৰ তুলি চালোঁ, একে নতুন আশাত
-দেৱৰাজ এণ্ড চন্স কম্পেনী
-দাচ কম্পেনী?
-নহয়, দেৱৰাজ এণ্ড চন্স কম্পেনী।
-ক’ৰ পৰা আহিছে আপুনি?
-গণেশগুৰি
-আগতে অহা নাই এইফালে? – উত্তৰ দিয়ালৈ বাট নাচাই ছোৱালীজনীয়ে এইবাৰ বুজাই দিলে-

-এই পাণ্ডু ৰোডেৰে গৈ লেফট চাইড চেকণ্ড বাইলেন লৈ লব। তাৰ পৰা ৰাইট চাইড এটা টেম্প’ল পাব। টেম্প’ল পাৰ হৈ এটা গ্ৰাউণ্ড পাব। গ্ৰাউণ্ড পাৰ হৈ চেকেণ্ড হাউচ। তাতে এটা হৰ্ডিং পাব দাচ কম্ফেনী বুলি। তাতেই সুধি লব।

-থেংক ইউ। থেংক ইউ চো মাচ্চ। ছোৱালীজনীক ধন্যবাদ জনাই তেওঁৰ নিৰ্দেশমতে আগবাঢ়িলোঁ। কি যে পালাত পৰিছোঁ আজি। ঘড়ীত তেতিয়া নটা চল্লিশ। মই খৰ খোজেৰে ছোৱালীজনীক পিছ পেলাই আগবাঢ়িলোঁ।

প্ৰথম দিন। অথচ এঘণ্টা লেট। চাকৰি গ’ল এইবাৰো। এইবাৰ ছোৱালীজনীৰ নিৰ্দেশমতে ক’ত বা ওলাওগৈ! তথাপি আগবাঢ়িলোঁ। ছোৱালীজনীয়ে কোৱা মতেই বাইলেন, টেম্পল, গ্ৰাউণ্ড, হাউচ – আস। যিমানেই ভাবি ভাবি আগবাঢ়ি আছোঁ সিমানেই মূৰটোও টিংটিঙাই আছে। আজিকালিৰ এই বিদেশী আত্মাবোৰে ইমানেই অসমীয়া নজনা হ’লনে? কথাখিনি কওঁতে কেইটানো অসমীয়া শব্দ ক’লে! অসমীয়া শব্দৰ ইমানেই অভাৱ হ’লনে! নে ইংৰাজী কোৱাটো এতিয়া এক বিশেষ শ্ৰেণীৰ লোকৰ পৰিচয় যেন হৈ পৰিল! অথবা বিশেষ ভঙ্গীমাত অসমীয়া কোৱাতো, ঠিক ইংৰাজী ষ্টাইলত!
DAS Co. – সন্মুখত এখন প্ৰকাণ্ড বেনাৰ দেখি মই ৰৈ দিলোঁ। এতিয়া কাক সোধা যায়! ইপিনে সিপিনে চাই দেখিলোঁ, কোনো মানুহ নাই। পুনৰ বেনাৰখনলৈ চকু নিলোঁ। DAS Co., A supplier of your choice ডাঙৰ ডাঙৰ আখৰেৰে লিখা নামটোৰ তললৈ হঠাৎ চকু গ’ল। সৰু সৰু আখৰেৰে তাত লিখা আছে Devraj And Sons Company Pvt. Ltd.

এক স্বস্তিৰ হুমুনিয়াহ ওলাই গ’ল। তাৰমানে এই দাচ কম্পেনীয়েই দেৱৰাজ এণ্ড চন্স কম্পেনী! হাতৰ ঘড়ীটোলৈ চালোঁ দহ বাজিবলৈ তেতিয়াও দহ মিনিটমানহে আছেগৈ। পুৰণি আচাম টাইপ ঘৰটোৰ চৌহদলৈ সোমাই গ’লোঁ।

[ ক্ৰমশঃ ]